আড়ম্বৰহীন শাৰদীয় পূজাৰ আৱশ্যক
মানৱ সভ্যতাৰ সুৰক্ষাৰ ওপৰত একো হ’ব নোৱাৰে৷ সেই কথাটো অসমবাসীয়ে প্রতিপন্ন কৰিছিল জাতীয় মহোৎসৱ ৰঙালী বিহুৰ সময়ত৷ ৰাজ্যখনৰ প্রাণৰ ডৎসৱটো ডদ্যাপন হৈছিল মাথোঁ পৰম্পৰাৰ ৰক্ষাৰে৷ অকল ৰঙালী বিহুৱেই নহয়, সেই সময়ছোৱাত জনজাতিকে ধৰি সকলোৱে যুগ যুগ ধৰি পালন কৰি অহা ডছৱৰ পৰা ডছাহক একাষৰীয়া কৰি ৰাখিছিল৷ ৰঙালী বিহুৰ দৰে বৈশাগু, বিষুৱা আদি ডৎসৱ পালন হৈছিল তেনেই সাধাৰণভাৱে৷ পৰম্পৰাৰ বাহিৰে আনুষ্ঠানিক আয়োজনৰ সকলোবোৰ বাদ পৰিছিল৷ তাৰ বাবে কোনেও ক’তো খং অথবা ক্ষোভ জাহিৰ কৰা নাছিল৷ সময়েই তেনেকুৱা আছিল৷ সমগ্র বিশ্বজুৰি মহাসংকটত পৰিছিল মানৱ সভ্যতা৷ অসমবাসীয়ে তাৰ পৰা নিজকে আঁতৰাই ৰাখে কেনেকৈ এই ভূ–খণ্ডৰ সকলো লোক বিশ্ববাসীৰ সৈতে ক’ৰোনাৰ বিৰুদ্ধে মহাৰণখনত একত্র হৈ জঁপিয়াই পৰিছিল৷ সেয়া চাৰি মাহৰ আগৰ কথা৷ কিন্তু সংকটৰ ক’লীয়া ডাৱৰ আজিও আঁতৰা নাই৷ বৰং অধিক ঘনীভূতহে হৈছে৷ মহামাৰী ভাইৰাছটোৰ দ্বাৰা আক্রান্তৰ সংখ্যাই এক লাখৰ ঘৰ অতিক্রম কৰিছে৷ প্রতিদিনে সাত–আঠজনকৈ ক’ভিড–১৯ত আক্রান্ত লোকৰ মৃত্যু হৈছে৷ সুস্থ হৈ ডঠা লোকৰ সংখ্যাই হতাশাজনক পৰিৱেশৰ মাজতো মানুহৰ মাজত আশাৰ সঞ্চাৰ ঘটাইছে যদিও প্রত্যাশিত খবৰটো আজিও অহা নাই৷ দৰব নতুবা ছিটাৰ পৰা এতিয়াও যেন শত যোজন দূৰৈত এইখন পৃথিৱী৷ খবৰবোৰ মাথোঁ পৰীক্ষাৰ মাজতে সীমাবদ্ধ হৈ আছে৷ অক্সফ’ড বিশ্ববিদ্যালয়ৰ পৰা আমেৰিকা যুক্তৰাষ্ট্র, ভাৰতবর্ষ সকলোতে ক’ভিড–১৯ক প্রতিহত কৰিব পৰাকৈ আজিও বজাৰলৈ একোৱেই অহা নাই৷ মাজতে ৰাছিয়াৰ পৰা ভাল খবৰ এটা আহিছিল যদিও সময় বাগৰাৰ লগে লগে যেন সিও আশা–আস্থা ভংগৰ দিশেহে গতি কৰিবলৈ ধৰিলে৷ এই অৱস্থাত মানৱ জীৱন শৃংখলিত হ’বলৈ বাধ্য৷ সামাজিক দূৰত্ব, অহেতুক ঘৰৰ পৰা বাহিৰলৈ ওলোৱা, মাস্ক পৰিধান আদি হৈ পৰিছে জীৱন ধাৰণৰ নতুন শৈলী৷ যুঁজখন চলি থাকিবলৈ নিজকে সুৰক্ষিত কৰি ৰখাটো অতি প্রয়োজনীয়৷ ইয়াৰ মাজতে এটা আশাৰ খবৰ ওলাইছে, গুৱাহাটীৰ দুর্গা পূজা ডদ্যাপন সমিতিসমূহে এইবাৰ বৈদিক পৰম্পৰা ৰক্ষা কৰি শাৰদীয় ডছৱ পালন কৰিব৷ সেই আয়োজনত নাথাকিব পূজাৰ পৰিচিত ৰূপটো৷ আজিৰ এই মহাসংকটৰ সময়ত এনে ধৰণৰ সংযম, সামাজিক দায়িত্ববোধৰ কিমান আৱশ্যক, সেইটো নক’লেও চলে৷
শাৰদীয় ডৎসৱৰ কথা মনলৈ আহিলেই মানুহৰ মন অজানিতে নিজেই ৰাইজাই কৰি ডঠে৷ প্রকৃতিয়েও নতুন ৰূপ লৈ মানুহৰ মনে মনে মহানন্দৰ অনুকূল পৰিৱেশ এটা সৃষ্টি কৰি দিয়ে৷ শৰৎ হৈ পৰে অনন্য অনুভূতিৰ অনবদ্য বাহক৷ এই পৰিৱেশত মানুহে আনন্দ–ডছাহত নিজকে বিলীন কৰি দিব খোজে৷ কিন্তু ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা সংকটৰ পৰা মানৱ সভ্যতাৰ মুক্তি এতিয়া বহু দূৰৈত৷ অৱশ্যে এই পৰিৱেশত শাৰদীয় পূজাক লৈ মানুহৰ মনত বিশেষ ডছাহৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও কম৷ হয়তো বৃহৎ আয়োজন হ’লেও তাত সমৱেত হ’বলৈ ভক্ত অথবা দর্শনার্থীৰ অভাৱ ঘটিলহেঁতেন৷ কিন্তু প্রথম দায়িত্বটো আয়োজক সমিতিসমূহৰ৷ কামৰূপ মহানগৰ জিলাত এই আশাৰ ছবিখনেই প্রতিফলিত হৈছে৷ জিলা প্রশাসনৰ ডদ্যোগত অনুষ্ঠিত আলোচনাত তেওঁলোকে এইবাৰ পূজাৰ আডম্বৰতাখিনি বাদ দি মাথোঁ পৰম্পৰাক আঁকোৱালি লৈছে৷ বৈদিক নীতি–নিয়মেৰে পূজাভাগ সামৰাৰ কথাত ঐকমত্যত ডপনীত হৈছে৷ সন্দেহ নাই, ইয়াৰ আঁৰত আছে ক’ভিড–১৯ৰ সংক্রমণ ৰোধ কৰা আৰু সকলোকে সুৰক্ষিত কৰি ৰখা৷ ইয়াৰ বাবে নিশ্চয় বিভিন্ন পক্ষ ক্ষতিগ্রস্ত হ’ব৷ বছৰটো অপেক্ষা কৰি থকা শাৰদীয় পূজাৰ সময়ছোৱাত বহু লোক বিভিন্ন ধৰণে আর্থিকভাৱে ডপকৃত হয়৷ অনেকৰ পেটৰ ভাতমুঠিও এই সময়ছোৱাই নির্ণয় কৰে৷ এইবোৰ দিশ পর্যালোচনা কৰি চৰকাৰে ডপযুক্ত পদক্ষেপ গ্রহণ কৰিব লাগিব৷ কিন্তু আডম্বৰপূর্ণ শাৰদীয় ডছৱ আয়োজনৰ বাবে এইবাৰ অনুকূল পৰিৱেশ নাই৷ এই কঠিন সত্যটোৰ কোনো বিকল্প নাই৷ সেয়ে গুৱাহাটীৰ লেখীয়াকৈ অসমৰ আন আন অঞ্চলৰ পূজা আয়োজক সমিতিসমূহেও এইক্ষেত্রত আগবাঢ়ি অহা ডচিত৷ একেদৰে সংশ্লিষ্ট জিলা প্রশাসনেও আৱশ্যকীয় পদক্ষেপ গ্রহণ কৰি মানুহৰ মাজত তথা আয়োজক সমিতিৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা চলাব লাগে৷ ক’ভিড প্রট’কলত নিশ্চয়কৈ এইবাৰ আডম্বৰপূর্ণ পূজা আয়োজনৰ কথা নাথাকিব৷ সেইটো আইনগত কথা৷ পূজা–বিহু আদিক লৈ মানুহৰ মাজত আৱেগ জডিত হৈ থাকে৷ গতিকে সময় থাকোঁতেই সজাগতা সৃষ্টিৰ পদক্ষেপ লোৱাটো সময়ৰ দাবী৷