নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি–বিপিএফৰ মিত্রতা

সুদীর্ঘ ১৫ বছৰে বিটিচি আৰু দিছপুৰৰ ক্ষমতা দখলৰ জৰিয়তে বড়ো ৰাজনীতিত নতুন মাত্রা প্রদান কৰা হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলটো তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ প্রয়াত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এন ডি এ চৰকাৰ ক্ষমতাত থকাৰ সময়ছোৱাত ২০০৩ৰ ১০ ফেব্রুৱাৰীত বিটিচি চুক্তি স্বাক্ষৰৰ পিছৰে পৰা বি টি এ ডিৰ গুৰিব’ঠা ধৰা হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটো ২০০৬ৰ পৰা দিছপুৰৰ ক্ষমতাৰ অংশীদাৰ হৈ আছে৷ এই সময়ছোৱাত দিল্লী–দিছপুৰত চৰকাৰ সলনি হ’লেও বি পি এফৰ ক্ষমতাৰ হৰণ–ভগন হোৱা নাই৷ ২০১৫ৰ বিটিচি নির্বাচনত কাণে কাণ মাৰি জয়ী হ’লেও বিধানসভাৰ তিনিটাকৈ নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটোৱে নিজস্ব শক্তি অক্ষুণ্ণ ৰাখি দিছপুৰৰ চৰকাৰ গঠনত ‘কিংমেকাৰ’ৰ ভূমিকা লাভ কৰিবলৈ সক্ষম হৈছিল৷ চলিত বর্ষত ২৭ জানুৱাৰীত নতুন দিল্লীত স্বাক্ষৰিত বি টি আৰ চুক্তিয়ে হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটোলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ বিটিচি দখলৰ বাবে বিজেপিয়ে গ্রহণ কৰা স্থিতিয়ে বি পি এফ দলক সমস্যাত পেলাইছে৷ বি টি আৰ চুক্তি স্বাক্ষৰৰ পিছত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফক এলাগী কৰি বিজেপিয়ে প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলৰ স’তে নতুন ৰাজনৈতিক অংক কৰাক লৈও চর্চা চলিছে৷ বিজেপিয়ে এইবাৰ অকলে বিটিচি দখল কৰিব বুলি দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দাবী কৰিলেও দলটোৰ ৰথী–মহাৰথীসকলে বি পি এফ আৰু ইউ পি পি এলৰ নেতৃত্বৰ সৈতে সমদূৰত্বত ৰাজনীতি কৰা পৰিলক্ষিত হৈছে৷ বি টি আৰ চুক্তি স্বাক্ষৰকাৰীৰ অধিকাংশই সম্প্রতি ইউ পি পি এল দলৰ নেতৃত্বত আছে৷ বি টি আৰ চুক্তি কার্যকৰীকৰণৰ স্বার্থত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ নেতৃত্ব বহন কৰা বিজেপিয়ে ইউ পি পি এলক অগ্রাধিকাৰ দিয়াৰ আশংকা ঘনীভূত হৈছে বি পি এফৰ একাংশ নেতাৰ মাজত৷ শেহতীয়াকৈ বিধায়ক ইমানুৱেল মুছাহাৰীকে ধৰি বি পি এফৰ একাংশ নেতাই দলত্যাগ কৰিছে৷ বিটিচিৰ আগন্তুক নির্বাচন নিশ্চিতভাৱে হাগ্রামা মহিলাৰীৰ বাবে এক জটিল অগ্ণিপৰীক্ষা হ’ব৷ বিৰোধী পক্ষত থকা প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল, সাংসদ হীৰা শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পার্টীৰ উপৰি শাসকীয় বিজেপিৰ বিৰুদ্ধে নির্বাচনী যুঁজত লাভ কৰা সফলতা–বিফলতাৰ ওপৰতে নির্ভৰ কৰিব হাগ্রামা মহিলাৰী আৰু বি পি এফৰ ৰাজনৈতিক ভৱিষ্যৎ৷
বিটিচিৰ নির্বাচন নিশ্চিতভাৱে কোনো এটা দলৰ বাবে সহজ হৈ থকা নাই৷ ২০১৫ৰ বিটিচিৰ নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ ৪০খন আসনতে প্রতিদ্বন্দ্বিতা কৰিছিল যদিও ২০খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷ পূর্বৰ নির্বাচনৰ তুলনাত দলটোৱে ১১খন আসন হেৰুৱাবলগীয়া হৈছিল৷ ইয়াৰ বিপৰীতে সম্প্রতি ইউ পি পি এলক নেতৃত্ব দিয়া পি চি ডি আৰ নামৰ ৰাজনৈতিক মঞ্চই লাভ কৰিছিল সাতখন আসন৷ এবছু আৰু বি পি পি এফক লৈ গঠন কৰা পি চি ডি আৰত এন ডি এফ বিৰ একাংশ আত্মসমর্পণকাৰী নেতাও আছিল৷ প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলতো এবছু, এন ডি এফ বিৰ প্রাক্তন নেতাৰ লগতে হাগ্রামা মহিলাৰীবিৰোধী বড়ো নেতাসকল আছে৷ বি টি আৰ চুক্তিক লৈ সৃষ্টি হোৱা ৰাজনৈতিক বতাহৰ সুফল যদিহে ইউ পি পি এল দলে লাভ কৰে, তেন্তে বিটিচি আৰু ৰাজ্যৰ ৰাজনীতিত হাগ্রামা মহিলাৰীৰ বেলি মাৰ যোৱাটো নিশ্চিত৷ সংবিধানৰ ষষ্ঠ অনুুসূচীৰ অধীনত বি টি এ ডি গঠনৰ ক্ষেত্রত হাগ্রামা মহিলাৰী সফল হ’লেও বিগত ১৫ বছৰে বিটিচিৰ অন্তর্গত ৪খন জিলাৰ সমউন্নয়ন হোৱা নাই৷ বিটিচিখন কোকৰাঝাৰকেন্দ্রিক হৈ থকাৰ গুৰুতৰ অভিযোগ কৰে ওদালগুৰি আৰু বাগ্সাৰ অধিকাংশ লোকে৷ বি টি আৰ চুক্তিত এইবাৰ ওদালগুৰি আৰু বাগ্সা জিলাৰ উন্নয়নত অগ্রাধিকাৰ দিয়াও পৰিলক্ষিত হৈছে৷ ২০১৫ৰ বিটিচিৰ নির্বাচনত হাগ্রামা মহিলাৰীয়ে পুনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ মূলতে আছিল ওদালগুৰি আৰু বাগ্সা জিলাত লাভ কৰা সফলতা৷ এইবাৰ ওদালগুৰি আৰু বাগ্সা জিলাত হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটোৱে পূর্বৰ লেখীয়া সফলতা লাভ কৰিবনে তাক লৈও সন্দেহ আছে৷ হাগ্রামা মহিলাৰীৰ গৃহজিলা কোকৰাঝাৰৰ কেইবাটাও সমষ্টি এবছুৰ দুর্গৰূপে পৰিচিত হোৱাৰ বাবে এই সমষ্টিকেইটাত ইউ পি পি এল দলে সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে৷ ইফালে, বিজেপিয়ে সর্বশক্তি প্রয়োগ কৰিলে এইবাৰ বিটিচিত আসনৰ সংখ্যা বৃদ্ধি পোৱাটো নিশ্চিত৷ ২০১৫ত বিজেপিয়ে ৪০খন আসনত প্রতিদ্বন্দ্বিতা কৰিলেও লাভ কৰিছিল মাথোঁ এখন আসন৷ অৱশ্যে দলটোৱে বিটিচিত ১৩ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল৷ এইবাৰ বিটিচি নির্বাচনত বিজেপিৰ আসন বৃদ্ধি হ’লেই আৰু ইউ পি পি এল দলে আশাপ্রদ ফলাফল লাভ কৰিলেই বড়ো ৰাজনীতিত বি পি এফৰ গুৰুত্ব হ্রাস হ’ব৷ ইয়াৰ লগে লগে বিজেপিৰ স’তেও মিত্রতা শেষ হোৱাৰ সম্ভাৱনা আছে৷

You might also like