সম্পাদকীয় : দিল্লী বিধানসভা নির্বাচন
দেশবাসীৰ দৃষ্টিনিবদ্ধ দিল্লী বিধানসভা নির্বাচন ৫ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব৷ ৭০জনীয়া বিধানসভা সমষ্টিৰ ফলাফল ঘোষণা কৰা হ’ব ৮ ফেব্রুৱাৰীত৷ দেশৰ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে মঙলবাৰে দিনত সংবাদ মেলযোগে কেন্দ্রীয়শাসিত অঞ্চল দিল্লী বিধানসভা নির্বাচনৰ দিন ঘোষণা কৰে৷ ইয়াৰ লগে লগে বিগত মাহ ধৰি চলি থকা নির্বাচনৰ দিন ঘোষণাৰ চর্চাৰো সামৰণি পৰে৷ নির্বাচন আয়োগৰ তথ্য অনুসৰি দিল্লী বিধানসভাত ১২খন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত৷ মুঠ ভোটগ্রহণ কেন্দ্র ১৩,০৩৩টা আৰু মুঠ ভোটাৰ ১.৫৫ কোটি৷ দিল্লী বিধানসভা নির্বাচন দেশবাসীৰ দৃষ্টিনিবদ্ধ হৈ থকাৰ প্রধান কাৰণৰ ভিতৰত দিল্লী দেশৰ ৰাজধানী৷ কেন্দ্রীয়শাসিত অঞ্চল আৰু দেশৰ ৰাজধানী নতুন দিল্লীত বিগত তিনিটা কার্যকাল আম আদমী পার্টী (আপ)য়ে শাসন কৰি আহিছে৷ দিল্লীত শাসনাধিষ্ঠিত বিজেপিয়ে দিল্লীৰ বিধানসভা নির্বাচনত আপক হৰুৱাবলৈ সক্ষম হোৱা নাই৷ ২০১৪ চনৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ক্রমাগত তৃতীয়বাৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে৷ এনে পৰিপ্রেক্ষিতত ২০২৫ চনৰ ৫ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নির্বাচন প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ বাবে অগ্ণি পৰীক্ষা হ’ব৷ ইতিপূর্বে দুটাকৈ নির্বাচনত আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ হাতত শোচনীয়ভাৱে পৰাজিত হোৱা বিজেপিয়ে এইবাৰ দিল্লী বিধানসভা নির্বাচনত জয়ী হোৱাৰ বাবে ইতিমধ্যে প্রচাৰ অভিযান আৰম্ভ কৰিছে৷ নির্বাচন আয়োগে বিধানসভা নির্বাচন ঘোষণা নকৰাতেই আপে ৭০খন আসনৰ প্রার্থী ঘোষণা কৰাৰ বিপৰীতে বিজেপি আৰু কংগ্রেছে প্রার্থী তালিকা আংশিকভাৱে প্রকাশ কৰিছে৷ আপক উৎখাত কৰিবলৈ নৰেন্দ্র মোদীৰ নেতৃত্বত বিজেপিয়ে ৰণকৌশল প্রস্তুত কৰি বিধানসভা নির্বাচনৰ প্রার্থী ঘোষণা কৰিছে৷ কংগ্রেছেও কেইবাটাও সমষ্টিত প্রার্থী ঘোষণা কৰিছে৷ আপক পৰাভূত কৰা বাবে বিজেপিৰ সমান্তৰালকৈ কংগ্রেছেও কৌশল ৰচনা কৰি ইতিমধ্যে প্রার্থীৰ নাম ঘোষণা কৰিছে৷ প্রশ্ণ উত্থাপিত হৈছে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আপে এইবেলিও বিধানসভা নির্বাচনত শেষ হাঁহি পাৰিব নে নোৱাৰিব৷
আম আদমী পার্টী চমুকৈ আপ গঠন হোৱাৰ পিছৰে পৰা দিল্লী বিধানসভা নির্বাচনত দলটোৱে ক্রমাগতভাৱে বিজয় সাব্যস্ত কৰি আহিছে৷ কংগ্রেছক উৎখাত কৰি দিল্লীৰ শাসনৰ গাদী আপে দখল কৰাৰ পিছত এতিয়ালৈকে আপৰ অধীনত আছে দিল্লী৷ কিন্তু ২০২৫ চনৰ নির্বাচন আপৰ বাবে কঠিন প্রত্যাহ্বান হৈ উঠিব৷ কিয়নো আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাক আবকাৰী নীতি কেলেংকাৰিত গ্রেপ্তাৰ কৰাৰ লগতে আপৰ বিৰুদ্ধে বিভিন্ন দুর্নীতিৰ অভিযোগ উত্থাপিত হৈছে৷ দুর্নীতিৰ বিৰুদ্ধে আন্দোলন কৰি দল গঠন কৰি কেজৰিৱালে দিল্লীৰ শাসনৰ গাদীত অধিষ্ঠিত হৈছে৷ কিন্তু আপ চৰকাৰৰ বিৰুদ্ধে কেইবাটাও দুর্নীতিৰ অভিযোগ উত্থাপিত হৈছে৷ আদালতত বিচাৰ চলি থকা এই দুর্নীতিৰ অভিযোগসমূহ আপে নস্যাৎ কৰি আহিছে যদিও বিজেপি আৰু কংগ্রেছে আপৰ এই দুর্নীতিক নির্বাচনী প্রচাৰৰ অস্ত্র হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ এনে পৰিপ্রেক্ষিতত আপৰ বাবে প্রত্যাহ্বান হোৱাটো নিশ্চিত৷ তদুপৰি আবকাৰী নীতি কেলেংকাৰিত গ্রেপ্তাৰ কৰা অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ চর্তসাপেক্ষ জামিনৰ বাবে মুখ্যমন্ত্রীৰ পদ ত্যাগ কৰিবলগীয়া হৈছে৷ সম্প্রতি কেজৰিৱালৰ স্থানত জ্যেষ্ঠ নেত্রী অতিশীয়ে মুখ্যমন্ত্রীৰ দায়িত্ব পালন কৰি আছে যদিও চৰকাৰখনৰ কাম–কাজক লৈ বিজেপি আৰু কংগ্রেছে বিভিন্ন অভিযোগ উত্থাপন কৰিছে৷ আনহাতে আপে দিল্লী বিধানসভা নির্বাচনক লৈ নির্বাচন আয়োগে পক্ষপাত আচৰণ কৰাৰ সন্দেহ প্রকাশ কৰিছে৷ ভোটাৰ তালিকাৰ পৰা ইভিএমলৈকে নির্বাচনত বিসংগতি হ’ব পাৰে বুলি সন্দেহ কৰি অভিযোগ উত্থাপন কৰিছে৷ কিন্তু নির্বাচন আয়োগে এই সকলো নস্যাৎ কৰিছে৷ প্রধানমন্ত্রী মোদীৰ নেতৃত্বত বিজেপিয়ে ৫ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নির্বাচনত প্রচাৰ অভিযানেৰে আপক শ’লঠেকত পেলোৱাৰ সম্ভাৱনা আছে৷ দিল্লীবাসীয়ে আপক কি ধৰণে গ্রহণ কৰে, সেয়া চিন্তনীয় বিষয়৷ এইবেলি নির্বাচন আপ, বিজেপি আৰু কংগ্রেছৰ মাজত ত্রিকোণীয় হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷