দর্শকশূন্য গেলেৰী
দায়িত্বজ্ঞানহীন ষ্ট্রোক খেলি আউট হ’লেই বেটছমেনক অপেছাদাৰী মানসিকতাৰ খেলুৱৈ বুলি সততে সমালোচনা কৰা হৈছিল৷ ‘প্লেয়িং টু দ্য গেলেৰী’ বুলি ধিক্কাৰ দি প্রফেছনেলিজমৰ ওপৰত প্রশ্ণ উত্থাপন কৰা হৈছিল৷ কিন্তু এতিয়া টি–২০ ক্রিকেটৰ জনপ্রিয়তাৰ যুগ৷ ‘ছয়’, ‘চাৰি’ৰ আধিক্য নঘটিলেই য’ত জয়লাভ কৰাটো প্রায়ে অসম্ভৱ হৈ উঠে, সেই ধৰণৰ ক্রিকেটত কেৱল দর্শকক সন্তুষ্ট কৰিবলৈ বাউণ্ডেৰীৰ বাহিৰলৈ বল পঠিওৱাৰ কথাই নাহে– দলত তিষ্ঠি থাকিবলৈয়ে এনেদৰে আক্রমণাত্মক হ’ব লগা হয়৷ গতিকে টি–২০ ক্রিকেটত ‘প্লেয়িং টু দ্য গেলেৰী’ অর্থাৎ দর্শকৰ হর্ষোল্লাসৰ বাবে দলক বিপদত পেলাই দায়িত্বজ্ঞানহীন শ্বট খেলা বুলি গালি দিয়াৰ অৱকাশো প্রায় নোহোৱা হৈ পৰিছে৷ প্রায় ডেৰটা দশকত ইতিমধ্যে বিৱর্তনৰ মাজেৰে ক্রিকেটাৰসকলৰ চৰিত্রও সলনি হৈ গৈছে৷ এতিয়া আনকি দর্শকলৈ চোৱাৰ বাবেও আহৰি নাথাকিব পাৰে এজন বেটছমেনৰ বাবে৷ ইমান ত্বড়িৎ গতিত খেলৰ স্পন্দনৰ সালসলনি হৈ থাকে যে এবাৰ চকু টিপ মাৰিবলৈও খৰধৰ কৰিবলগীয়া হয়৷ এনে পৰিস্থিতিত ‘প্লেয়িং টু দ্য গেলেৰী’ৰ বাবে অৱকাশেই বা ক’ত? সম্ভৱতঃ সেইটো কাৰণতেই এইবাৰৰ আইপিএলত দর্শকশূন্য গেলেৰীক লৈ কার্যতঃ কোনো চর্চাই হোৱা নাই৷ আনকি এজনো দর্শক নথকা ষ্টেডিয়ামত খেলি কি অনুভৱ হৈছে বুলিও প্রশ্ণৰ সন্মুখীন হোৱা নাই ক্রিকেটাৰসকল৷ ক’ভিড–১৯ৰ মাজত এনেদৰে যে পুনৰ আন্তঃৰাষ্ট্রীয় ক্রিকেট আৰম্ভ হৈছে সেইটোৱেই তেওঁলোকৰ বাবে আটাইতকৈ সন্তুষ্টি আৰু সকাহৰ বিষয়৷ অৱশ্যেই আয়োজকসকলৰ উপার্জন হ্রাস পাইছে দর্শকশূন্য গেলেৰীৰ বাবে৷ কিন্তু ইতিমধ্যে ফুটবল, টেনিছ আদিৰ দৰেই ক্রিকেট ইতিমধ্যে এনে পর্যায়ত উপস্থিত হৈছে যে আর্থিক সবলতাৰ বাবে টেলিভিছনৰ দর্শকেই যথেষ্ট৷ টেলিভিছনত খেল চোৱা মানুহৰ সংখ্যা বাঢ়িলেই সম্প্রচাৰৰ স্বত্বৰ ধনৰ পৰিমাণো বাঢ়ি যায়৷ গতিকে আর্থিক দিশটোৰ পৰা আইপিএলক লৈ কোনো দুশ্চিন্তাৰ প্রসংগ অহা নাই৷ প্রকাশিত বাতৰি মতে আইপিএলৰ প্রথম সপ্তাহত ২৬ কোটি দর্শকে টেলিভিছনত খেল উপভোগ কৰিছে৷ অর্থাৎ ভাৰতৰ প্রতি তিনিজন টেলিভিছন দর্শকৰ এজনে আইপিএলৰ খেল চাইছে প্রতিযোগিতাখনৰ প্রথমটো সপ্তাহত৷ লক্ষণীয়ভাৱে যোৱা বছৰৰ তুলনাত আইপিএলৰ টিভি দর্শকৰ হাৰ প্রতিখন খেলত গড়ে ১১ নিযুত বৃদ্ধি পাইছে৷
মহামাৰীৰ মাজত আইপিএলৰ এই সফল আয়োজনে এতিয়া আন জনপ্রিয় আন্তঃৰাষ্ট্রীয় ক্রীড়াৰ প্রশাসকসকলৰো দৃষ্টি আকর্ষণ কৰিছে৷ কিয়নো বেছিভাগ খেলতে এজন খেলুৱৈৰ প্রদর্শনত দর্শকৰ প্রতিক্রিয়াই মনস্তাত্ত্বিকভাৱে ভাল বা বেয়া প্রভাৱ পেলায়৷ হর্ষোল্লাস, গেলেৰীৰ পৰা অহা শব্দ আদিয়ে খেলুৱৈক ৰোমাঞ্চিত কৰি তোলে৷ সেয়ে মহামাৰীৰ সময়ত দর্শকশূন্য গেলেৰীত যিবোৰ ফুটবল, টেনিছ বা বাস্কেট বল খেল হৈছে, তাত খেলুৱৈৰ প্রদর্শনৰ মান তুংগত নুঠাৰ বাবে চিন্তিত হৈছে আয়োজক–ক্রীড়া প্রশাসকসকল৷ কিন্তু আইপিএলত দর্শকবিহীন পৰিৱেশে খেলুৱৈৰ ওপৰত এনেধৰণৰ প্রভাৱ পেলোৱাটো পৰিলক্ষিত হোৱা নাই৷ সম্ভৱতঃ এইবাৰৰ আইপিএলৰ পৰা প্রায় নিশ্চিত হ’ব পাৰি যে ‘প্লেয়িং টু দ্য গেলেৰী’ৰ দৰে মানসিকতাৰ পৰা টি–২০ৰ পেছাদাৰী ক্রিকেটাৰসকল মুক্ত হ’বলৈ সক্ষম হৈছে৷