নগৰৰ সৌন্দর্যবর্ধন
কেইদিনমানৰ আগতে অসম চৰকাৰে গ্রহণ কৰা সিদ্ধান্ত মতে গুৱাহাটীত একাধিক উদ্যান সাজু কৰি উলিওৱা হ’ব, যিকেইখনে মহানগৰৰ ৰাইজক মুকলিকৈ উশাহ লোৱাৰ সুবিধা প্রদান কৰিব৷ এই সম্পাদকীয় স্তম্ভতেই এই ধৰণৰ উদ্যানৰ প্রয়োজনীয়তাৰ বিষয়ে বহুবাৰ প্রকাশ পাইছিল আৰু শেষত চৰকাৰৰ চকুত পৰা আৰু চৰকাৰে গুৰুত্বসহকাৰে লোৱা কথাটি নগৰখনৰ বাবেই আনন্দদায়ক খবৰ হৈ পৰিছে৷ চহৰ এখনৰ বসতিপূর্ণ অঞ্চলবোৰত একোখনকৈ যে উদ্যানৰ প্রয়োজন আছে, সেই কথাটো অসম চৰকাৰৰ নগৰ পৰিকল্পনা বিভাগৰ মানুহে বুজি পোৱা যেন নালাগে৷ নাগৰিকৰ বয়সভেদে পৃথক পৃথক উদ্যানৰ প্রয়োজন থাকে৷ সৰু সৰু ল’ৰা–ছোৱালীক ফুৰাবলৈ প্রয়োজন হোৱা উদ্যানখনে ডেকা–ডেকেৰীৰ প্রয়োজন পূৰণ কৰিব নোৱাৰাৰ সম্ভাৱনাই অধিক৷ কিন্তু বর্তমান সময়ত নগৰবোৰত আটাইতকৈ প্রয়োজনীয় হৈ পৰিছে শিশু আৰু বয়োজ্যেষ্ঠজনৰ স্বাস্থ্যৰ কাৰণে আৱশ্যকীয় উদ্যান৷ গুৱাহাটীৰ প্রস্তাৱিত এখন উদ্যানত ধ্যান–প্রাণায়াম কৰাৰ সুবিধা থাকিব বুলিও কোৱা হৈছে৷ এইটো অতি গুৰুত্বপূর্ণ সিদ্ধান্ত৷ বিভিন্ন ধৰণৰ মানসিক চাপত থাকিবলগীয়া হোৱা সকলো বয়সৰ নাগৰিকৰ বাবেই এনে এখন উদ্যানৰ প্রয়োজন বহু বেছি৷ কিন্তু কথা হ’ল, সেই উদ্যান যদি সকলো ধৰণৰ নাগৰিকৰ বাবে মুকলি কৰা হয় আৰু সকলোৰে প্রয়োজন পূৰণ কৰিবলৈ তাত বিভিন্ন ধৰণৰ দোকান–পোহাৰৰ ব্যৱস্থা কৰা হয়, সেই ব্যৱস্থাই খালী ঠাই ভাৰা দি ভাল পোৱা গুৱাহাটী পৌৰ নিগমক উৎসাহিত কৰিব ঠিকেই, কিন্তু ই প্রয়োজনটোক পূৰণ কৰিব নোৱাৰিব৷ এনে উদ্যান হ’ব লাগে সম্পূর্ণ প্রাকৃতিক পৰিৱেশৰ পুনৰ সৃষ্টি– এই কথাটো পৌৰ নিগমৰ আর্কিটেক্ট অথবা ফাইলত শেষ চহী মৰা বিষয়াজনে বুজি পোৱাটো অতি জৰুৰী৷ অকল গুৱাহাটীতে কিয়, দ্রুত হাৰত বিকাশ লাভ কৰা প্রতিখন নগৰতে এনে উদ্যানৰ প্রয়োজন আছে৷ ‘শ্বপিং মল’ একোটাক সময় কটাব পৰা উদ্যানৰ বিকল্প বুলি ভবা ধাৰণাটো ভাঙিবলৈ বহুতৰ বাবে কিছু সময়ৰ প্রয়োজন হয় আৰু এই সুবিধাটোকেই নগৰ পৰিকল্পকসকলে গ্রহণ কৰা যেন লাগে৷
অসমৰ বিভিন্ন ঠাইৰ দ্রুত বিকশিত নগৰবোৰৰ ভূখণ্ড পৰিপূর্ণ কৰি তুলিছে বিভিন্ন ধৰণৰ শ্বপিং মল আৰু আকাশৰেখা শুহি নিছে নাগৰিকক প্রলোভিত কৰিব পৰা সামগ্রীৰ বৃহৎ বৃহৎ হ’র্ডিঙৰ সমাৱেশে৷ আকাশ চাবলৈ সুবিধা শেষ হৈ অহা চহৰবোৰত এতিয়াও মৰুদ্যানৰ দৰে আছে পুৰণি বিদ্যালয় কিছুমানৰ বৃহৎ চৌহদ৷ এইবোৰক শান্ত আৰু সমাহিত ৰূপত ৰখাৰ দায়িত্বটোও চৰকাৰেই বহন কৰিব লাগে৷ চহৰৰ মাজত ঠাই দখল কৰি থকা কিছুমান চৰকাৰী অফিচো নগৰৰ উপকণ্ঠলৈ নি চহৰখনে উশাহ লোৱাৰ ব্যৱস্থা কৰি দিয়াটো প্রয়োজনীয় হৈ পৰিছে৷ গুৱাহাটী চহৰখনক সুন্দৰভাৱে ৰখাৰ আশাৰেই পৌৰ নিগমে এটি গীতৰ ভিডি’ প্রচাৰ কৰিছে আৰু ৰাইজক পৰিষ্কাৰ–পৰিচ্ছন্ন কথা বুজাই দিছে৷ ৰাস্তাৰ জাবৰবোৰ নাগৰিকে নিজেই পৰিষ্কাৰ কৰিলে যেনিবা, কিন্তু আকাশখন লেতেৰা কৰা জাবৰবোৰ পৌৰ নিগমৰেই সোণৰ কণী পৰা হঁাহ৷ সেই হঁাহটো মাৰে কোনে? চৰকাৰী কামবোৰ সঠিকভাৱে সম্পাদিত নোহোৱাৰ এটা মূল কাৰণ হ’ল কামটোৰ লগত বহুকেইটা বিভাগ জডিত হৈ পৰাটো৷ বিভাগবোৰৰ সাংস্কৃতিক চেতনা নথকাটোও অন্য এটা জটিল সংকট৷ পুৰাতত্ত্ব বিভাগে এখন আইন বুকুত বান্ধি বহি আছে, যিখনৰ মতে পুৰাতাত্ত্বিক গুৰুত্ব থকা সম্পদবোৰৰ হানি–বিঘিনি হ’বলৈ দিব নোৱাৰে৷ কিন্তু একেই চৰকাৰৰ আন বিভাগে সেই আইন অমান্য কৰি নর্থব্রুক গেটৰ কাষতে ঘৰ বান্ধি চাহ দোকান দিছে, গেটখন ৰাস্তাৰ পৰা নেদেখিবৰ বাবে ৰাস্তাৰ কাষতেই চৰকাৰৰে আন এটা বিভাগে গছপুলি ৰুই দিছে৷ ঐতিহ্যমণ্ডিত শিলপুখুৰীৰ পাৰত চৰকাৰে নির্মাণ কৰিছে ৰাজহুৱা পাইখানা৷ পৌৰ নিগমেতো খালী ঠাই দেখিলেই বিজ্ঞাপন কোম্পানীক ভাৰা দি দুপইচা অর্জাৰ কথা ভাবে৷ টিচি স্কুলৰ কাষত লক্ষ্মীনাথ বেজবৰুৱাৰ যিটো মূর্তি স্থাপন কৰা হৈছিল, সেইটোৰ চাৰিওফালে শোভাবর্ধন কৰিছে বিভিন্ন ধৰণৰ বিজ্ঞাপনে৷ গুৱাহাটীক সুন্দৰ কৰিবলৈ ওলোৱা সময়ত এই ধৰণৰ উদ্ভণ্ডালিবোৰৰো বিচাৰ হ’ব লাগে আৰু সেইবোৰ শুধৰণি কৰিব লাগে৷