নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিম জঙৰ প্রত্যাৱর্তন

বিশ্বৰ কেইবাটাও সংবাদ সংস্থাৰ প্রতিবেদন অসত্য বুলি প্রমাণিত কৰি উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনে ২০ দিন পাছত ৰাজহুৱাকৈ আত্মপ্রকাশ কৰাৰ লগে লগে বিভিন্ন মহলে নেতাগৰাকীৰ এই ৰহস্যজনক আত্মগোপনৰ কাৰণ কি তাক লৈ বহু বিশ্লেষণ আগবঢ়াবলৈ লৈছে৷ লক্ষণীয় কথাটো হৈছে বিশ্বৰ কেইবাটাও সংবাদ মাধ্যমে কিম জং–উন হূদৰোগত আক্রান্ত হোৱাৰ উপৰি মৃত্যুমুখত পৰা বুলিও দাবী কৰিছিল৷ কিন্তু পূর্বৰে পৰা কিম সন্দর্ভত নূ্যনতমো ধাৰণা থকা লোকসকলে এই সংবাদ শুদ্ধ নহয় বুলি মন্তব্য আগবঢ়াইছিল৷ আনকি প্রতিৱেশী বৈৰী ৰাষ্ট্র দক্ষিণ কোৰিয়াৰ পৰা স্পষ্ট কৰি দিয়া হৈছিল যে কিম জং–উনৰ মৃত্যুৰ প্রভাৱ উত্তৰ কোৰিয়াৰ জনসাধাৰণৰ মাজত দেখিবলৈ পোৱা নাই৷ এগৰাকী শীর্ষ নেতাৰ মৃত্যুৰ পাছত দেশ এখনত সৃষ্টি হ’ব লগা অস্বাভাৱিক পৰিৱেশ দক্ষিণ কোৰিয়াই প্রত্যক্ষ কৰা নাছিল উত্তৰ কোৰিয়াত৷ সেইবাবে প্রতিৱেশী দেশখনে উত্তৰ কোৰিয়াৰ শীর্ষ নেতাগৰাকীৰ মৃত্যুৰ সংবাদ পোনছাটেই নাকচ কৰিছিল৷ কিন্তু উত্তৰ কোৰিয়াৰ পৰা দক্ষিণ কোৰিয়াত গৈ আশ্রয় লোৱা কেইগৰাকীমান কিমৰ ঘনিষ্ঠ নেতাই দাবী কৰিছিল যে অত্যাচাৰী শাসকগৰাকীৰ মৃত্যু হৈছে৷ কিমক অতি ওচৰৰ পৰা জনা বুলি দাবী কৰি দক্ষিণৰ দুগৰাকী সাংসদে দেশবাসীক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে কিমৰ মৃত্যু হোৱাটো সঁচা৷ এই কথাবোৰৰ ওপৰত নির্ভৰ কৰিয়েই কেইবাটাও সংবাদ সংস্থাই কিম জং–উনৰ মৃত্যু হোৱা বুলি একপ্রকাৰ নিশ্চিতি প্রদান কৰিছিল৷ বিশ্বৰ একাংশ লোকৰ বাবে এয়া সত্য বুলিও ধাৰণা হৈছিল এই কাৰণেই যে নেতাগৰাকীৰ মৃত্যু হোৱা বুলি কেইবাটাও সংবাদ সংস্থাই দাবী কৰাৰ পাছতো উত্তৰ কোৰিয়া চৰকাৰে এই সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাছিল৷ ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছিল উত্তৰ কোৰিয়াই৷ বিষয়টোক লৈ কোনোধৰণৰ মতানৈক্যত লিপ্ত নহৈ উত্তৰ কোৰিয়াই মৌনতা অৱলম্বন কৰাৰ লগে লগে একাংশ নিৰাপত্তা বিশেষজ্ঞয়ো ধাৰণা কৰিছিল যে কিম গুৰুতৰভাৱে অসুস্থ হ’ব পাৰে৷ কিন্তু সকলোকে আচৰিত কৰি হঠাতেই গৃহভূমিৰ এক সাৰ কাৰখানা মুকলি অনুষ্ঠানত আত্মপ্রকাশ কৰিলে নেতাগৰাকীয়ে৷ লগে লগে কিমৰ মৃত্যু হোৱা বুলি দাবী কৰা সংবাদ সংস্থাবোৰে নিতাল মাৰিবলগীয়া হ’ল৷ আনকি কিমক ঘনিষ্ঠভাৱে পোৱা বুলি দাবী কৰা দেশত্যাগী উত্তৰ কোৰিয়ান নেতাসকলেও নিজৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিবলগীয়া হ’ল৷
প্রশ্ণটো হৈছে কিমে কিয় এনেদৰে আত্মগোপন কৰিলে৷ সঁচাকৈয়ে কিম হূদৰোগত আক্রান্ত হৈছিল নেকি? নে তেওঁৰ পিতৃ আৰু ককাক হূদৰোগত আক্রান্ত হৈছিল বাবেই কিমো হূদৰোগী বুলি ধাৰণা কৰি এই সংবাদ প্রচাৰ কৰিছিল? আচলতে কিম সন্দর্ভত তেওঁৰ ঘনিষ্ঠ নেতাসকলে কিমান জানে? এই প্রশ্ণবোৰ এতিয়া ধ্বনিত হ’বলৈ ধৰিছে৷ ২০১৪ চনত ৪০ দিনৰ বাবে নিখোজ হৈ আছিল কিম জং–উন৷ তেতিয়াও নেতাগৰাকীৰ মৃত্যু হোৱা বুলি বিভিন্ন মহলে দাবী কৰিছিল৷ তেতিয়াৰ সেই ঘটনা সন্দর্ভত কোনো বিশ্লেষকে গ্রহণযোগ্য বিশ্লেষণ আগবঢ়াবলৈ সক্ষম নহ’ল৷ কিন্তু কিম সম্পর্কত পূর্বৰ এই ঘটনাটোক অৱলম্বন কৰি বিভিন্ন মহলে নেতাগৰাকী জীৱিত থকা বুলি এইবাৰো দাবী কৰিছিল৷ উত্তৰ কোৰিয়াৰ শীর্ষ নেতাগৰাকী অত্যাচাৰী শাসক হিচাপেই বিশ্বজুৰি পৰিচিত যদিও জন্মলগ্ণৰে পৰা উত্তৰ কোৰিয়াক শাসন কৰি আহিছে কিম বংশই৷ কিম জং–উনৰ পিতৃৰ দেহাৱসানৰ লগে লগে ৰাজধানী পিয়ংয়াঙত লাখ লাখ লোকে চকুৰ পানীৰে বাট নেদেখা হোৱা পৰিস্থিতি বিশ্ববাসীৰ সন্মুখত উদ্ভাসিত হৈছিল৷ আন্তর্জাতিক সংবাদ মাধ্যমে সেই আলোকচিত্র প্রকাশ কৰাৰ পাছতে কিমৰ পিতৃ কিমান জনপ্রিয় নেতা আছিল তাক লৈ ভাবিবলগীয়া হৈছিল বিশ্ববাসীয়ে৷ শেহতীয়াকৈ একাংশ বিশেষজ্ঞই মন্তব্য আগবঢ়াইছে যে কিমৰ অবর্তমানত উত্তৰ কোৰিয়াত ক্ষমতাৰ বাবে কেনেধৰণৰ যুঁজ ৰাজনীতিকসকলে আৰম্ভ কৰে তাক প্রত্যক্ষ কৰিবলৈয়ে শীর্ষ নেতাগৰাকীয়ে এই আত্মগোপনৰ নাটক কৰিছে৷ এয়া সত্য বুলিও ক’ব নোৱাৰি৷ কাৰণ কিম জং–উনে সদায় এটা কথাকে মানি আহিছে যে বিশ্ববাসীৰ সন্মুখৰ পৰা দেশখনৰ গুৰুত্বপূর্ণ তথ্যবোৰ গোপন কৰি থোৱাটোৱেই নিৰাপদ৷

You might also like