নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চূড়ান্ত পৰীক্ষা বাতিলৰ সিদ্ধান্ত

উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ লগতে হাইমাদ্রাছা পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ অসমত ক’ৰোনা সংক্রমণৰ দ্বিতীয় ঢ়ৌৰ ভয়াৱহতাৰ বাবে শিক্ষানুষ্ঠানসমূহ যোৱা মার্চ মাহৰ পৰা বন্ধ থকাৰ পাছত চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্রত দীর্ঘদিন ধৰি জটিলতাৰ সৃষ্টি হৈ আহিছিল৷ ৰাজ্যত ক’ৰোনা সংক্রমণৰ ভয়াৱহতা ক্রমাৎ হ্রাস পাইছে যদিও কেইখনমান জিলাত এতিয়াও এই সংক্রমণে জটিল ৰূপ ধাৰণ কৰি আছে৷ এনে অৱস্থাত উচ্চ তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ব্যাপক জল্পনা–কল্পনাৰ সৃষ্টি হৈ আহিছিল৷ শিক্ষা বিভাগে বিভিন্ন দল–সংগঠন, শিক্ষাবিদ–বিশেষজ্ঞ আৰু স্বাস্থ্য বিভাগৰ সৈতে পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ধাৰাবাহিক আলোচনাত মিলিত হৈ আহিছিল৷ এনে আলোচনা তথা আজি বিভিন্ন ছাত্র সংগঠন আৰু স্বাস্থ্য বিভাগৰ সৈতে হোৱা বৈঠকৰ অন্তত শিক্ষা বিভাগে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ উল্লেখ্য যে ক’ৰোনা সংক্রমণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি প্রদান নকৰা বাবেই এই সিদ্ধান্ত গ্রহণ কৰে শিক্ষা বিভাগে৷ আজি এই সিদ্ধান্ত সদৰী কৰাৰ লগে লগে পৰীক্ষা অনুষ্ঠিত কৰাক লৈ চলি থকা অনিশ্চয়তা আৰু জল্পনা–কল্পনাৰ অন্ত পৰিল৷ আজিৰ সিদ্ধান্ত অনুসৰি শিক্ষানুষ্ঠানৰ মূল্যায়নৰ ভিত্তিত ছাত্র–ছাত্রীসকলক নম্বৰ প্রদান কৰি ফলাফল ঘোষণা কৰা হ’ব৷ এইক্ষেত্রত সকলো বিষয় চালি–জাৰি চোৱাৰ বাবে দুখন কমিটী গঠন কৰা হ’ব আৰু এসপ্তাহৰ ভিতৰত এই কমিটীয়ে প্রতিবেদন দাখিল কৰিব৷ শিক্ষা বিভাগে আজি ৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা হ’ব বুলি প্রকাশ কৰিছে৷ উল্লেখ্য যে ৰাজ্যখনত মেট্রিক–উচ্চতৰ মাধ্যমিক আৰু হাইমাদ্রাছা পৰীক্ষাত প্রায় ৬ লাখ শিক্ষার্থী প্রতিবছৰে অৱতীর্ণ হয়৷ এনে বৃহৎসংখ্যক ছাত্র–ছাত্রী অৱতীর্ণ হোৱা পৰীক্ষা এটা অনুষ্ঠিত কৰাৰ ক্ষেত্রত স্বাস্থ্য বিভাগে সমগ্র বিষয়টো সূক্ষ্মভাৱে পর্যালোচনা কৰে৷ তিনিওটা পৰীক্ষাত ৬ লাখ পৰীক্ষার্থী অৱতীর্ণ হোৱাৰ লগতে এই সমগ্র প্রক্রিয়াটোৰ সৈতে আৰু প্রায় ১ লাখ লোক জড়িত হৈ থাকে৷ ইয়াৰ উপৰি পৰীক্ষার্থীৰ অভিভাৱক, পিতৃ–মাতৃ আদিকে ধৰি আৰু কেইবালাখো লোকৰো সমাগম ঘটে পৰীক্ষা প্রক্রিয়াটোৰ সৈতে৷ ফলস্বৰূপে এটা পৰীক্ষা কেন্দ্রত বৃহৎসংখ্যক লোকৰ সমাগম হোৱাটো নিশ্চিত হৈ পৰে৷ এনে সমাগমৰ প্রতি লক্ষ্য ৰাখি ক’ৰোনা সংক্রমণৰ ভয়াৱহতাৰ সময়ত স্বাস্থ্য বিভাগে পৰীক্ষা অনুষ্ঠিত কৰাৰ সেউজ সংকেত নিদিলে শিক্ষা বিভাগক৷ কিয়নো এনে জনসমাগমৰ ফলত যদি ক’ৰোনা সংক্রমণ বৃদ্ধি পায়, পৰীক্ষার্থী ক’ভিড আক্রান্ত হৈ পৰে, তাৰ বাবে ৰাজ্য চৰকাৰ জবাবদিহি হ’ব লাগিব৷ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্রত কোনো বিষয়ৰে আপোচ হ’ব নোৱাৰে৷ এই দৃষ্টিকোণৰ পৰাই স্বাস্থ্য বিভাগে ক’ভিড কালত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত বাধা আৰোপ কৰে৷ ইতিমধ্যে দেশৰ আন ৰাজ্যৰ লগতে সর্বভাৰতীয় পর্যায়ৰ চি বি এছ ই পৰীক্ষাসমূহৰ ক্ষেত্রতো কেন্দ্রীয় মানৱ সম্পদ মন্ত্রালয়ে পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এনে সিদ্ধান্তই মেধাৱী ছাত্র–ছাত্রীসকলক আশাহত কৰিছে যদিও ক’ৰোনাৰ দৰে অতিমাৰীৰ সময়ত চৰকাৰৰ হাতত অন্য বিকল্প নথকাটোৱে স্বাভাৱিক৷ প্রতিজন শিক্ষার্থীৰ বাবে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মেধা পৰীক্ষাৰ একমাত্র মাপকাঠী ৰূপে নিৰূপণ কৰা হয়৷ আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাই শিক্ষার্থী এজনৰ শিক্ষা জীৱনৰ পৰৱর্তী পদক্ষেপ নিৰূপিত কৰে৷ এজন শিক্ষার্থীয়ে পৰৱর্তী সময়ত নিজকে কি ৰূপত প্রতিষ্ঠা কৰিব, সেয়া নির্ভৰ কৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ ওপৰতে৷ সেই বাবেই এনে পৰীক্ষাক লৈ শিক্ষার্থীৰ লগতে অভিভাৱকসকলো মানসিক চাপত থকাটো স্বাভাৱিক৷ কোনো শিক্ষার্থীৰ বাবে অভিভাৱকে এটা শিক্ষাবর্ষ ক্ষতি কৰিবলৈ নিবিচাৰে৷ এনে অৱস্থাত চৰকাৰে পৰীক্ষা বাতিল কৰি মূল্যায়নৰ ভিত্তিত নম্বৰ প্রদানৰ যি সিদ্ধান্ত গ্রহণ কৰিছে, সেই প্রক্রিয়াই শিক্ষার্থীসকলক প্রকৃত মেধাৰ মূল্যায়ন কৰিবলৈ সক্ষম হ’লে এই জটিল অতিমাৰীৰ সময়ত আমাৰ বাবে হ’ব অতিকে সু–সংবাদ৷ এটা শিক্ষাবর্ষ লোকচান নোহোৱাকৈ সঠিক নম্বৰ লাভ কৰি শিক্ষার্থীসকলে যদি দুঃসময়ৰ গৰাহৰ পৰা নিজকে প্রতিষ্ঠা কৰাৰ বাবে ওলাই আহিব পাৰে, সেয়া হ’ব প্রতিজন শিক্ষার্থীৰ বাবে আন এক সাফল্য৷

You might also like