জীৱন–জীৱিকাৰ সন্ধিক্ষণ
ঘাতক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীয়ে একবিংশ শতিকাত মানৱ জাতিৰ বাবে প্রথমটো মহা বিপর্যয় কঢ়িয়াই আনিছিল৷ এক কোটিতকৈ অধিক লোক এতিয়ালৈকে ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হোৱাৰ উপৰি ইতিমধ্যে এই প্রাণঘাতী মহামাৰীত মৃত্যু হৈছে ৫ লক্ষাধিক লোকৰ৷ এটা শতিকাৰ পূর্বৰ কথা আছিল সুকীয়া৷ কাৰণ তেতিয়া চিকিৎসা বিজ্ঞানী আজিৰ আধুনিক ৰূপ লাভ কৰা নাছিল৷ মহামাৰী বুলি ক’লেই কোটিৰ হিচাপত মানুহৰ মৃত্যু হৈছিল৷ কিন্তু ১০০ বছৰৰ পাছত চিকিৎসা বিজ্ঞানৰ অগ্রগতি সম্ভৱ হৈছে৷ ন ন উদ্ভাৱন বিভিন্ন অত্যাধুনিক যন্ত্রপাতিৰ আৱিষ্কাৰ আৰু গৱেষণাই অতি দুৰাৰোগ্য চিকিৎসাও সম্ভৱ কৰি তুলিছে৷ তথাপি এক অদৃশ্য ঘাতক ভাইৰাছে আজি মানৱ জাতিক এক সন্ধিক্ষণত থিয় হ’বলৈ বাধ্য কৰাইছে৷ এয়া কম চিন্তনীয় বিষয় নহয়৷ চিকিৎসা বিজ্ঞানৰ জয়জয়কাৰ অৱস্থাৰ মাজতো কিয় পৃথিৱীজুৰি মাত্র এবিধ ভাইৰাছৰ এই তাণ্ডৱ প্রতিৰোধ কৰাটো সম্ভৱ হোৱা নাই৷ এই প্রশ্ণটোৰ অৱতাৰণা হ’লেই চিকিৎসা বিজ্ঞানৰ যি চমৎকাৰ তাক লৈ বিভিন্ন ক্ষেত্রত আহি পৰে সন্দেহ৷ আজিৰ পৰা তিনি দশক পূর্বলৈকে ৰাষ্ট্রসংঘৰ দৰে আন্তর্জাতিক সংস্থাসমূহে স্বাস্থ্য–শিক্ষা–পুষ্টি আদিক লৈ বিভিন্ন নির্দেশনা জাৰি কৰিছিল৷ পৃথিৱীৰ প্রায়বোৰ দেশেই ২০০০ চনৰ ভিতৰত সকলোৰে বাবে স্বাস্থ্য, শিক্ষা আদি সম্ভৱ কৰি তোলাৰ সংকল্প লৈছিল৷ কিন্তু সেই সংকল্প সফল হ’লনে? আজিও আন্তর্জাতিক সংস্থাসমূহৰ প্রতিবেদনত বিশ্বৰ কোটি কোটি শিশু অশিক্ষাৰ অন্ধকাৰত নিমজ্জিত হৈ থকাৰ প্রকাশ পায়ে আছে৷ প্রাথমিক স্বাস্থ্য অবিহনে মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে পাঁচ বছৰ বয়সৰ তলৰ বহু শিশুৱে৷ সেইদৰে অর্ধাহাৰ, অনাহাৰ আৰু দুর্ভিক্ষৰ কবলত পৰি লাখ লাখ শিশুৰ প্রাণহানিৰ প্রক্রিয়াটো অব্যাহত আছে৷ এই তথ্যবোৰ ভালদৰে বিচাৰ বিশ্লেষণ কৰিলে চিকিৎসা বিজ্ঞানৰ জয়জয়কাৰ অৱস্থাৰ কথা মানি ল’ব নোৱাৰি৷ গৰিষ্ঠসংখ্যক লোকৰ বাবে চিকিৎসা এতিয়াও দুর্লভ– সেয়া লাগিলে সাধাৰণ কাঁহ–জ্বৰেও হওক বা দুৰাৰোগ্য কর্কট ৰোগেই নহওক৷ যিকোনো সংক্রামক ৰোগৰ পৰা মানুহৰ জীৱন ৰক্ষা কৰিবলৈ হ’লে মানুহজনৰ শৰীৰত ৰোগ প্রতিৰোধী ক্ষমতা বৃদ্ধি কৰা প্রয়োজন৷
পৃথিৱীৰ দুখীয়া দেশবোৰৰ মানুহ অনাহাৰত মৰিছে৷ তাত মহামাৰীৰ মোকাবিলা কৰিবলৈ কোনো ব্যৱস্থাই কার্যকৰী হোৱা নাই৷ গতিকে ভাইৰাছৰ সংক্রমণত প্রতিৰোধ লগোৱাটো সম্ভৱ হোৱা নাই৷ মূল কথাটোৱে হৈছে আজিৰ বিশ্ব ব্যৱস্থা সকলো ক্ষেত্রতেই পর্বতসম বৈষম্য বিৰাজমান৷ মাত্র এমুঠি ধনকুবেৰৰ হাতত কুক্ষিগত হৈ আছে সমগ্র গ্রহৰ আধাসংখ্যক সম্পদ৷ অক্সফার্ম ইণ্টাৰনেচনেলৰ তথ্য অনুসৰি বিশ্বৰ ১ শতাংশ ধনকুবেৰে নিয়ন্ত্রণ কৰিছে ১১ শতাংশ মানুহে ভোগ কৰি থকা সম পৰিমাণৰ সম্পদ৷ এনে এক অসমতা ভৰা পৃথিৱী সাধাৰণ মানুহৰ বাবে একো বস্তুৱেই সুলভ নহয়৷ যিমানেই অত্যাধুনিক আৱিষ্কাৰ, বিস্ময়কৰ উদ্ভাৱন সম্ভৱ নহওক কিয়, তাৰ সুফল সদায় ধন কুবেৰবোৰেহে লাভ কৰি আহিছে৷ সাধাৰণ মানুহৰ বাবে ইয়াৰ সুফলবোৰ সদায় দুর্লভ হিচাপেহে চিহ্ণিত হৈছে৷ আজিৰ বিশ্ব ব্যৱস্থাত সুলভ মাত্র সাধাৰণ মানুহৰ মৃত্যু৷ এক বৈষম্যৰে ভৰা পৃথিৱীত ক’ভিড–১৯ৰ দৰে দুর্যোগৰ মোকাবিলা কৰাটো সেইবাবে কঠিন হৈ পৰিছে৷ আফ্রিকা, মধ্যপ্রাচ্য আৰু লেটিন আমেৰিকাৰ দেশসমূহত ক’ভিড–১৯ৰ যুঁজখনত চিকিৎসক তথা স্বাস্থ্যকর্মীসকলেই পোৱা নাই নূ্যনতম সুৰক্ষা ব্যৱস্থা৷ এয়া কম ভয়ংকৰ কথা নহয়৷ স্বাস্থ্যকর্মীসকলৰে যদি এই দুর্দশা হয়, তেন্তে সাধাৰণ মানুহৰ অৱস্থা কি হ’ব? শেহতীয়াকৈ ক’ভিড–১৯ৰ দ্রুত বিস্তাৰৰ সমান্তৰালকৈ পৃথিৱীজুৰি কোটি কোটি লোকৰ জীৱিকালৈও নামি আহিছে সংকট৷ অর্থাৎ ক’ভিড–১৯ মানেই এতিয়া জীৱন জীৱিকাৰ সন্ধিক্ষণত পৰিছে কেইবাকোটিও লোক৷ এই লোকসকলৰ বাবে মহামাৰীতকৈ ভয়াৱহ হ’ব ক্ষুধাৰ জুই৷ গতিকে মহা দুর্যোগৰ আৰম্ভণিহে ঘটিছে৷ ক’ভিড–১৯ৰ তাণ্ডৱ শীঘ্রে নির্মূল নহ’লে মানৱ জাতিৰ সন্মুখত মহাকালৰ ঘণ্টা বাজিবলৈ বেছিদিন নালাগিব৷