মানৱ জাতিৰ মহাসংকট
মহামাৰী, অতিমাৰী আদিয়ে পৃথিৱীত কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সেয়া বিশ্ববাসীয়ে আজিৰ মুহূর্তত মর্মে মর্মে উপলব্ধি কৰিছে৷ ক’ভিড–১৯ মহামাৰী বা ক’ৰোনা ভাইৰাছ সংকটে সমগ্র বিশ্বক এক নতুন শিক্ষা দিছে৷ অৱশ্যে পূর্বৰ তুলনাত এই মহামাৰীত প্রাণ হেৰুওৱা লোকৰ সংখ্যা যথেষ্ট কম৷ এটা শতিকা পূর্বে স্পেনিছ ফ্লুৱে ইউৰোপ আৰু আমেৰিকাত কেইবা নিযুত লোকৰ প্রাণ কাঢ়িছিল৷ স্পেনিছ ফ্লুৱে পৃথিৱীৰ এটা শতিকা পূর্বৰ ছবিখন সলনি কৰি দিছিল৷
আনকি মহামাৰীৰ মোকাবিলা কৰিবলৈ বিশ্ববাসীয়ে বিভিন্ন চিন্তা–চর্চা কৰিবলগীয়া হৈছিল৷ শেহতীয়াকৈ ক’ভিড–১৯য়ে সমগ্র পৃথিৱীৰ অর্থনীতিত মোক্ষম আঘাত হানিছে৷ বিশ্বৰ প্রায়বোৰ দেশৰ সমৃদ্ধিৰ বাবে প্রয়োজনীয় বহু গুৰুত্বপূর্ণ কার্যসূচী বা আন্তর্জাতিক সন্মিলন এই মহামাৰীৰ বাবে বাতিল হৈছে৷ সমগ্র বিশ্বৰ বাবে অতি প্রয়োজনীয় বুলি বিবেচিত কার্যসূচীবোৰ মহামাৰীৰ বাবেই আজি অনুষ্ঠিত কৰাটো কঠিন হৈ পৰিছে৷ অর্থাৎ মহামাৰীয়ে আজি পৃথিৱীবাসীক ইয়াৰ ভয়াৱহতাক মানি ল’বলৈ বাধ্য কৰাইছে৷ অতি দুখীয়া দেশৰ পৰা আৰম্ভ কৰি সমৃদ্ধিৰ শিখৰত থকা মহাপৰাক্রমী দেশলৈকে সকলোৱে ক’ভিড–১৯ৰ দুর্দণ্ড প্রতাপ নতশিৰে স্বীকাৰ কৰি ল’বলগীয়া হৈছে৷ মানুহ কিমান অসহায় ক’ভিড–১৯ৰ বিভীষিকাই তাক প্রমাণ কৰি দিছে৷ প্রশ্ণটো হৈছে এই বিপর্যয়ৰ পৰা পৰিত্রাণৰ পথ কি? মহাসাগৰৰ তলীৰ পৰা মহাকাশলৈকে নিজৰ নিয়ন্ত্রণ সাব্যস্ত কৰিবলৈ অহর্নিশে প্রতিযোগিতা চলাই থকা সমৃদ্ধিশালী দেশবোৰে কিয় এটা সামান্য ভাইৰাছক প্রতিৰোধ কৰিব পৰা নাই৷ কিয় নির্মূল কৰিব পৰা নাই মানৱ জাতিৰ ঘাতক শত্রু হিচাপে চিহ্ণিত হোৱা ক’ভিড–১৯ক? ৰাষ্ট্রসংঘৰ দৰে আন্তর্জাতিক সংস্থাসমূহে এই দুর্যোগৰ সময়ত পৃথিৱীবাসীক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে৷ যুদ্ধ সংঘর্ষ পৰিহাৰ কৰি ক’ভিড–১৯ক প্রতিহত কৰাৰ যুঁজত ধনী–দুখীয়া সকলো দেশকে ঐক্যবদ্ধ হ’বলৈ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে যদিও সমৃদ্ধিশালী দেশবোৰৰ মাজত এই মহামাৰীক কেন্দ্র কৰিয়েই সৃষ্টি হৈছে মতানৈক্য, আহি পৰিছে বিভাজন৷ বিশ্ব স্বাস্থ্য সংস্থাই এয়া বিভাজন বা মতানৈক্যৰ সময় নহয় বুলি বাৰে বাৰে ঘোষণা কৰিছে যদিও আমেৰিকা আৰু ইউৰোপীয় দেশসমূহৰ মাজত চীনৰ সৈতে সম্পর্কত উলম্ব বিভাজন ঘটা দেখিবলৈ পোৱা গৈছে৷ অভিযোগ এটাই যে চীনে ক’ভিড–১৯ বিশ্বজুৰি বিয়পাই দি সমগ্র গ্রহটোত নিজৰ বাণিজ্যিক আধিপত্য দীর্ঘস্থায়ী কৰাৰ সংকল্প লৈছে৷
প্রকৃতার্থত মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত সমৃদ্ধিশালী বুলি নিজকে জাহিৰ কৰি থকা দেশবোৰ ব্যর্থ হোৱা বুলিয়েই ক’ব লাগিব৷ বিশ্বৰ আটাইতকৈ সমৃদ্ধিশালী তথা পৰাক্রমী ৰাষ্ট্র হিচাপে চিহ্ণিত আমেৰিকাত এই মহামাৰীত আক্রান্ত হৈছে ২৪ লক্ষাধিক লোক৷ দেশখনত প্রাণ হেৰুৱাইছে প্রায় ১ লাখ ২৪ হাজাৰ লোকে৷ ইয়াৰ পাছতে ইউৰোপীয় দেশ ব্রিটেইন, স্পেইন, ইটালী, ফ্রান্স আদি দেশতো মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ব্রাজিল, ৰাছিয়া, ভাৰত আদি দেশত ক’ভিড–১৯ৰ দ্রুতগতিত সংক্রমণ অব্যাহত আছে৷ কোনেও ইয়াৰ সংক্রমণত প্রতিৰোধ লগাবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ বিপৰীতে সৰু সৰু কেইখনমান দেশে ক’ভিড–১৯ৰ সংক্রমণত প্রতিৰোধ লগাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে৷ মাৰাত্মক ভাইৰাছবিধৰ উৎপত্তিস্থলী হিচাপে চিহ্ণিত চীনে কম সময়ৰ ভিতৰতে ক’ভিড–১৯ৰ প্রথমটো জোৱাৰক স্তব্ধ কৰিছে৷ অৱশ্যে প্রাণঘাতী ভাইৰাছবিধে দেশখনত সংক্রমণৰ দ্বিতীয়টো জোৱাৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে৷ কিন্তু ভাইৰাছবিধৰ সংক্রমণৰ ক্ষেত্রত দেশে দেশে গ্রহণ কৰা প্রতিৰোধী ব্যৱস্থাবোৰ কিমান ফলপ্রসূ হৈছে তাক লৈ আহি পৰিছে প্রশ্ন৷
লক্ষণীয়ভাৱে ভাইৰাছবিধৰ সংক্রমণ অধিক দ্রুততৰ হোৱাৰ সময়তে পৃথিৱীৰ দেশে দেশে ইয়াৰ প্রতিৰোধৰ ক্ষেত্রত থকা নিষেধাজ্ঞাবোৰ শিথিল কৰা হৈছে৷ এইক্ষেত্রত উপায়হীন প্রতিখন দেশৰ চৰকাৰ৷ কাৰণ, ক’ভিড–১৯ৰ প্রতিৰোধৰ বাবে বলৱৎ কৰা লকডাউনৰ সময়ত অর্থনৈতিক কাম–কাজবোৰ স্তব্ধ হৈ পৰিছে৷ যাৰ ফলত কোটি কোটি লোকৰ জীৱনলৈ নামি আহিছে জীৱিকাৰ সংকট৷ প্রশ্নটো হৈছে– হঠাতে আহিব পৰা মহামাৰী আৰু অতিমাৰীৰ লগতে প্রাকৃতিক মহাবিপর্যয়বোৰৰ পৰা পৰিত্রাণৰ পূর্বব্যৱস্থা আজিলৈকে কোনো দেশে গ্রহণ কৰা নাই কিয়? কিয় এই ভয়ংকৰ দুর্যোগৰ মোকাবিলা কৰিবলৈ সমৃদ্ধিশালী বুলি জাহিৰ কৰি থকা দেশসমূহে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ মানৱ জাতিৰ ভৱিষ্যৎ সুনিশ্চিত নকৰাকৈ কেৱল তথাকথিত সমৃদ্ধিৰে কোনো দেশে বিপর্যয়ৰ সময়ত সুস্থিৰ হৈ থাকিব নোৱাৰে, ক’ভিড–১৯ য়ে তাকেই জলজল–পটপটকৈ বুজাই দিছে৷