নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপদৰ আগজাননী

 গোলকীয় উষ্ণতাই পৃথিৱী গ্রহলৈ কঢ়িয়াই আনিছে ভয়ংকৰ ভৱিষ্যৎ৷ বায়ুমণ্ডলত গ্রীন হাউছ গেছ নির্গমন হ্রাস কৰিবলৈ ইতিমধ্যে বিশ্বজুৰি সজাগতা অভিযান গঢ়ি তোলা হৈছে যদিও কার্যক্ষেত্রত কিন্তু ই সম্ভৱ হোৱা নাই৷ বিগত সময়ছোৱাত বহু পৰিৱেশ বিজ্ঞানী–গৱেষকে গোলকীয় উষ্ণতাই বিশ্বলৈ মাতি অনা সম্ভাব্য বিপদৰ আগজাননী দিছে৷ শেহতীয়াকৈ ষ্টেনফ’ড বিশ্ববিদ্যালয়ৰ পৰিৱেশ আৰু ভূ–বিজ্ঞানৰ অধ্যাপক ৰব জেকছন নেতৃত্বাধীন এটা গৱেষকৰ দলে বিস্তৃত অধ্যয়ন চলোৱাৰ অন্তত এক উদ্বেগজনক তথ্য দাঙি ধৰিছে৷ ইতিমধ্যে দুখনকৈ আন্তর্জাতিক বিজ্ঞান আলোচনীত প্রকাশিত এই গৱেষণা–পত্রত উল্লেখ কৰা অনুসৰি বিগত ২০০০ৰ পৰা ২০১৭ চনপর্যন্ত এই ১৭ বছৰৰ ভিতৰত বায়ুমণ্ডলত মাত্রাধিক হাৰত বৃদ্ধি পাইছে মিথেন গেছৰ নির্গমন৷ কেৱল ২০১৭ চনতে ৫৯৬ মেট্রিকটন মিথেন গেছ বায়ুমণ্ডলত নির্গমন হৈছে৷ এই হাৰত মিথেন গেছৰ নির্গমন অব্যাহত থাকিলে চলিত একবিংশ শতিকা শেষ হোৱাৰ পূর্বেই পৃথিৱীৰ গড় উষ্ণতা ৩–৪ ডিগ্রী চেলছিয়াছ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে গৱেষণাটোত৷ স্বাভাৱিকতে এই তথ্য তথা আশংকা সমগ্র মানৱ জাতিৰ বাবেই অতি উদ্বেগজনক ৰূপে চিহ্ণিত হৈছে৷ একেটা গৱেষণাত উল্লেখ কৰা আন এক গুৰুত্বপূর্ণ তথ্য অনুসৰি আফ্রিকা, দক্ষিণ–পশ্চিম এছিয়া আৰু চীনত মিথেন গেছ নির্গমনৰ হাৰ তুলনামূলকভাৱে বেছি৷ গৱেষণালব্ধ এনে তথ্যৰ পাছত সমগ্র বিষয়টোক বিশ্ববাসীয়ে অতি গুৰুত্ব সহকাৰে লোৱা উচিত৷ বিশেষকৈ কেৱল সজাগতা অভিযান বা শ্লোগানত গোলকীয় উষ্ণতা হ্রাসৰ দৰে বিষয়টোক সীমাবদ্ধ নাৰাখি বিশ্বৰ প্রতিখন দেশে এইক্ষেত্রত কার্যকৰী পদক্ষেপ গ্রহণ কৰিব লাগিব৷ বায়ুমণ্ডলত গ্রীন হাউছ গেছ নির্গমন প্রতিৰোধৰ ক্ষেত্রত গৱেষকসকলে প্রধানতঃ পৰিৱেশ অনুকূল ইন্ধনৰ লগতে কৃষি, গো–পালনৰ ক্ষেত্রতো পৰিৱেশ অনুকূল বিজ্ঞান–প্রযুক্তিবিদ্য্ ব্যৱহাৰৰ সপক্ষে মত আগবঢ়াই আহিছে৷ সংশ্লিষ্ট কর্তৃপক্ষ আৰু পৰিৱেশ সংগঠনসমূহে গৱেষকসকলৰ এই পৰামর্শক সমাজত তৃণমূল পর্যায়ৰ পৰা বাস্তৱত ৰূপ দিয়াৰ চেষ্টা কৰিলেহে পৃথিৱী গ্রহৰ অস্তিত্ব সুৰক্ষিত হ’ব৷
ষ্টেনফ’ড বিশ্ববিদ্যালয়ৰ উক্ত গৱেষণাটোৰ উপৰি আন এদল বিজ্ঞানীয়ে গোলকীয় উষ্ণতাৰ পৰিণতিত সৃষ্টি হ’ব পৰা ভয়ংকৰ পৰিস্থিতিৰ পূর্বাভাস দাঙি ধৰিছে৷ জার্মানীৰ হাইডেলবার্গ বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ আর্থ–ছায়েন্স আৰু ইলেণ্ডৰ ছাউডাম্পটন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে দাঙি ধৰা এই পূর্বাভাসে ইতিমধ্যে শিৰোনাম দখল কৰিছে আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমৰ৷ পূর্বাভাস অনুসৰি গোলকীয় উষ্ণতাৰ ফলত সাগৰ–মহাসাগৰৰ জলপৃষ্ঠ যি হাৰত গৰম হ’ব ধৰিছে, তাৰ কাৰণে পৃথিৱীৰ আটাইতকৈ বৃহৎ বৰফৰ পাহাৰ (আইচ শ্বিট)খনো কিছু দিনৰ ভিতৰত হয়তো গলিবলৈ ধৰিব৷ দক্ষিণ মেৰুত থকা এই দৈত্যকায় বৰফৰ পাহাৰখনৰ নাম ‘ইষ্ট এণ্টার্কটিক আইচ শ্বিট’৷ সমুদ্র পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা প্রায় তিনি হাজাৰ মিটাৰ৷ ‘ইষ্ট এণ্টার্কটিক আইচ শ্বিট’ত থকা বৰফৰ আয়তন ২ কোটি ৭০ লাখ ঘনমিটাৰ৷ বিজ্ঞানীসকলৰ আশংকা এই বৰফ সম্পূর্ণৰূপে গলি গ’লে পৃথিৱীৰ আটাইকেইখন সাগৰ–মহাসাগৰৰ জলপৃষ্ঠ ৫৮ মিটাৰ বা ১৯০ ফুটতকৈও বেছি ওপৰলৈ উঠি আহিব পাৰে৷ ফলত পৃথিৱীৰ মানচিত্রৰ পৰা চিৰদিনৰ কাৰণে হেৰাই যাব পাৰে বহু দেশ৷ বর্তমানলৈকে ‘ইষ্ট এণ্টার্কটিক আইচ শ্বিট’ৰ বৰফ গলিবলৈ আৰম্ভ হোৱা নাই যদিও পৃথিৱীৰ বাবে অত্যন্ত ভয়াৱহ বিপদ হ’ব পৰা মহাপ্রলয়লৈ হয়তো আৰু বেছি দিন নাই বুলিও বিজ্ঞানীসকলে ভৱিষ্যদ্বাণী কৰিছে৷

You might also like