নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ কনভয়

কেইদিনমান পূৰ্বে নগাঁৱত মুখ্যমন্ত্রীৰ কনভয়ৰ বাবে বহু সময় ৰাজপথ ন্ধ কৰি ৰখাক কেন্দ্র কৰি এটা বাঞ্ছিত পৰিৱেশ সৃষ্টি হৈছিল৷ স্বয়ং মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বাহনৰ পৰা নামি গৈ ৰাজহুৱাভাৱে জিলাখনৰ উপায়ুক্তক ককর্থনা কৰিছিল৷ তেওঁৰ খং উঠাৰ মূল কাৰণ আছিল হঠাতে ৰাজপথছোৱাৰে আন যান–বাহনৰ চলাচল ন্ধ কৰি দিয়াত হু লোক অসুবিধাত পৰিছিল৷ আনকি এম্বুলঞ্চো আবদ্ধ হৈ পৰিছিল৷ জনসাধাৰণৰ তেনে অসহায় অৱস্থা দেখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ খং চুলিৰ আগ পাইছিল আৰু উপায়ুক্তগৰাকীক ককর্থনা কৰি তেনেদৰে পথছোৱা ন্ধ কৰি ৰখাৰ বিৰোধিতা কৰিছিল৷ পৰৱর্তীকালত বিষয়টোৱে ৰাজ্যজুৰি চর্চা লাভ কৰে৷ গৰিষ্ঠসংখ্যকে মুখ্যমন্ত্রীৰ স্থিতিক সমর্থন কৰাৰ বিপৰীতে কোনো কোনোৱে আই এ এছ বিষয়া এগৰাকীক ৰাজহুৱা স্থানত ককর্থনা কৰাৰ বিৰোধিতা কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই পিছত সমালোচককো প্রত্যুত্তৰ দিয়ে৷ এইটো সুকীয়া প্রসংগ৷ মূল কথাটো হৈছে মুখ্যমন্ত্রী এগৰাকীয়ে গৈ থাকোঁতে ৰাজপথছোৱাৰে আন যান–বাহনৰ চলাচল ন্ধ কৰি ৰখা উচিতনে? বা কিমান সময় ন্ধ কৰি ৰাখ্বি লাগে? বিষয়সমূহত এটা স্বচ্ছ নীতি থকা দৰকাৰ৷ লগতে এটা কথা ঠিক যে প্রশাসনৰ বাবে ৰাজ্য এখনৰ মুখ্যমন্ত্রীৰ সুৰক্ষাৰ প্রশ্ণটো অতি গুৰুত্বপূর্ণ৷ কোনো কাৰণতে মুখ্যমন্ত্রীগৰাকীৰ সুৰক্ষাত প্রশাসনে শিথিলতা আন্বি নোৱাৰে৷ কিন্তু মুখ্যমন্ত্রী বা মন্ত্রীৰ সুৰক্ষা ৱস্থাটো সদায় একে থাক্বি নোৱাৰে৷ পৰিস্থিতি–পৰিৱেশৰ সৈতে ইয়াৰ মাত্রা সলনি হোৱা উচিত৷ কিয়নো ৰাজপথেৰে মুখ্যমন্ত্রী বা আন মন্ত্রীৰ সুচল আৰু নিৰাপদ যাতায়াতৰ মূল্য ভৰিব লাগে জনসাধাৰণে৷ হঠাতে হু লোক পথত ন্দী হৈ পৰে৷ তাৰে মাজত জৰুৰী কামলৈ গৈ থকা লোকো থাকে৷ জটিল বা গুৰুতৰ ৰোগত আক্রান্ত লোক থাকে৷ তেওঁলোকৰ বাবে প্রতিটো পল গুৰুত্বপূর্ণ৷
বৃহস্পত্বিাৰে (২৭ জানুৱাৰী) মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে মুখ্যমন্ত্রীৰ কনভয়ৰ সংখ্যা আৰু ৰাজপথেৰে যাতায়াত কৰাৰ ক্ষেত্রত এটা আধাৰ নীতি প্রস্তুত কৰে৷ এইটো আদৰণীয় পদক্ষেপ৷ ইয়ে ৰাজপথৰ জঞ্জাল ৰোধত এটা সুস্থিৰ ৱস্থা গঢ়ি তুল্বি৷ এইখিনিতে আৰু এটা কথা ক’ব পাৰি যে অসম আৰক্ষীৰ হৎ শক্তি এটা জনপ্রতিনিধিৰ সুৰক্ষা প্রদানত ৱহূত হয়৷ ইয়াৰ প্রভাৱ আৰক্ষীৰ অন্যান্য কামতো পৰে৷ মানৱ সম্পদৰ অভাৱত আৰক্ষীয়ে হু কাম সময়মতে কৰ্বি নোৱাৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ এইটোত গুৰুত্ব দি জনপ্রতিনিধি আৰু নেতাৰ সুৰক্ষা ৱস্থাটো পর্যালোচনা কৰাৰ আগ্রহ ক্ত কৰি আহিছে৷ লগতে সুৰক্ষাকর্মীৰ সংখ্যা হ্রাস কৰাৰ পোষকতা কৰিছে৷ ইয়ে যোগ্য অথ্বা প্রাপ্যজনক প্রয়োজনীয় সংখ্যাত দেহৰক্ষী বা সুৰক্ষা প্রদান কৰাৰ লগতে আৰক্ষীৰ জন সংখ্যা এটাক কামটোত অনাহকতে জডিত হৈ থকাৰ পৰা মুক্ত কৰ্বি৷ তেওঁলোকক প্রশাসনে আন কামত ৱহাৰ কৰি জনসাধাৰণৰ সেৱাক অধিক ফলপ্রসূ কৰি তুল্বি৷ ইফালে, কেবিনেটৰ সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা মুখ্যমন্ত্রীৰ কনভয় পাৰ হোৱাৰ বাবে ৰাজপথত মাথোঁ ২ মিনিট আন যান–বাহন ৰখাই থ’ পাৰ্বি৷ এইটো জনস্বার্থৰ বাবে এটা অতি গুৰুত্বপূর্ণ সিদ্ধান্ত৷ ইয়াৰ ফলত কোনেও এম্বুলেঞ্চত হি মুখ্যমন্ত্রীৰ কনভয় পাৰ হৈ যোৱালৈ অনন্তকাললৈ জীৱনৰক্ষাৰ প্রার্থনা কৰ্বিলগীয়া নহ’৷ আন লোকৰ ক্ষেত্রতো অসুবিধাৰ বোজাটো সিমান গধুৰ নহ’ব৷ তদুপৰি, কেবিনেটে আন এটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই অনুসৰি, গুৱাহাটীত মুখ্যমন্ত্রীৰ কনভয়ত থাক্বি মাথোঁ ছখন বাহন৷ গুৱাহাটীৰ বাহিৰত সংখ্যাটো ১২৷ ইয়ে ৰাজপথত অপেক্ষাৰত লোকৰ বাবে সময়ৰ পৰিমাণ হ্রাস কৰ্বি৷ সিদ্ধান্তটোৰ জৰিয়তে মুখ্যমন্ত্রীগৰাকীয়ে জনসাধাৰণৰ প্রতি থকা দায়্বদ্ধতাকে প্রতিপন্ন কৰিলে৷ ইয়াক সঠিকভাৱে পালন কৰি প্রশাসনেও জনগণৰ প্রতি নিজৰ দায়্বদ্ধতাক দেখুৱালে ৰাজপথেৰে আহ–যাহ কৰা জনপ্রতিনিধিজন কাৰোৱেই বাবে সমস্যাৰ কাৰণ হৈ নুঠ্বি৷ কেবিনেটৰ সিদ্ধান্তই ইয়াকে কব বিচাৰিছে৷

You might also like