আকৌ ক’ভিডৰ বিভীষিকা
ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ কেইবাটাও ভেকচিন বিশ্বজুৰি জনসাধাৰণক প্রদান কৰি থকা হৈছে যদিও মহামাৰীয়ে বিভিন্ন দেশত পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে৷ ইউৰোপত শেহতীয়াকৈ ক’ভিড–১৯ৰ সংক্রমণৰ তৃতীয়টো জোৱাৰ আৰম্ভ হৈছে৷ ভেকচিন প্রদান প্রক্রিয়া চলি থকা সত্ত্বেও ক’ভিড–১৯ৰ এই সংক্রমণৰ সংহাৰে শংকিত কৰি তুলিছে বিশ্ববাসীক৷ লক্ষণীয়ভাৱে সংক্রমণৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন দেশে ক’ভিড প্রতিৰোধী লকডাউন তথা নিষেধাজ্ঞা পুনৰ আৰোপ কৰিবলৈ লৈছে৷ ইউৰোপৰ কেইবাখনো দেশৰ গুৰুত্বপূর্ণ চহৰবোৰত আৰোপ কৰা হৈছে নৈশ সান্ধ্য আইন আৰু লকডাউন৷ ইয়াৰ উপৰি জার্মানী, ইটালী, বেলজিয়াম, নেদাৰলেণ্ড, ফ্রান্স আদি দেশত শিক্ষানুষ্ঠানসমূহো পর্যায়ক্রমে বন্ধ ঘোষণা কৰা হৈছে৷ জনসাধাৰণক চৰকাৰে কঠোৰ ক’ভিড প্রট’কল মানি চলিবলৈ আহ্বান জনাইছে৷ লগে লগে বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত সকলো দেশকে অধিক সতর্ক হ’বলৈও আহ্বান জনোৱা পৰিলক্ষিত হৈছে৷ স্মর্তব্য যে বিগত বর্ষটোত ক’ভিড মহামাৰীয়ে বিশ্ব অর্থনীতিত ভয়াৱহ প্রভাৱ পেলাইছিল৷ ঔদ্যোগিক ক্ষেত্রৰ সমগ্র উৎপাদন ব্যৱস্থাটোক কোঙা কৰি পেলাইছিল ক’ভিড–১৯ মহামাৰীয়ে৷ কোটি কোটি লোকে জীৱিকাৰ পথ হেৰুৱাবলগীয়া হৈছিল এই মহামাৰীৰ বাবে৷ লক্ষণীয়ভাৱে সমগ্র পৃথিৱীত বিগত এটা বছৰতকৈ অধিক কালৰ ভিতৰত এই ক’ভিড মহামাৰীত প্রাণ হেৰুৱাইছে ২,৮৮,৯,৩৪৭গৰাকী লোকে৷ সমগ্র বিশ্বত ক’ভিডত এতিয়ালৈকে আক্রান্ত হৈছে ১৩,৩১,৪৮,৭২০ গৰাকী লোক৷ অর্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ক’ভিড মহামাৰী মানৱ জাতিৰ বাবে বিভীষিকা হিচাপে চিহ্ণিত হৈছে৷ ঘাতক এই মহামাৰীয়ে সমগ্র পৃথিৱীতে এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ মহামাৰী প্রতিৰোধৰ বাবে কেইবাখনো দেশৰ ঔষধ প্রস্তুত সংস্থাই ভেকচিন ইতিমধ্যে উলিয়াইছে৷ এই ভেকচিন ব্যাপক হাৰত প্রদান কৰি থকা হৈছে বিভিন্ন দেশত৷ কিন্তু ভেকচিন প্রদান কৰি থাকিলেও ক’ভিডৰ সংক্রমণত আশানুৰূপভাৱে প্রতিৰোধ লগাবলৈ সক্ষম হোৱা নাই কোনো এখন দেশৰ চৰকাৰ৷ গতিকে শেহতীয়াকৈ এই মহামাৰীক লৈ দেশে দেশে নতুনকৈ সৃষ্টি হৈছে আশংকা৷ আমেৰিকাই ইতিমধ্যে ফাইজাৰ আৰু বায়’এনটেকে প্রস্তুত কৰা ক’ভিড ভেকচিন দেশবাসীক ব্যাপক হাৰত প্রদান কৰিবলৈ লৈছে৷ ইউৰোপৰ দেশসমূহতো এই ভেকচিন প্রদান কৰি থকা হৈছে৷ ভাৰতত আষ্ট্রাজেনেকা আৰু চিৰাম ইন্ষ্টিটিউটৰ ভেকচিন ফলপ্রসূ বুলি প্রতিপন্ন হৈছে৷ ভাৰতৰ এই ভেকচিনবিধ অকল যে দেশৰ ভিতৰতে জনসাধাৰণক প্রদান কৰা হৈছে তেনে নহয়৷ বিশ্বৰ বিভিন্ন দেশলৈ এই ভেকচিন প্রেৰণ কৰা হৈছে৷ তৎসত্ত্বেও কিয় ক’ভিডৰ সংক্রমণ বৃদ্ধি পাইছে সেয়া এক উদ্বেগৰ বিষয়৷
ভাৰতত শেহতীয়াকৈ ক’ভিড–১৯ত প্রতিদিনে গড়ে লক্ষাধিক লোক আক্রান্ত হ’বলৈ লৈছে৷ কেইবাখনো ৰাজ্যত ইতিমধ্যে ক’ভিড প্রট’কল বলৱৎ কৰা হৈছে৷ মহাৰাষ্ট্র, দিল্লী, পঞ্জাব, কর্ণাটক, কেৰালা আদি ৰাজ্যত হঠাতে বৃদ্ধি পাইছে ক’ভিড সংক্রমিত লোকৰ সংখ্যা৷ লগে লগে এই ৰাজ্যসমূহত পূর্বৰ দৰে ক’ভিডৰ সংক্রমণৰ মোকাবিলা কৰিবলৈ নৈশ সান্ধ্য আইন আৰু আংশিক লকডাউন আৰোপ কৰিবলগীয়া হৈছে৷ বিভিন্ন ৰাজ্যই শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে ৩০ এপ্রিললৈকে৷ ইফালে ক’ভিডৰ এই দ্রুত সংক্রমণৰ লগে লগে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ে ৰাজ্যসমূহক সতর্কতামূলক ব্যৱস্থা কঠোৰভাৱে গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷ কিন্তু ক’ভিডৰ এই সংক্রমণৰ মাজতেই অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালা, পুডুচেৰী আদি ৰাজ্যত অনুষ্ঠিত হৈছে বিধানসভা নির্বাচন৷ পশ্চিমবংগ বিধানসভা নির্বাচনৰ এতিয়াও পাঁচটা পর্যায় বাকী আছে৷ নির্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহত ব্যাপক হাৰত জনসমাগম হোৱা সত্ত্বেও ক’ভিড প্রট’কল সম্পূর্ণৰূপে মানি চলা পৰিলক্ষিত হোৱা নাই৷ এনে পৰিস্থিতিত মহামাৰীয়ে যে ঘাতক ৰূপ ধাৰণ কৰিব পাৰে সেয়া অনস্বীকার্য৷ বিগত বর্ষটোৰ ভয়াৱহ পৰিস্থিতিৰ কথা উপলব্ধি কৰিয়েই ক’ভিড মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত জনসাধাৰণে কঠোৰ প্রট’কল মানি চলা উচিত৷ বিগত বর্ষটোত দেশৰ কোটি কোটি লোক ক’ভিডৰ সংক্রমণৰ সময়ত নানানটা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ বহুতৰ জীৱন–জীৱিকালৈ নামি আহিছিল ভয়াৱহ পৰিস্থিতি৷ সেই পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয়, তাক গুৰুত্বসহকাৰে লৈ সকলোৱে এই ঘাতক মহামাৰীক প্রতিৰোধ কৰাৰ ক্ষেত্রত নিজ দায়িত্ব পালন কৰিব লাগিব৷ ইয়াৰ গত্যন্তৰ নাই৷