ড্রাগছবিৰোধী অভিযান
বিজেপি মিত্রজোঁটৰ নতুন চৰকাৰখনে কার্যভাৰ গ্রহণ কৰিয়েই ৰাজ্যজুৰি যি ড্রাগ্ছবিৰোধী অভিযান আৰম্ভ কৰিছে, চৰকাৰখনৰ এই কঠোৰ পদক্ষেপে অনাগত দিনবোৰৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷ ড্রাগ্ছৰ বিৰুদ্ধে আৰম্ভ কৰা এই অভিযানে এক সুদূৰপ্রসাৰী তাৎপর্য বহন কৰিছে৷ এনে অভিযানৰ তাৎক্ষণিক ফলশ্রুতিতকৈ দীর্ঘকালীন ফলশ্রুতি ৰাজ্যৰ সামগ্রিক স্বার্থৰ ক্ষেত্রতে অতিকে ইতিবাচক বুলি বিবেচিত হৈ আহিছে৷ নতুন চৰকাৰ এখনে প্রথমে শাসনভাৰ গ্রহণ কৰিয়েই ড্রাগ্ছৰ বিৰুদ্ধে এনে স্থিতি গ্রহণ কৰাটো প্রশংসনীয় পদক্ষেপ৷ এইক্ষেত্রত মুখ্যমন্ত্রীগৰাকীৰ কঠোৰ স্থিতি সবাতোকৈ ইতিবাচক বুলি চর্চিত হৈছে৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰে প্রথম দিনাৰ পৰাই ড্রাগ্ছৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ নির্দেশ জাৰি কৰাৰ পাছত সমগ্র ৰাজ্যতে অবাধে প্রচালন হৈ থকা ড্রাগ্ছৰ ঘাটিসমূহত ধাৰাবাহিক অভিযান আৰম্ভ হৈছে৷ এনে অভিযানে এতিয়া কার্যতঃ কঁপাই তুলিছে অসমৰ ড্রাগ্ছৰ অন্ধকাৰ জগতখনত৷ দৈনিক বিভিন্ন ধৰণৰ ধ্বংসকাৰী ড্রাগ্ছ জব্দ হোৱাৰ লগতে ড্রাগ্ছ ব্যৱসায়ী আৰু সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী৷ আৰক্ষীৰ এই সফলতাই এতিয়া বিভিন্ন হতাশাগ্রস্ত পৰিয়াললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ সকলোৱে গভীৰ আন্তৰিকতাৰে আশা কৰিছে ড্রাগ্ছৰ বিৰুদ্ধে চৰকাৰ তথা আৰক্ষীৰ এনে অভিযান অব্যাহত থাকক৷ এনে অভিযানে ৰক্ষা কৰক অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰা ৰাজ্যৰ এটা উঠি অহা প্রজন্মক৷ উল্লেখ্য যে ৰাজ্যখনত এতিয়া ড্রাগ্ছৰ অবাধ প্রচলনে এটা প্রজন্মক গ্রাস কৰি পেলাইছে৷ গাঁৱে–ভূঞে, চহৰে–নগৰে অবাধ ড্রাগ্ছৰ প্রচলনৰ ফলত ধ্বংসৰ গৰাহৰ ফালে আগবাঢ়িছে ৰাজ্যখনৰ নৱপ্রজন্মৰ এটা বৃহৎ অংশ৷ হেৰ’ইন–কোকেইন, ফেন্সিডাইল আদিৰ দৰে ড্রাগ্ছ এতিয়া ৰাজ্যৰ চুকে–কোণে সহজলভ্য৷ এচাম অসাধু চোৰাং ব্যৱসায়ীয়ে সহজ মুনাফা লাভৰ স্বার্থত নৱপ্রজন্মৰ মাজত মেলি দিছে এনে ধ্বংসকাৰী ড্রাগ্ছৰ বেহা৷
ৰাজ্যৰ ভিন্ন প্রান্তত গঢ়ি উঠিছে ড্রাগ্ছৰ চোৰাং সাম্রাজ্য৷ এই সাম্রাজ্যখনৰ সৈতে জড়িতসকলৰ বিভিন্ন পক্ষৰ সৈতে থকা বুজাবুজিৰ বাবেই ইমান দিনে কোনো কঠোৰ অভিযান চলা নাছিল ড্রাগ্ছৰ বিৰুদ্ধে৷ ফলস্বৰূপে ৰাজ্যৰ উঠি অহা প্রজন্মৰ একাংশ যুৱক–যুৱতী হৈ পৰিছিল ড্রাগ্ছ আসক্ত৷ প্রথমে ব্যক্তিগত হতাশা–নিৰাশাৰ কাৰণতেই সহজলভ্য হৈ পৰা ড্রাগ্ছৰ আসক্ত হোৱা যুৱক–যুৱতীসকল পিছলৈ ড্রাগ্ছ অবিহনে জীয়াই থাকিব নোৱাৰা কৰুণ পৰিস্থিতিৰ সন্মুখীন হৈ পৰে৷ ফলস্বৰূপে বহু পৰিয়াললৈ নামি আহে কাল অমানিশা৷ এসময়ত ড্রাগ্ছ আসক্ত যুৱক–যুৱতীসকলৰ্ হয় কৰুণ মৃত্যু ঘটে, নহয় ঘৰতে মানসিকভাৱে পংগু হৈ পৰি ৰয়৷ তেনে পৰিয়ালৰ মর্মবেদনা ভুক্তভোগীসকলেহে উপলব্ধি কৰিব পাৰে৷ সেই বাবেই এনে পৰিয়ালৰ বাবে ড্রাগ্ছ বৰবিহ হৈ পৰে সমগ্র জীৱনৰ বাবে৷ এনে কৰুণ পৰিস্থিতিত এটা প্রজন্ম উদ্ধাৰৰ বাবে আৰু দিনতে অন্ধকাৰ হৈ পৰা ঘৰবোৰত কিঞ্চিৎ ৰেঙনি আনিবৰ বাবে চৰকাৰখনে কার্যভাৰ গ্রহণ কৰিয়েই গ্রহণ কৰা কঠোৰ পদক্ষেপ নিশ্চয়কৈ আদৰণীয়৷ উল্লেখ্য যে আফ্রিকা, দক্ষিণ আমেৰিকা আদি বিভিন্ন দেশত ড্রাগ্ছৰ অবাধ প্রচলনে কেনেদৰে এনে দেশসমূহক অন্ধকাৰ ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে, সেয়া আমি প্রত্যক্ষ কৰি আহিছোঁ৷ এনে দেশসমূহে এতিয়া ড্রাগ্ছৰ বাবেই এটা ৰুগ্ণ প্রজন্মলৈ কাঁইটীয়া পথেৰে আগবাঢ়িবলগীয়া অৱস্থা এটাৰ সৃষ্টি হৈছে৷ ড্রাগ্ছ প্রচলনৰ প্রথম সময়ছোৱাতে এনে দেশসমূহে কঠোৰ স্থিতি গ্রহণ নকৰা বাবে আজি তেনে অৱস্থাৰ সৃষ্টি হৈছে৷ এনে পৰিৱেশৰ পটভূমিত অসম চৰকাৰৰ শেহতীয়া ড্রাগ্ছবিৰোধী পদক্ষেপ নিশ্চিত ৰূপত প্রশংসনীয়৷ ৰাজ্য বা দেশ এখনৰ ভৱিষ্যৎ নির্ভৰ কৰে উঠি অহা প্রজন্মৰ ওপৰত৷ সেই প্রজন্মটোৰ এটা বৃহৎ অংশই যদি ড্রাগ্ছ আসক্ত হয়, তেন্তে তেনে দেশ বা ৰাজ্যৰ ভৱিষ্যৎ তমসাচ্ছন্ন হৈ পৰে৷ সেই বাবে ৰাজ্যৰ ভৱিষ্যতৰ স্বার্থত আমি ড্রাগ্ছৰ বিৰুদ্ধে চৰকাৰে আৰম্ভ কৰা কঠোৰ পদক্ষেপক মুকলি সমর্থন জনোৱাৰ প্রয়োজনীয়তা আহি পৰিছে৷ এখন ড্রাগ্ছমুক্ত অসমহে আমাক এক সুৰক্ষিত ভৱিষ্যতৰ দিশে আগুৱাই লৈ যাব পাৰিব৷ বিজেপি মিত্রজোঁটৰ নৱগঠিত চৰকাৰখনে এই বিষয়টো প্রথমৰ পৰাই উপলব্ধি কৰাৰ বাবে নিশ্চিতভাৱে ধন্যবাদৰ পাত্র৷ অসমৰ প্রতিজন শুভাকাংক্ষীয়েই কামনা কৰে ড্রাগ্ছৰ বিৰুদ্ধে চৰকাৰ তথা আৰক্ষীৰ এই অভিযান কঠোৰৰ পৰা কঠোৰতম হওক৷