আমেৰিকাৰ সদনত দীপাৱলী বন্ধৰ বিধেয়ক
দীপাৱলীৰ আবেদন বিশ্বজনীন৷ ই পোহৰৰ আৰাধনা৷ আন্ধাৰ বিনাশৰ নির্দোষ প্রার্থনা৷ আলোকৰ মহান উৎসৱটোৰ দর্শন, তাৎপর্য, বৈশিষ্ট্যৰ বিষয়ে অৱগত হোৱা পৃথিৱীৰ যিকোনো লোকে ইয়াক হূদয়ত ধাৰণ কৰি ল’বলৈ বাধ্য৷ শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্রত ইয়াৰ অনুৰণন দেখিবলৈ পোৱা গৈছে৷ বিশ্বৰ শক্তিশালী ৰাষ্ট্রখনৰ সৈতে ভাৰতৰ এটা পার্থক্য আছে৷ দেশখন ভাৰতৰ দৰে ইমান বিচিত্র্যপূর্ণ নহয়৷ সেয়ে দেশখনত ভাৰতবর্ষৰ দৰে উৎসৱ–পার্বণৰ সংখ্যাও কম৷ চৰকাৰী বন্ধৰ তালিকাখনো ইমান দীঘলীয়া নহয়৷ দেশখনত এইবাৰ দীপাৱলীত চৰকাৰী বন্ধৰ দাবী উত্থাপন হৈছে৷ ৰাষ্ট্রীয় বন্ধৰ চৰকাৰী তালিকাখনত দীপাৱলীক অন্তর্ভুক্তকৰণৰ দাবী জনোৱা হৈছে৷ এই দাবী কিন্তু ৰাজপথত উত্থাপন হোৱা নাই৷ কোনো ভাৰতীয় মূলৰ লোকেও সেই দাবী কৰা নাই৷ দাবী উত্থাপন হৈছে দেশখনৰ নিম্ন সদন ‘হাউছ অৱ ৰিপ্রেজেণ্টেটিভছ’–ত৷ ৩ নৱেম্বৰত নিম্ন সদনত নিউয়র্কৰ ডেমক্রেট সদস্য কেৰোলিন বি মেলনে ‘দীপাৱলী ডে’ এক্ট’ নামৰ এখন বিধেয়ক উত্থাপন কৰে৷ বিধেয়কখন সংসদত উত্থাপন কৰাৰ লগে লগে ৰাষ্ট্রখনৰ প্রভাৱশালী কংগ্রেছ সদস্য গ্রেগৰী মিকছে সমর্থন জনায়৷ ‘দ্য হাউছ অৱ ফৰেইন এফেয়ার্ছ কমিটী’ৰ ফালৰ পৰাও বিধেয়কখনলৈ সমর্থন আগবঢ়োৱা হয়৷ দিনটো প্রতিজন ভাৰতবাসীৰ বাবে নিশ্চয় এটা গৌৰৱৰ দিন৷ দিনটোক বিশ্বগুৰুৰ মার্যাদাপ্রাপ্তিলৈ ভাৰতবর্ষৰ এটা বলিষ্ঠ খোজ বুলি ক’ব পাৰি৷ ইয়াৰ পূর্বে বিশ্ববাসীক ভাৰতে যোগ দিৱস, অহিংসা দিৱস উপহাৰ দিছে৷ দুয়োটাই ভাৰতীয়ত্তৰ প্রতীক৷ ভাৰতীয়ৰ পৰিচয়৷ দীপাৱলীয়ে আমেৰিকাৰ চৰকাৰী বন্ধৰ তালিকাত স্থান লাভ কৰিলে আধা বিশ্ব জয় কৰাৰ দৰেই হ’ব৷ পৃথিৱীত আমেৰিকাক অনুসৰণ কৰা লোক আৰু দেশৰ সীমা–সংখ্যা নাই৷ যুক্তৰাষ্ট্রৰ পদক্ষেপে বিশ্বৰ আন আন দেশৰ নাগৰিককো দীপাৱলীৰ প্রতি আগ্রহ বৃদ্ধি কৰিব৷ ইয়াৰ সমান্তৰালকৈ প্রসাৰিত হ’ব ভাৰতীয় সভ্যতা–সংস্কৃতিৰ বিশ্ব জয়ৰ যাত্রাটো৷ অৱশ্যে এইটোও নহয় যে ভাৰতৰ বাহিৰে বিশ্বৰ আন দেশত দীপাৱলী উদ্যাপন নহয়৷ কিন্তু সেইবোৰত দেশত মূলতঃ ভাৰতীয় মূলৰ উদ্যোগতহে দীপাৱলী, হোলী আদি উদ্যাপন হয়৷ তাত সংশ্লিষ্ট দেশৰ নাগৰিকে উছাহেৰে ভাগ লয়৷ কিন্তু চৰকাৰী পৃষ্ঠপোষকতা নাথাকে বুলিবই পাৰি৷
যুক্তৰাষ্ট্রৰ নিম্ন সদনত বিধেয়কখন উত্থাপন হওঁতে দ্য হাউছ অৱ ফৰেইন এফেয়ার্ছ কমিটীৰ অধ্যক্ষ গ্রেগৰী মিকছে ইয়াৰ সমর্থনত এইদৰে কয়, ‘দীপাৱলী উৎসৱক মার্কিন সমাজৰ সকলোৰে সৈতে ভাগ কৰি লোৱা উচিত৷ এইটো এটা খুবেই ভাল দিন, কাৰণ আমি অন্ধকাৰৰ ওপৰত আলোকৰ জয়ৰ কথা কৈছোঁ৷ আমি বিধেয়কখনৰ সপক্ষে৷’ একেই যুক্তি শুনা গৈছিল নিউয়র্কৰ ডেমক্রেট সদস্য কেৰোলিন বি মেলনৰ কণ্ঠত৷ তেওঁ বিধেয়কখন উত্থাপন কৰি দীপাৱলীত ‘ফেডাৰেল হলিডে’’ বা ৰাষ্ট্রীয় বন্ধৰ স্বপক্ষে যুক্তি দি কয়, ‘মই দীপাৱলী ডে’ এক্ট বিধেয়ক উত্থাপন কৰিবলৈ পাই অতিশয় আনন্দিত৷ ক’ভিডৰ অন্ধকাৰৰ সময়ছোৱাত জাতিটো আগুৱাই যোৱাৰ প্রতীক দীপাৱলী৷ অন্ধকাৰৰ ওপৰত আলোকৰ জয়, দুষ্টৰ পৰাজয়, শান্তৰ জয় উদ্যাপন কৰিবলৈ পাই মই গর্বিত৷ দীপাৱলী উদ্যাপনৰ জৰিয়তে আমি সকলোৱে জাতিৰ বাবে সুখ, নিৰাময়, শিক্ষা, পোহৰ আৰু অনিশ্চিত সময়ৰ পথৰ পৰা সঠিক দিশ লাভ কৰাৰ কামনা কৰোঁ৷’ দুয়োগৰাকী ব্যক্তিৰ যুক্তি আৰু অনুভৱে প্রতিপন্ন কৰিলে দীপাৱলীয়ে আমেৰিকা যুক্তৰাষ্ট্রৰ নাগৰিকৰ হূদয়ত থিতাপি লৈছে৷ ইয়াৰ জৰিয়তে আধুনিক বিশ্বত ভাৰতীয় সভ্যতা–সংস্কৃতিৰ বিশ্বজনীন আবেদন কিমান গভীৰ আৰু হূদয়স্পর্শী, সেইটোও উন্মোচিত হৈছে৷ এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে বিশ্বৰ মঞ্চত নিজৰ গুৰুত্ব প্রতিষ্ঠা কৰিব নোৱাৰিলে কোনো এখনৰ দেশৰ উৎসৱে সীমাৰ পৰিধি ভাঙি আন ৰাষ্ট্রৰ চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰিব নোৱাৰে৷ আজি বিশ্বৰ মঞ্চত ভাৰতৰ গুৰুত্ব আৰু গ্রহণযোগ্যতা বাঢ়িছে দেশখনৰ সঠিক নেতৃত্বৰ বাবে৷ লগতে আর্থিক শক্তি আৰু বলিষ্ঠ কূটনীতিয়ে ভাৰতক বিশ্বৰ সন্মুখত নতুনকৈ প্রতিষ্ঠা কৰিছে৷ পৃথিৱীত ভাৰতেই সম্ভৱতঃ একমাত্র দেশ, যি একে সময়তে আমেৰিকাৰো বন্ধু, ৰাছিয়াৰো বন্ধু৷ ইংলেণ্ডৰো মিত্র, ফ্রান্সৰো মিত্র৷ আজিৰ তাৰিখত ভাৰতৰ শক্তি আৰু প্রভাৱ ইমানেই অনুপেক্ষণীয় যে ৰাছিয়াৰ পৰা সমৰাস্ত্র আমদানি কৰা অন্য দেশৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা আমেৰিকাই ভাৰতৰ বিৰুদ্ধে একোৱেই পদক্ষেপ ল’ব নোৱাৰে৷ ভাৰতৰ এই অদম্য বিদেশ নীতি বিশ্বৰ বহু দেশৰ বাবে বিস্ময়৷ কিন্তু দেশখনে এতিয়াও বহুদূৰ বাট বুলিবলৈ বাকী৷ আর্থিকভাৱে নিজৰ শক্তি বৃদ্ধি কৰিব লাগিব৷ দেশখনৰ পৰা দৰিদ্রতা নির্মূল কৰিবলৈ এতিয়াও কোটি কোটি কিলোমিটাৰ বাট বুলিব লগা আছে৷ কিন্তুবগত কিছু বছৰ ধৰি ভাৰতবর্ষ আত্মবিশ্বাসৰ এটা নতুন পথেৰে গৈ আছে৷ যোগ দিৱস, অহিংসা দিৱস বা দীপাৱলী বিশ্ব যাত্রা দেশখনৰ এই শক্তিশালী স্থিতিয়ে অধিক সহজ কৰি তুলিছে৷ এই যাত্রা অনিৰুদ্ধ হওক৷