মহামাৰীৰ বিৰুদ্ধে যুদ্ধ
ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ মহামাৰীয়ে বিশ্বজুৰি মহাসংহাৰ অব্যাহত ৰখাৰ সময়তে ফাইজাৰ কোম্পানীয়ে প্রস্তুত কৰা প্রথমটো ভাইৰাছ প্রতিৰোধী ভেকচিন কালি ব্রিটেইনত ৯০ বছৰীয়া মহিলা এগৰাকীক প্রদান কৰা হৈছে৷ লগে লগে ঘাতক মহামাৰীৰ বিৰুদ্ধে ব্রিটেইনে আৰম্ভ কৰা টিকাকৰণে বিশ্ববাসীলৈ কঢ়িয়াই আনিছে সুখৰ খবৰ৷ আমেৰিকাৰ বৃহত্তম দৰব প্রস্তুত কোম্পানী ফাইজাৰ ইনক আৰু জার্মানীৰ বায়’এনটেকে যুটীয়াভাৱে প্রস্তুত কৰা ক’ভিড ভেকচিনৰ মানৱ দেহত পৰীক্ষণ ৯৫ শতাংশ সফল বুলি প্রমাণিত হৈছে৷ দুয়োটা কোম্পানীৰ এই ভেকচিন ইতিমধ্যে বিশ্বৰ সমৃদ্ধিশালী দেশসমূহে ক্রয় কৰাৰ বাবে প্রস্তুতি চলাইছে৷ ব্রিটেইনে প্রাৰম্ভিক অৱস্থাত মুঠ ৪০ নিযুত ড’জ ভেকচিন ক্রয় কৰাৰ সিদ্ধান্ত লৈছে৷ একোগৰাকী ব্যক্তিক দুটাকৈ ভেকচিনৰ ড’জ প্রদান কৰা হ’ব৷ অর্থাৎ প্রাৰম্ভিক অৱস্থাত ব্রিটেইনত ২০ নিযুত লোকে ক’ভিড প্রতিৰোধী ভেকচিন লাভ কৰিবলৈ সক্ষম হ’ব৷ ব্রিটেইনৰ সমান্তৰালকৈ ইউৰোপৰ কেইবাখনো দেশে এই ভেকচিন ক্রয় কৰাৰ প্রাৰম্ভিক প্রক্রিয়া আৰম্ভ কৰিছে৷ অৱশ্যে দুখীয়া আৰু উষ্ণ জলবায়ুৰ দেশসমূহৰ বাবে এই ভেকচিন ক্রয় কৰি জনসাধাৰণক প্রদান কৰাটো যথেষ্ট জটিল হ’ব৷ কাৰণ ফাইজাৰ কোম্পানীৰ মুখ্য কার্যবাহী বিষয়াগৰাকীয়ে ইতিমধ্যে এই ভেকচিন প্রস্তুতৰ পিছত মজুত কৰিবলৈ মাইনাছ ৭০ ডিগ্রী চেণ্টিগেডহে প্রয়োজন বুলি ঘোষণা কৰিছে৷ দুখীয়া তথা উষ্ণ দেশসমূহত মাইনাছ ৭০ ডিগ্রী চেণ্টিগেড উষ্ণতা এক অকল্পনীয় তথা অসম্ভৱ বুলি প্রতিপন্ন হৈছে৷ এনে পৰিস্থিতিত নির্ধাৰিত সময়ৰ ভিতৰত ভেকচিন মজুত কৰি জনসাধাৰণক প্রদান কৰাটো হ’ব অতি জটিল কাম৷ গতিকে ফাইজাৰ আৰু বায়’এনটেকে যৌথভাৱে প্রস্তুত কৰা এই ক’ভিড ভেকচিন পৃথিৱীৰ সকলো দেশৰ জনসাধাৰণৰ বাবে সম্ভৱ নহ’ব৷ অৱশ্যে ইউৰোপীয় দেশসমূহৰ লগতে আমেৰিকাকে ধৰি নাতিশীতোষ্ণ অঞ্চলসমূহৰ বাবে এই ভেকচিন হ’ব অতিকে ফলপ্রসূ৷ গতিকে ইউৰোপৰ ধনী দেশসমূহে এই ভেকচিনবিধ প্রয়োজন অনুসৰি ক্রয় কৰিব পাৰিব৷ ব্রিটেইনত ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ হোৱাৰ লগে লগে অন্য কেইবাখনো দেশত বিভিন্ন পর্যায়ত ক্লিনিকেল পৰীক্ষা চলি থকা ভেকচিনসমূহৰ বিষয়টোক লৈও বিভিন্ন মহলত সৃষ্টি হৈছে উৎসুকতা৷ উল্লেখনীয় যে ভাৰততো অস্ত্রজেনেকা আৰু অক্সফ’ড বিশ্ববিদ্যালয়ে যৌথভাৱে প্রস্তুত কৰা ক’ভিশ্বিল্ড ভেকচিনৰ পৰীক্ষা চলাই থকা হৈছে৷ পুনেস্থিত দৰব প্রস্তুত কোম্পানী চিৰাম ইন্ষ্টিটিউট অৱ ইণ্ডিয়াই এই ভেকচিনৰ চূড়ান্ত পর্যায়ৰ পৰীক্ষা চলাই আছে৷ কোম্পানীটোৰ সূত্রই সদৰী কৰা অনুসৰি ক’ভিশ্বিল্ডৰ দুটা ড’জৰ মূল্য হ’ব আঢ়ৈশ টকাকৈ মুঠ ৫০০ টকা৷
ক’ভিড ভেকচিন প্রদান প্রক্রিয়াৰ আৰম্ভণি আৰু কেইবাখনো দেশত বিভিন্ন পর্যায়ত ভেকচিনৰ পৰীক্ষা চলি থকা বিষয়টোৱে মহামাৰীৰ বিৰুদ্ধে মানৱ জাতিক প্রত্যাহ্বান গ্রহণ কৰিবলৈ সাহস যে যোগাব তাত কোনো সন্দেহ নাই৷ কিন্তু বিশ্বৰ সকলো স্তৰৰ লোকে এই ভেকচিন কেতিয়ালৈ লাভ কৰিবলৈ সক্ষম হ’ব সেয়াহে সন্দেহৰ বিষয়৷ এতিয়াও সংঘর্ষজর্জৰ আৰু দাৰিদ্র্যপীড়িত অঞ্চলসমূহত ক’ভিড মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত প্রাথমিক চর্তসমূহ মানি চলা হোৱা নাই৷ মহামাৰীৰ দ্রুত সংক্রমণে এই অঞ্চলসমূহত ন ন সমস্যাৰ সৃষ্টি কৰিছে৷ বিশেষকৈ ক’ভিড মহামাৰীৰ ফলত ভয়াৱহ খাদ্য সংকটৰ কবলত পৰিছে দুর্দশাগ্রস্ত অঞ্চলসমূহৰ বাসিন্দাসকল৷ কিন্তু ইয়াৰ বিপৰীতে সমৃদ্ধিশালী দেশসমূহে অধিক হাৰত ক’ভিড ভেকচিন ক্রয় কৰাৰ বাবে প্রতিযোগিতা চলোৱাৰ ইংগিত দিছে৷ আমেৰিকাৰ নৱনির্বাচিত ৰাষ্ট্রপতি জ’ বাইডেনে দায়িত্ব গ্রহণ কৰাৰ প্রথম ১০০ দিনত দেশখনত ১০০ নিযুত লোকক ক’ভিড ভেকচিন প্রদানৰ সংকল্প গ্রহণ কৰিছে৷ ইফালে আন্তর্জাতিক মানৱ অধিকাৰ সংস্থা এমনেষ্টিকে ধৰি বিভিন্ন সংগঠনে উদ্বেগ প্রকাশ কৰিছে যে ধনী দেশসমূহে জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰিবলৈ ২০২১ বর্ষৰ শেষলৈ দুখীয়া দেশতকৈ তিনিগুণ বেছি ভেকচিন প্রদান নিশ্চিত কৰিব৷ অর্থাৎ মহামাৰীৰ এই মহাসংকটে পৃথিৱীজুৰি পুনৰ এটি বৈষম্যৰ প্রাচীৰ সৃষ্টি কৰিছে৷ এফালে ধনী দেশসমূহে লাভ কৰিব জীৱন সুৰক্ষিত কৰাৰ সুযোগ, আনফালে দুখীয়া দেশসমূহৰ বাবে বৃদ্ধি পাব নতুন সমস্যা৷