নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৱা পৰিষদৰ নির্বাচন

বিটিচি নির্বাচন সমাপ্ত হ’ল৷ প্রমোদ বডোৰ নেতৃত্বত ইড পি পি এল, বিজেপি আৰু জি এছ পিৰ মিত্রজোঁট পৰিষদীয় চৰকাৰখনে শপতগ্রহণো কৰিলে৷ পৰিষদীয় নির্বাচনটোৰ প্রায় সমান্তৰালকৈ তিৱা স্বায়ত্তশাসিত পৰিষদত নির্বাচনী প্রচাৰ আৰম্ভ হৈছিল৷ বৃহস্পতিবাৰে ভোটগ্রহণ সম্পন্ন হ’ল৷ আশা কৰাৰ দৰে বুজনসংখ্যক ভোটাৰে পুৱাৰে পৰা ভোটকেন্দ্রত শাৰীপাতি ডছৱমুখৰ পৰিৱেশত নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে৷ এখন নতুন পৰিষদীয় চৰকাৰৰ সন্ধানত অঞ্চলটোৰ জনসাধাৰণে ভোটকেন্দ্রলৈ গৈ শাৰী পাতিলে৷ এয়াই গণতন্ত্রৰ সফলতা৷ ভোটাধিকাৰ সাব্যস্ত কৰা লোক সংখ্যা যিমানেই বৃদ্ধি হ’ব, অঞ্চল এটাত গণতন্ত্রৰ স্বাস্থ্য আৰু ভৱিষ্যৎ সিমানেই সুৰক্ষিত আৰু শক্তিশালী হৈ থাকে৷ বিটিচি নির্বাচনৰ ক্ষেত্রতো এইটো পৰিলক্ষিত হৈছিল৷ প্রায় সত্তৰ শতাংশ লোকে ভোটদান কৰি বিটিচিত গণতন্ত্রৰ স্বাস্থ্য ৰক্ষাৰ অনুকৰণীয় নজিৰ দেখুৱাই থ’লে৷ অসমত এইদৰে প্রতিটো ক্ষুদ্র ক্ষুদ্র স্বায়ত্তশাসিত অঞ্চলৰ নির্বাচনত জনসাধাৰণৰ অংশগ্রহণ অতি জৰুৰী৷ কিয়নো, প্রায় কেডখন স্বায়ত্তশাসিত পৰিষদ আন্দোলনৰ এটা দীঘলীয়া পৰিক্রমাৰ মাজেৰে অহা৷ তাত সন্তুষ্টি আৰু অসন্তুষ্টি দুয়োটাই আছে৷ কোনোবা যদি স্বায়ত্তশাসনৰ অধিকাৰ লাভ কৰি ডৎফুল্লিত, একেটা ভূমি খণ্ডৰ একাংশ সাংবিধানিকভাৱে লাভ কৰা অধিকাৰ হেৰুওৱাৰ শংকাত মর্মাহত৷ এনে অৱস্থাত ভোটকেন্দ্রলৈ ভোটাৰৰ ডৎসাহজনক গমনে এটা নতুন বার্তা কঢ়িয়াই আনে৷ সেয়া হৈছে সম্প্রীতি আৰু সমন্বয়৷ ব্যৱস্থাটোৰ পৰা নিজকে আঁতৰাই নাৰাখি ভোটদানৰ মহত্ত্বক তেওঁলোকে অধিক মহীয়ান কৰে৷ ভোটৰ জৰিয়তে তেওঁলোকে নিজৰ নিজৰ আশা–আকাংক্ষা, ক্ষোভ আদিক প্রকাশ কৰে৷ এইবেলিৰ বিটিচি নির্বাচনটোলৈ চালে, ছবিখন অধিক স্পষ্ট হৈ পৰে৷ নির্বাচনটোক কোনেও বর্জন কৰা নাই৷ অথচ পৰিষদীয় অঞ্চলটোত এনে ৰাজনৈতিক শক্তিও আছে, যিয়ে বিটিচি বা বি টি আৰৰ ধাৰণাটোকে গ্রহণ নকৰে৷ পৰিষদীয় অঞ্চলৰ পৰা অজনজাতীয় গাঁও কর্তনৰ দাবীত দীর্ঘদিন ধৰি আন্দোলন কৰি আহিছে৷ বিটিচি ভংগ কৰিব লাগে বুলি সময়ে সময়ে হুংকাৰ দি আহিছে৷ তেওঁলোকেও নিজৰ নিজ দাবী–বিষয় লৈ নির্বাচনটোত অৱতীর্ণ হৈছে৷
এইবেলিৰ তিৱা পৰিষদীয় নির্বাচন ৩৫টা সমষ্টিত অনুষ্ঠিত হৈছে৷ এটা সমষ্টিত বিজেপিৰ প্রার্থীগৰাকী বিনাপ্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে৷ নির্বাচনত ৰাজ্যখনৰ প্রায় প্রতিটো আগশাৰীৰ ৰাজনৈতিক দলে প্রতিদ্বন্দ্বিতা কৰিছে৷ দিছপুৰত মিত্রজোঁট চৰকাৰ চলাই থকা অগপ আৰু বিজেপিৰ লগতে বিৰোধী দল কংগ্রেছৰ কেইবাজনো প্রার্থীয়ে নির্বাচনত ভাগ লৈছে৷ তদুপৰি, তিৱা ঐক্যমঞ্চ, আপৰ দৰে দলেও পৰিষদীয় নির্বাচনটোত নিজৰ নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ অৱতীর্ণ হৈছে৷ ১৯ ডিচেম্বৰত সকলোৰে ভাগ্য নির্ণয় হ’ব৷ ৩৬জনীয়া পৰিষদখন কাৰ হাতলৈ যায়, সেয়া স্পষ্ট হৈ পৰিব৷ কিন্তু নির্বাচনটো কংগ্রেছৰ বাবে গুৰুত্বপূর্ণ৷ বিটিচি নির্বাচনৰ দৰে তিৱা পৰিষদৰ নির্বাচনতো যদি দলটো পৰাজিত হ’বলগীয়া হয়, তাৰ প্রভাৱ বিধানসভা নির্বাচনত পৰিব৷ বিটিচি নির্বাচনত এ আই ইড ডি এফৰে মিত্রতাত আবদ্ধ হৈ কংগ্রেছে মাথোঁ এখন আসন লাভ কৰিছিল৷ মিত্র দলটোৱে এখনো আসন নাপালে৷ দুয়োটা দলে একেলগে মিলি বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছে৷ তিৱা পৰিষদীয় নির্বাচনত দলটো পৰাজিত হ’লে, জনসাধাৰণৰ মাজলৈ কংগ্রেছৰ এখন বিপৰীত ছবি গুচি যাব৷ ইয়াৰ বিপৰীতে সন্তোষজনক অৱস্থাত আছে বিজেপি৷ বিটিচি নির্বাচনত নখন আসন দখল কৰি দলটোৱে চমকপ্রদ সাফল্য লাভ কৰিছে৷ তিৱা পৰিষদীয় নির্বাচনটোতো দলটোক ডজ্জীৱিত ৰূপত দেখা গৈছে৷ আনহাতে, বিজেপিৰ মিত্রদল অগপৰ বাবে বিটিচি নির্বাচন সুখকৰ নহ’ল৷ দলটোৱে বি পি এফৰ সমর্থনত এখন আসনত প্রতিদ্বন্দ্বিতা কৰিছিল যদিও আসনখন আনটো বিজেপিয়ে আঁজুৰি নিয়ে৷ বিধানসভা নির্বাচনৰ পূর্বে দলটোক ডজ্জীৱিত কৰিব পৰাকৈ এটা নির্বাচনী বিজয়ৰ প্রয়োজন আছে৷ তিৱা স্বায়ত্তশাসিত পৰিষদে সেই আশা পূৰণ কৰিব নোৱাৰিলে, সমাগত বিধানসভা নির্বাচনটো অগপৰ বাবে অধিক কঠিন হৈ পৰিব পাৰে৷ দলটো সম্পূর্ণৰূপে মিত্র দলৰ ওপৰত নির্ভৰশীল হৈ পৰিব পাৰে৷ যদি এয়াই হয়, অগপই নির্বাচনৰ প্রাক্ মুহূর্তত এটা ব্যাপক খহনীয়াৰ সন্মুখীন হ’ব পাৰে৷ যিয়েই নহওক, গণতন্ত্রৰ বাবে আশাৰ বতৰা কঢ়িয়াই তিৱা পৰিষদীয় নির্বাচনৰ ভোটগ্রহণ সম্পূর্ণ হ’ল৷ বেলট বাকচত বন্দী হ’ল ১২৪গৰাকী প্রার্থীৰ ভাগ্য৷

You might also like