সংবেদনশীল হওক চৰকাৰ
কৃষিখণ্ডক প্রাধান্য দিয়া দেশ হিচাপে ভাৰত পৰিচিত৷ কিন্তু ব্যৱহাৰিক অর্থত এই কথা কিমান প্রতীয়মাণ হৈছে, সেয়া তাহানিৰে পৰা সন্দেহৰ আৱর্তত আছে৷ যি দলৰে চৰকাৰ নহওক কিয়, সকলোৱেই কৃষকৰ হকে কাম কৰাৰ প্রতিশ্রুতি দিয়ে আৰু দাবী কৰে যে প্রতিশ্রুতি মতে তেওঁলোকে কৃষকৰ হকে কাম কৰিছে৷ এটা দীঘলীয়া পৰিক্রমাৰ অন্তত শেহতীয়াকৈ যি কৃষক বিদ্রোহে কেন্দ্রীয় চৰকাৰক ব্যতিব্যস্ত কৰি তুলিছে, তাৰ পাছত সকলোৰে মনত উদয় হোৱা প্রশ্ণটো হ’ল– চৰকাৰৰ প্রতিশ্রুতি প্রকৃতার্থত কৃষকৰ হিতার্থে হয়নে? চৰকাৰে তিনিওখন বিতর্কিত আইন পুনৰ সংশোধন কৰাৰ প্রতিশ্রুতি দিছে৷ আন্দোলনকাৰী কৃষকসকলৰ দাবীসমূহ পর্যালোচনাৰো প্রতিশ্রুতি দিছে চৰকাৰে৷ কিন্তু ইয়াৰ পাছতো আন্দোলনৰ চোক হ্রাস পোৱা নাই৷ ইয়াৰ কাৰণ কি? চৰকাৰৰ বা ৰাজনৈতিক নেতৃত্বৰ প্রতি কৃষকৰ বিশ্বাসযোগ্যতা নোহোৱা হৈছে নেকি? নে নির্দিষ্ট ৰাজনৈতিক উদ্দেশ্যৰে কৃষক আন্দোলনক দীঘলীয়া কৰাৰ নিৰলস প্রচেষ্টা অব্যাহত আছে? মানুহে এই বিষয়বোৰ এতিয়া চালি–জাৰি চাবলৈ আৰম্ভ কৰিছে৷ সহজ অর্থত ক’বলৈ গ’লে– যিখন আইন কৃষকে নিবিচাৰে, সেইখন আইন জোৰ–জবৰদস্তি কৃষকৰ ওপৰত জাপি দিয়াটো কোনোপধ্যেই সমর্থনযোগ্য নহয়৷ কৃষকৰ নিৰৱচ্ছিন্ন প্রতিবাদৰ পাছতো চৰকাৰে যদি আইনকেইখন প্রত্যাহাৰ কৰাৰ কথা বিবেচনা নকৰে, তেন্তে এটা কথা নিশ্চিতভাৱে প্রমাণিত হ’ব যে এটা নির্দিষ্ট বণিক গোষ্ঠীৰ স্বার্থতে আইনকেইখন সংসদত খৰধৰকৈ গৃহীত কৰা হৈছিল৷ চৰকাৰৰ দাবী– এই কৃষি আইনকেইখন কৃষকৰ হিতার্থে প্রণয়ন কৰা হৈছে৷ কৃষকৰ বহুদিনীয়া দাবী ইয়াৰ জৰিয়তে পূৰণ কৰা হৈছে৷ আনকি বিৰোধী দলসমূহেও এই আইনকেইখনত সন্নিৱিষ্ট ব্যৱস্থাসমূহক সমর্থন কৰিছিল৷ চৰকাৰৰ এই দাবী কিমান বিশ্বাসযোগ্য, তাৰ ওপৰত প্রশ্ণ উত্থাপন কৰাটো অলপো অবাস্তৱিক নহয়৷
সময় পাৰ হোৱাৰ লগে লগে এতিয়া কৃষক বিদ্রোহত ৰাজনীতিৰ ৰহণ পৰাটো একপ্রকাৰ অৱশ্যম্ভাৱী হৈ পৰিছে৷ বিজেপিয়ে নিৰন্তৰ অভিযোগ কৰি আহিছে যে কৃষক আন্দোলনৰ আঁৰত ৰাজনৈতিক স্বার্থজড়িত মহল জড়িত হৈ আছে৷ বিশেষকৈ কংগ্রেছৰ বিৰুদ্ধে এইক্ষেত্রত সৰৱ হৈ পৰিছে শাসকীয় দলটো৷ কিন্তু এটা কথা ঠিক যে গোটেই আন্দোলনটোৰ লগত জড়িত কৃষকসকলৰ আৱেগক এনেধৰণৰ তুচ্ছ মন্তব্যৰে তাচ্ছিল্য কৰাটো বিজেপিৰ বাবে বিপজ্জনক হৈ উঠিব পাৰে৷ দিল্লীত সমৱেত হোৱা কৃষকসকলৰ ভিতৰত অধিকাংশই হ’ল পঞ্জাব আৰু হাৰিয়ানাৰ৷ মানুহে যিকোনো সিদ্ধান্তত উপনীত হোৱাৰ পূর্বে এই বিষয়ে জানি–শুনি লোৱাটো প্রয়োজনীয়– কোনো নির্দিষ্ট অঞ্চলৰ কৃষকে কিদৰে কৃষিকার্যৰ জৰিয়তে জীৱন নির্বাহ কৰে আৰু তেওঁলোকে কিমান ধন আহৰণ কৰিবলৈ সক্ষম হয়৷ পঞ্জাব হ’ল কংগ্রেছ শাসনাধিষ্ঠিত ৰাজ্য৷ এই একমাত্র কথাটোৰ ওপৰত ভিত্তি কৰিয়েই কৃষক আন্দোলনত কংগ্রেছে উচটনি দিয়া বুলি যদি চৰকাৰী পক্ষই যুক্তি প্রদর্শন কৰি থাকে, তেন্তে তেওঁলোক ককর্থনাৰ সন্মুখীন হোৱাটো স্বাভাৱিক৷ কেন্দ্রীয় চৰকাৰে তিনিওখন কৃষি আইন প্রণয়ন কৰাৰ বাবে একপ্রকাৰ আঁকোৰগোজ স্থিতি গ্রহণ কৰিছে৷ তেওঁলোকে নিজৰ স্থিতিত অটল হৈ থকাত কোনেও আপত্তি কৰিব নোৱাৰে৷ কিন্তু শাসনাধিষ্ঠিত দলটোৰ নেতাসকলে কৃষক বিদ্রোহৰ বিৰোধিতা কৰাৰ সময়ত দায়িত্বজ্ঞানহীন মন্তব্য কৰাৰ পৰা আঁতৰি থকাটো বাঞ্ছনীয়৷ ভাৰতৰ দৰে দেশত কৃষকক ভেঙুচালি কৰি কোনো ৰাজনৈতিক নেতা শক্তিশালী হ’ব পাৰিব বুলি আশা কৰাটো এটা মাৰাত্মক ভুল৷ কৃষি আইন যিমানেই প্রয়োজনীয় নহওক, কৃষক আন্দোলন যিমানেই বাস্তৱিক নহওক কিয়, চৰকাৰে সকলো বিবাদ নিষ্পত্তি কৰি বিষয়টো শীঘ্রে সমাধান কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে৷ সংবেদনশীল হওক চৰকাৰ৷