প্রবাসী শ্রমিকৰ ওভতনি যাত্রা
জীৱন আৰু জীৱিকাৰ প্রতি যেতিয়া ভাবুকিৰ সৃষ্টি হয়, শেষ ভৰসাৰ থলী হিচাপে নিজ ঘৰখনলৈ মনত পৰে মানুহৰ৷ লকডাউনসৃষ্ট পৰিস্থিতিয়ে প্রবাসী শ্রমিকৰ মনত অনুৰূপ আৱেগ–আকাংক্ষাৰ জন্ম দিছে৷ গল্প–উপন্যাসৰ চৰিত্রৰ দৰে হাজাৰ বিপর্যয়ক আওকাণ কৰি জাকে জাকে প্রবাসী শ্রমিকৰ স্বগৃহলৈ প্রত্যাৱর্তন ঘটিছে৷ এদিন কামৰ সন্ধানত আপোন ঘৰখন এৰি প্রবাসলৈ ঢ়াপলি মেলা শ্রমিক এতিয়া বাধ্য হৈছে ওভতনি যাত্রাৰ বাবে৷ কাৰণ কর্মস্থলীত তেওঁলোকৰ জীৱন আৰু জীৱিকা এতিয়া সংকটত৷ লকডাউনে মাতি অনা স্থবিৰতাৰ বাবে বন্ধ হৈ পৰিছে উদ্যোগ, বেহা–বেপাৰ৷ ৰুদ্ধ হৈ পৰিছে উপার্জনৰ সকলো বাট৷ এনে সংকটৰ সয়মত আপোন ঘৰখনৰ বাহিৰে দ্বিতীয়টো নির্ভৰযোগ্য স্থান যে আৰু নাই কিন্তু প্রবাসী শ্রমিকৰ ওভতনি যাত্রা ইমান সহজ নাছিল৷ ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে দেশজুৰি বন্ধ কৰি ৰাখিছে যাতায়াত ব্যৱস্থা৷ তদুপৰি এখন ঠাইৰ পৰা প্রব্রজিত লোকৰ জৰিয়তে আন এখন ঠাইলৈ মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণৰ শংকা আছেই৷ এনে অৱস্থাত সহজ আৰু পোনপটীয়া যাতায়াত ব্যৱস্থাৰে ঘৰলৈ ওভতাৰ কোনো পথ খোলা নথকাত শ্রমিকসকলে কণ্টকময় পথ ল’বলৈ বাধ্য হয়৷ কোনোৱে খোজকাঢ়ি, কোনোৱে চাইকেলেৰে নতুবা ট্রাকত বিপজ্জনকভাৱে উঠি স্বগৃহলৈ প্রত্যাৱর্তন কৰিবলগীয়া হৈছে৷ যাত্রাপথত বহু লোকৰ মৃত্যু ঘটিছে৷ অনাহাৰ, অনিদ্রাৰ বাবে অসুস্থ হৈ পৰা প্রবাসী শ্রমিকৰ সংখ্যাও কম নহয়৷ কিন্তু ঘৰলৈ যাবই লাগিব৷ পথত বিপদ ঘাতকৰ দৰে ৰৈ থাকিলেও উপায় নাই৷ আজি সমগ্র দেশখনতে এই দৃশ্য পৰিদৃশ্যমান৷ ৰাজপথ, ৰে’লপথ সকলোতে প্রবাসী শ্রমিকৰ দীঘলীয়া শাৰী৷ বৃহৎ বৃহৎ কণ্টেইনাৰ ট্রাকত পণ্যৰ দৰে চৰম অস্বাস্থ্যকৰ পৰিৱেশতো শ শ কিলোমিটাৰ অতিক্রমি অহা শ্রমিক আৰক্ষীৰ তালাচীত ধৰা পৰিছে৷ ধৰা পৰি কোৱাৰেণ্টাইন কেন্দ্রলৈ যাব লগা হৈছে অগণিত শ্রমিক তথা শ্রমিকৰ পৰিয়াল৷ প্রশ্ণ উঠিছে, প্রবাসী শ্রমিকৰ প্রত্যাৱর্তন মানি লোৱা উচিতনে? বহুতেই শংকা ব্যক্ত কৰিছে যে তেনে লোকৰ প্রব্রজনে ক’ভিড–১৯ৰ সংক্রমণ বঢ়াব৷ কিন্তু সংকট বাঢ়িলেও তেওঁলোকক স্বগৃহলৈ উভতি অহাৰ পথ বন্ধ কৰাটো জানো সমীচীন হ’ব? প্রথমটো লকডাউন ঘোষণাৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘যিয়ে য’তে আছে, ত’তে থাকক’ বুলি আহ্বান জনাইছিল৷ ইয়াৰ মূল কাৰণ আছিল ক’ভিড–১৯ৰ সংক্রমণ ৰোধ৷ কিন্তু সময়ৰ গতিত দেখা গ’ল যে স্বাভাৱিক আতুৰতাত শ্রমিকসকলে যেনে–তেনে নিজ নিজ ঘৰলৈ বা ৰাজ্যলৈ উভতি যোৱাত ব্যাকুল হৈ পৰিছে৷ ইয়াকে লৈ দেশৰ কেইবাস্থানত অপ্রীতিকৰ পৰিস্থিতিৰো উদ্ভৱ হৈছে৷ তদুপৰি সময় যোৱাৰ সমান্তৰালকৈ কর্মসংস্থাপন হেৰুৱাই হাজাৰ হাজাৰ শ্রমিক তীব্র অর্থ সংকটত পৰে৷ এনে অবর্ণনীয় দুৰৱস্থাত পতিত শ্রমিকৰ দুখ–দুর্দশাত চৰকাৰে চকু মুদি থাকিব নোৱৰাটো স্বাভাৱিক৷ সেয়ে প্রবাসী শ্রমিকক নিজ নিজ ৰাজ্যলৈ ওভতাই পঠিওৱাত বিশেষ শ্রমিক ৰে’লৰ লগতে পৰিবহণৰ আন আন ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰে৷ কিন্তু লাখ লাখ শ্রমিকক সামৰি সীমিত সময়ৰ ভিতৰত তেনে ব্যৱস্থা কৰা কোনো চৰকাৰৰ বাবে সম্ভৱপৰ নহয়৷ অর্থাৎ পদব্রজে বা চাইকেল নতুবা আন কষ্টকৰ পন্থাৰে ঘৰমুৱা যাত্রা অব্যাহত থাকিল৷ হয়তো আৰু কিছুদিনলৈ যাত্রাটো চলি থাকিব৷
চৰকাৰী ব্যৱস্থা নাইবা ব্যক্তিগত চেষ্টাৰেই হওক, প্রবাসী শ্রমিকৰ ঘৰমুৱা যাত্রা সহজ নাছিল৷ কিন্তু সন্মুখৰ দিনবোৰ অধিক কষ্টকৰ হৈ পৰিব পাৰে৷ কিয়নো প্রবাসত কর্মসংস্থাপন হেৰুৱাই ঘৰৰ মজিয়াত খোজ দিয়া লোকসকলৰ বাবে কর্মসংস্থাপন আন এক প্রত্যাহ্বানৰূপে দেখা দিয়াটো নিশ্চিত৷ এই প্রত্যাহ্বানটো কেৱল সংশ্লিষ্ট শ্রমিকজন বা শ্রমিকজনৰ পৰিয়ালৰ বাবেই নহয়, ইয়াৰ সমাজো মুখামুখি হ’ব লাগিব৷ গৃহাজ্যত কর্মসংস্থাপন নাপালে শ্রমিকৰ মনত হতাশাৰ সৃষ্টি হ’ব পাৰে৷ হতাশাই মানুহৰ বিবেকত আঘাত হানে৷ এনে অৱস্থাত কোনোৱে অসামাজিক বা অপৰাধমূলক কামত জড়িত হ’ব পাৰে৷ ইয়ে সমাজখনলৈ নতুন সমস্যা মাতি আনিব৷ গতিকে সময় থাকোতেই চৰকাৰে পৰিকল্পনা যুগুত কৰাটো ভাল৷ প্রেক্ষাপট যদি অসম হয়, তেন্তে সমস্যাটো অধিক জটিল হৈ পৰিব পাৰে৷ ৰাজ্যখনত এনেই নিবনুৱা সমস্যা বেছি৷ প্রায় ২৫ লাখ নিবনুৱাৰে ভৰি আছে৷ লকডাউনে এই বিপুলসংখ্যক নিবনুৱাৰ উপৰি বিভিন্ন ধৰণৰ পেছাত নিয়োজিত লোকক কর্মহীন কৰি তুলিছে৷ কর্মসংস্থাপনহীন এই বিশাল সমদলটোত প্রবাসী শ্রমিকৰ যোগদানে সমস্যা কিমান জটিল কৰি তুলিব পাৰে, সেয়া সহজে অনুমেয়৷ আশাৰ কথা যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ঘৰলৈ ওভতা শ্রমিকক এনৰেগাৰ জৰিয়তে কর্মসংস্থাপন দিয়াৰ উদ্যোগ লৈছে৷ কিন্তু এই পদক্ষেপৰ সুফল সকলো প্রবাসী শ্রমিকে লাভ কৰাৰ সম্ভাৱনা ক্ষীণ৷ আনহাতে, ক’ৰোনাসৃষ্ট পৰিৱেশৰ সহজে উন্নতি ঘটাৰ আশাও কম৷ অর্থাৎ স্বগৃহলৈ উভতি অহা শ্রমিকে পুনৰ পূর্বৰ স্থানত কাম লাভ কৰাৰ সম্ভাৱনা সদ্যহতে নাই বুলিয়েই ক’ব পাৰি৷ কর্মস্থলীত বিষম পৰিস্থিতিৰ সন্মুখীন হৈ অসমলৈ উভতি অহা শ্রমিকৰ বাবে ৰাজ্য চৰকাৰে অধিক ফলপ্রসূ ব্যৱস্থা হাতত ল’বই লাগিব৷ নহ’লে নিকট ভৱিষ্যতত অসমে প্রবাসী শ্রমিকক লৈ অকল্পনীয় সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিব পাৰে৷ আনহাতে, প্রবাসৰ পৰা উভতি অহা শ্রমিকৰ স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্রত চৰকাৰ কঠোৰ হ’বই লাগিব৷ অন্যথা ক’ৰোনা ভাইৰাছে অসমৰ জনজীৱন বিপন্ন কৰি তুলিব পাৰে৷