ক’ৰোনা উত্তৰ জীৱন
ক’ৰোনাই এতিয়ালৈকে মানৱ সমাজক বিভিন্ন শিক্ষা দি আছে আৰু এই শিক্ষাৰ আধাৰতেই মানৱ সমাজে ভৱিষ্যতৰ দিনবোৰ পৰিকল্পনা কৰিব৷ কিন্তু এতিয়ালৈকে ক’ৰোনাই যি অৱস্থা প্রদর্শন কৰি আছে, মানুহক উৱাদিহ নোপোৱা ঠাইতে ৰাখি থৈছে, সেই সময়ত ভৱিষ্যতৰ কথা একো স্পষ্টকৈ ভাবিব পৰা হোৱা নাই৷ কিন্তু একে সময়তে এইটোও ঠিক যে ইমানদিন গৃহবন্দী হৈ থকাৰ পিছত মানুহে এতিয়া ওলাই আহিবলৈ মানসিকভাৱে সাজু হৈছেই৷ বেমাৰৰ ভয় হয়তো কমা নাই, কিন্তু এই বেমাৰৰ লগতে সহবাস কৰিব লাগিব বুলি ধৰি লৈছে৷ এফালে গৃহবন্দিত্বই দিয়া অভিজ্ঞতা আৰু আনফালে এক অদৃশ্য শংকাৰ স’তে সহবাস– এই দুই মানসিক অৱস্থাৰ মাজেৰেই মানুহ ভৱিষ্যৎ জীৱনৰ পিনে আগবাঢ়িবলৈ বাধ্য হৈছে৷ প্রত্যেকেই বুজিছে যে আমি অতীতৰ পৃথিৱীখন ঘূৰাই নাপাওঁ, আমি এক নতুন পৃথিৱীৰ বাসিন্দা, এই নতুন পৃথিৱীৰ নতুন নিয়ম আমি গ্রহণ কৰিবই লাগিব৷ মানুহৰ মাজৰ প্রীতিৰ ভাব প্রকাশৰ বাবে শাৰীৰিক স্পর্শৰ যি পৰম্পৰা, বিশেষকৈ কৰমর্দন কৰা, আলিংগন কৰা আদি চলি আহিছিল, সেই প্রথা হয়তো নোহোৱা হৈ যাব আৰু তাৰ ঠাই গ্রহণ কৰিব ভাৰতীয় নমস্কাৰে৷ ঠিক তেনেদৰে ক’ৰোনাই যি পৰিষ্কাৰ–পৰিচ্ছন্ন বাধ্যতামূলক পাঠ দিলে, তাৰো প্রভাৱ যে ৰৈ যাব, তাত সন্দেহ নাই৷ সামাজিক দূৰত্বৰ বাধ্যবাধকতাৰ বাবে শিক্ষা, অফিচৰ কাম, বিনোদন, সৃষ্টিশীল কাম আদিত অনলাইন ব্যৱস্থাৰ যি প্রয়োগ ঘটিল আৰু ব্যাপক চর্চা হ’ল, সেই অৱস্থাৰ পৰা অতীতৰ ব্যৱস্থালৈ উভতি যোৱাৰ কথা নাথাকিব৷ কিন্তু সেই ব্যৱস্থা আৰু অধিক সৰল আৰু সহজলভ্য হ’বলৈ বাধ্য হ’ব৷ কেইদিনমান আগলৈকে বহুতৰে ধাৰণা আছিল যে ইণ্টাৰনেটৰ পৃথিৱীখন অতি কৃত্রিম আৰু তাত মানুহৰ সঠিক সম্বন্ধ হোৱাটো সম্ভৱ নহয়৷ কিন্তু বাধ্যত পৰি এইখন জগতৰ বাসিন্দা হ’ব লগাসকলে এতিয়া অনুভৱ কৰিছে যে বাসিন্দাসকলৰ মানসিক অৱস্থাই ইয়াত প্রকাশিত হয়, ইয়াৰ বাসিন্দাসকল কোনো পৃথক গ্রহৰ পৰা অহা এলিয়েন নহয়৷ এই উপলব্ধিয়ে মানুহৰ সামাজিক জীৱনত ব্যাপক প্রভাৱ পেলাইছে আৰু এই উপলব্ধিৰে মানুহ ক’ৰোনা উত্তৰ জীৱনৰ বাবে প্রস্তুত হোৱাৰ সময় আহি পৰিছে৷
এটা কথা ঠিক যে ক’ৰোনাই মানুহৰ মাজলৈ একধৰণৰ দেশপ্রেমৰ ভাবো বহন কৰি আনিছে৷ ক’ৰোনাৰ লগত সন্মুখৰ পৰা যুদ্ধ কৰি থকা যোদ্ধাসকললৈ যি ধৰণৰ ৰাজহুৱা মৰম আৰু সন্মান প্রদর্শন কৰা হৈছে, সি একতাৰ ভাব প্রদর্শন কৰাৰ লগতে দেশক ভালপোৱাৰ ভাবো প্রকাশ কৰিছে৷ দেশত হোৱা যুদ্ধ বা আন জৰুৰীকালীন অৱস্থাতো সন্মুখৰ পৰা যুদ্ধ কৰা সৈনিক বহু আছিল, প্রত্যেকেই কাম কৰি আছিল, কিন্তু এইবাৰহে তেওঁলোকৰ প্রতি জাতীয় স্তৰত সন্মান প্রদর্শন কৰা হৈছে আৰু শাসকীয় দলক সমর্থন নকৰা বা পৃথক ৰাজনৈতিক আদর্শত বিশ্বাসীসকলৰ বাহিৰে প্রায় সকলোৱেই যোদ্ধাসকলক সন্মান প্রদর্শন কৰিছিল৷ তাক ভেঙুচালি কৰা লোকো সমাজতে আছিল৷ গতিকে ক’ৰোনাৰ প্রভাৱে সকলোকে সলনি কৰিব বুলি ভবাটো কোনোপধ্যে যুক্তিপূর্ণ নহয়৷ কিন্তু ব্যাপক হাৰত হৈ থকা আৰু হৈ অহা পৰিৱর্তনে যে মানুহৰ চিন্তা আৰু জীৱনধাৰাত প্রভাৱ পেলাব, তাত কোনো সন্দেহ নাই৷ ক’ৰোনাই পেলোৱা আৰু এটা প্রভাৱ হ’ল– বিশেষজ্ঞৰ কথাৰ প্রতি অধিক মনোযোগ৷ ক’ৰোনা প্রসংগত ইমান তথ্য চাৰিওপিনে বিয়পি পৰিছিল যে মানুহে আগৰ দৰে মনোৰঞ্জক তথ্য বা মতামতৰ পৰিৱর্তে শুদ্ধ তথ্য আৰু সঠিক তথ্যসূত্রৰ প্রতি মনোযোগী হোৱাটো এটা স্বাভাৱিক কথালৈ ৰূপান্তৰিত হ’ল৷ এই মানসিকতাৰ পৰিৱর্তন মুদ্রণ সংবাদ মাধ্যমে কিমানদূৰ অনুধাৱন কৰিব পাৰিছে, সেয়া চিন্তাৰ বিষয়৷ সমাজবিজ্ঞানীসকলে কয় যে লকডাউনে গৃহবন্দী কৰি ৰখা মানুহবোৰক এতিয়া উত্তেজনা আৰু কৌতূহল উদ্দীপক পঠন সামগ্রীৰ পৰিৱর্তে প্রয়োজন হৈছে বিশেষজ্ঞৰ পৰা অহা তথ্য আৰু জীৱন উদ্দীপনা জগাই তুলিব পৰা পঠন সামগ্রী৷ এই দিশত চিন্তাচর্চা কৰাটো মুদ্রণ সংবাদ মাধ্যমৰ বাবে অতি প্রয়োজনীয় কথা৷