নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজন্তা নেওগৰ নতুন যাত্রা

 প্রায় তিনি মাহ ধৰি ৰাজনৈতিক জল্পনা–কল্পনাৰ অৱসান ঘটাই কংগ্রেছ নেত্রী অজন্তা নেওগে বিজেপিত যোগদান কৰাৰ পথ প্রশস্ত কৰি তুলিছে৷ বিগত দুটা দশকত ৰাজ্যৰ কংগ্রেছৰ ৰাজনীতিত বিশেষ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা অজন্তা নেওগে দলত্যাগ কৰাক লৈ বিভিন্ন চর্চা চলি আছিল৷ গোলাঘাট জিলা কংগ্রেছৰ সভানেত্রীৰূপে কার্যনির্বাহ কৰা সত্ত্বেও প্রাক্তন মন্ত্রী নেওগ কিছুদিন ধৰি দলীয় সাংগঠনিক কাম–কাজৰ পৰা আঁতৰি আছিল৷ শেহতীয়াকৈ বিটিচি নির্বাচনত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে কংগ্রেছৰ নির্বাচনী মিত্রতাক উজনি অসমৰ অধিকাংশ কংগ্রেছ বিধায়ক তথা নেতাই মুকলিকৈ বিৰোধিতা কৰিলেও অজন্তা নেওগে মুখ খোলা নাছিল৷ কিন্তু প্রদেশ কংগ্রেছৰ এনে সিদ্ধান্তৰ বাবেই যে কংগ্রেছ নেত্রীগৰাকীয়ে দলত্যাগ কৰাৰ সিদ্ধান্ত লৈছে, সেয়া স্পষ্ট হৈছে৷ অজন্তা নেওগে কংগ্রেছৰ বিধায়ক পদ ত্যাগ কৰাই নহয়, গোলাঘাট জিলা কংগ্রেছ কমিটীৰ সভাপতি পদো ত্যাগ কৰিছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্ত আৰু গড়কাপ্ঢানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে মিলিত হোৱাৰ পাছত অজন্তা নেওগে শনিবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকো সাক্ষাৎ কৰিছে৷ এয়া নিশ্চিতভাৱে আগন্তুক নির্বাচনৰ পূর্বে বিৰোধী কংগ্রেছ দলৰ বাবে মোক্ষম আঘাত৷ বিধানসভা অথবা লোকসভা নির্বাচনৰ পূর্বে ৰাজনৈতিক নেতাৰ দলত্যাগ নতুন কথা নহয়৷ এই দলত্যাগৰ অন্তৰালত কেইবাটাও বিষয় নিহিত হৈ থাকে৷ কংগ্রেছ দলত ৰাজনৈতিক ভৱিষ্যৎ অন্ধকাৰ দেখিয়েই যে কংগ্রেছ নেত্রীগৰাকীয়ে বিজেপিলৈ গমনৰ পথ প্রশস্ত কৰিছে, সেয়া নিশ্চিত৷ ৰাজ্যৰ আগন্তুক বিধানসভা নির্বাচনলৈ মাজত মাথঁোঁ তিনি মাহ আছে৷ এনে অৱস্থাত শক্তিমান বিজেপি দলক প্রতিহত কৰি দিছপুৰৰ ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিবলৈ কংগ্রেছ নেতৃত্ব সফল হোৱা নাই৷ দল তথা নিজ ৰাজনৈতিক জীৱনৰ অন্ধকাৰ দেখিয়েই অজন্তা নেওগৰ দৰে কংগ্রেছৰ কেইবাজনো বিধায়কে বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লোৱাৰ অন্যতম কাৰক৷
অজন্তা নেওগৰ দলত্যাগে কংগ্রেছৰ একো ক্ষতি নকৰে বুলি দাবী কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ ‘নাও বুৰিলেও টিঙৰ পৰা নামিব নিবিচৰা’ প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীৰ মন্তব্যই ৰাজ্যৰ প্রধান বিৰোধী দলটোক শক্তি প্রদান নকৰে৷ অজন্তা নেওগে নিজকে কংগ্রেছৰ এগৰাকী সম্ভাৱনাময় নেত্রীৰূপে প্রতিষ্ঠা কৰাৰ অন্তৰালত আছে তেওঁৰ আঢ়ৈ দশকজোৰা ৰাজনৈতিক একাগ্রতা আৰু দায়বদ্ধতা৷ স্বামী তথা প্রাক্তন মন্ত্রী নগেন নেওগ জীয়াই থকালৈকে অজন্তা নেওগ ৰাজ্যৰ ৰাজনীতিত চিনাকি নাম নাছিল৷ ১৯৯৬ৰ ৬ মে’ত আলফাৰ ভয়ংকৰ আক্রমণত নগেন নেওগ নিহত হোৱাৰ পাছতে ৰাজনীতিৰ পথাৰত খোজ দিছিল অজন্তা নেওগে৷ ২০০১ত বিধানসভালৈ নির্বাচিত হোৱাৰ পাছত প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ তিনিওটা কার্যকালতে মন্ত্রিত্ব লাভ কৰা অজন্তা নেওগে কংগ্রেছৰ এগৰাকী সফল নেত্রীৰূপে নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ ৰাজ্যত গড়কাপ্ঢানী বিভাগৰ দৰে গুৰু বিভাগৰ দায়িত্বও সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সক্ষম হৈছিল নেওগ৷ ২০১৬ৰ বিধানসভা নির্বাচনত কংগ্রেছ তীব্র দুর্যোগৰ সন্মুখীন হোৱাৰ সময়তো অজন্তা নেওগে তেওঁৰ বিজয় অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল৷ নেতৃত্বৰ ব্যর্থতা ঢ়াকিবলৈ প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে যিমানেই যুক্তিহীন মন্তব্য নকৰক কিয়, অজন্তা নেওগ যে কংগ্রেছৰ এক শক্তি আছিল, সেয়া অনাগত দিনত স্পষ্ট হ’ব৷ খবৰ অনুসৰি অজন্তা নেওগে প্রতিনিধিত্ব কৰা গোলাঘাট বিধানসভা সমষ্টিৰ ৩১জনীয়া কার্যনির্বাহক সদস্যৰ ২৬গৰাকীয়ে দলত্যাগ কৰিছিল৷ সমষ্টিটোৰ ১৪খন পঞ্চায়তৰ ১৩খনৰ কংগ্রেছ প্রতিনিধিসকলেও অজন্তা নেওগৰ পক্ষত অৱস্থান কৰিছে৷ যদিহে অজন্তা নেওগৰ পদত্যাগৰ পাছত গোলাঘাটত কংগ্রেছ দলে সাংগঠনিক ভেটি অক্ষত ৰাখিবলৈ সক্ষম হ’লহেঁতেন, তেন্তে ৰিপুণ বৰাৰ দাবীত দলটোৰ নেতা–কর্মীসকল পতিয়ন গ’লহেঁতেন৷ মাথোঁ কথাৰ ফুলজাৰিৰে দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰিব নোৱাৰি৷ তেনে কার্যই দলীয় নেতা–কর্মীৰো মনোবল বৃদ্ধি নকৰে৷ অজন্তা নেওগে কিয় দলত্যাগ কৰিলে তাৰ অন্তর্নিহিত কাৰকসমূহৰ সমাধানসূত্র নুলিয়ালে অনাগত দিনত ৰিপুণ বৰাই আৰু বহুসংখ্যক সতীর্থক কংগ্রেছৰ মজিয়াৰ পৰা হেৰুৱাব লাগিব৷

You might also like