খাদ্য আৱর্জনা
খাদ্য আৱর্জনা পৃথিৱীৰ বাবে আৰু মানৱ জাতিৰ কাৰণে এক উদ্বিগ্ণতাৰ বিষয়৷ সাধাৰণতে খাদ্যৰ বর্জিত তথা খাদ্য আৱর্জনাক সমস্যা হিচাপে গণ্য কৰা নহয় যদিও ই পৃথিৱীৰ বাবে এক সমস্যা হ’বলৈ গৈ আছে৷ কার্যতঃ মানৱ জাতিৰ বাবেও ই ভয়াৱহ সমস্যা হিচাপে পৰিগণিত হোৱাটো নিশ্চিত৷ কিয়নো খাদ্য আৱর্জনা সেউজ গৃহ গেছ নির্গমন আৰু জলবায়ু পৰিৱর্তনৰ ভয়াৱহতাৰ সৈতে জড়িত৷ সেউজ গৃহ গেছ নির্গমন আৰু জলবায়ু পৰিৱর্তনৰ সমস্যা মানৱ জাতিৰ কাৰণে প্রত্যাহ্বান হৈ পৰিছে৷ গতিকে খাদ্য আৱর্জনাও সমস্যা বুলি ক’ব পাৰি৷ বিশ্বৰ আন দেশৰ লগতে ভাৰততো খাদ্য আৱর্জনাৰ পৰিমাণ প্রত্যেক বছৰেই বৃদ্ধি পাই আহিছে৷ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান কর্তৃপক্ষই (এফএছএছএআই) প্রকাশ কৰা মতে, ভাৰতৰ সকলো খাদ্যৰ এক তৃতীয়াংশ খাদ্য খোৱাৰ পূর্বেই বর্জিত হয় অথবা বিনষ্ট হয়৷ আনহাতে, ৰাষ্ট্রসংঘৰ পৰিৱেশ কার্যক্রম (ইউএনইপি)ৰ খাদ্য আৱর্জনাৰ প্রতিবেদন মতে ভাৰতত প্রতিজন লোকৰ বার্ষিক খাদ্য আৱর্জনা প্রায় ৫০ কিলোগ্রাম৷ ইয়ে ভাৰতৰ খাদ্য আৱর্জনাৰ বিষয়টোৰ গভীৰতাক প্রাধান্য দিয়ে৷ দেশৰ এক পৰিৱেশমূলক বেচৰকাৰী সংস্থা ‘চিন্তন’ৰ মতে ভাৰতত খাদ্য আৱর্জনাৰ ব্যয় বার্ষিক প্রায় ৯২,০০০ কোটি টকা৷ পৰিৱেশমূলক বহন ক্ষমতা আৰু সামাজিক ন্যায়ৰ হকে কাম কৰি থকা এনজিঅ’ চিন্তনৰ এই তথ্য চিত্তাকর্ষক৷ দেশত পর্যাপ্ত খাদ্য উৎপাদন হৈ থকা সত্ত্বেও প্রায় ১৯ কোটি লোক পুষ্টিহীনতাত ভুগি আছে৷ পৃথিৱীত খাদ্য আৱর্জনা আৰু ক্ষুধাতুৰ লোকৰ পৰিস্ফুট ছবি এখনৰ মতে ১.৩ বিলিয়ন টন বর্জিত খাদ্যই ১.৬ বিলিয়ন লোকৰ খাদ্য যোগান ধৰিব পাৰে৷ খাদ্য আৱর্জনাই পৃথিৱীৰ পৰিৱেশৰ ওপৰত নেতিবাচক প্রভাৱ পেলাই আছে৷ ইউএনইপিৰ প্রতিবেদনৰ তথ্য মতে, খাদ্য আৱর্জনা কিম্বা যিবোৰ খাদ্য সেৱন কৰাৰ পূর্বেই বিনষ্ট হয় তথা খোৱাৰ বর্জিত হয়, সেই আৱর্জনাৰ পৰা আন্তর্জাতিক সেউজ গৃহ গেছ নির্গমনত ৮–১০ শতাংশ অৰিহণা যোগায়৷ খাদ্য আৱর্জনা মানে খাদ্য উৎপাদনত ব্যৱহূত শক্তি আৰু পানীৰ অপব্যৱহাৰ৷ তদুপৰি সৰবৰাহ, যোগান, বিতৰণ আৰু পেকেজিঙত ব্যৱহূত শক্তি আৰু পানীৰ অপব্যৱহাৰ৷ বিশ্ব বন্যপ্রাণী সংস্থাৰ তথ্য মতে, আমেৰিকা যুক্তৰাষ্ট্রত খাদ্য আৱর্জনাৰ পৰা নির্গত সেউজ গৃহ গেছ নির্গমনৰ পৰিমাণ ৩২.৫ নিযুত কাৰ নির্মাণত হোৱা সেউজ গৃহ গেছ নির্গমনৰ সমান৷ খাদ্য আৱর্জনা বন্ধ কৰিব পাৰিলে মানৱসৃষ্ট সেউজ গৃহ গেছ নির্গমন ৬–৮ শতাংশ হ্রাস পাব৷ সেউজ গৃহ গেছ নির্গমন জলবায়ু পৰিৱর্তনৰ প্রধান কাৰক৷ জলবায়ু পৰিৱর্তন আৰু আমাৰ খাদ্য ব্যৱস্থা গভীৰভাৱে সম্পর্কিত৷ অবহনক্ষম কৃষি ব্যৱস্থা, ৰাসায়নিক সাৰ প্রয়োগ, জীৱাশ্ম ইন্ধন, খাদ্য সংসাধন পেকেজিং, বিতৰণ আদিয়ে প্রত্যক্ষভাৱে উষ্ণতা বৃদ্ধিত অৰিহণা যোগায়৷ আনহাতে, উষ্ণতা বৃদ্ধিয়ে অনিয়মীয়া বৃষ্টিপাত, বান, বনজুই, খৰাং আদি প্রাকৃতিক বিপর্যয়৷ কৃষি সঁজুলিত ব্যৱহৃত জীৱাশ্ম ইন্ধন, খাদ্য সংসাধন, পেকেজিং, বিতৰণে গোলকীয় উষ্ণতা বৃদ্ধিত প্রধান অৰিহণা যোগাই আহিছে৷ ইয়ে এই কথা প্রমাণ কৰিছে যে গোলকীয় উষ্ণতাৰ ভাবুকিৰ সন্মুখীন হৈ আছে খাদ্য সুৰক্ষা৷ খাদ্য সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি খাদ্য আৱর্জনাৰ বিষয়টোক গুৰুত্বসহকাৰে গ্রহণৰ প্রয়োজনীয়তা আহি পৰিছে৷ সেউজ গৃহ গেছ নির্গমন আৰু জলবায়ু পৰিৱর্তনৰ ক্রমাগত বৃদ্ধি পাই থকা ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি খাদ্য আৱর্জনাক লৈ প্রতিজন নাগৰিকক সজাগ কৰিব লাগিব৷ নিজৰ ঘৰৰ পৰাই সামাজিক অনুষ্ঠানলৈ কিদৰে খাদ্য আৱর্জনা হ্রাস কৰিব পাৰি তাৰ বাবে সজাগতা অভিযান চলাব লাগিব৷ এই অভিযানে গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰক সেউজ গৃহ গেছ নির্গমন হ্রাস কৰাত প্রতিজন নাগৰিকে সহযোগ কৰিব পাৰে৷ সজাগ–সচেতন নাগৰিকৰ ৰূপত খাদ্য আৱর্জনা ৰোধ কৰি আমি বাস কৰা পৃথিৱীখনক আন এটা ভয়াৱহ সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰোঁ৷ মানৱ জাতিৰ প্রত্যাহ্বান হৈ পৰা জলবায়ু পৰিৱর্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যাৰ সৈতে মোকাবিলা কৰাতো প্রতিজন নাগৰিকে অৰিহণা যোগাব পাৰে৷