নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত গণহত্যা

গাজাত ইজৰাইলে চলাই থকা হামাছবিৰোধী নৃশংস অভিযানত এতিয়ালৈকে অসংখ্য নিৰীহ লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ ইজৰাইলে গাজাত সামৰিক অভিযান যিমানেই হামাছবিৰোধী বুলি দাবী নকৰক কিয়, সেয়া প্রকৃততে যুদ্ধ আৰু গণহত্যা৷ এই দাবী কৰি শেহতীয়াকৈ ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহু আৰু প্রতিৰক্ষা মন্ত্রী য়োভ গেলাণ্টৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিব লাগে বুলি আবেদন জনোৱা হৈছে আন্তর্জাতিক অপৰাধ আদালত (আইচিচি)ত৷ এই আবেদন জনাইছে আইচিচিৰ প্রধান অধিবক্তা কৰিম খানে৷ কিন্তু এই দাবীৰ বিৰোধিতা কৰি আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে উল্লেখ কৰিছে যে গাজাত যি হৈছে সেয়া কোনো কাৰণতে গণহত্যা বুলি ক’ব নোৱাৰি৷ ইয়াৰ পিছতেই বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ কাৰণ পেলেস্তাইনী ভূখণ্ড গাজাত ইজৰাইলৰ নৃশংসতাৰ বলি হৈছে ৩৫ সহস্রাধিক নিৰীহ লোক৷ এই লোকসকলৰ গৰিষ্ঠসংখ্যকেই হৈছে শিশু আৰু মহিলা৷ এই লোকসকলক শীতল মস্তিষ্কৰে ইজৰাইলী বাহিনীয়ে হত্যা কৰা বুলি ইতিমধ্যে মানৱাধিকাৰ সংস্থাসমূহৰ লগতে ৰাষ্ট্রসংঘই অভিযোগ কৰিছে৷ বাৰে বাৰে এই অভিযোগ অগ্রাহ্য কৰি আহিছে ইজৰাইলে৷ আনকি নিৰীহ লোকৰ জীৱন ৰক্ষাৰ বাবে এই যুদ্ধ বন্ধ কৰিব লাগে বুলি বিভিন্ন দেশে দাবী কৰা সত্ত্বেও ইজৰাইলে পূর্ণগতিত চলাই আছে সামৰিক অভিযান৷ লক্ষণীয়ভাৱে বাইডেনৰ সমান্তৰালকৈ ব্রিটেইনৰ প্রধানমন্ত্রী ঋষি সুনাকেও কৰিম খানৰ আবেদনৰ বিৰোধিতা কৰিছে৷ আইচিচিৰ মুখ্য অধিবক্তাগৰাকীৰ এই আবেদনে মধ্য এছিয়াত শান্তি প্রতিষ্ঠা কৰিব নোৱাৰে বুলিও ঘোষণা কৰিছে সুনাকে৷ স্মর্তব্য যে ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা হামাছ আৰু গাজাৰ সংঘর্ষত মানৱতা বিপন্ন হোৱা বুলি যুক্তি দর্শাইছে কৰিম খানে৷ নির্বিচাৰভাৱে এই সংঘর্ষৰ ফলত প্রাণ হেৰুৱাইছে নিৰীহ লোকসকলে৷ আনকি দুর্গত লোকসকলে সামান্য সাহায্য পোৱাৰ পৰাও বঞ্চিত হৈছে৷ সেইবাবে নেতান্যেহুক গ্রেপ্তাৰ কৰা প্রয়োজন বুলি যুক্তি দর্শাইছে খানে৷ নেদাৰলেণ্ডস্থিত আইচিচিত মূলতঃ গণহত্যা, মানৱতাবিৰোধী ঘৃণনীয় অপৰাধ আৰু যুদ্ধ অপৰাধৰ বিচাৰ হয়৷ ইজৰাইলৰ বিৰুদ্ধে এই আদালতত প্রথম গোচৰ তৰিছিল দক্ষিণ আফ্রিকাই৷ ইয়াৰ পিছতে গাজাত আক্রান্ত লোকসকলৰ অধিবক্তাসকলেও আদালতখনত ইজৰাইলৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ তুলি গোচৰ তৰে৷ লক্ষণীয়ভাৱে বাইডেন- সুনাকৰ লগতে গ্রেপ্তাৰী পৰোৱানাক লৈ প্রতিবাদত সৰৱ হৈ উঠিছে নেতান্যেহু আৰু প্রতিৰক্ষা মন্ত্রী গেলাণ্ট৷ এইক্ষেত্রত ইজৰাইলৰ ৰাষ্ট্রপতি আইজাক হাৰজগেও প্রতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা হৈছে৷ কিন্তু আইচিচিৰ অধিবক্তাগৰাকীক সমর্থন জনাইছে ইউৰোপীয় দেশ ফ্রান্স আৰু বেলজিয়ামে৷
লক্ষণীয়ভাৱে দীর্ঘদিন ধৰি ইজৰাইলৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ তুলি আহিছে বিভিন্ন দেশে৷ গাজাৰ চৰকাৰী গণমাধ্যম দপ্তৰ আৰু পেলেস্তাইন লিবাৰেচন অর্গেনাইজেচনৰ তৰফৰ পৰাও অধিবক্তা কৰিম খানৰ আবেদনক আদৰণি জনোৱা হৈছে৷ ইয়াৰ মাজতেই পেলেস্তাইন ৰাষ্ট্রৰ প্রসংগটো পুনৰ সজোৰে উত্থাপন কৰিছে কেইবাখনো দেশে৷ নেতান্যেহুৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে এইবাৰ নৰৱে, আয়াৰলেণ্ড আৰু স্পেইনে পেলেস্তাইন ৰাষ্ট্রক স্বীকৃতি দিয়াৰ সিদ্ধান্ত লৈছে৷ অহা সপ্তাহত স্বাধীন পেলেস্তাইন ৰাষ্ট্রক স্বীকৃতি দিব এই তিনিখন দেশে৷ এই বিষয়টোক লৈও ইজৰাইলত সৃষ্টি হৈছে প্রতিবাদ৷ ইফালে আইচিচিৰ অধিবক্তা কৰিম খানৰ আবেদনক লৈ নেতান্যেহুৱে কৈছে যে কৰিম খানে পুনৰ ইহুদীবিদ্বেষ জাগ্রত কৰিব বিচাৰিছে৷ কৰিম খান আধুনিক যুগৰ প্রধান ইহুদীবিদ্বেষী বুলিও অভিযোগ কৰে ইজৰাইলৰ প্রধানমন্ত্রীগৰাকীয়ে৷ লক্ষণীয়ভাৱে ইজৰাইলে আত্মৰক্ষাৰ বাবে গাজাত হামাছৰ বিৰুদ্ধে যুদ্ধ কৰা বুলি যুক্তি দর্শাইছে নেতান্যেহুৱে৷ প্রধানমন্ত্রীগৰাকীৰ মতে, হামাছে নির্বিচাৰভাৱে অপহৰণ, হত্যা আৰু ধর্ষণ কৰিছে ইজৰাইলৰ ভাতৃ–ভগ্ণীসকলক৷ এনে পাশৱিক আক্রমণৰ মোকাবিলা কৰিছে গণতান্ত্রিক ইজৰাইলে৷ গতিকে ইয়াত গণহত্যাৰ অভিযোগ তোলাটো হাস্যকৰ বিষয় বুলি মন্তব্য কৰে নেতান্যেহুৱে৷ শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্রপতিগৰাকীয়ে আইচিচিৰ মুখ্য অধিবক্তাগৰাকীৰ যুক্তি খণ্ডন কৰিব বিচাৰিছে যদিও দেশখনৰ অভ্যন্তৰৰ বিশ্ববিদ্যালয়সমূহত সঘনে ইজৰাইলবিৰোধী বিক্ষোভ সংগঠিত হৈছে৷ গাজাত চলি থকা ইজৰাইলৰ ৰক্তপাতৰ বিৰুদ্ধে আৰু পেলেস্তাইনৰ সমর্থনত প্রতিবাদ সাব্যস্ত কৰিছে মার্কিন বিশ্ববিদ্যালয়সমূহৰ ছাত্র–ছাত্রীয়ে৷ ইতিমধ্যে এই বিক্ষোভে ইউৰোপীয় দেশসমূহলৈ ব্যাপ্তি লাভ কৰিছে৷ ইয়াৰ মাজতে বিভিন্ন দেশে ইজৰাইলে সৃষ্টি কৰা ৰক্তপাতক সমর্থন জনাইছে যদিও সেই দেশবোৰৰ অভ্যন্তৰতে ইজৰাইল চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ সংগঠিত হোৱাটো তাৎপর্যপূর্ণ৷ পৰিতাপৰ বিষয়টো হৈছে- বাৰে বাৰে ইজৰাইলক যুদ্ধ বন্ধ কৰাৰ বাবে বিশ্বৰ বিভিন্ন সামাজিক সংগঠনে আহ্বান জনাই আহিছে যদিও ইজৰাইলে নিৰীহ ইহুদীসকলৰ গাজাত শেষ আশ্রয়স্থল হিচাপে চিহ্ণিত ৰাফা চহৰতো ভয়ংকৰ আক্রমণ আৰম্ভ কৰিছে৷ ইতিমধ্যে এই আক্রমণৰ পৰা ৰক্ষা পাবলৈ পলায়ন কৰিছে ছয় লক্ষাধিক লোকে৷ এনে ভয়াৱহ পৰিস্থিতি সত্ত্বেও গাজাত গণহত্যা চলা নাই বুলি আমেৰিকা, ব্রিটেইন আদি দেশে কেনেদৰে দাবী কৰিব পাৰে, সেয়া আশ্চর্যৰ বিষয়৷

You might also like