আজমলৰ ভাষণ
ৰঙালী বিহুৰ আগেয়ে অসমত অনুষ্ঠিত হ’ব পাৰে বিধানসভা নির্বাচন৷ মুখ্য নির্বাচন আয়ুক্ত সুনীল অৰোৰাই বুধবাৰে গুৱাহাটীত অনুষ্ঠিত সংবাদ মেল এখনত এই ইংগিত দিছে৷ নির্বাচনৰ দিন–তাৰিখ ঘোষণা কৰা নির্বাচন আয়োগৰ কাম৷ তেওঁলোকে সকলো দিশ চালি–জাৰি চাই নির্বাচনী অধিসূচনা জাৰি কৰিব৷ কিন্তু একেটা দিনতে এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ দুমৰদহত অনুষ্ঠিত এখন সভাত যি ধৰণে উগ্র সাম্প্রদায়িক তথা প্রৰোচনামূলক বক্তব্য আগবঢ়ালে, সিয়ে ভৱিষ্যতৰ অসমৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে৷ এনে ধৰণৰ জনপ্রতিনিধিৰ হাতত সমাজ এখনৰ একতা, সম্প্রীতি সুৰক্ষিতনে? এআইইউডিএফ নামৰ ৰাজনৈতিক দলটোৰ উত্থান, ইয়াৰ ভেটি, ৰাজনৈতিক চিন্তাধাৰাক লৈ অসমত দীর্ঘদিনৰ পৰা বিতর্ক চলি আছে৷ দলটোৱে আন বহু ৰাজনৈতিক দলৰ দৰে মুখত ধর্মনিৰপেক্ষতাৰ কথা কয় যদিও কার্যতঃ তাৰ প্রতিফলন নঘটে৷ এটা বিশেষ ধর্মীয় গোষ্ঠীৰ তুষ্টিকৰণ আৰু স্বার্থ ৰক্ষার্থেহে দলটো সকলো সময়ত ব্যস্ত থকা বুলি সমালোচিত হয়৷ অৱশ্যে এটা বিশেষ জাতি বা ধর্মীয় গোষ্ঠীক লৈ ৰাজনীতি কৰাত এইখন দেশত কোনো অসুবিধা নাই৷ সংবিধানে ইয়াত আপত্তিৰ থল ৰখা নাই৷ কিন্তু আঁৰৰ উদ্দেশ্য সৎ হ’ব লাগিব৷ এই সততাখিনিতে এআইইউডিএফক লৈ উত্থাপন হয় বহু প্রশ্ণৰ৷ দুমৰদহত অনুষ্ঠিত সভাখনতো মৌলানা বদৰুদ্দিন আজমলৰ সততাক লৈ আকৌ এবাৰ প্রশ্ণ উত্থাপন হৈছে৷ সভাখনত তেওঁ জনসাধাৰণৰ মন জয় কৰিবলৈ এনে কিছুমান বিষয়ৰ আশ্রয় লৈছে, সেইবোৰে দেশখনৰ একতা, সম্প্রীতি, ভাতৃত্ববোধক আঘাত কৰিব পৰাকৈ প্রৰোচনামূলক৷ লগতে সাম্প্রদায়িক উত্তেজনাত ইন্ধন যোগাব পৰাকৈ ভয়ংকৰো৷ সভাখনত এআইইউডিএফৰ নেতাগৰাকীয়ে দেশৰ বর্তমান শাসক দলটোক দেশৰ শত্রুৰ লগত তুলনা কৰাৰ লগতে মুছলমানৰ শত্রু, দাঢ়িৰ শত্রু, তালাকৰ শত্রু, মছজিদৰ শত্রু, মহিলাৰ শত্রু, বাবৰি মছজিদৰ শত্রু আদি আখ্যা দিছে৷ দলটো পুনৰ শাসনলৈ আহিলে মছজিদত আজান দিয়া বন্ধ হ’ব৷ কোনোৱে দাঢ়ি–টুপী পিন্ধি বাহিৰলৈ ওলাব নোৱাৰিব ইত্যাদি৷ ইমান বিষবাষ্প কিয়? এয়া ৰাজনীতিনে? এটা ৰাজনৈতিক দলৰ নেতা হিচাপে প্রতিপক্ষক সমালোচনা কৰাৰ অধিকাৰ তেওঁৰ নিশ্চয় আছে৷ শাসকপক্ষক বিৰোধীয়ে সমালোচনা কৰিবই৷ এয়া গণতন্ত্রৰ মহান দিশসমূহৰ এটা৷ কিন্তু সমালোচনাৰ আঁৰ লৈ যদি এটা বিশেষ ধর্মীয় গোষ্ঠীক উচটনি দিয়া হয়, সিয়ে জানো গণতান্ত্রিক মূল্যবোধক প্রতিফলিত কৰে?
সীমাবদ্ধতা থকা সত্ত্বেও গণতান্ত্রিক শাসন ব্যৱস্থা আন সকলো শাসন ব্যৱস্থাৰ তুলনাত উত্তম৷ এই কথা বিশ্বৰ নানাজন মুনিৰ বক্তব্যত তর্কাতীতভাৱে প্রতিপন্ন হৈছে৷ কিন্তু আজি অসমত একাংশ ক্ষমতালোভী নেতাই যি ধৰণৰ ৰাজনীতিৰ পাতনি মেলিছে, সিয়ে ৰাজ্যখনক ক’লৈ লৈ যায়, ঠিক নাই৷ অতি উদ্বেগজনকভাৱে লক্ষ্য কৰা হৈছে যে সামাজিক দায়বদ্ধতাহীনতা এই সময়ৰ ৰাজনীতিৰ অন্যতম অলংকাৰ হৈ পৰিছে৷ মানৱ সমাজ জহন্নামে যাওক, মোক ক্ষমতা লাগে৷ ক্ষমতা লাগে বাবেই আজিৰ ৰাজনীতিত ধর্ম, সম্প্রদায়ৰ নামত উচটনিমূলক বক্তব্যৰ পয়োভৰ হৈছে৷ মৌলানা বদৰুদ্দিন আজমলৰ শেহতীয়া ভাষণো তাৰে এটা নিকৃষ্ট উদাহৰণ৷ তেওঁ যিখিনি মানুহৰ সন্মুখত উদাত্ত কণ্ঠে ভাষণ দিছিল, তাত ভাষণৰ বিষয় হ’ব পৰাকৈ বহু কথা আছিল৷ সেই অঞ্চলটো অসমৰ সবাতোকৈ অনুন্নত অঞ্চলৰ ভিতৰত পৰে৷ তাৰে দৰিদ্রতা, প্রসূতিৰ মৃত্যুৰ হাৰ, শিক্ষাৰ দুৰৱস্থাক এখন অতি দৰিদ্র ৰাষ্ট্রৰ দুর্দশাগ্রস্ত মানৱ জীৱনৰ সৈতেহে তুলনা কৰিব পাৰি৷ ভোক তাত সহজ শব্দ৷ প্রায় সকলোৰে সৈতে ইয়াৰ পৰিচয় আৰু সম্পর্ক আছে৷ সেই মানুহখিনিক ভোকৰ পৰা মুক্তি লাগে৷ দৰিদ্রতাৰ পৰা মুক্তি লাগে৷ শিক্ষাৰ সু–ব্যৱস্থা লাগে৷ স্বাস্থ্যসেৱাৰ ন ন সুবিধা লাগে৷ এইবোৰ দুখক লৈয়ে অঞ্চলটোৰ লগতে তাৰ আশে–পাশে থকা হাজাৰ হাজাৰ লোকে জীৱনৰ মূল্যৱান দিনবোৰ পাৰ কৰে৷ শৈশৱৰ পৰা জীৱনটো পাৰ হৈ হৈ বৃদ্ধাৱস্থা পায়৷ তথাপি দুৰৱস্থাৰ সলনি নহয়৷ তেওঁলোকৰ মনত আশাৰ চাকিগছি তেতিয়াহে জ্বলে, যেতিয়া কোনোৱে ভাত–কাপোৰৰ কথা কয়৷ বিকাশৰ কথা কয়৷ কিন্তু তাকে নকৰি উত্তেজনাৰ সৃষ্টি কৰি সাধাৰণ লোকসকলক বিভ্রান্ত কৰিবলৈ নেতাসকলে এই ধৰণৰ প্রৰোচনামূলক বক্তব্যৰ কৌশল লয়৷ তেওঁলোকে ভালদৰেই জানে যে জীৱনৰ মূল তথা মৌলিক সমস্যাৰ পৰা জনগণক আঁতৰাই ৰাখিবলৈ হ’লে বা পাহৰাই ৰাখিবলৈ হ’লে প্রৰোচনামূলক বক্তব্য, উত্তেজনামূলক বাক্যৰ দৰে উত্তম অস্ত্র আন একো নাই৷ এদিন তেনে বক্তব্যই সমাজত অশান্তি–বাঞ্ছিত ঘটনাৰো সৃষ্টি কৰিব পাৰে৷ আচলতে তেনে পৰিৱেশ সৃষ্টি হোৱাটো বহু ক্ষমতালোভী নেতাই বিচাৰে৷ কিন্তু মানৱ সমাজৰ কল্যাণৰ ঊর্ধ্বত একোৱেই নাই৷ ৰাজনৈতিক দল আৰু নেতাসকলে এই কথা মনত ৰখা দৰকাৰ৷