মাজুলীৰ চকুপানী
মাজুলীয়ে প্রতি বছৰেই চকুপানী টুকিয়েই থাকে, এইবাৰো কাঢ়িছে, মাজুলীৰ ইতিহাসত এয়া কোনো নতুন কথা নহয়৷ কিন্তু কথা হ’ল– স্বাধীনতাৰ সাতটা দশকৰ পিছতো এই চকুপানী মচি দিয়াৰ কথা কোনেও ভালদৰে চিন্তা নকৰিলে৷ আচলতে এই কথাবোৰ বাহিৰৰ কাৰো মনতেই নপৰে৷ কেতিয়াবা কিবা এটা দুর্ঘটনা হ’লে আটাইবোৰ ব্যস্ত হৈ পৰে, কিছুমানে এই সুযোগতে সত্রাধিকাৰসকলক দুষাৰ গালি পাৰে, তাৰ পিছত সকলো শান্ত, সকলো উত্তেজনাৰ সমাপ্তি ঘটে পৰৱর্তী দুর্ঘটনালৈকে৷ বাৰিষাৰ সময়ত খহনীয়াৰ কথা আলোচনা হয়, কেতিয়াবা মাজুলীত নির্মাণ হোৱা গির্জাবোৰৰ কথা ওলায়, সত্রাধিকাৰক গালি পৰা হয়, সিমানেই৷ প্রশ্ণ হয় বাহিৰৰ মানুহৰ বাবে মাজুলীৰ বিপদ একো একোটা সংবাদ মাত্র, কিন্তু মাজুলীৰ বাসিন্দাখিনিয়ে নিজৰ সমস্যাৰ কথা সজোৰে উত্থাপন কৰা নাই কিয়, কৰিব পৰা নাই কিয়? মাজুলীৰ পৰাতো জনপ্রতিনিধি প্রতি পাঁচবছৰৰ মূৰে মূৰেই নির্বাচিত হৈ আছে৷ সেইসকলে ইমান দিনে কি কৰি আহিছিল৷ ‘লংকালৈ যিয়ে যায়, সিয়েই ৰাৱণ হয়’ বুলি কৈ নিজৰ দায়িত্বৰ পৰা পলায়ন কৰা যিটো প্রথা চলি আহিছে, সেই কথাটো মাজুলীৰ জনতা আৰু জনপ্রতিনিধিসকলৰ্ ক্ষেত্রত প্রযোজ্য বুলি ক’ব পাৰি৷ মাজুলীৰ বিভিন্ন ঘাটত নিয়ন্ত্রণহীন ব্যক্তিগত ফেৰীৰ আধিপত্য আৰু লেচীৰ মইমতালিৰ বিষয়ে আজি যিবোৰ সংবাদ বাতৰিকাকতত প্রকাশ পাই আহিছে, সেইবোৰ যদি সত্য হয়, তেনেহ’লে ইমানদিনে মাজুলীবাসী ৰাইজে তাৰ প্রতিবাদ কৰিছিলনে নাই, সেই কথাও ৰাইজে জনা উচিত৷ মাজুলীবাসীৰ জনপ্রতিনিধি, চৰকাৰৰ বিভিন্ন বিভাগৰ বিভিন্ন বিষয়াৰ সন্মুখতে এই অন্যায়–বিচাৰ চলি আহিছিল নেকি সেই কথাৰ আলোচনাও হোৱা উচিত৷ বিভিন্ন গদ্য ৰচনা আদিৰ মাজেৰে এক বিশেষ ধৰণৰ বাক্ধাৰাৰ প্রচলন কৰিব বিচৰা হয় যে মাজুলীৰ সত্রাধিকাৰসকলেই মাজুলীৰ অনগ্রসৰ অৱস্থাৰ মূল কাৰণ৷ যোৱা কেইদিনমানত মাজুলীৰ বিভিন্ন সমস্যাৰ কথা আলোচনা কৰোঁতে বিভিন্ন মাধ্যমত কেৱল লেচী আৰু সত্রাধিকাৰক দোষ দি থকা হৈছে৷ এইদৰে দোষ জাপি থকা কামটোৱে কৰোবাৰ কাৰোবাৰ বিভিন্ন ধৰণৰ উদ্দেশ্য পূৰণ কৰাত সহায় কৰিব পাৰে, কিন্তু সি সমস্যাটোৰ ওচৰলৈকেই যাব নোৱাৰে৷
সর্বানন্দ সোণোৱাল মাজুলীৰ পৰা নির্বাচিত হৈ মুখ্যমন্ত্রী হোৱাৰ লগে লগে বহুতেই কল্পনা কৰিছিল যে এইবাৰ মাজুলীৰ ৰূপ সলনি হ’ব৷ বিভিন্ন প্রভাৱী মন্ত্রীয়ে নিজৰ সমষ্টিৰ ৰূপ সলনি কৰি দিয়াৰ দৰে মাজুলীৰ ৰূপো সলনি কৰি দিয়া হ’ব৷ মুখ্যমন্ত্রী এজন এটা সমষ্টিৰ বিধায়ক হ’লেও সমগ্র ৰাজ্যখনৰ পৰিৱর্তনেহে তেওঁৰ ভাবমূর্তি উজ্জ্বল কৰিব পাৰিব৷ কিন্তু তথাপিতো ৰাইজে আশা কৰে যে মুখ্যমন্ত্রীৰ সমষ্টিটোৰ কিছু উন্নতি হ’বই৷ তাতে যেতিয়া সমষ্টিটো মাজুলীৰ দৰে সমস্যাবহুল সমষ্টি হয়, তেতিয়া স্বাভাৱিকভাৱেই ৰাইজৰ প্রত্যাশা বেছি হয়৷ মাজুলীলৈকে দলং হ’ব, কথা ওলাইছিল, কেইবাজনো সত্রাধিকাৰৰ দল এটিয়ে দিল্লীলৈ গৈ দাবী উত্থাপন কৰিছিল আৰু এটা সময়ত দলঙৰ আধাৰশিলাও স্থাপন হৈছিল৷ দলঙে মাজুলীক মূল ভূখণ্ডৰ লগত লগ লগোৱাৰ লগে লগে মাজুলীৰ এটা বৈশিষ্ট্য যে নাইকিয়া হ’ব, সেই কথা মনত ৰাখি সেই সময়তে মাজুলীলৈ পানীৰ তলেৰে যোৱা সুৰংগ নির্মাণৰ প্রস্তাৱহে দিব লাগিছিল যদিও সেয়া কোনো মহলৰ পৰাই উত্থাপন হোৱা নাছিল৷ মাজুলীক জিলা হিচাপে ঘোষণা কৰা হৈছিল, সোণোৱাল চৰকাৰৰ কেবিনেটো ইয়াত এবাৰ বহিছিল৷ কিন্তু মাজুলীৰ মানুহৰ বাবে যোৰহাট নির্ভৰশীলতা নকমিল৷ মাজুলীৰ কিছু ৰাস্তা সুন্দৰ হ’ল, কিন্তু কিবা অজ্ঞাত কাৰণত অথবা ৰাইজে ক’বলৈ ইচ্ছা নকৰা কিন্তু সকলোৱে জনা কাৰণতেই জেংৰাই অঞ্চলৰ ৰাস্তাৰ অৱস্থা শোচনীয় হৈয়ে থাকি গ’ল৷ এইবোৰ হ’ল সাধাৰণ উদাহৰণ, কিন্তু জ্বলি থকা সমস্যা৷ মুখমন্ত্রীগৰাকীয়ে এইবোৰ সমস্যা সমাধান কৰা সম্ভৱ নাছিল বুলি কোনেও বিশ্বাস নকৰিব৷ নতুন মুখ্যমন্ত্রীয়ে মাজুলী সংযোগী কিছুমান ফেৰীৰ চলন নিষিদ্ধ কৰি দিলে৷ ইয়াৰ বাবে ৰাইজৰ কিছু অসুবিধা হৈছে, কিন্তু এই কথাটোত কোনেও আপত্তি নকৰাটোৱে প্রকাশ কৰে যে এই ফেৰীবোৰ অনুমতি অবিহনেই অথবা নীতি বহির্ভূতভাৱে চলি আছিল৷ কিন্তু চলি থাকিব পাৰিছিল কেনেকৈ সেই প্রশ্ণ উত্থাপিত হয়৷ মাজুলীৰ মংগলৰ বাবে আজি চিন্তা কৰাসকলে আগৰ পৰাই এইবোৰ কথাও চিন্তা কৰা হ’লে মাজুলীৰ চকুপানীৰ পৰিমাণ নিশ্চয় কিছু কম হ’লহেঁতেন৷