সিন্ধু জলচুক্তি বাতিল
পুলৱামাৰ পিছত জম্মু আৰু কাশ্মীৰৰ মাটিত উগ্রপন্থীৰ আক্রমণৰ আটাইতকৈ বৃহৎ ঘটনাটো সংঘটিত হ’ল পেহেলগামত৷ সেই স্থানত যোৱা মঙলবাৰে বিয়লি এখন ৰিজ’ৰ্টত পর্যটকসকলৰ ওপৰত আক্রমণ চলায় উগ্রপন্থীসকলে৷ প্রত্যক্ষদর্শীয়ে জনোৱা মতে, ধর্মীয় পৰিচয় লোৱাৰ পিছতহে উগ্রপন্থীসকলে নৃশংসভাৱে গুলীয়াই হত্যা কৰে ২৮জন পর্যটকক৷ মূলতঃ অনা–মুছলমানসকলৰ ওপৰত এই আক্রমণ সংঘটিত কৰা হয়৷ ইতিমধ্যে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে লস্কৰ–ই–তৈবাৰ ভগ্ণী সংগঠন দ্য ৰেজিষ্টেঞ্চ ফ্রণ্টে৷ পেহেলগামত এই বর্বৰোচিত হত্যাযজ্ঞৰ পিছতেই সম্পূর্ণৰূপে শেষ হৈ গ’ল ভাৰত–পাকিস্তানৰ সম্পর্ক৷ এই আক্রমণৰ পিছতেই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে পেহেলগামত উপস্থিত হৈ পর্যবেক্ষণ কৰাৰ অন্তত দিল্লীলৈ উভতি আহি প্রধানমন্ত্রীৰ বাসভৱনত কেন্দ্রীয় নিৰাপত্তা বিষয়ক কমিটীৰ বৈঠকত মিলিত হয়৷ প্রায় দুঘণ্টা ধৰি চলা বৈঠকৰ অন্তত পাকিস্তানৰ বিৰুদ্ধে ছয়দফীয়া কূটনৈতিক বাণ নিক্ষেপ কৰে ভাৰতে৷ ইয়াৰ ভিতৰত অন্যতম হৈছে ১৯৬০ চনৰ সিন্ধু জলচুক্তি অবিলম্বে বন্ধ কৰা৷ যিমান দিন পাকিস্তান চৰকাৰে সন্ত্রাসবাদক নিয়ন্ত্রণ নকৰে সিমান দিনলৈ এই চুক্তি স্থগিত থাকিব৷ তদুপৰি আট্টাৰি–ৱাঘা সীমান্ত বন্ধ ৰখা হ’ব৷ উল্লেখ্য যে আন্তর্জাতিক মধ্যস্থতাত একেৰাহে প্রায় ৯ বছৰ আলোচনাৰ পিছত ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত স্বাক্ষৰিত হৈছিল ভাৰত–পাক সিন্ধু জলচুক্তি৷ দেশৰ প্রথমগৰাকী প্রধানমন্ত্রী জৱাহৰলাল নেহৰু আৰু তৎকালীন পাক ৰাষ্ট্রপতি আয়ুব খানে এই চুক্তিত স্বাক্ষৰ কৰিছিল৷ বিশ্ব বেংকৰ মধ্যস্থতাত স্বাক্ষৰিত হোৱা এই দ্বিপাক্ষিক চুক্তি অনুসৰি সিন্ধু আৰু তাৰ দুই উপনদী বিতস্তা (ঝিলম) আৰু চন্দ্রভাগা (ছেনাব)ৰ পানীৰ ওপৰত পাকিস্তানৰ অধিকাৰ আৰু কর্তৃত্ব থাকিব৷ ভাৰতৰ নিয়ন্ত্রণত থাকিব তিনিখন উপনদী– বিপাশা (বিয়াছ), শতদ্রু (ছটলেজ) আৰু ইৰাৱতী (ৰাভি) ৰ পানীভাগ সামগ্রিকভাৱে সিন্ধু আৰু তাৰ উপনদীসমূহৰ মুঠ পানীৰ ওপৰত পাকিস্তানৰ অধিকাৰ ৮০ শতাংশ৷ ভাৰতৰ এই অধিকাৰ মাত্র ২০ শতাংশ৷ চুক্তিৰ চর্ত অনুসৰি ভাৰত আৰু পাকিস্তানে নিজৰ প্রয়োজনত এই জলৰাশি ব্যৱহাৰ কৰিব পাৰিব যদিও কোনো কাৰণতে জলপ্রৱাহ আবদ্ধ কৰি ৰাখিব নোৱাৰিব৷
কিন্তু দুটাকৈ জলবিদ্যুৎ প্রকল্প স্থাপন কৰি ভাৰতে পানী আবদ্ধ কৰি ৰখা বুলি ২০১৬ চনত পাকিস্তানে অভিযোগ কৰিছিল৷ প্রাথমিকভাৱে এই অভিযোগৰ সত্যতা প্রমাণ কৰিবলৈ নিৰপেক্ষ দেশৰ পর্যবেক্ষকক দায়িত্ব দিবলৈ দাবী জনাইছিল ইছলামাবাদে৷ ভাৰতে ১৯৬০ চনৰ সিন্ধু জলচুক্তিৰ ৭নং অনুচ্ছেদ অনুসৰি নিৰপেক্ষ বিশেষজ্ঞ নিয়োগৰ প্রস্তাৱো মানি লৈছিল৷ কিন্তু ইয়াৰ পিছতো একপক্ষীয়ভাৱে আন্তর্জাতিক আদালতৰ দ্বাৰস্থ হৈছিল ইছলামাবাদ৷ অৱশ্যে আন্তর্জাতিক আদালতে নিৰপেক্ষ পর্যবেক্ষকৰ হাততে বিষয়টো সমাধানৰ দায়িত্ব অর্পণ কৰিছিল৷ ঘটনাক্রমে চলিত বর্ষৰ জানুৱাৰীত নতুন দিল্লীৰ অৱস্থানৰ প্রতি সঁহাৰি জনাই নিৰপেক্ষ পর্যবেক্ষকে জানিবলৈ দিয়ে যে পাকিস্তানৰ প্রাপ্য পানী ভাৰতে আবদ্ধ কৰা নাই, নিজৰ প্রয়োজনতহে দেশখনে জলবিদ্যুৎ প্রকল্প স্থাপন কৰিছে৷ নিৰপেক্ষ পর্যবেক্ষণ পর্বৰ মাজতে যোৱা বছৰৰ আগষ্টত ইছলামাবাদক সিন্ধু জলচুক্তিৰ পুনৰ মূল্যায়নৰ বাবে পত্র প্রেৰণ কৰিছিল নতুন দিল্লীয়ে৷ তাৎপর্যপূর্ণভাৱে সীমান্ত–সন্ত্রাসৰ প্রভাৱ চুক্তিৰ ওপৰত পৰিব বুলি সেইখন পত্রতে সকীয়নি দিছিল মোদী চৰকাৰে৷ সেইবাবে পেহেলগাম কাণ্ডই এই সকীয়নি সম্পূর্ণ কৰিব পাৰে বুলি ইতিমধ্যে দুয়োখন দেশৰ লগতে আন্তর্জাতিক মঞ্চতো আলোচনা হৈছে৷ ভাৰতে চুক্তি ভংগ কৰিলে পাকিস্তানৰ পাঞ্জাব প্রদেশত ব্যাপকভাৱে ক্ষতি হ’ব বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷ ইয়াৰ প্রত্যক্ষ আৰু নেতিবাচক প্রভাৱ পৰিব কৃষিৰ ওপৰত৷ এইক্ষেত্রত অর্থনৈতিক সংকটত বিপর্যস্ত পাকিস্তানে পুনৰ মূৰ দাঙি উঠা কঠিন হৈ পৰিব পাৰে৷ কাৰণ সিন্ধু আৰু তাৰ উপনদীসমূহৰ জলৰাশিৰ ওপৰতে পাকিস্তানৰ ৮০ শতাংশ কৃষি নির্ভৰশীল৷ ২০২৩ চনৰ জানুৱাৰীত সিন্ধু চুক্তিৰ পুনৰ মূল্যায়নৰ বাবে প্রথমবাৰ পাকিস্তানলৈ পত্র প্রেৰণ কৰিছিল নতুন দিল্লীয়ে৷ এই পত্রত প্রধানভাৱে ১৯৬০ চনৰ পিছত দেশ দুখনৰ বিপুল জনসংখ্যা বৃদ্ধিৰ যুক্তি প্রদর্শন কৰা হৈছিল৷ কিন্তু ইছলামাবাদৰ তৰফৰ পৰা কোনো সঁহাৰি নোপোৱাত দ্বিতীয়খন পত্র প্রেৰণ কৰি সীমান্তৰ সিপাৰৰ সন্ত্রাসৰ বাবে কঠিন পদক্ষেপ গ্রহণৰ ইংগিত দিয়া বুলি ধাৰণা কৰা হৈছিল৷ প্রতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, ১৯৪৭–৪৮ চনত ভাৰত–পাক যুদ্ধৰ নেপথ্যত আছিল সিন্ধু নদীৰ জলৰাশিৰ দখল৷ সেইবাবেই কাশ্মীৰ আক্রমণৰ সিদ্ধান্ত লৈছিল মহম্মদ আলী জিন্না নেতৃত্বাধীন চৰকাৰে৷ হয়তো পেহেলগামৰ শেহতীয়া ঘটনাৰ জৰিয়তে ভাৰতে ইয়াৰ প্রত্যুত্তৰ দিয়াৰ সুযোগ লাভ কৰিছে৷