ইজৰাইল–ইউ এ ইৰ সম্পর্ক
ইজৰাইলৰে আৰব বিশ্বৰ সংঘাত দীর্ঘদিনীয়া৷ ইহুদী ৰাষ্ট্র হিচাপে পেলেষ্টাইনৰ বুকুত ইজৰাইলৰ জন্ম আছিল এক ইছলামিক দুনীয়াৰ বাবে নতুন সংঘাত৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইহুদীসকলৰ গৃহভূমি হিচাপে ইজৰাইলক জন্ম দিয়াৰ সিদ্ধান্তৰ লগে লগে সমগ্র ইছলামিক দুনীয়াৰ প্রতি নামি আহিছিল প্রত্যাহ্বান৷ সেই প্রত্যাহ্বান ইজৰাইলে নিজেই প্রকট কৰে পেলেষ্টাইনী ভূ–খণ্ডত চেপি–খুন্দি নিঃশেষ কৰাৰ ষড়যন্ত্রৰে৷ বৃহৎ পেলেষ্টাইন ৰাষ্ট্র সংকুচিত হৈ পৰে ইজৰাইলৰ আধিপত্যবাদী তথা আগ্রাসনবাদী চৰিত্রৰ বাবে৷ ইফালে, অন্যান্য ইছলামিক ৰাষ্ট্রৰ ভূখণ্ড দখলৰ বাবেও আমেৰিকা তথা পাশ্চাত্যৰ মদতপুষ্ট ইজৰাইলে প্রতি মুহূর্ততে চলাই গ’ল কুচকাৱাজ৷ ইয়াৰ ফলতেই ছিৰিয়াৰ গুৰুত্বপূর্ণ ভূখণ্ড গোলান হাইট্ছ ইজৰাইলৰ দখললৈ যায়৷ পেলেষ্টাইনৰ গাজা ষ্ট্রীপ এতিয়া বিশ্বৰ ভিতৰতে অন্যতম বিবদমান অঞ্চল৷ জর্ডান নদীৰ পশ্চিম পাৰক সামৰি গঢ়ি উঠা বৃহৎ উপত্যকা অঞ্চল ৱেষ্ট বেংকৰ ওপৰতো ইজৰাইলৰ শেনদৃষ্টি দীর্ঘদিন ধৰি চলি আছে৷ এইবোৰ কাৰণতেই আৰব বিশ্বৰ স’তে ইজৰাইলৰ সংঘাত দীর্ঘদিন ধৰি চলি আহিছে৷ কিন্তু এই সংঘাতৰ অৱসান ঘটোৱাৰ বাবেই হওক বা আমেৰিকাৰ ক্রমবর্ধমান চাপৰ পৰিত্রাণৰ পৰা মুক্তি লাভ কৰিবলৈ শেহতীয়াকৈ সংযুক্ত আৰব আমিৰ শ্বাহী (ইউ এ ই) আৰু ইজৰাইলৰ সৈতে স্বাক্ষৰ হৈছে কূটনৈতিক চুক্তি৷ দীর্ঘদিন ধৰি বন্ধ হৈ থকা কূটনৈতিক সম্পর্ক ইজৰাইলৰে পুনৰ মুকলি কৰি ইউ এ ই এতিয়া সমগ্র মধ্যপ্রাচ্য তথা পাৰস্য উপসাগৰীয় অঞ্চলত হৈ পৰিছে অন্যতম শত্রু৷ ইউ এ ই আৰু ইজৰাইলৰ মাজত দ্বিপাক্ষিক সম্পর্কই পুনৰ জীৱন লাভ কৰাৰ লগে লগে আৰব্য অঞ্চলৰ প্রতিখন দেশত সৃষ্টি হৈছে ক্ষোভৰ ধুমুহা৷ আনকি মধ্যপ্রাচ্যৰ কট্টৰ ইছলামিক ৰাষ্ট্র ইৰানে ইউ এ ইক ইছলামিক বিশ্বৰ অন্যতম বিশ্বাসঘাতক বুলি অভিহিত কৰিছে৷ অকল সেয়াই নহয়, ইউ এ ই আৰু ইজৰাইলৰ এই সম্পর্কৰ ফলত আৰব্য অঞ্চলৰ অস্তিত্বৰ প্রতি ভাবুকি নামি আহিব বুলিও বিভিন্ন দেশে আশংকা প্রকাশ কৰিছে৷ ছিৰিয়াকে ধৰি কেইবাখনো দেশে এয়া এক অপৱিত্র বন্ধন বুলি অভিহিত কৰি ইছলামিক বিশ্বৰ অস্তিত্বক আমেৰিকা আৰু ইজৰাইলৰ ওচৰত বিসর্জন দিয়াৰ প্রক্রিয়া বুলি ঘোষণা কৰিছে৷ তাৎক্ষণিকভাৱে সমগ্র অঞ্চলটোত সৃষ্টি হৈছে উত্তেজনা৷ এফালে ইহুদী ৰাষ্ট্রৰ সম্প্রসাৰণৰ আশংকা, আনফালে ইছলামিক বিশ্বৰ সংকোচনৰ ভাবুকি৷ এতিয়া ইয়াকে লৈ চলিছে মধ্যপ্রাচ্যৰ ৰাজনীতি৷ উত্তপ্ত হৈছে ইছলামিক দেশসমূহৰ অভ্যন্তৰ৷ মতান্তৰ বৃদ্ধি পাইছে ইহুদী সম্প্রসাৰণবাদৰ সৈতে৷
১৯৪৮ চনত ইজৰাইলৰ জন্মৰ পাছৰে পৰা আৰব দুনীয়াত সৃষ্টি হৈছিল নতুন সংকট৷ বিশেষকৈ পেলেষ্টাইনৰ সৈতে ইজৰাইলৰ মতানৈক্যই এক দীর্ঘস্থায়ী সশস্ত্র সংঘর্ষৰ সূত্রপাত ঘটাইছিল৷ ৰাষ্ট্রসংঘকে ধৰি আন্তর্জাতিক সংস্থাসমূহে ইজৰাইলৰ সম্প্রসাৰণবাদী নীতিৰ বিৰুদ্ধে সদায় অৱস্থান গ্রহণ কৰি আহিছে যদিও আমেৰিকাৰ ইজৰাইলপ্রীতিয়ে মধ্যপ্রাচ্য তথা আৰব দুনীয়াৰ অশান্তিৰ জুইকুৰাত ইন্ধন যোগাই আহিছে৷ বিভিন্ন সময়ত পেলেষ্টাইনক স্বাধীন ৰাষ্ট্র ঘোষণা কৰাৰ প্রস্তাৱত ৰাষ্ট্রসংঘৰ গৰিষ্ঠসংখ্যক দেশে সহমত পোষণ কৰি আহিছে যদিও আমেৰিকাই এইক্ষেত্রত বিপৰীত মেৰুত অৱস্থান গ্রহণ কৰি সমস্যাটোক জীয়াই ৰাখিছে৷ বর্তমানৰ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে নির্লজ্জভাৱে আমেৰিকাৰ পূর্বৰ বৈদেশিক নীতিৰ নৰমপন্থী অৱস্থানৰ অৱসান ঘটাই ইজৰাইলক মধ্যপ্রাচ্যৰ সম্প্রসাৰণবাদৰ ক্ষেত্রত মুকলিকৈ সমর্থন কৰা দেখিবলৈ পোৱা গৈছে৷ ট্রাম্পৰ পূর্বসূৰী বাৰাক অ’বামাই ইজৰাইল–পেলেষ্টাইনৰ্ মাজৰ সংকটৰ অৱসান ঘটোৱাৰ প্রচেষ্টা চলাইছিল, যাৰ বাবে হোৱাইট হাউছৰে মতানৈক্য তীব্রতৰ হৈছিল ইজৰাইলৰ৷ কিন্তু ট্রাম্প ক্ষমতালৈ অহাৰ পাছতে ইজৰাইল আৰু আমেৰিকাৰ মাজত বিঘ্ণিত সম্পর্ক পুনৰুজ্জীৱিত হয়৷ বিশ্ব সম্প্রদায়ৰ আপত্তি সত্ত্বেও ট্রাম্পে জেৰুজালেমক ইজৰাইলৰ স্থায়ী ৰাজধানী বুলি স্বীকৃতি দিয়ে৷ উল্লেখনীয় যে জেৰুজালেম হৈছে ইজৰাইল–পেলেষ্টাইনৰ্ সংঘাতৰ অন্যতম কেন্দ্রবিন্দু৷ ইছলাম আৰু খ্রীষ্টানৰ উপৰি ইহুদীসকলৰ পৱিত্র চহৰ হিচাপে জেৰুজালেমত সকলো দেশৰেই নজৰ নিবদ্ধ হৈ আছে৷ এনে পৰিস্থিতিত ট্রাম্পে জেৰুজালেমক ইজৰাইলৰ স্থায়ী ৰাজধানী হিচাপে স্বীকৃতি দিয়াৰ লগে লগে বিষয়টোক কেন্দ্র কৰি ৰাষ্ট্রসংঘৰ মজিয়াত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ আনকি পাশ্চাত্যৰ দেশসমূহেও ট্রাম্পৰ এনে আঁকোৰগোজ ঘোষণাক কঠোৰ সমালোচনা কৰিছে৷ কিন্তু ৰাজনৈতিক ক্ষেত্রখনত কোনোদিন বিচক্ষণতাৰ পৰিচয় দিবলৈ সক্ষম নোহোৱা ট্রাম্পে এই অস্থিৰতা অব্যাহত থকাৰ সময়তে ছিৰিয়াৰ ভূখণ্ড গোলান হাইট্ছো ইজৰাইলৰ আভ্যন্তৰৰ অঞ্চল বুলি ঘোষণা কৰে৷ এই উত্তেজনা অব্যাহত থকাৰ সময়তে ইউ এ ই আৰু ইজৰাইলৰ কূটনৈতিক সম্পর্কই স্বাভাৱিকতে উত্তপ্ত কৰিছে আৰব্য দুনীয়া৷