নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংখ্যালঘুৰ ৰাজনীতি

অসমত সদ্যসমাপ্ত পাঁচটা বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ ফলাফল ঘোষিত হোৱাৰ পিছত ৰাজ্যখনৰ ৰাজনীতিৰ এক বিশেষ পৰিৱর্তনৰ ইংগিত দেখা গৈছে৷ অসমৰ সংখ্যালঘু ৰাজনীতিত সংগোপনে হোৱা এই পৰিৱর্তনে আগন্তুক সময়ত ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্রখনত বিশেষ প্রভাৱ পেলাব বুলি সহজেই অনুমান কৰিব পাৰিব৷ সংখ্যালঘু ৰাজনীতিত গোপনে আৰম্ভ হোৱা পৰিৱর্তনৰ এই ধাৰা যদি অব্যাহত থাকে, তেন্তে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নির্বাচনৰ ফলাফল সহজে ধাৰণা কৰা ফলাফলতকৈ পৃথক হ’বও পাৰে৷ এই বর্ষৰ এপ্রিল মাহত অনুষ্ঠিত ৰাজ্যৰ বিধানসভা নির্বাচনত সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত শাসকীয় বিজেপি মিত্রজোঁটৰ বিৰুদ্ধে সংখ্যালঘু জনতাই একত্রিতভাৱে ভোটদান কৰিছিল৷ ফলস্বৰূপে ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত কোনো এটা সমষ্টিতে বিজয়ী হ’ব পৰা নাছিল শাসকীয় বিজেপি মিত্রজোঁটৰ প্রার্থী৷ কিন্তু ইয়াৰ ছমাহ পিছতে অনুষ্ঠিত উপ–নির্বাচনত সংখ্যালঘু অধ্যুষিত ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিত বিজেপি মিত্রজোঁটৰ প্রার্থী বিজয়ী হোৱাটো ৰাজ্যৰ ৰাজনীতিৰ বিশেষ পৰিঘটনা হিচাপে বিবেচিত হৈছে৷ উল্লেখ কৰা ভাল যে এই দুয়োটা সমষ্টিতেই ছমাহ পূর্বে অনুষ্ঠিত নির্বাচনত বিৰোধী প্রার্থী বিজয়ী হ’বলৈ সক্ষম হৈছিল৷ গোসাঁইগাঁৱত যোৱা বিধানসভা নির্বাচনৰ সময়ত গঠন হোৱা মহাজোঁটৰ অংশীদাৰ বি পি এফৰ প্রার্থী আৰু ভৱানীপুৰত এ আই ইউ ডি এফৰ প্রার্থী বিজয়ী হৈছিল৷ গোসাঁইগাঁৱৰ বি পি এফ বিধায়কগৰাকীৰ মৃত্যু হোৱাৰ বাবে আৰু ভৱানীপুৰৰ এ আই ইউ ডি এফৰ বিধায়ক ফণীধৰ তালুকদাৰে বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰাত এই দুয়োটা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হোৱাটো অৱধাৰিত হৈ পৰে৷ স্বাভাৱিকতে সংখ্যালঘু ভোটাৰে নির্ণায়ক ভূমিকা গ্রহণ কৰা এই সমষ্টিকেইটাৰ ফলাফলৰ ওপৰত ৰাজনৈতিক পর্যবেক্ষকসকলৰ দৃষ্টি নিবদ্ধ হৈ আছিল৷ উপ–নির্বাচনত ভৱানীপুৰত বিজেপি আৰু গোসাঁইগাঁৱত মিত্রদল ইউ পি পি এলৰ প্রার্থী দুগৰাকী বিজয়ী হোৱাৰ পিছত এতিয়া শাসকীয় বিজেপি দলে সংখ্যালঘু ভোটাৰৰ এটা অংশৰ সমর্থন লাভ কৰিবলৈ যে সক্ষম হৈছে, সেয়া প্রকট হৈ পৰিছে৷ এই দুয়োটা সমষ্টিৰ জনগাঁথনিয়ে এই কথা নিশ্চিত কৰে যে সংখ্যালঘু ভোটাৰৰ এটা অংশৰ সমর্থন অবিহনে দুয়োটা সমষ্টিতে কোনো প্রার্থীৰ বিজয় সম্ভৱ নহয়৷ আনহাতে দুয়োটা সমষ্টিৰে নির্বাচনী ফলাফলত বিজয়ী প্রার্থীসকলে লাভ কৰা ভোটৰ পৰিমাণ লক্ষ্য কৰিলেই সেই দিশটো স্পষ্ট হৈ পৰে৷ বিশেষকৈ ভৱানীপুৰ সমষ্টিত শাসকীয় বিজেপি দলে সংখ্যালঘু ভোটাৰৰ এক বৃহৎ অংশৰ সমর্থন লাভ কৰাটো নির্বাচনী ফলাফলত স্পষ্ট হৈ পৰিছে৷
ৰাজ্যৰ ৰাজনীতিত সংগোপনে আৰম্ভ হোৱা পৰিৱর্তনৰ এই ধাৰাটোৱে এতিয়া বিশেষ তাৎপর্য বহন কৰিছে৷ উল্লেখ্য যে বিগত বিধানসভা নির্বাচনত বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ধর্মীয় সংখ্যালঘুৰ বিৰুদ্ধে মুকলি স্থিতি গ্রহণ কৰি নির্বাচনী প্রচাৰ চলাইছিল৷ তদুপৰি বিজেপি হিন্দুত্ববাদী দলৰূপে পৰিগণিত হৈ অহাৰ পৰিপ্রেক্ষিতত সংখ্যালঘু ভোটাৰে বিজেপিক বিগত নির্বাচনত নাকচ কৰিছিল৷ কিন্তু বিজেপি মিত্রজোঁটৰ চৰকাৰ গঠনৰ পিছত চৰকাৰৰ উন্নয়নমুখী কাম–কাজে এতিয়া ৰাজ্যখনৰ সকলো শ্রেণীৰ জনসাধাৰণক আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্য চৰকাৰৰ দৰিদ্র জনসাধাৰণৰ বিকাশৰ বাবে গ্রহণ কৰা বহুকেইখন আঁচনিয়ে সকলোধৰণৰ লোকৰে আস্থা আদায় কৰি সমর্থন লাভ কৰিছে৷ সেইবাবে উপ–নির্বাচনত ধর্মীয় গণ্ডীৰ ঊর্ধ্বত গৈ সংখ্যালঘু ভোটাৰে শাসকীয় বিজেপি দলক সমর্থন জনোৱা বিষয়টো বিশেষ গুৰুত্বপূর্ণ৷ সংখ্যালঘু ৰাজনীতিত তাতোকৈ গুৰুত্বপূর্ণ বিষয়টো হৈছে সংখ্যালঘুৰ ত্রাণকর্তা বুলি জাহিৰ কৰা এ আই ইউ ডি এফ দলে কোনো কাৰণতে সংখ্যালঘু ৰাইজক নিৰাপত্তা দিব নোৱাৰে বুলি এতিয়া সর্বসাধাৰণ সংখ্যালঘু লোকো পতিয়ন গৈছে৷ একমাত্র ক্ষমতাৰ স্বার্থতে এ আই ইউ ডি এফে যে সংখ্যালঘুৰ ত্রাণকর্তাৰ ভূমিকা গ্রহণ কৰি আহিছে সেয়া সংখ্যালঘু জনতাই নতুনকৈ বুজি উঠাটো ৰাজ্যৰ ৰাজনীতিৰ বাবে অতিকৈ গুৰুত্বপূর্ণ বিষয়৷ এ আই ইউ ডি এফ মার্কা তীব্র সাম্প্রদায়িক ৰাজনীতিৰ কব্জাৰ পৰা যদি অসমৰ সংখ্যালঘু জনতা ওলাই আহিব পাৰে, সেয়া সংখ্যালঘু সমাজৰ বাবে সবাতোকৈ ইতিবাচক বতৰা হিচাপে চিহ্ণিত হৈ ৰ’ব৷ তেনে এক ইংগিতেই সদ্যসমাপ্ত উপ–নির্বাচনৰ ফলাফলৰ ক্ষেত্রত পৰিলক্ষিত হ’ল৷ এ আই ইউ ডি এফ–কংগ্রেছ মার্কা সংখ্যালঘুৰ ত্রাণকর্তা ৰাজনৈতিক দলসমূহৰ তেনে ভূমিকাৰ আঁৰত যে একমাত্র ক্ষমতা দখলৰ ৰাজনীতি লুকাই আছে সেয়া সর্বসাধাৰণ সংখ্যালঘু ৰাইজে বুজি উঠাৰ বাবেই এতিয়া শাসনাধিষ্ঠিত সংখ্যাগুৰু ৰাজনীতিৰ প্রতি ঢ়াপলি মেলিছে৷ যিটো ৰাজনৈতিক প্রেক্ষাপটত অসমৰ বাবে অতিকৈ গুৰুত্বপূর্ণ দিশ হৈ পৰিছে৷ অসমৰ সংখ্যালঘু ৰাজনীতিৰ পৰিৱর্তনৰ এই ধাৰাটো আগন্তুক সময়ত অতিকৈ লক্ষণীয় হৈ পৰিছে৷

You might also like