নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকট মোচন

মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ কৰা লকডাউনে দেশৰ অর্থনীতিত মোক্ষম আঘাত হানিছে৷ অর্থনীতিৰ এই বিপর্যয়ৰ ছবিখন ইতিমধ্যে স্পষ্ট হৈছে বিভিন্ন সংস্থাৰ সমীক্ষাত৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণ বা লকডাউনৰ পূর্বৰে পৰা বিশ্ব অর্থনীতিত বিৰাজ কৰা মন্দাৱস্থায়ো ভাৰতীয় অর্থনীতিক বিপর্যয়ৰ দিশলৈ ঠেলি দিছিল৷ কেন্দ্রীয় পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্রালয়ে শেহতীয়াকৈ প্রকাশ কৰা তথ্য অনুসৰি, ২০১৯–২০ বিত্তীয় বর্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ হাৰ হৈছে ৪.২ শতাংশহে যিটো ২০০৮ চনৰ বিশ্বমন্দাৰ পিছত সর্বনিম্ন৷ একেটা বিত্তীয় বর্ষৰ অন্তিম ত্রৈমাসিক অর্থাৎ জানুৱাৰীৰ পৰা মার্চ মাহৰ ভিতৰত জিডিপিৰ হাৰ মাত্র ৩.১ শতাংশহে আছিল৷ বিত্তীয় বর্ষটোৰ প্রথম তিনি মাহত জিডিপিৰ হাৰ ৫ শতাংশৰ ঊর্ধ্বত আছিল যদিও পৰৱর্তী পর্যায়ত বৃদ্ধিৰ হাৰ অৱনমিত হ’বলৈ ধৰে৷ অকল জিডিপি নিম্নগামী হোৱাই নহয়, ২০১৯–২০ বিত্তীয় বর্ষত ৰাজকোষ ঘাটি নির্ধাৰিত লক্ষ্যত সীমাবদ্ধ নাথাকিল৷ চৰকাৰী তথ্যত উল্লেখ কৰা মতে, পূর্বতে ৰাজকোষ ঘাটি ৩.৮ শতাংশত সীমাবদ্ধ ৰখাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল৷ পিছে বাস্তৱত ৰাজকোষ ঘাটিৰ পৰিমাণ বৃদ্ধি পাইছে ৪.৫৯ শতাংশলৈ৷ ২০১৯–২০ বিত্তীয় বর্ষত ৰাজহ সংগ্রহৰ পৰিমাণো নির্দিষ্ট লক্ষ্যতকৈ যথেষ্ট হ্রাস পাইছে৷ বাজেটত ৰাজহ সংগ্রহৰ লক্ষ্য ১৯.৩১ লাখ কোটি টকা নির্ধাৰণ কৰা হৈছিল যদিও ৰাজহ শিতানত ১৭.৫ লাখ কোটি টকাহে সংগ্রহ হৈছে৷ ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনৰ অর্থনীতিৰ বাবে এনে তথ্য নিশ্চিতভাৱে উদ্বেগজনক৷ প্রধানতঃ চাহিদাহীন বজাৰ, নতুন বিনিয়োগত অনীহা আদিয়ে দেশৰ অর্থনীতিলৈ অশনি সংকেত কঢ়িয়াই আনিছিল৷ অটোম’বাইল, উদ্যোগকে ধৰি বিভিন্ন খণ্ড লকডাউনৰ পূর্বেই সংকটৰ সন্মুখীন হৈছিল, যাৰ পৰিণতিতে দেশৰ অর্থনীতি কার্যতঃ সংকটত৷ কেন্দ্রীয় পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্রালয়ৰ উক্ত তথ্য বিশ্লেষণ কৰি একাংশ অর্থনীতিবিদে ইতিমধ্যে ৰাষ্ট্রীয় সংবাদ মাধ্যমত মত ব্যক্ত কৰিছে যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ তথা লকডাউনৰ পূর্বেই ভাৰতৰ অর্থনীতিত বিপর্যয় আৰম্ভ হৈছিল৷ অর্থনীতিবিদসকলৰ এনে ধাৰণাৰ যুক্তিযুক্ততা নুই কৰিব নোৱাৰি৷ কিয়নো ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে যোৱা ২৪ মার্চৰ পৰাহে দেশত লকডাউন বলৱৎ কৰা হৈছিল৷ বিগত বিত্তীয় বর্ষটোৰ অন্তিম ত্রৈমাসিকৰ ৭টা দিনহে পৰিছিল লকডাউনৰ আওতাত৷
চলিত বিত্তীয় বর্ষৰ প্রথম দুমাহ (এপ্রিল–মে’)ত দেশৰ অর্থনীতিৰ অধিক বিপর্যয় ঘটাৰ আশংকা কৰা হৈছে৷ কাৰণ এই সময়ছোৱাত লকডাউনৰ প্রত্যক্ষ প্রভাৱ পৰিছে৷ শেহতীয়াকৈ লকডাউন কিছু শিথিল কৰি দিলেও প্রথম অৱস্থাত প্রায় প্রতিটো খণ্ডই স্থবিৰ হৈ পৰিছিল৷ এই সন্দর্ভত উদ্যোগ মন্ত্রালয়ৰ এক অতি গুৰুত্বপূর্ণ তথ্য উনুকিয়াব পাৰি৷ তথ্য অনুসৰি, দেশৰ অর্থনীতিলৈ প্রভূত অৰিহণা আগবঢ়োৱা আঠটাকৈ খণ্ডৰ উৎপাদন যোৱা এপ্রিল মাহত সামগ্রিকভাৱে ৩৮.১ শতাংশ হ্রাস পাইছে৷ এই আঠটা খণ্ডৰ ভিতৰত কয়লাৰ ১৫.৫ শতাংশ, খাৰুৱা তেল ৬.৪ শতাংশ, প্রাকৃতিক গেছ ১৯.৯ শতাংশ, শোধনাগাৰ পণ্য ২৪.২ শতাংশ, সাৰ ৪.৫ শতাংশ, ইস্পাট ৮৩.৯ শতাংশ, চিমেণ্ট ৮৬ শতাংশ, বিদ্যুতৰ উৎপাদন কমিছে ২২.৮ শতাংশ৷ এনেদৰে উৎপাদনত বিৰূপ প্রভাৱ পৰাৰ সমান্তৰালভাৱে লকডাউনৰ পৰিণতিত দেশত অভাৱনীয়ভাৱে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাব ধৰিছে৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমীৰ শেহতীয়া প্রতিবেদনত দাবী কৰা হৈছে যে লকডাউনৰ ফলত বিগত ৮ সপ্তাহত ১০ কোটি লোকে সংস্থাপন হেৰুৱাইছে৷ ভাৰতত এতিয়া নিবনুৱাৰ হাৰ হৈছেগৈ ২৪.৩ শতাংশ৷ বিগত মার্চ মাহত এই হাৰ ৮.৮ শতাংশ আছিল৷ এনেবোৰ তথ্যই দেশৰ অর্থনীতিৰ বাস্তৱ ছবিখন দাঙি ধৰিছে৷ বিপর্যয়ৰ পৰা উদ্ধাৰ কৰি অর্থনীতিক সুস্থিৰ কৰি তুলিবলৈ চৰকাৰে সময়োচিত পদক্ষেপ গ্রহণ কৰিব লাগিব৷ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনৰ সমান্তৰালভাৱে চলিব লাগিব অর্থনীতিৰ সংকট মোচনৰ যুঁজো৷

You might also like