ক’ৰোনাৰ আক্রমণ আৰু অর্থনৈতিক ভৱিষ্যত
জাপানৰ দহ হাজাৰ বিভিন্ন স্তৰৰ ব্যৱসায়ীৰ মাজত চলোৱা এটা সমীক্ষাত পোৱা গৈছে যে ছয় হাজাৰ তিনিশ ব্যৱসায়ীয়ে অর্থনৈতিক ক্ষতিৰ কথা স্বীকাৰ কৰি লৈ কৈছে যে পৰিৱেশ সুস্থিৰ হোৱাৰ পিছত নতুন উদ্যমেৰে লাগি আৰু কিছু নিয়ম–পদ্ধতি সলনি কৰি ব্যৱসায়ক পুনৰ থিয় কৰাবলৈ কমেও তিনি মাহ সময়ৰ প্রয়োজন হ’ব৷ কিন্তু একে সময়তে বাকী তিনি হাজাৰ সাতশ ব্যৱসায়ীয়ে মন্তব্য কৰিছিল যে ৰাইজৰ মাজত হঠাতে ব্যাপক হাৰত জনপ্রিয় হৈ পৰা অনলাইন ব্যৱস্থাই ব্যৱসায়ৰ বাবে আনি দিয়া সুবিধাৰ ব্যৱহাৰেৰে ব্যৱসায়টোক পৰি নোযোৱাকৈ ধৰি ৰাখিব পাৰিছিল৷ তেওঁলোকে লগতে ইয়াকো কৈছিল যে ঘৰৰ পৰা কৰা কামে ঘৰৰো সুবিধা কৰিছিল আৰু লগতে ব্যৱসায়ৰ বাবেও অধিক সময় দিয়াৰ সুবিধা উলিয়াই দিছিল৷ অৱশ্যে ভাৰতৰ কথাটো সুকীয়া৷ কিন্তু ভাৰততো লকডাউনৰ বিভিন্ন পর্যায়ত অর্থনৈতিক ব্যৱস্থাটোৰ বিভিন্ন ধৰণে পতন ঘটিছে৷ অর্থনীতিবিদসকলে এই পতনক ‘ভি শ্বেপড’ অর্থাৎ ইংৰাজী ভি আখৰটোৰ চেহেৰাই বুজাব পৰা দ্রুত পতনৰ কথা বুজাইছে আৰু একে সময়তে আশাও কৰিছে যে ভি আখৰটোৰ ইটো বাহুৰ দৰে এই অৱস্থাৰ উত্থানো হ’ব দ্রুতগতিত৷ কিন্তু যিহেতু এতিয়ালৈকে মহামাৰীটোক বাধা দিব পৰাকৈ একো ভেকচিন ওলোৱা নাই, গতিকে ভৱিষ্যতত কি কৰিব পৰা যাব সেই বিষয়ে পৰিকল্পনা একো কৰিব পৰা হোৱা নাই৷ বিভিন্ন ধৰণৰ উদ্যোগ বন্ধ হৈ আছে, এই বন্ধৰ লগত ভাৰসাম্য ৰাখিব নোৱাৰা বহুতে নিজৰ উদ্যোগবোৰ স্থায়ীভাৱে বন্ধ কৰাৰ কথাও ভাবিছে৷ কিন্তু এই বন্ধই একো সমস্যাৰ সমাধান নকৰে, বৰং বঢ়াবহে৷ মূল কথা হ’ল জীয়াই থকাৰ প্রশ্ণ আৰু এই উত্তৰৰ বাবে সকলোৱে নিজৰ নিজৰ ধৰণে সম্ভৱ সকলো চেষ্টা কৰে৷ চৰকাৰেও এই চেষ্টা ফলৱতী কৰাৰ বাবে যিধৰণে পাৰে চেষ্টা কৰি আহিছে৷
এগৰাকী অর্থনীতিবিদে এই মহামাৰীক যুদ্ধৰ স’তে তুলনা কৰি কৈছিল যে যুদ্ধৰ সময়ত আমি শত্রুটোক নির্দিষ্ট কৰি জানিব পাৰোঁ, কিন্তু এইখন যুদ্ধত আমি শত্রুৰ অৱস্থিতিৰ কথা সঠিক আৰু শুদ্ধকৈ জানিব পৰা নাই৷ ফলত ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধনীতি ভালেখিনি হৈ পৰিছে আনুমানিক৷ একোখন যুদ্ধৰ সময়ত দেশত যি ধৰণৰ জৰুৰী অৱস্থাৰ সৃষ্টি হয়, এইখন যুদ্ধৰ সময়ত সেই জৰুৰী অৱস্থাতকৈ ভালেখিনি জটিল আৰু সমস্যাজর্জৰ৷ কিন্তু সকলো যুদ্ধৰ পিছতো প্রতিখন বিধ্বস্ত দেশে পুনৰ মূৰ দাঙি উঠাৰ দৰে ক’ৰোনা যুদ্ধৰ পিছতো প্রতিখন দেশেই মূৰ দাঙি থিয় হ’ব যদিহে চৰকাৰে উপযুক্ত পৰিকল্পনাৰে সঠিক ধৰণে সহায় কৰে আৰু আৰু সমাজৰ সকলো শ্রেণীৰ মানুহে সেই কামত সহযোগ কৰে৷ ইতিমধ্যে ভাৰত চৰকাৰে ‘আত্মনির্ভৰ ভাৰত’ নামেৰে এলানি আঁচনি আৰু বিত্তীয় সাহায্যৰ কথা ঘোষণা কৰিছে৷ কিন্তু কথা হ’ল ভাৰতৰ দৰে দেশ এখনত চৰকাৰৰ বহু সুন্দৰ সুন্দৰ আৰু জনকল্যাণ আঁচনিয়ে আচল লোকৰ ওচৰ নাপায়, বহু টকা মধ্যভোগীৰ জেপত সোমায় আৰু বহু ক্ষেত্রত চৰকাৰী বিষয়াই কাম নকৰাৰ ফলত টকাবোৰ অব্যৱহূতভাৱে পৰি থাকে৷ যুদ্ধবিধ্বস্ত দেশ এখন পুনৰ নির্মাণৰ সময়ত যাতে এনেবোৰ অনুঘটকে বিকাশৰ পথ ৰুদ্ধ কৰিব নোৱাৰে, তাত তীক্ষ্ণ দৃষ্টি দিয়াটো চৰকাৰৰ কর্তব্য আৰু চৰকাৰক সহায় কৰাটোও সকলো নাগৰিকৰে দায়িত্ব৷ আমাৰ ৰাজ্যখনত কথা জনা আৰু মানুহৰ কথা চিন্তা কৰা লোক আৰু সংগঠনৰ অভাৱ নাই৷ কৃষক–ছাত্র–শ্রমিক চিন্তা কৰিবলৈ বিভিন্ন সংগঠন আছে৷ কিন্তু বাস্তৱত কি দেখা গৈছে৷ ৰাজ্যৰ অগণন শ্রমজীৱী আৰু কৃষকৰ বাবে ফলপ্রসূ আঁচনি তৈয়াৰ কৰি তাক চৰকাৰৰ ওচৰলৈ নিয়া কামটো কৰিবলৈ কাৰো সময় নাই৷ সকলো ব্যস্ত হৈ পৰিছে এইখন চৰকাৰৰ পতন ঘটাই নতুন চৰকাৰ এখন নির্মাণ কৰিবলৈ৷ ছাত্র–কৃষকৰ সংগঠনো সেইবোৰ কামতেই ব্যস্ত৷ ছাত্রৰ শিক্ষা কি হ’ব, কৃষকৰ অৱস্থা কি হ’ব সেই সকলো কথা চৰকাৰৰ গালৈ ঠেলি দি প্রতিটো সংগঠনেই ৰাজনীতিৰ কথাত ব্যস্ত৷ সংবাদ মাধ্যমেও চৰকাৰক এইক্ষেত্রত একো সহায় আগবঢ়াব পৰা নাই৷ চিন্তাৰ ক্ষেত্রত অকলশৰীয়া হৈ পৰা চৰকাৰখন এতিয়া বহু জটিল অৱস্থাত৷ এফালে ক’ৰোনাবিধ্বস্ত ৰাজ্যখনৰ পুনৰ নির্মাণ আৰু একে সময়তে সমাজত নির্বাচন৷ দহৰ মংগলৰ বাবে ব্যৱহাৰ কৰিব পৰা মেধা আৰু ভৱিষ্যদৃষ্টি থকা লোকৰ প্রয়োজন যে এই সময়ত অধিক তাক চৰকাৰে নিশ্চয় উপলব্ধি কৰিছে৷