নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : চাহ উদ্যোগৰ সংকট

২০০ বছৰীয়া অসমৰ চাহ উদ্যোগলৈ নামি আহিছে গভীৰ সংকট৷ ৰাজ্যৰ এই বৃহৎ উদ্যোগটোৰ গুৰুত্বপূর্ণ অংশ হৈছে ক্ষুদ্র চাহ খেতিয়কসকল৷ ব্রিটিছ চাহাব ৰবার্ট ক্রছৰ পৰা বর্তমান সময়লৈ এই সুদীর্ঘ পৰিক্রমাত অসমৰ চাহ উদ্যোগে অসমক বিশ্ব মানচিত্রত এক সুকীয়া স্থান দিছে৷ কিন্তু সময় আগবঢ়াৰ লগে লগে ৰাজ্যৰ এই চহকী কৃষি ক্ষেত্রৰে জড়িত উদ্যোগটোলৈ নামি আহিছে গভীৰ সংকট৷ ২০১৮ চনৰ হিচাপ অনুসৰি অসমত পঞ্জীয়নভুক্ত ক্ষুদ্র চাহ খেতিয়কৰ সংখ্যা আছিল ১ লাখ ৪৪ হাজাৰ ২২২জন৷ এই সংখ্যা বর্তমান প্রায় দুই লক্ষাধিক হৈছে৷ ৰাজ্যৰ অর্থনীতিলৈ মূলতঃ চাহ উদ্যোগে সিংহভাগ বৰঙণি আগবঢ়াই আহিছে৷ অসমত উৎপাদিত চাহৰ ৫২ শতাংশ কেঁচা চাহপাত উৎপাদন কৰে ক্ষুদ্র চাহ খেতিয়কসকলে৷ এই চাহ খেতিৰ সৈতে জড়িত হৈ আছে ১০ লাখৰো অধিক লোক৷ ইয়াৰে ৩ লাখ ৫ হাজাৰ ৯শজনৰো অধিক চাহ খেতিৰে জড়িত প্রত্যক্ষ শ্রমিক৷ শেহতীয়াভাৱে এই ক্ষুদ্র চাহ খেতিয়কসকলৰ পৰা ক্রয় কৰি থকা কেঁচা চাহপাত ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহে ক্রয় নকৰাৰ সিদ্ধান্ত লোৱাত এই উৎপাদিত কেঁচা চাহপাতক লৈ ভীষণ সমস্যাৰ সন্মুখীন হৈছে খেতিয়কসকল৷ উল্লেখ্য যে পূর্বেও এই বটলিফ ফেক্টৰীসমূহে কেঁচা চাহপাত অতি কম দামতে ক্রয় কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অথচ ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিবৰ বাবেই ৰাজ্য চৰকাৰে ৰাজসাহায্য প্রদানেৰে এই ফেক্টৰীসমূহ স্থাপন কৰিছিল৷ ৰাজ্যত সম্প্রতি ৩০০টা এনে বটলিফ ফেক্টৰী আছে৷ এই ফেক্টৰীসমূহলৈ চৰকাৰে ৪০ শতাংশ ৰাজসাহায্য প্রদান কৰিছে৷ ভাৰতীয় টী ব’ড আৰু বটলিফ ফেক্টৰীৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পৰিণাম ভুগিবলগীয়া হৈছে ক্ষুদ্র চাহ খেতিয়কসকলে৷ চাহ খেতিত কীটনাশক দ্রব্য প্রয়োগেৰে উৎপাদিত চাহৰ মান হ্রাস আৰু স্বাস্থ্যৰ প্রতি প্রত্যাহ্বান সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি চাহ নিলামত এনে চাহৰ মূল্য হ্রাস পোৱা বুলি এটা মহলে প্রচাৰ চলাই তাৰ মুনাফা আদায় কৰিছে৷ শেহতীয়াভাৱে ভাৰতীয় টী ব’ড আৰু ফুড ছেফ্টী এণ্ড ছিকিউৰিটী অথ’ৰিটী অৱ ইণ্ডিয়া (এফএছএছএআই)ই বটলিফ ফেক্টৰীসমূহক উদ্দেশ্যি এক নির্দেশনা জাৰি কৰিছিল৷ এই নির্দেশনাত বটলিফ ফেক্টৰীসমূহত উৎপাদিত মেড–টী ৫০ শতাংশ আৰু টি–ডাষ্ট ১০০ শতাংশ নিলাম কেন্দ্রৰ জৰিয়তে বিক্রী কৰিবলৈ কোৱা হৈছে৷
টী ব’ড আৰু এফএছএছএআইৰ এই কঠোৰ নির্দেশৰ বিৰোধিতা কৰিছে বটলিফ ফেক্টৰীসমূহে৷ এই নির্দেশনাৰ বিৰোধিতাৰে বটলিফ টী মেনুফেকচার্ছ এছ’চিয়েচনে ক্ষুদ্র চাহ খেতিয়কসকলৰ পৰা চাহ ক্রয় নকৰাৰ সিদ্ধান্ত লয়৷ যোৱা ১ জুনৰ পৰা ক্ষুদ্র চাহ খেতিয়কৰ পৰা চাহপাত ক্রয় নকৰাৰ সিদ্ধান্তত সংস্থাটো অটল থকাত ৰাজ্যৰ দুই লক্ষাধিক চাহ খেতিয়কৰ কেঁচাপাত অনিষ্ট হোৱাৰ লগতে উদ্যোগটো গভীৰ সংকটত পৰিছে৷ মন কৰিবলগীয়া যে যোৱা মাহত হৈ যোৱা চাহ নিলামৰ বটলিফ ফেক্টৰীসমূহৰ দ্বাৰা উৎপাদিত ৩ লাখ ৩৪ হাজাৰ ৯১১ কিলোগ্রাম চাহ পানীৰ দৰত বিক্রী হৈছে৷ তথ্য অনুসৰি নিলামৰ পৰা উপেক্ষিত হয় প্রায় ৫২ শতাংশ চাহপাত৷ বটলিফ ফেক্টৰীৰ নিলামত বন্ধ বিক্রী হোৱা চাহপাতৰ প্রতিকেজিত লাভ কৰে মাত্র ১৪৯ টকা৷ এনে পৰিস্থিতিত বটলিফ ফেক্টৰীসমূহে ক্ষুদ্র চাহ খেতিয়কসকলক কিদৰে অর্থ দিব বুলিও প্রশ্ণ উত্থাপন কৰিছে৷ ফেক্টৰীৰ কর্তৃপক্ষৰ মতে, ১৫০ টকা দৰৰ তলত যদি চাহপাত বিক্রী হয়, তেন্তে কৃষকসকলক প্রাপ্য আদায় দিয়া অসম্ভৱ৷ বর্তমানৰ সময়খিনি চাহৰ ভৰপক সময়৷ কিন্তু এই সময়খিনিতে অতি নিম্ন দৰত বিক্রী হৈছে৷ উল্লেখ্য যে বহু অসমীয়া যুৱকে স্বাৱলম্বীৰূপে নিজকে গঢ়ি তুলিবলৈ ক্ষুদ্র চাহ বাগান আৰম্ভ কৰাৰ প্রতি আগ্রহী হৈ পৰিছে৷ বটলিফ ফেক্টৰীসমূহে ক্ষুদ্র চাহ খেতিয়কসকলৰ পৰা কেঁচা চাহপাত ক্রয় কৰি অহা বাবে তেওঁলোকৰ মাজত বাগিচা আৰম্ভ কৰাৰ প্রতি অধিক পৰিমাণে আকর্ষিত হৈছে৷ অৱশ্যে এটা কথা ঠিক যে অধিকাংশ নতুন চাহ খেতিয়কৰ চাহ খেতিৰ ব্যৱহাৰিক জ্ঞানৰ অভাৱ৷ চাহগছৰ অনিষ্টকাৰী পোক–পতংগ বিনাশ কৰিবলৈ বহু অনভিজ্ঞ কৃষকে অনিষ্টকাৰী ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰিবলৈ লোৱাত চাহপাতত ৰাসায়নিক পদার্থৰ উপস্থিতি ধৰা পৰিছে৷ এনে পৰিস্থিতিত এইবোৰ কথাৰ গইনা লৈ ক্ষুদ্র চাহ খেতিয়কসকলৰ পৰা চাহপাত ক্রয় নকৰাৰ সিদ্ধান্ত লোৱা বাবে এই উদ্যোগটো লাহে লাহে ধ্বংসৰ মুখত পৰাটো নিশ্চিত৷ ক্ষুদ্র চাহ খেতিয়কসকলক ৰক্ষা কৰি চাহ উদ্যোগটো শক্তিশালী কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্রহণ কৰিবই লাগিব৷

You might also like