সংকুচিত বনাঞ্চল
গোলকীয় উষ্ণতা–জলবায়ু পৰিৱর্তন সম্প্রতি সমগ্র বিশ্বতে বহুলভাৱে চর্চিত বিষয়সমূহৰ অন্যতম৷ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰি গোলকীয় উষ্ণতাৰ ভয়াৱহতাৰ পৰা পৃথিৱী গ্রহক ৰক্ষা কৰিবলৈ বায়ুমণ্ডলত গ্রীন হাউছ গেছৰ নির্গমন হ্রাসৰ সমান্তৰালভাৱে বনাঞ্চল সংৰক্ষণ তথা বৃক্ষৰোপণৰ ওপৰত অত্যধিক গুৰুত্ব প্রদান কৰা হৈছে৷ কিন্তু ইয়াৰ মাজতে অতি দুর্ভাগ্যজনকভাৱে একাংশ লোকে নিজৰ মুনাফাৰ স্বার্থত জড়িত হৈছে অবাধে বনাঞ্চল ধ্বংসৰ দৰে দুষ্কার্যত৷ একে সময়তে ব্যাপক হাৰত বনাঞ্চলত বেদখলৰ ঘটনাও বৃদ্ধি পাব ধৰিছে৷ এইক্ষেত্রত ব্যতিৰেক নহয় অসমো৷ হাবি–জংঘলেৰে ভৰা অসমৰ ৰাষ্ট্রীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলসমূহ এতিয়া বনদস্যু আৰু বেদখলকাৰীৰ কবলত৷ ‘ইণ্ডিয়ান ষ্টেট অৱ ফৰেষ্ট ৰিপ’ট–২০১৯’ৰ তথ্য অনুসৰি অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বর্গ কিলোমিটাৰৰ ভিতৰত ২৮,৩২৭ বর্গ কিলোমিটাৰকেই বনাঞ্চলে আৱৰি আছে৷ ইয়াৰে ২,৫৪০ বর্গ কিলোমিটাৰ অতি ঘন বনভূমি ৮,৮৪০ বর্গ কিলোমিটাৰ মধ্যম ঘন বনভূমি আৰু ৮,৭৬৪ বর্গ কিলোমিটাৰ হৈছে মুকলি বনভূমি৷ কিন্তু ৰাজ্যখনৰ মুঠ বনাঞ্চলৰ এক বৃহৎ অংশত বেদখল হৈছে৷ এই কথা স্পষ্ট হৈছে খোদ চৰকাৰী তথ্যতে৷ অসমত বর্তমান ৰাষ্ট্রীয় উদ্যানৰ সংখ্যা ৭খন৷ পিছে ইয়াৰে চাৰিখনৰ মুঠ প্রায় ৪২ বর্গ কিলোমিটাৰতকৈও অধিক এলেকাত একাংশ লোকে ঘৰ–দুৱাৰ বান্ধি বসতি স্থাপন কৰিছে৷ মানাহ, নামেৰী, ডিব্রু–ছৈখোৱা আৰু ওৰাং ৰাষ্ট্রীয় উদ্যানৰ এই বৃহৎ পৰিমাণৰ মাটিকালিত এনেদৰে বেদখল হোৱাৰ বিপৰীতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানতো অনুৰূপ ঘটনা সংঘটিত হৈছিল যদিও উচ্ছেদৰ পদক্ষেপ লোৱাৰ পাছত ৰাষ্ট্রীয় উদ্যানখন বেদখলমুক্ত হোৱা বুলি চৰকাৰীভাৱে কোৱা হৈছে৷ একেদৰে ৰাজ্যৰ ১৮খন অভয়াৰণ্যৰ ভিতৰত সোণাই–ৰূপাইৰ ৮৫ বর্গ কিলোমিটাৰ, আমচাঙৰ ২.২৮ বর্গ কিলোমিটাৰ, বুঢ়াচাপৰিৰ ৫.০৮ বর্গ কিলোমিটাৰ, লাওখোৱাৰ ৩ বর্গ কিলোমিটাৰ, বৰনদীৰ ৪ বর্গ কিলোমিটাৰ আৰু ভেৰজান–বৰাজান–প ০.৩ বর্গ কিলোমিটাৰ বনাঞ্চল বেদখলকাৰীৰ কবলত৷
ৰাষ্ট্রীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ দৰে ৰাজ্যত ১৩,৫৯,০২৬.৭০ হেক্টৰ মাটিকালিৰ ৩১২খন সংৰক্ষিত বনাঞ্চল আছে৷ এই সংৰক্ষিত বনাঞ্চলসমূহতো অব্যাহত আছে বেদখলকাৰীৰ দপ্দপনি৷ সেউজ তথা ঘন হাবি–জংঘল ধ্বংস কৰি সংৰিক্ষত বনাঞ্চলসমূহত মুঠ ৩,৬৩,১৪২.২০ হেক্টৰ ভূমি বেদখলকাৰীয়ে নিজৰ কব্জালৈ নিছে৷ আটাইতকৈ উদ্বেগজনক কথাটো হ’ল যে অসমৰ বনাঞ্চলত দখল সাব্যস্ত কৰিছে আগ্রাসী চুবুৰীয়া ৰাজ্যয়ো৷ অসমৰ ৭২খন সংৰক্ষিত বনাঞ্চল নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু অৰুণাচল প্রদেশৰ সৈতে সংলগ্ণ হৈ আছে৷ ইয়াৰে কেইবাখনো বনাঞ্চলত এই চুবুৰীয়া ৰাজ্যসমূহে বিশেষকৈ নাগালেণ্ড, মিজোৰাম, মেঘালয় আৰু অৰুণাচল প্রদেশে অধিকাৰ সাব্যস্ত কৰাৰ বাবে অহৰহ প্রচেষ্টা চলাই অহাৰ অভিযোগ দীর্ঘদিনীয়া৷ আনকি ইয়াক কেন্দ্র কৰি বিগত সময়ছোৱাত সংঘাতপূর্ণ পৰিস্থিতিৰো উদ্ভৱ হৈছে৷ যাৰ শেহতীয়া উদাহৰণ হৈছে কাছাৰ জিলাৰ মিজোৰাম সীমান্তৱর্তী লাইলাপুৰত সংঘটিত হিংসাত্মক ঘটনা৷ অসমৰ বনাঞ্চল সংকুচিত কৰি দীর্ঘসময় ধৰি ইয়াৰ বৃহৎ পৰিমাণৰ ভূমিত এনেদৰে বেদখল হৈ থকাৰ পাছতো সেয়া আজিলৈকে সম্পূর্ণৰূপে উচ্ছেদ কৰিব নোৱাৰাটো কার্যতঃ আশ্চর্যজনক ৰূপে বিবেচিত হৈছে৷ এইক্ষেত্রত কোনো প্রভাৱশালী চক্রৰ স্বার্থ নিহিত হৈ আছে নেকি, সেইটোও চর্চাৰ বিষয়৷ অৱশ্যে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰে বিগত ৫ বছৰত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ উপৰি সংৰক্ষিত বনাঞ্চলসমূহত মুঠ ৮,৩৪৯.৪৩ হেক্টৰ ভূমি বেদখলমুক্ত কৰিছে৷ চৰকাৰখনে এই পদক্ষেপ অব্যাহত ৰাখি অসমৰ বনাঞ্চল সম্পূর্ণৰূপে বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ এক পৰিকল্পিত কর্মসূচী গ্রহণ কৰা উচিত৷ ইয়াৰ সমান্তৰালভাৱে বনদস্যু–বেদখলকা তহিলং কৰা বনাঞ্চলসমূহক সেউজ কৰি তোলাৰ লক্ষ্যৰে বৃক্ষৰোপণ কার্যসূচীক বন বিভাগে অধিক ক্ষিপ্রতৰো কৰি তুলিব লাগিব৷ তেতিয়াহে সার্থক হ’ব ‘গছ থাকিলেহে মানুহ থাকিব’ শীর্ষক শ্লোগান৷ অটুট থাকিব পৰিৱেশৰ ভাৰসাম্যতা৷