বিদায় মাৰাডোনা
খেল জগতত দুই ধৰণৰ চেম্পিয়ন আমি দেখিবলৈ পাওঁ৷ এই মহান ক্রীড়াবিদৰ ভিতৰত এনে একাংশ চেম্পিয়ন আছে, যাৰ সুনাম কেৱল পৰিসংখ্যাৰ মাজত আবদ্ধ হৈ থাকে৷ সংখ্যাত খুব কম হ’লেও আৰু প্রায়ে এই দুয়োটা ধৰণৰ চেম্পিয়নৰ মাজৰ পার্থক্য সাধাৰণ ক্রীড়াপ্রেমীৰ দৃষ্টিত নপৰিলেও দ্বিতীয়টো প্রজাতিৰ চেম্পিয়ন সদায় অনন্য৷ এজন টেনিছ খেলুৱৈৰ শ্রেষ্ঠত্ব সাধাৰণতে নিৰূপণ কৰা হয় তেওঁ অর্জন কৰা গ্রেণ্ড শ্লেম মুকুটৰ হিচাপেৰে৷ আন ইণ্ডিভিজুৱেল ইভেণ্টৰ ক্ষেত্রতো এজন চেম্পিয়নৰ শ্রেষ্ঠত্বৰ পৰিমাপ জুখিবলৈ এই একেই হিচাপ প্রযোজ্য৷ কিন্তু দলীয় ক্রীড়াত পৰিসংখ্যাই একমাত্র শ্রেষ্ঠত্বৰ পৰিমাপক হ’ব নোৱাৰে৷ ফুটবলত কেৱল গ’ল দিয়েই কোনো চিৰস্মৰণীয় হ’ব পৰা নাই৷ ক্রিকেটত কেৱল ৰানৰ পাহাৰ গঢ়ি কোনো চিৰনায়ক হোৱা নাই৷ যিসকল হৈছে তেওঁলোকে সামগ্রিকভাৱে খেলবিধক অনন্য স্তৰলৈ লৈ যাবলৈ সক্ষম হৈছে৷ ফুটবল ইতিহাসত ডিয়েগো মাৰাডোনা তেনে এজন খেলুৱৈ হিচাপে স্বীকৃত হৈ আহিছে আৰু চিৰদিনলৈ স্বীকৃত হৈ থাকিব৷ তুলনাহীন বুলি যদিও ক’বলৈ কোনোবাই অস্বীকাৰ কৰে, তেন্তে তেৱোঁ মানি ল’ব লাগিব যে মাৰাডোনাৰ তুলনা মাত্র সেইজন খেলুৱৈৰ সৈতেহে কৰাটো সম্ভৱ, যাক ফুটবলৰ ৰজা বুলি কোৱা হয়৷ ফুটবলৰ ৰজা যদি পেলে, তেন্তে মাৰাডোনা হ’ল ফুটবলৰ ৰাজপুত্র৷ বিশ্বকাপত বা জাতীয় দলৰ হৈ তেওঁ বহু বেছি গ’ল কৰা নাছিল৷ কিন্তু আর্জেণ্টিনাৰ সমস্যাজর্জৰ ফুটবল দলটোক তেওঁ নিজৰ প্রদর্শনেৰে এনেদৰে উদ্ভাসিত কৰি তুলিছিল যে সকলো পূর্বানুমান ওলট–পালট কৰি মাৰাডোনাৰ দলটোৱে ১৯৮৬ চনৰ বিশ্বকাপত বিজয়ীৰ সন্মান অর্জন কৰিবলৈ সক্ষম হৈছিল৷ ১৬ বছৰ বয়সতে জাতীয় দলৰ হৈ কেৱল নিজৰ অসাধাৰণ প্রতিভাৰ বাবে খেলাৰ সুযোগ পোৱা মাৰাডোনা সমগ্র বিশ্বত পৰিচিত হৈ পৰিছিল ’৮৬ৰ সাফল্যৰ পাছতেই৷ ভাৰতত তেতিয়া টেলিভিছনৰ দর্শকৰ সংখ্যা ক্রমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰিছিল৷ তেতিয়াই ভাৰতীয় ফুটবলপ্রেমীয়ে মাৰাডোনাৰ খেল চাই প্রশ্ণ কৰিবলৈ আৰম্ভ কৰিছিল– আচলতে সর্বকালৰ শ্রেষ্ঠ মাৰাডোনা নে পেলে? ইয়াৰ পূর্বৰ সময়খিনিত ক্রীড়া তাৰকাৰ শ্রেষ্ঠত্ব একপ্রকাৰ নিৰূপিত হৈছিল বাতৰিকাকতৰ প্রতিবেদন আৰু ৰেডি’ৰ ধাৰাভাষ্যৰ জৰিয়তে, ক্রীড়াপ্রেমীয়ে লাভ কৰা ইমপ্রেচনৰ জৰিয়তে৷ মাৰাডোনা হ’ল ট’টেল ফুটবলাৰৰ সর্বোৎকৃষ্ট উদাহৰণ৷
১৯৮৬ চনৰ বিশ্বকাপৰ কোৱার্টাৰ ফাইনেলত মাৰাডোনাৰ বিতর্কিত ‘হেণ্ড অৱ গড’ক লৈ আজিও চর্চা অব্যাহত আছে৷ কিন্তু কোনেও তেওঁক ইয়াৰ বাবে প্রত্যক্ষভাৱে জগৰীয়া কৰা নাই৷ আনকি সেই খেলখনৰ ভুক্তভোগী ইংলেণ্ড আছিল যদিও ব্রিটিছ সমালোচকসকলেও মাৰাডোনাক সেই ভুলৰ বাবে ক্ষমা কৰি দিছিল৷ ইয়াৰ একমাত্র কাৰণ এইটোৱে আছিল যে ফুটবলৰ পথাৰত মাৰাডোনাই সৃষ্টি কৰা যাদুৰ বিপৰীতে মাৰাডোনাৰ এয়া আছিল এক স্বত্বঃস্ফূর্ত দুষ্টালি৷ এক সাক্ষাৎকাৰত মাৰাডোনাই ইয়াক প্রৱঞ্চনা বুলি স্বীকাৰ কৰিবলৈ অমান্তি হৈ কয় যে ইয়াক আচলতে তুলনা কৰিব পাৰি কৌশল বা সূক্ষ্ম শৈলীৰ সৈতে৷ গোটেই ঘটনাটো উৎকণ্ঠাময় এক মুহূর্তৰ মাজত সংঘটিত হৈছিল আৰু মাৰাডোনাই হাতেৰে বল স্পর্শ কৰাটো ৰেফাৰী বা লাইনছমেনৰ চকুত ধৰা পৰা নাছিল৷ মাৰাডোনাৰ কথা ক’লেই এই গ’লটোৰ প্রসংগ অহাটো দুর্ভাগ্যজনক বুলিয়েই ক’ব লাগিব৷ কিয়নো তেওঁ ইয়াতকৈ বহুগুণে শ্রেষ্ঠ কাম কৰি ফুটবল বিশ্বক চহকী কৰি থৈ গৈছে৷ ১৯৮৬ চনৰ বিশ্বকাপৰ ফাইনেলত বিজয়সূচক গ’লটো কোনে পাহৰিব পাৰে৷ শেষমুহূর্তত দুটা গ’ল দি জার্মানীয়ে ২–২ গ’লত সমতা স্থাপন কৰিছিল৷ একপ্রকাৰ বিধ্বস্ত হৈ পৰিছিল আর্জেণ্টিনাৰ দলটো৷ কিন্তু নিজৰ মিডফিল্ডৰ পৰা মাৰাডোনাই এনে এটা জার্মান ডিফেন্সৰ বুকু ভেদ কৰা পাছ দিছিল যে ষ্ট্রাইকাৰ বুৰুছেগাৰ বাবে তাক বিজয়সূচক গ’লত পৰিণত কৰাটো আছিল আনুষ্ঠানিকতা মাত্র৷ শ্রেষ্ঠত্বৰ বিচাৰৰ শুদ্ধ পৰিমাপক ইয়াতকৈ আন একো হ’ব নোৱাৰে৷ বুধবাৰে মাত্র ৬০ বছৰ বয়সত মৃত্যুক আঁকোৱালি লোৱা মাৰাডোনাৰ প্রস্থান মানৱ সভ্যতাৰ বাবে এক বৃহৎ লোকচান৷