নগৰৰ সেউজীয়া ঠাই
বিকাশশীল চহৰ একোখনৰ ক্রমবর্ধিত জনসংখ্যা আৰু বিভিন্ন ধৰণৰ গৃহ নির্মাণে চহৰ একোখনৰ সেউজীয়া অংশৰ পৰিমাণ কমাই নিয়ে৷ চহৰ একোখনত জনসংখ্যাৰ অনুপাতত সেউজীয়া পৰিৱেশ, মুকলি পৰিৱেশ আৰু জলাশয়ৰ পৰিমাণ সঠিক থাকিলেহে চহৰখনৰ আৰু চহৰখনৰ নাগৰিকসকলৰ শাৰীৰিক, মানসিক আৰু সামাজিক জীৱন সুস্থিৰ হৈ থকাত সহায় হ’ব৷ ব্রিটিছসকলে তেওঁলোকৰ দিনত অসমত সজা বিভিন্ন ঘৰবোৰ চালেই দেখা যায় যে ৰাজহুৱা প্রয়োজনৰ ঘৰেই হওক অথবা ব্যক্তিগতভাৱে ব্যৱহাৰ কৰা ঘৰেই হওক, সকলোতে মুকলি ঠাই ৰাখিছিল আৰু তাত সেউজীয়াৰ সবল উপস্থিতি আছিল৷ সাধাৰণতে ৰাহজৰ বাবে মুকলি বুলি গণ্য কৰা চহৰীয়া সেডজীয়া ঠাইবোৰ প্রায়েই চৰকাৰৰ অধীনৰ হয়৷ খেলপথাৰ অথবা কার্যালয়ৰ চৌহদৰ মুকলি অংশই চহৰখনৰ স্বাস্থ্যৰ কিছু যতন লয় ঠিকেই, কিন্তু সেইবোৰ সর্বসাধাৰণ লোকৰ বাবে মুকলি নহয়৷ সাধাৰণতে জনবহুল চহৰত বাস কৰা লোকৰ তুলনাত কম জনবহুল এলেকাত বাস কৰা লোকৰ মানসিক স্বাস্থ্য অধিক সবল হয়৷ ইয়াৰ মূল কাৰণ দৃষ্টি আনন্দদায়ক সেউজীয়া আৰু মুকলি ঠাইৰ প্রাচুর্য৷ এই কাৰণটোৰ বাবেই আধুনিক নগৰ পৰিকল্পকসকলে নগৰীয়া সেডজীয়া ঠাইৰ কথাটি গুৰুতৰ কথা হিচাপে গ্রহণ কৰে৷ এটা সংজ্ঞাত কোৱা হৈছে যে নগৰীয়া মুকলি স্থান অব্যৱহূত ভূমি বা ডদ্যান বা মনোৰঞ্জন ক্ষেত্রৰ সমার্থক নহয়, ই হ’ল এক প্রাকৃতিক আৰু সাংস্কৃতিক সম্পদ, যি ঐতিহ্য সম্পদলৈ ৰূপান্তৰিত হ’ব৷ নগৰৰ এই মুকলি ঠাইবোৰে নাগৰিকসকলক মানসিক শান্তি আৰু নান্দনিক আনন্দ লাভৰ সুযোগ দিয়ে, যিয়ে তেওঁলোকৰ মানসিক স্বাস্থ্যত প্রভাৱ পেলায়৷ গৱেষণাত পোৱা গৈছিল যে মুকলি ঠাহবোৰ আকর্ষণীয় আৰু সহজগম্য হ’লে মানুহে শাৰীৰিকভাৱে সেই ঠাইবোৰৰ লগত আত্মীয় হোৱাৰ সম্ভাৱনা অধিক থাকে৷ এনে ঠাইত অতিবাহিত কৰা সময়বোৰে নাগৰিকসকলক নগৰীয়া শ্বাসৰুদ্ধকাৰী পৰিৱেশৰ পৰা মুক্তি দিয়ে আৰু নগৰীয়া উত্তেজনাক বিৰতি দিয়ে৷ মধ্যবয়স্ক আৰু বয়োজ্যেষ্ঠ লোকৰ বাবে এনে পৰিৱেশ অধিক জৰুৰী৷
ৰাজহুৱা নগৰীয়া সেউজীয়া ঠাইৰ সমস্যাটো গুৱাহাটীৰ ক্ষেত্রত যি দ্রুতগতিত বাঢ়ি আহিছে, সেই অনুপাতত বিষয়টোৰ প্রতি সজাগতা বঢ়া নাই৷ এই সমস্যাটো অকল গুৱাহাটীৰেই নহয়, বাঢ়ি অহা সকলো নগৰৰে৷ নগৰবোৰক উলম্বভাৱে বর্ধনৰ অনুমতি দিয়াৰ যি নীতি–নিয়ম আছে, তাক সলনি কৰি হ’লেও এই বৃদ্ধি সমান্তৰালভাৱে হ’বলৈ দিলেহে চহৰবোৰৰ বাসযোগ্য হৈ থকা গুণটো থাকিব৷ চৰকাৰে যিবোৰ নতুন নতুন অফিচ–স্কুল–কলেজ আদি খুলি আছে, সেইবোৰক নগৰ মাজমজিয়াত নাপাতি নগৰখনক বহলাই নিয়াৰ পৰিকল্পনাৰে পাতিলেহে এই সমস্যাটো কমি থাকিব৷ ঠিক তেনেদৰে নতুন নির্মাণৰ লগে লগে সেই নির্মাণকার্য চলি থকা ঠাইত মুকলি ঠাই আৰু সেউজীয়া গছ আৰু ঘাঁহনিৰো ব্যৱস্থা কৰিব লাগিব আৰু আটাইতকৈ প্রয়োজনীয় কথা– সেই ঠাইবোৰত নাগৰিকৰ প্রৱেশ সহজ হ’ব লাগিব আৰু সেই সেউজীয়াখিনি যাতে নাগৰিকসকলে স্বাস্থা্যৰ বাবে ব্যৱহাৰ কৰিব পাৰে, তাৰ ব্যৱস্থা কৰিব লাগিব৷ চৰকাৰী বিভাগৰ বাবে এনে কাম কৰাটো অকণো কষ্টৰ কাম নহয়, প্রয়োজন মাথোঁ বিভাগীয় ইচ্ছাৰ৷ গুৱাহাটীৰ নাগৰিকৰ স্বাস্থ্যৰ কথা মনত ৰাখি কেতিয়াবা একো একোজন বিষয়াই আই এ এছ বিষয়া থকা কলনীৰ ওচৰৰ ৰাস্তা কিছু সময়ৰ বাবে বন্ধ কৰি দি তাত খোজ কঢ়াৰ সুবিধা কৰি দিয়ে৷ কেতিয়াবা দেখা যায়– ফ্লাইভাৰৰ এটা অংশ বন্ধ কৰি দি তাত নাগৰিকক খোজ কাঢ়িবলৈ দিছে, কেতিয়াবা দীঘলীপুখুৰীপাৰত৷ এনেকুৱা অর্থহীন ব্যৱস্থাৰ পৰিৱর্তে নাগৰিকক সুস্থিৰ সুবিধা দিব পৰা স্থায়ী ব্যৱস্থাৰ কথা চৰকাৰে ভাবিব নোৱাৰাৰ কোনো কথা নাই৷ অলপতে বাতৰি কাকতত প্রকাশ পোৱা মতে, ৰে’ল বিভাগে গুৱাহাটীৰ মাজমজিয়াৰ ভালেখিনি ঠাই ব্যৱসায়িক অঞ্চল নির্মাণৰ বাবে লীজত দিছে৷ চৰকাৰে ইচ্ছা কৰিলে সেই ঠাইবোৰ সেউজীয়া মুকলি ঠাইলৈ ৰূপান্তৰিত কৰি গুৱাহাটী চহৰখনক অধিক বাসযোগ্য কৰি তোলাত এক গুৰুত্বপূর্ণ দায়িত্ব পালন কৰিব পাৰিলেহেঁতেন৷ হয়তো সময় এতিয়াও উকলি যোৱা নাই৷