নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটৰ মুন্দ্রা বন্দৰত ২১ হাজাৰ কোটি টকাৰ হেৰ’ইন জব্দ

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ দেশৰ ইতিহাসত অন্যতম ঘটনা হিচাপে চিহ্ণিত হৈছে গুজৰাটত জব্দ কৰা ড্রাগ্ছৰ ঘটনা৷ আফগানিস্তানৰ কান্দাহাৰৰ পৰা ইৰান হৈ ভাৰতলৈ অহা জব্দকৃত ড্রাগ্ছৰ মূল্য ২১ হাজাৰ কোটি টকাৰো অধিক৷ বন্দৰত জব্দ কৰা দুটা কণ্টেইনাৰৰ ভিতৰত মুঠ তিনি হাজাৰ কিলোগ্রাম হেৰ’ইন আছে৷ এই হেৰ’ইনৰ লগত তামিলনাডুৰ চেন্নাইৰ দম্পতীক গ্রেপ্তাৰ কৰা হৈছে৷ তালিবানশাসিত আফগানিস্তান চৰকাৰৰ পূর্বৰ চৰকাৰে ড্রাগ্ছ নিষিদ্ধ কৰাৰ পিছত সম্প্রতি বিধ্বস্ত অর্থনীতিৰ পৰা উদ্ধাৰৰ লক্ষ্যৰে তালিবানে পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে মিলিত হৈ কান্দাহাৰৰ পৰা ভাৰতলৈ ড্রাগ্ছ সৰবৰাহৰ প্রক্রিয়া আৰম্ভ কৰা বুলি সন্দেহ কৰা হৈছে৷

ৰাজহ চোৰাংচোৱা সংস্থা (ডিআৰআই) সংস্থাই প্রকাশ কৰা মতে, গুজৰাটৰ মুন্দ্রা বন্দৰত কান্দাহাৰৰ পৰা অহা জাহাজৰ দুটা কণ্টেইনাৰত প্রায় তিনি হাজাৰ কিলোগ্রাম হেৰ’ইন জব্দ কৰা হৈছে৷ এই জব্দকৃত হেৰ’ইনখিনি তালিবান আৰু আইএছআয়ে ভাৰতলৈ সৰবৰাহ কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে ডিআৰআয়ে ৬ দিন পূর্বে মুন্দ্রা বন্দৰত দুটা কণ্টেইনাৰত জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য প্রথমে ৩,৫০০ কোটি টকাৰ বুলি অনুমান কৰিছিল যদিও ৬ দিন ধৰি চলোৱা অনুসন্ধানৰ অন্তত জব্দকৃত হেৰ’ইনখিনিৰ মূল্য ২১ হাজাৰ কোটিতকৈ অধিক হ’ব বুলি প্রকাশ কৰিছে৷ তালিবান আৰু আইএছআয়ে সন্ত্রাসৰ বাবে পুঁজি যোগানৰ লক্ষ্যৰেই ভাৰতলৈ এই বিশাল পৰিমাণৰ হেৰ’ইনখিনি প্রেৰণ কৰিছে৷ গুৰুত্বপূর্ণ যে জব্দকৃত এই হেৰ’ইনখিনি অতি উচ্চমানৰ৷ ডিআৰআয়ে প্রকাশ কৰা মতে, বিশ্বস্ত সূত্রৰ তথ্যৰ আধাৰত আফগানিস্তানৰ কান্দাহাৰৰ পৰা ইৰানলৈ যোৱা আৰু তাৰ পৰা ভাৰতৰ মুন্দ্রা বন্দৰলৈ অহা জাহাজৰ দুটা কণ্টেইনাৰত হেৰ’ইনখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ টালকা পাউডাৰ হিচাপে মুন্দ্রা বন্দৰলৈ অনা এই হেৰ’ইনখিনি কান্দাহাৰৰ পৰা প্রথমে ইৰানৰ আব্বাছ বন্দৰলৈ যায় আৰু তাৰ পৰা সেই জাহাজখনৰ কণ্টেইনাৰ দুটা গুজৰাটলৈ অনা হয়৷ ডিআৰআইৰ তথ্যত প্রকাশ পোৱা মতে, মেছার্ছ আছি ট্রেডিং কোম্পানীয়ে আফগানিস্তানৰ পৰা টালকা পাউডাৰ আমদানি কৰি আনে আৰু সেই টালকা পাউডাৰৰ সৈতে হেৰ’ইনখিনি অনা হৈছে৷ বিজয়ৱাড়াৰ মেছার্ছ আছি ট্রেডিং কোম্পানীৰ সৈতে জড়িত চেন্নাইৰ দম্পতীক হেৰ’ইন অনাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে৷

টালকা পাউডাৰ বুলি আমদানি কৰাৰ দাবী তোলা চেন্নাইৰ গোবিন্দৰাজু দুর্গাপূর্ণ বৈশালী আৰু মাছাৱৰম সুধাকৰক ডিআৰআয়ে গ্রেপ্তাৰ কৰি ভুজৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে ১০ দিনৰ জিম্মাত দিছে৷ জাহাজখনত হেৰ’ইন অনা কণ্টেইনাৰ দুটাৰ ভিতৰত এটাত ১৯৯৯.৫৭৯ কিলোগ্রাম আৰু আন এটি কণ্টেইনাৰত ৯৮৮.৬৪ কিলোগ্রাম উদ্ধাৰ হয়৷ এই ড্রাগ্ছখিনি এনডিপিএছ আইন–১৯৮৫ৰ অধীনত জব্দ কৰা হৈছে৷ চেন্নাইৰ দম্পতীটোক গ্রেপ্তাৰ কৰাৰ পিছতেই ডিআৰআয়ে আহমেদাবাদ, দিল্লী, চেন্নাই, গান্ধীধাম আৰু মানভীত অভিযান চলাইছে৷ এই অভিযানৰ লগতে ডিআৰআয়ে মুম্বাইতো সংগোপনে অভিযান চলাই তিনিজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে এই গ্রেপ্তাৰ কৰা লোককেইজনৰ বিষয়ে ডিআৰআয়ে আনুষ্ঠানিকভাৱে একো প্রকাশ কৰা নাই যদিও দুজন আফগান নাগৰিক৷ কান্দাহাৰৰ পৰা ইৰান হৈ পুনৰ জাহাজেৰে হেৰ’ইন অহাৰ গোপন তথ্য ডিআৰআয়ে লাভ কৰাৰ বাবে সঠিক তথ্য ৰাজহুৱাকৈ প্রকাশ কৰা নাই৷

You might also like