ক’ৰোনাৰ আক্রমণ আৰু সংস্কৃতি
ক’ৰোনাৰ আক্রমণে প্রায় সমগ্র পৃথিৱীকে এটা বিন্দুত স্থবিৰ কৰি দিছে৷ বিশেষকৈ অর্থনৈতিক দিশলৈ নামি অহা স্থবিৰতাই সকলো দিশকে স্বাভাৱিকভাৱেই স্পর্শ কৰিছে৷ সংস্কৃতিৰ ক্ষেত্রখনো ইয়াৰ পৰা পৃথক হ’ব নোৱাৰে৷ অসমত ক’ৰোনা আক্রমণত বিধ্বস্ত হৈ পৰা সংস্কৃতি জগতখনৰ পুনৰুদ্ধাৰ কেনেদৰে হ’ব সেই কথাটোৱে এতিয়া বহুতকে চিন্তাত পেলাইছে৷ অসমত ভ্রাম্যমাণ থিয়েটাৰ, গীতৰ ফাংচন আৰু টিভি ছিৰিয়েল আদিত অভিনয়ে আছিল সংস্কৃতিৰ যোগে জীৱন নির্বাহ কৰা মূলপথ৷ ইয়াৰ লগতে আছিল লোককলাৰ ভালেখিনি শিল্পী৷ ‘কা’ আন্দোলনৰ পৰাই ভ্রাম্যমাণ থিয়েটাৰকে ধৰি প্রায় আটাইবোৰ পৰিবেশ্য কলাৰ চর্চা বন্ধ হৈ আছিল৷ চহৰত শীতৰ আমেজভৰা দুপৰীয়া অনুষ্ঠিত বিভিন্ন প্রতিবাদী আয়োজনে একধৰণৰ উত্তেজনাৰ সৃষ্টি কৰি আনিছিল যদিও আনফালে সমগ্র সাংস্কৃতিক কাম–কাজ স্পন্দনহীন হৈ পৰিছিল আৰু ক’ৰোনাই তাক কৰি দিছিল সম্পূর্ণ স্তব্ধ৷ সাংস্কৃতিক কামৰ মাজেৰে দুসাঁজ খাই থকা কলা চর্চাকাৰীসকলৰ অর্থনৈতিক অৱস্থাৰ উন্নতিৰ বাবে অন্ততঃ জীৱন নির্বাহৰ বাবে কিবা এটা উপায়ৰ সৃষ্টি কৰা আৰু তাক আগবঢ়াই নিয়াটো অকল চৰকাৰেই নহয়, সমাজ বিজ্ঞানী আৰু সামাজিক সংগঠনবোৰৰো দায়িত্ব৷ এতিয়া বিভিন্ন কাম–কাজৰ বাবে বিভিন্ন ধৰণৰ সুবিধাৰ সৃষ্টি কৰা আৰু আগবঢ়াই নিয়াটো এই সময়ৰ দাবী৷ ক’ৰোনা আক্রান্ত এই কালছোৱাত দেখা গৈছে যে বহুতে নিজৰ নিজৰ কৌশল আৰু দক্ষতাবোৰ অনলাইন মাধ্যমেৰে সামান্য মূল্যৰ বিনিময়ত শিকাবলৈ আৰম্ভ কৰিছে৷ এয়া অকল কম উপার্জনৰ কলাকুশলীয়ে নহয়, বহু টকা উপার্জন কৰা কলাচর্চাকাৰীয়ে কৰিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ কাৰণ অকল অর্থ উপার্জনেই নহয়, নতুনকৈ সৃষ্টি হোৱা পথাৰখনত নিজৰ উপস্থিতি আৰু আধিপত্য বজাই ৰখাটোও এই উদ্যমৰ অন্যতম কাৰণ৷ অৱশ্যে অসমত এই ধৰণৰ উদ্যম চকুতলগা ধৰণে হোৱা দেখা পোৱা নাই৷ এইটো ঠিক যে অনলাইন ব্যৱস্থাৰ যোগে বহু শিল্পীয়ে নিজৰ নিজৰ প্রতিভাৰ চর্চা কৰিছে আৰু প্রচাৰ কৰিছে৷ বহুক্ষেত্রত এইটো কাম বিনামূলীয়া হিচাপেই কৰা হৈছে যদিও দুই–একে মাননিৰ বিনিময়তো এই কামটো কৰিছে আৰু এটা নতুন পথৰ সন্ধান কৰিছে৷ ভাৰতৰ বহু শিল্পীয়েও কথোপকথনৰ বিভিন্ন অনুষ্ঠান প্রচাৰ কৰিছে আৰু সেইবোৰো একো একোটা সাংস্কৃতিক অভিজ্ঞতাৰ পৰিচায়ক৷ অসমলৈ বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিবলৈ অহা বিভিন্ন শিল্পীৰ এই অনলাইন অনুষ্ঠানবোৰত কিন্তু অসমীয়া শিল্পীৰ উপস্থিতি তেনেই কম৷
এটা কথা চাব লাগিব যে ৰাজ্য একোখনৰ অর্থনৈতিক বিকাশত সাংস্কৃতিক সম্পদৰাজিক এটা গুৰুত্বপূর্ণ দায়িত্ব দিব পাৰি৷ এই সম্পদ অকল সম্পদ হিচাপেই যে ব্যৱহাৰ হয় তেনে নহয়, ই বিজ্ঞাপন আৰু ইমেইজ বিল্ডিঙৰ কামো কৰে৷ বিগত কেইটামান বছৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বাবে অসমৰ গামোচাখনে এটা বিশেষ পৰিচয় লাভ কৰিছিল৷ কিন্তু সেই নতুন পৰিচয়ৰে উজ্জ্বল হৈ উঠা গামোচাখনক পৰিকল্পিতভাৱে ব্যবসায়ৰ বাবে ব্যবহাৰ কৰিবলৈ কোনো বস্ত্র উৎপাদনকাৰী বা ফেশ্বন ডিজাইনাৰ আগবাঢ়ি নাহিল৷ এনেধৰণৰ সুবিধাৰ আৱিষ্কাৰ কৰাটো টান, কিন্তু সন্মুখত থকা সুবিধা এটা ল’ব নোৱাৰাটো চিন্তাৰ স্থবিৰতাৰ বাহিৰে আন একো নহয়৷ সাংস্কৃতিক ঐতিহ্য, সাংস্কৃতিক আৰু সৃজনীমূলক কাৰুশিল্প, সাংস্কৃতিক পর্যটন আদিয়ে ৰাজ্যৰ অর্থনৈতিক দিশত বিভিন্ন ধৰণে বৰঙণি যোগাব পাৰে আৰু এইবোৰত বিনিয়োগৰ পৰিমাণো হয় তেনেই কম৷ পৃথিৱীৰ বিভিন্ন দেশত এই সাংস্কৃতিক উদ্যোগৰ বিকাশ চকুত লগা ধৰণে আগবাঢ়ি গৈ আছে৷ ইউনেস্ক’ই প্রস্তুত কৰা হিচাপত এছিয়াত এই বিকাশৰ হাৰ মাত্র সাত শতাংশ৷ সন্দেহ নাই, ক’ৰোনাই পর্যটকৰ সংখ্যা কমাই দিব, কিন্তু পর্যটকে স্মৃতি হিচাপে কিনি লৈ যোৱা সম্পদবোৰৰ ব্যৱসায়টো নতুন ধৰণে কৰাৰ কথা ভাবিব পাৰি৷ এনেধৰণৰ চিন্তা–চর্চা কৰাৰ সময় যে আৰম্ভ হৈছে সেই কথাটো ৰাজ্যখনৰ বিকাশৰ বাবেই সকলোৱে অনুভৱ কৰা উচিত৷