নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : আইএছএছলৈ ভাৰতীয় মহাকাশচাৰী

সম্পাদকীয় : আইএছএছলৈ ভাৰতীয় মহাকাশচাৰী

বিশ্বব্রহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ বাবে মহাকাশ অভিযান চলিছে৷ প্রত্যাহ্বানমূলক প্রতিটো মহাকাশ অভিযানৰ সফলতাই মহাকাশ বিজ্ঞানীসকলক এখোপ আগবঢ়াই নিয়ে৷ প্রত্যাহ্বান অতিক্রম কৰিব নোৱাৰিলে কেতিয়াবা কেতিয়াবা মহাকাশ অভিযান ব্যর্থও হৈ আহিছে৷ তথাপিতো মহাকাশ অভিযান চলি আছে৷ পৃথিৱীৰ নতুন নতুন দেশে মহাকাশ অভিযানত অংশ লোৱাৰ প্রস্তুত হৈছে৷ চৰকাৰী খণ্ডৰ লগতে ব্যক্তিগত খণ্ডতো মহাকাশ অভিযানৰ ক্ষিপ্রতা বৃদ্ধি পাইছে৷ বিশ্বব্রহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ লগতে বহিঃবিশ্বত জীৱনৰ সন্ধানো চলি আছে৷ মহাকাশ বিজ্ঞান তথা মহাকাশ অভিযানৰ অন্যতম অগ্রণী দেশ ভাৰত৷

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোই মহাকাশ অভিযানত বৃহৎ সফলতাৰে বিৰল কৃতিত্বৰ অধিকাৰী হৈছে৷ চন্দ্রৰ দক্ষিণ মেৰুত মহাকাশ যান মসৃণ অৱতৰণ কৰোৱা বিশ্বৰ প্রথম দেশ ভাৰত৷ চন্দ্রত অৱশ্যে ছোভিয়েট ৰাছিয়া, আমেৰিকা আৰু চীনৰ পিছত চতুর্থ দেশ৷ ইছৰোৰ চন্দ্রযান অভিযানেৰে এই ইতিহাস গঢ়িবলৈ সক্ষম হৈছে৷ এই সফলতাৰ পাছত ইছৰোই স্বতন্ত্রভাৱে মানৱ মহাকাশচাৰী প্রেৰণৰ অভিযানৰ পৰিকল্পনা কৰাই নহয় প্রস্তুতি চলাই আছে৷ গগনযান কার্যসূচীৰে ইছৰোই স্বতন্ত্রৰূপত মানৱ মহাকাশচাৰী প্রেৰণ কৰিব৷ গগনযান অভিযানৰ পূর্বে ইছৰোই মানৱ মহাকাশচাৰী প্রেৰণৰ প্রযুক্তি আৰু কাৰিকৰী কৌশলৰ অভিজ্ঞতা অর্জনৰ বাবে পদক্ষেপ লৈছে৷ তাৰ পূর্ব অক্সিয়ম–৪ তথা এএক্স–৪ অভিযানৰ জৰিয়তে মানৱ মহাকাশচাৰী প্রেৰণ কৰিলে৷

২০২৫ চনৰ ২৫ জুনৰ দিনৰ ১২.০১ বজা ইছৰোৰ বাবে এক ঐতিহাসিক ক্ষণ৷ এই ক্ষণটোতেই আন্তর্জাতিক মহাকাশ কেন্দ্র চমুকৈ আইএছএছলৈ প্রথমগৰাকী ভাৰতীয় মহাকাশচাৰী প্রেৰণ কৰা হয়৷ ভাৰতীয় বায়ুসেনাৰ গ্রুপ কেপ্ঢেইন সুভাংশু শুক্লা হৈছে আইএছএছলৈ প্রথমগৰাকী ভাৰতীয় মহাকাশচাৰী৷ অৱশ্যে ৪১ বছৰ পূর্বে ১৯৮৪ চনত ৰাছিয়াৰ মহাকাশ অভিযানত অংশ লৈছিল প্রথমগৰাকী ভাৰতীয় মহাকাশচাৰী ৰাকেশ শর্মাই৷ মহাকাশচাৰী ৰাকেশ শর্মাৰ পাছত দ্বিতীয়গৰাকী ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লা৷ আইএছএছলৈ যোৱা শুক্লাৰ সৈতে আছে আন তিনিখন দেশৰ মহাকাশচাৰী৷ আমেৰিকা যুক্তৰাষ্ট্র, হাংগেৰী আৰু পোলেণ্ডৰ এগৰাকীকৈ মহাকাশচাৰীসহ ভাৰতীয় শুক্লাই এএক্স–৪ অভিযানত অংশ লৈ আইএছএছত বাহৰ পাতিব৷ আইএছএছত ১৪ দিন থাকি মহাকাশচাৰীকেইগৰা ৬০টাতকৈ অধিক গৱেষণা আৰু অধ্যয়ন চলাব৷

লক্ষণীয় যে আমেৰিকা যুক্তৰাষ্ট্রৰ নাছা, অক্সিয়ম স্পেচ, স্পেচএক্স, ইছৰো আৰু ইএছএৰ যৌথ অভিযান এএক্স–৪ অভিযান কেইবাবাৰো স্থগিত ৰাখিবলগীয়াত পৰে৷ প্রতিকূল বতৰ আৰু বিজুতিৰ বাবে ছয়বাৰ অভিযান স্থগিত ৰখাৰ পাছত অভিযানক লৈ অনিশ্চয়তা আহি পৰে যদিও ২৫ জুনত অৱশেষত আমেৰিকাৰ ফ্ল’ৰিডাৰ কেনেডি মহাকাশ কেন্দ্রৰ পৰা উৎক্ষেপণ কৰা হয়৷ ফেলকন–৯ ৰকেটৰ জৰিয়তে স্পেচএক্সৰ ড্রেগন যান মহাকাশলৈ কঢ়িয়াই লৈ যোৱা হয়৷

মহাকাশ প্রদক্ষিণ কৰি থাকি ২৮ ঘণ্টাৰ মূৰত ড্রেগনযান আইএছএছৰে সংযুক্ত হয়৷ এই অভিযানত ভাৰতীয় মহাকাশচাৰী প্রেৰণৰ বাবে ইছৰোৱে ৫৫০ কোটি টকা ব্যয় কৰে৷ এই অভিযান ব্যক্তিগত খণ্ডৰ আৰু ইছৰোই প্রথমবাৰৰ বাবে ব্যক্তিগত খণ্ডৰ অভিযানৰ সৈতে জড়িত হৈ পৰে৷ এএক্স–৪ অভিযান ভাৰতৰ ইছৰোৰ বাবে অতি গুৰুত্বপূর্ণ, কিয়নো এই মানৱ মহাকাশচাৰী আইএছএছলৈ প্রেৰণত প্রত্যক্ষভাৱে জড়িত হৈ আছে৷ এই অভিযানৰ সফলতাই ইছৰোক পৰৱর্তী মানৱ মহাকাশচাৰী প্রেৰণ অভিযানৰ গগনযানত সহায় কৰিব৷ মহাকাশচাৰী শুক্লাৰ সফল অভিযানে ইছৰোৰ অভিজ্ঞতা অর্জনৰ সহায়ক হৈ উঠিব৷

ইছৰোই গগনযান অভিযানত প্রযুক্তি আৰু যাৱতীয় কাৰিকৰী কৌশল আহৰণ কৰিব পাৰিব৷ যাৰ জৰিয়তে ভাৰতত স্বতন্ত্রৰূপত মহাকাশচাৰী প্রেৰণৰ পৰিকল্পনা পূৰণ হ’ব৷ মন কৰিবলগীয়া যে মহাকাশ অভিযানৰ ক্ষেত্রত অন্যতম ইছৰোৰ বাবে অক্সিয়ম–৪ অভিযান মাইলৰ খুঁটি হৈ ৰ’ব৷ কিয়নো ৪১ বছৰৰ মূৰকত মহাকাশলৈ মহাকাশচাৰী প্রেৰণ আৰু আইএছএছলৈ প্রথমগৰাকী ভাৰতীয় মহাকাশচাৰী প্রেৰণৰ ইতিহাসত খোদিত হ’ব৷ তদুপৰি চন্দ্রলৈ মানৱসহ মহাকাশযান প্রেৰণ আৰু মহাকাশত নিজাকৈ মহাকাশ কেন্দ্র স্থাপনৰ লক্ষ্যৰ দিশতো এখোপ আগবাঢ়ি যাব পাৰিব৷

You might also like