জলবায়ু পৰিৱর্তন
অক্টোবৰ মাহৰ আধালৈকে গৰমৰ তীব্রতা কমি নোযোৱাত বহুতে অনুভৱ কৰিছে যে ইমানদিনে বিভিন্নজনে যি গোলকীয় উষ্ণতাৰ কথা কৈ আহিছিল, তাৰ সঁচাকৈয়ে কিবা ভিত্তি আছে৷ ৰ’দ দিয়া, বৰষুণ দিয়া আদি প্রাকৃতিক ঘটনাবোৰত চৰকাৰ বা বিৰোধী পক্ষৰ একো হাত নাই সঁচা, কিন্তু এনে প্রাকৃতিক ঘটনাৰ পৰা হ’ব পৰা সকলো বিপদ–আশংকাৰ প্রতি ৰাইজক সজাগ কৰি তোলা, বিপদত পৰিব পৰা ৰাইজক সহায় কৰা আদি কামত চৰকাৰ–বিৰোধী উভয়ৰে কৰিবলগীয়া বহুত থাকে৷ আমাৰ দেশৰ সামূহিক চৰিত্র মতে বিপদ কৰা ক্ষতিৰ পিছতহে সকলো নিজ নিজ ধৰণে ব্যস্ত হৈ পৰে৷ এনেকুৱা প্রাকৃতিক দুর্যোগ বা অকল্পনীয় পৰিৱর্তনৰ বাবে ৰাজ্যৰ শাসনকর্তা সাজু হৈ থকা প্রয়োজন আৰু তাৰ বাবে প্রয়োজন হয় ভৱিষ্যমুখী দৃষ্টিৰ৷ এইবাৰ দেখা গৈছিল যে নতুন চৰকাৰখনে নিয়মীয়াকৈ হৈ থকা বানপানী আৰু তাৰ পৰা হ’ব পৰা সমস্যাৰ কথা মনত ৰাখি আগতীয়া কিছু ব্যৱস্থা হাতত লৈছিল৷ কিন্তু জলবায়ুৰ যে ইমান পৰিৱর্তন হ’ব, সেই কথা হয়তো অসমত কোনেও ভবা নাছিল৷ কিন্তু এই গোলকীয় উষ্ণতাৰ প্রসংগত ভাৰত চৰকাৰে নিজৰ সংবেদনশীলতা প্রকাশ কৰি আহিছিল৷ ভাৰতে জলবায়ু পৰিৱর্তনক আন্তর্জাতিক নিৰাপত্তাৰ বিষয় হিচাপে ঘোষণা কৰিছিল, যাৰ ফলত এই বিষয়ত ৰাষ্ট্রসংঘ কিছু পৰিমাণে হ’লেও সচেষ্ট হৈ উঠিছিল৷ ভাৰতে এই প্রসংগত ‘পেৰিছ চুক্তি’ৰ গুৰুত্বও দোহাৰিছিল৷ জলবায়ু পৰিৱর্তনে একবিংশ শতিকাত সমগ্র বিশ্বৰ নিৰাপত্তাৰ প্রসংগত এক ভয়াৱহ ভাবুকি দিব পাৰে বুলি ভাৰতে বিশ্বাস কৰিছিল আৰু আন্তর্জাতিক স্তৰত বাৰে বাৰে সজোৰে বক্তব্য দাঙি ধৰিছিল যে এই গ্রহটোত শান্তি অটুট ৰখা আৰু বিপদ–আশংকা কমোৱাৰ বাবে কৰা চেষ্টা সমগ্র বিশ্বই একেলগে কৰিব লাগিব আৰু এই কাম এতিয়াই কৰিব লাগিব৷ গোলকীয় উত্তাপৰ বাবে পৃথিৱীৰ জলবায়ুৰ ব্যাপক পৰিৱর্তন হৈছে আৰু ইয়াৰ সকলো ধৰণৰ বেয়া প্রভাৱৰ বোজা প্রথমেই বহন কৰিব লাগে পৰিৱেশে৷ সমুদ্রপৃষ্ঠ লাহে লাহে ওপৰলৈ উঠি আহিছে, হিমবাহবোৰ গলি গৈছে, বায়ুমণ্ডলত কার্বন–ডাই–ক্সাইডৰ্ মাত্রা বৃদ্ধি পাইছে, অৰণ্য আৰু বন্যপ্রাণী হ্রাস পাইছে আৰু ভূভাগত থকা জলমণ্ডলৰ পৰিমাণ হ্রাস পাইছে, যিটোৰ বিপদ–আশংকাই সকলোকে স্পর্শ কৰিছে৷ বর্তমানৰ এই অৱস্থাৰ ওপৰত থিয় হৈ বিজ্ঞানীসকলে ভৱিষ্যদ্বাণী কৰিছে যে যদিহে এই পৰিৱর্তন এইটো হাৰত চলি থাকে, তেনেহ’লে পৃথিৱীৰ পৰা বহুতো প্রজাতিৰ ডদ্ভিদ আৰু প্রাণী বিলুপ্ত হৈ পৰিব৷
গোলকীয় উষ্ণতাৰ ফলত জলবায়ুৰ যি পৰিৱর্তন হৈ আহিছে, সেই কথাটোত এতিয়া পূর্বৰ তুলনাত অধিক গুৰুত্ব দিয়া হৈছে৷ এই গুৰুত্ব অকল ভাৰততে নহয়, বিশ্বৰ সৰহসংখ্যক দেশে এই কথা বুজি পাই উমৈহতীয়া প্রচেষ্টাৰে কাম কৰিবলৈ আগবাঢ়ি আহিছে৷ বিভিন্ন ৰাজনৈতিক কাৰণত বিভিন্ন মত অৱলম্বনকাৰী দেশবোৰে একেলগে কাম কৰাটো সকলো সময়তে খুব সহজ নহয়৷ তথাপি এই সমস্যাৰ সমাধান সূত্র উলিওৱা অথবা বিপদ–আশংকা কম কৰা আদি কথাবোৰক বহু দেশে গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷ জলবায়ু পৰিৱর্তনৰ পৰা হোৱা ক্ষতিবোৰৰ কথা চৰকাৰে এক বাস্তৱধর্মী দৃষ্টিভংগীৰে বিচাৰ কৰি চাই হ্রস্বকালীন আৰু দীর্ঘকালীন আঁচনি প্রস্তুত কৰিব লাগিব৷ ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ৰে সঠিক যৌথ আৰু একক নীতি থাকিব লাগিব৷ জলবায়ুৰ এই পৰিৱর্তনত অসমত সাধাৰণতে হোৱা বৰষুণৰ তুলনাত এইবাৰ কম বৰষুণ হোৱা বাবে ধান খেতি ভাল হোৱা নাই৷ সেই সময়তে চৰকাৰৰ বিয়াগোম কৃষি বিভাগে খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰাটো উচিত আছিল৷ অসমত জলসিঞ্চনৰ এক ব্যাপক কর্মযজ্ঞ আৰম্ভ হৈছিল, তাৰ প্রমাণ বিভিন্ন খেতিপথাৰত দেখা যায়, কিন্তু সেইবোৰে উপযুক্ত ফল প্রসৱ কৰা নাই৷ অথচ সেই জলসিঞ্চন ব্যৱস্থাবোৰ কার্যক্ষম হৈ থাকিলে জলবায়ু পৰিৱর্তনৰ ঋণাত্মক প্রভাৱৰ লগত কিছু যুদ্ধ কৰিব পৰা গ’লহেঁতেন৷ এই অৱস্থা যদি একেই ধৰণে চলি থাকে, তেনেহ’লে শীতকালীন কৃষিৰ অৱস্থাও বেয়া হোৱাটো নিশ্চিত৷ এই দিশত চৰকাৰে ব্যৱস্থা লোৱাটো সময়ৰ আৰু কৃষিক্ষেত্রৰ দাবী৷