মুখ্য ন্যায়াধীশৰ মন্দিৰ মুকলি
ইছলামিক ৰাষ্ট্রত ধর্মীয় সংখ্যালঘুৰ ওপৰত নির্যাতন, বলপূর্বক ধর্মান্তৰকৰণ আদিক তেনেই সাধাৰণ ঘটনা বুলি ক’ব পাৰি৷ তাৰে কিছুমান ৰাষ্ট্রত ৰাষ্ট্রযন্ত্রৰ প্রত্যক্ষ বা পৰোক্ষ ভূমিকা থাকে৷ কিছুমান ৰাষ্ট্রত শাসকক পংগু কৰি মৌলবাদীয়ে সেইবোৰ কৰে৷ পক্ষ যিয়েই নহওক, অত্যাচাৰ, নির্যাতনৰ বলি হয় ধর্মীয় সংখ্যালঘু লোক৷ তেওঁলোকৰ জীৱন নৰকত পৰিণত হয়৷ অৱশ্যে আধুনিকতাৰ পৰশত দুই–এখন দেশত তেনে ধৰণৰ অবাঞ্ছিত আৰু সভ্যতাবিৰোধী কার্যৰ পৰিমাণ হ্রাস পাইছে৷ ছৌদি আৰবত ভিজন–২০৩০ৰ অধীনত ৰামায়ণ, মহাভাৰত যোগ আদি পাঠ্যক্রমত অন্তর্ভুক্ত হ’ব বুলি কিছুদিন আগেয়ে সংবাদ মাধ্যমত প্রকাশ পাইছিল৷ কথাটোৰ সত্যতা ছৌদি চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই৷ অর্থাৎ সেইটো ভুৱা বাতৰিও হ’ব পাৰে৷ কিন্তু দুর্ভাগ্যজনকভাৱে এনে ধৰণৰ কাম–কাজ বা সহাৱস্থানৰ মানসিকতা আজিও ব্যতিক্রম হিচাপে পৰিগণিত হৈ আছে৷ ভাৰতবর্ষৰ তিনি প্রতিৱেশী ৰাষ্ট্র পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰো ধর্মীয় সংখ্যালঘুৰ ওপৰত নিৰৱচ্ছিন্নভাৱে চলি থকা অত্যাচাৰৰ বাবে বদনাম বিশ্বজোৰা৷ শাৰদীয় দুর্গা পূজাৰ সময়ত বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলা নির্যাতনৰ ধাৰাবাহিকতা আজিও সমাপ্ত হোৱা নাই৷ দেশখনত বিক্ষিপ্ত ৰূপত হিংসা অদ্যাপি অব্যাহত আছে৷ দেশখনৰ চৰকাৰ মৌলবাদী–জেহাদীসকল্ সৈতে নাই৷ কিন্তু হিন্দুবিৰোধী গতিবিধি চলিয়েই আছে৷ দোষীৰ বিৰুদ্ধে প্রভাৱশালী পদক্ষেপ গ্রহণ আৰু ধর্মীয় সংখ্যালঘুক নিৰাপত্তা প্রদানত বাংলাদেশ চৰকাৰ শোচনীয়ভাৱে ব্যর্থ৷ আফগানিস্তান এতিয়া মানৱতাৰ বধ্যভূমি৷ তাত ধর্মীয় সংখ্যালঘুৰ অধিকাৰ, সুৰক্ষাৰ কথা ভাবিবই নোৱাৰি৷ তালিবান আৰু হাক্কানি নেটৱর্ক নামৰ জেহাদী সংগঠন দুটা শাসনত অধিষ্ঠিত হোৱাত দেশখন ধর্মীয় সংখ্যালঘুৰ বাবে নৰকত পৰিণত হৈছে৷ দেশখনত বিগত দুটা দশকত নিৰাপত্তাৰ বাবে যি সামান্য স্থান ওলাইছিল, সেইখিনিও মাটিত মিহলি হৈ গ’ল৷ আফগানিস্তানত সংখ্যাগৰিষ্ঠ ইছলাম ধর্মাৱলম্বীৰে স্বাধীনতা নোহোৱা হৈ পৰিছে৷ মহিলাৰ অধিকাৰৰ ক্ষেত্রত আফগানিস্তান আজিৰ তাৰিখত বিশ্বৰ নিকৃষ্টতম দেশৰ মাজৰ এখন৷ তেনেক্ষেত্রত হিন্দু, বৌদ্ধ, শিখ, খ্রীষ্টান আদিয়ে কিদৰে জীৱন নির্বাহ কৰিব, সেইটো এতিয়া কোটিটকীয়া প্রশ্ণ হৈ পৰিছে৷ দিন যোৱাৰ লগে লগে দেশখনত ধর্মীয় সংখ্যালঘুৰ ওপৰত ভিন্ন ধৰণৰ নির্যাতনৰ পৰিমাণ বৃদ্ধি পাব৷ কথাই কথাই বন্দুকৰ গুলী চলিব৷ ৰাজহুৱা স্থানত ফাঁচি দিয়া হ’ব৷ বর্বৰতাৰ তালিকাখন অবর্ণনীয় হৈ পৰিব৷ অনুৰূপ দেশ এখন হৈছে ইছলামিক ৰিপাব্লিক অৱ পাকিস্তান৷ তাতো সাংবিধানিক অধিকাৰ খর্ব কৰি প্রায় প্রতিদিনে ধর্মীয় সংখ্যালঘুৰ ওপৰত চলে বিভিন্ন ধৰণৰ অত্যাচাৰ৷ কিশোৰী–যুৱতীক অপহৰণ কৰি নি বলপূর্বক ধর্মান্তৰকৰণ পাকিস্তানৰ সহজ ঘটনা৷ মন্দিৰ ধবংস, লুটপাতো তাত বাধাহীনভাৱে ঘটে৷ চৰকাৰ নীৰৱ দর্শক হৈ চাই থাকে৷
ধর্মীয় সংখ্যালঘুৰ বাবে নৰককুণ্ড পাকিস্তানত দেশখনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাণ্ড এটাই বিভিন্নজনৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে৷ তেওঁ দেশখনত পুনৰনির্মিত মন্দিৰ এটা মুকলি কৰে৷ কোনো দেশৰ মুখ্য ন্যায়াধীশে সাধাৰণতে ধর্মীয় সেৱাৰ থলী মুকলি নকৰে বা তেনে অনুষ্ঠানত ভাগ নলয়৷ কিন্তু পাকিস্তানৰ মুখ্য ন্যায়াধীশ গুলজাৰ আহমেদে সোঁতৰ বিপৰীতে গৈ এটা দুঃসাহসিক কাম কৰিলে৷ দুঃসাহসিক এইবাবেই যে, দেশখনৰ ন্যায় ব্যৱস্থা স্বতন্ত্র নহয় বুলি বিশ্বজুৰি বদনাম এটা আছে৷ তাৰ ৰাজনৈতিক বা সামৰিক নেতৃত্বই সাধাৰণ কথাতে ন্যায় ব্যৱস্থাত হস্তক্ষেপ কৰে৷ আনকি ন্যায়াধীশক অপমান, অপসাৰণ কৰাৰ নজিৰ পাকিস্তানত অনেক৷ তদুপৰি, মুখ্য ন্যায়াধীশগৰাকীয়ে এটা হিন্দুৰ মন্দিৰ মুকলি কৰিছে৷ এইটোক দুঃসাহসিক কাণ্ড বুলি নকৈ নোৱাৰি৷ লগতে এইটোও ঠিক যে মুখ্য ন্যায়াধীশৰ মন্দিৰ উদ্বোধনে পাকিস্তানৰ ধর্মীয় সংখ্যালঘুৰ ভাগ্য সলনি কৰি দিব৷ দেশখনৰ শিক্ষা আৰু ৰাজনৈতিক ব্যৱস্থাটোৱেই ধর্মীয় সংখ্যালঘুৰ বাবে বিপজ্জনক৷ তাত বিশেষকৈ হিন্দুক ঘৃণা কৰিবলৈ শৈশৱৰ পৰাই শিক্ষা দিয়া হয়৷ হিন্দুৰ বিৰোধিতা পাকিস্তানৰ ৰাজনীতিৰো এটা গুৰুত্বপূর্ণ অংশ৷ লগতে সামৰিক বাহিনীয়েও ইয়াকে আধাৰ কৰি দেশখনত নিজৰ প্রাসংগিকতা জীয়াই ৰাখিছে৷ তথাপি ক’ব পাৰি, মুখ্য ন্যায়াধীশ গুলজাৰ আহমেদৰ কার্য দেশখনৰ মৌলবাদীৰ বাবে এটা বিৰাট শিক্ষা৷ তেওঁলোকৰ দৌৰাত্ম্যৰ বাবে এটা বৃহৎ প্রত্যাহ্বান৷ মুখ্য ন্যায়াধীশ ৰহমানে দেশখনৰ খাইবাৰ পাখতুনখোৱা প্রদেশৰ কৰক জিলাত অৱস্থিত শতিকাপ্রাচীন শ্রীসন্ত পৰমহংস মন্দিৰটোৰ নৱনির্মিত ভৱনটো উদ্বোধন কৰে৷ মন্দিৰটো ২০২০ চনৰ ৩০ ডিচেম্বৰত মৌলবাদীয়ে লণ্ডভণ্ড কৰিছিল৷ আক্রমণকাৰীয়ে মন্দিৰৰ সামগ্রীও লুটপাত কৰিছিল৷ গোচৰটো উচ্চতম ন্যায়ালয়ত উঠাত মুখ্য ন্যায়াধীশে চৰকাৰক পুনৰ নির্মাণৰ নির্দেশ দিয়ে৷ সেই মতে পুনৰ নির্মাণ হৈ উঠাত মুখ্য ন্যায়াধীশগৰাকীয়ে নিজেই সেৱাৰ থলীটো মুকলি কৰে৷ গোচৰটোৰ ৰায়তো তেওঁ কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য দিয়ে৷ সর্বোচ্চ আদালতৰ মুখ্য ন্যায়াধীশৰ এনে স্থিতিয়ে কিছু হ’লেও মানুহৰ মাজত আশাৰ সঞ্চাৰ কৰে৷