ক’ৰোনা আৰু ভৱিষ্যৎ
ক’ৰোনা বা ক’ভিডে সমগ্র বিশ্বলৈ কঢ়িয়াই অনা বিপদৰ কথা আছিল কল্পনাৰ বাহিৰৰ কথা৷ প্রায় ডেৰবছৰ এই মহামাৰীৰ লগত যুদ্ধ কৰাৰ পিছত, বহু অভাৱনীয় ক্ষতিৰ সন্মুখীন হোৱাৰ পিছত আৰু সম্পূর্ণ বিপদমুক্ত হোৱা নাই বুলি ভবাৰ পিছতো এতিয়া সমগ্র বিশ্বই অলপ সকাহ পাইছে আৰু নতুন জীৱনৰ বাবে সাজু হৈছে৷ ক’ৰোনাই আক্রান্ত কৰা ভাৰতখনক কেনেদৰে সন্তুলিত অৱস্থাত ৰাখিব পাৰি, কেনেদৰে এই বিপদৰ সময়ত সকলো একলগ হৈ বিপদৰ মুখামুখি হ’ব পাৰি, সেই কথা ভবাৰ পৰিৱর্তে বহুতে ইয়াক ৰাজনৈতিক হিংসা আৰু হীনমন্যতা প্রকাশৰ আহিলা হিচাপে গ্রহণ কৰিলে৷ এই প্রচেষ্টা চলিয়েই আছে৷ মোদীবিৰোধীসকলে ক’ৰোনাসৃষ্ট বিপদৰ বাবে মোদীকেই আক্রমণৰ লক্ষ্য হিচাপে লৈছিল৷ কেৰালাৰ ক’ভিড নিয়ন্ত্রণৰ ফর্মূলাটো গ্রহণ নকৰা বাবে কমিউনিষ্ট প্রচাৰকসকলে মোদী চৰকাৰক গালি–শপনি পাৰিয়েই থাকিল৷ অসম চৰকাৰেও এই সোৱাদ পাই থৈছে৷ স্কুল খুলিব পৰা নাই– চৰকাৰৰ দোষ, এটা প্রজন্মৰ মূল খাই দিলে চৰকাৰে, স্কুল খুলিছে– চৰকাৰৰ কি কাণ্ডজ্ঞান নাই– কেনেকৈ ল’ৰা–ছোৱালীক স্কুললৈ পঠিয়াব৷ এই ধৰণৰ প্রচাৰ যে এটা বুদ্ধিমান মহলে পৰিকল্পিতভাৱে চৰকাৰৰ বিৰোধিতা কৰাৰ আহিলা হিচাপে ব্যৱহাৰ কৰে আৰু এচামে নিজকে প্রতিষ্ঠা কৰাৰ বাবে ব্যৱহাৰ কৰে, সেই কথা বুজিবলৈ এতিয়া আৰু কাৰো বাকী নাই৷ চৰকাৰ এখন সমালোচনাৰ ঊর্ধ্বত নহয় আৰু সমালোচনা চৰকাৰৰ বাবে প্রয়োজনীয়৷ কিন্তু অৰাজনৈতিক আৰু অস্বাভাৱিক বিপদ এটাৰ সময়ত যে বিপদৰ মুখামুখি হোৱাৰ বাবে চৰকাৰৰ লগত সহযোগ কৰিব লাগে, সেই কথা এচাম কূটবুদ্ধিসম্পন্ন ৰাজনৈতিক হাজিৰা কৰা মানুহে বুজিব নোখোজে৷ এনে মানসিকতাৰ মানুহে দেশ বা নিজৰ মানুহৰ কোনো ধৰণৰ কল্যাণৰ কথা ভাবিব নোৱাৰে৷ এইচাম মানুহে সদায়েই সামূহিক অগ্রগতিত বাধাৰ সৃষ্টি কৰি আহিছে৷
এই পুৰণি সত্যৰ চৰিত্র আৰু মতলব উদ্ঘাটন এই সময়ত অতি প্রয়োজনীয় কাম হিচাপে বিবেচিত হৈছে৷ ক’ভিডৰ পৰা ৰাইজে সামান্য সকাহ পোৱাৰ সময়তে চৰকাৰে বিভিন্ন ধৰণে এই নতুন পৰিৱেশত খাপ খোৱাকৈ আৰু ৰাইজৰ সুবিধা হ’ব পৰাকৈ নানান আঁচনি হাতত ল’ব লাগিবই আৰু এনে ধৰণৰ বহু কাম আৰম্ভ হৈছে৷ ইণ্টাৰনেটভিত্তিক বিভিন্ন ডিজিটেল কার্যকলাপ আৰম্ভ হৈছে৷ ক’ভিড তুংগত থকা দিনবোৰত ইণ্টাৰনেট মাধ্যমৰ বিভিন্ন সেৱাই বিকাশ লাভ কৰিছিল আৰু সেইবোৰৰ ধণাত্মক দিশবোৰক এই নতুন পৰিৱেশত নতুন ধৰণে ব্যৱহাৰ কৰা হ’ব৷ কিন্তু ৰাইজৰ মনত থকাটো স্বাভাৱিক যে বেংকবোৰত কম্পিউটাৰৰ ব্যৱহাৰ আৰম্ভ কৰিব বিচৰা সময়ত এটা ৰাজনৈতিক দলৰ হাজিৰা কৰা মানুহবোৰে কেনে ধৰণে ইয়াক বাধা দিছিল৷ সেই বাধাত চৰকাৰে সেও মনা হ’লে কম্পিউটাৰৰ ব্যৱহাৰৰ কথা কেনেধৰণে আগবাঢ়িলেহেঁতেন, তাক সহজেই ভাবি উলিয়াব পাৰি৷ এতিয়া চৰকাৰে এপ–নির্ভৰ কিছুমান সেৱা আগবঢ়াইছে আৰু নিশ্চয় আন কিছুমান পৰিকল্পনা পর্যায়ত আছে৷ আওপকীয়াকৈ হ’লেও এইবোৰৰ বিৰুদ্ধে জনমত গঠন কৰাৰ কাম আৰম্ভ হৈছে আৰু অহা লোকসভাৰ নির্বাচনৰ আগে আগে এনেবোৰ বিৰুদ্ধাচৰণ বৃদ্ধি পাব৷ নির্বাচনৰ স্বার্থত নহয়, বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ স্বার্থতেই চৰকাৰে এই দিশবোৰৰ ওপৰত মনযোগ দিয়া উচিত৷ চৰকাৰে এই সময়ত দৃষ্টি দিব লগা এটা অতি জৰুৰী দিশ হ’ল জনসাধাৰণৰ স্বাস্থ্যবীমা৷ ক’ভিডৰ ভয় অলপ কমিছে যদিও মানুহ চিন্তামুক্ত হ’ব পৰা নাই৷ চৰকাৰে চিকিৎসাৰ দিশত পৰাখিনি কৰিছে আৰু কৰিব, কিন্তু জনসাধাৰণক এই চিন্তাৰ পৰা কিছুদূৰ হ’লেও মুক্ত কৰিবলৈ স্বাস্থ্যবীমাৰ বাবে চৰকাৰে বিশেষ তৎপৰতা গ্রহণ কৰাটো অতি জৰুৰী৷ জনসাধাৰণৰ স্বাস্থ্যৰ কথা ভাবি চৰকাৰে কেইবাখনো কার্যক্ষম আঁচনি সফলভাৱে ৰূপায়ণ কৰি আহিছে৷ কিন্তু সেইবোৰ ক’ভিডৰ আগৰ কথা৷ ক’ভিডে জনসাধাৰণৰ মাজলৈ অনা বিপদ–আশংকাৰ উত্তৰ সেই আঁচনিবোৰে দিব নোৱাৰে৷ গতিকে, ক’ভিড আক্রান্ত পৰিৱেশৰ বাবে জনস্বাস্থ্যৰ কথাটো চৰকাৰে গুৰুত্বসহকাৰে ল’ব লাগিব৷