নেতৃত্বৰ প্রশিক্ষণ
বিগত কিছু বছৰত দেখা গৈছে যে অসমৰ যুৱপ্রজন্মৰ বহুতেই ৰাজনীতিৰ ক্ষেত্রখনলৈ আকর্ষিত হৈছে আৰু ইয়াকেই জীৱিকা হিচাপে গ্রহণ কৰিবলৈ ইচ্ছুক হৈছে৷ মানসিকতাৰ পৰিৱর্তন হৈছে ঠিকেই, কিন্তু এই দিশত আগবাঢ়ি যোৱা পথ একেই আছে৷ সকলো জীৱিকাই বিশেষভাৱে প্রশিক্ষিত লোক বিচাৰে আৰু এই ধৰণৰ প্রশিক্ষণে তেওঁক আগবাঢ়ি যোৱাত সহায় কৰে৷ কিন্তু এই প্রশিক্ষণ নোলোৱাকৈও পৰম্পৰাগতভাৱেই বহুতো লোকে নেতাৰ আসন অধিকাৰ কৰিছে আৰু একেদৰে বহু লোক দ্বিতীয় শাৰীতেই ৰৈ গৈছে৷ এতিয়া দেখা গৈছে যে প্রায় প্রতিটো ৰাজনৈতিক দলেই নিজৰ দলৰ কর্মী নির্বাচন কৰা আৰু দায়িত্ব অর্পণ কৰা কামটোত যথেষ্ট গুৰুত্ব প্রদান কৰে আৰু এই কামে কর্মীসকলৰ যোগ্যতা আৰু দায়িত্ব বৃদ্ধিও কৰে৷ কিন্তু একে সময়তে যে কম্সকলৰ উপযুক্ত প্রশিক্ষণৰ প্রয়োজন থাকে, সেই কথাটোতহে কোনো এটা ৰাজনৈতিক দলেই বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷ সাধাৰণ কর্মীৰ পৰা নেতাৰ স্থানলৈ যাবলগীয়া হওঁতে কর্মী এজনৰ যিমানখিনি প্রশিক্ষণৰ প্রয়োজন হয়, সেই একেই ধৰণৰ প্রশিক্ষণৰ প্রয়োজন হয় সকলো ধৰণৰ প্রতিষ্ঠানতেই৷ সেইবাবেই বহু ব্যৱসায়িক কোম্পানীয়ে কম্সকলক নেতৃত্বৰ প্রশিক্ষণ দিয়ে আৰু সেই প্রশিক্ষণেৰে যোগ্যজন আগবাঢ়ি যায়৷ এগৰাকী নেতাৰ মূল কাম হ’ল নিজে কাম কৰা আৰু আনক সঠিক কাম কৰিবলৈ সহায় কৰা৷ নেতাই দিশ নির্ধাৰণ কৰে, এক প্রেৰণাদায়ক দৃষ্টিভংগীৰে নতুন সৃষ্টিৰ পিনে অগ্রসৰ হয়৷ নেতৃত্ব হৈছে দল বা সংগঠন হিচাপে ‘জিকিবলৈ’ আপুনি ক’লৈ যাব লাগিব, তাৰ প্রেৰণাদায়ক মানচিত্র নির্মাণ কৰা৷ এই কামটোৰ বাবে নেতা হ’ব বিচৰাজনৰ জ্ঞান–বুদ্ধি আৰু শ্রম বিশেষভাৱে নিয়োজিত হ’ব লাগিব, যাতে তেওঁৰ শক্তিৰ অপচয় নহয় আৰু সকলো শক্তি প্রয়োজনীয় ধৰণে ব্যৱহাৰ হয়৷ এই কথাবোৰ প্রণালীবদ্ধভাৱে শিকাবলৈ এতিয়া ভাৰততে বিভিন্ন ধৰণৰ শিক্ষা প্রতিষ্ঠানৰ জন্ম হৈছে আৰু তেওঁলোকে বিশেষকৈ বাণিজ্য পৰিচালনাৰ লোকসকলক এই বিষয়ৰ প্রশিক্ষণ দি আহিছে৷ ৰাজনীতিৰ ক্ষেত্রখনৰ বাবে প্রশিক্ষণ দিয়া শিক্ষানুষ্ঠানৰো আৰম্ভণি হৈছে আৰু সেইবোৰে যথেষ্ট চকুত পৰা কাম কৰিছে৷
অসমৰ পৰিপ্রেক্ষিতত এই কথাটো বিশেষভাৱে বিবেচনা কৰাৰ সময় আহি পৰিছে৷ যিসকল যুৱক–যুৱতীয়ে ৰাজনীতিকেই জীৱিকা হিচাপে ল’বলৈ আগবাঢ়িছে, তেওঁলোকক সঠিকভাৱে প্রশিক্ষিত কৰাটো ৰাজনৈতিক দলসমূহৰ কর্তব্য হোৱা উচিত৷ ৰাজনীতিৰ ক্ষেত্রখনত এতিয়াৰ কম্ এগৰাকী ভৱিষ্যতে ক’ত উপনীত হ’ব বিচাৰে, তাৰ এক বাস্তৱিক, বিশ্বাসযোগ্য আৰু আকর্ষণীয় দৃষ্টিকোণৰ নির্মাণেহে তেওঁক ৰাজনৈতিক ক্ষেত্রখনত সবল কৰি ৰাখে৷ তেওঁ নেতা হিচাপে তেতিয়াই স্বীকৃত হ’ব, যেতিয়া তেওঁ ক’ব পাৰিব যে তেওঁ যি বিচাৰিছিল তাক স্পর্শ কৰিব পাৰিছে৷ নেতা এজনৰ এইটো প্রাথমিক গুণ৷ এইধৰণৰ দৃষ্টিভংগী নির্মাণ কৰিবলৈ এতিয়াৰ যুৱ কম্ এজনে সাম্প্রতিক পৰিস্থিতি বিশ্লেষণ কৰিবলৈ সক্ষম হ’ব লাগিব আৰু তেওঁৰ দৃষ্টিভংগী ৰাজনৈতিক সীমাবদ্ধতাৰ ঊর্ধ্বলৈ গৈ এটা বিশাল মানৱীয় প্রেক্ষাপটত স্থাপিত হ’ব লাগিব৷ তেওঁৰ ৰাজনৈতিক দলটোৰ বিকাশ কোন পথেৰে আগবাঢ়ি কেনেদৰে বিকশিত হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ প্রতিযোগী দলবোৰে কেনে আচৰণ কৰাৰ সম্ভাৱনা আছে, সেহ বিষয়ে চিন্তা কৰাটো বিশেষভাৱে প্রয়োজনীয়৷ সেইবাবেই নেতৃত্বৰ ধাৰণাটোক এটা সক্রিয় আৰু ব্যৱহাৰিক ধাৰণা বুলি আখ্যা দিয়া হয়, যাৰ প্রধান আৰু তাৎক্ষণিক কাম হ’ল সমস্যা সমাধান কৰা আৰু আগলৈ চোৱা৷ এই কথাবোৰ এটা বিদ্যায়তনিক পদ্ধতিৰে শিকি যুৱ ৰাজনৈতিক কর্মীসকল নিজৰ কামত ব্রতী হোৱাটো অকল তেওঁৰ ব্যক্তিগত মংগলৰ বাবেই নহয়, ৰাজহুৱা কামক অধিক উন্নত কৰি তোলাৰ বাবেও জৰুৰী৷ ৰাজনৈতিক নেতৃত্বৰ বিষয়ে শিকোৱা যিবোৰ শিক্ষা প্রতিষ্ঠান ভাৰতৰ বিভিন্ন ঠাইত স্থাপিত হৈছে আৰু কার্যনির্বাহ কৰি আছে, তেনেকুৱা প্রতিষ্ঠানত অসমৰ যুৱ কম্ক প্রশিক্ষণ দি অনা কাম আৰম্ভ কৰিব লাগে আৰু একেদৰেই তেনেকুৱা শিক্ষা প্রতিষ্ঠান অসমতো আৰম্ভ কৰাৰ কথা ভাবিব লাগে৷