নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপালত ভাৰতীয় অঞ্চল

 

লাডাখ সীমান্তত চীনৰ সৈতে ভাৰতৰ বিবাদ তুংগত উঠা সময়তে অন্য এক প্রতিৱেশী হিমালয়ান ৰাষ্ট্র নেপালৰে সম্পর্কৰ অৱনতি ঘটিছে দেশখনৰ৷ নেপালে কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা নিজ ভূখণ্ডৰ অঞ্চল বুলি দাবী কৰি এক ৰাজনৈতিক মানচিত্র মুকলি কৰিছে৷ ইতিমধ্যে সংসদৰ নিম্ন সদনত এই মানচিত্রৰ পক্ষত সকলো ৰাজনৈতিক দলে ভোটদান কৰিছে৷ অর্থাৎ সংবিধান সংশোধন কৰি নিজৰ এই নতুন মানচিত্রক বৈধতা প্রদানৰ সুযোগ লাভ কৰিছে৷ ইয়াৰ লগে লগে ভাৰতত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ লক্ষণীয়ভাৱে শেহতীয়াকৈ লাডাখৰ বিস্তীর্ণ ভূমি চীনে নিজৰ দখললৈ নিয়াৰ অভিযোগ উঠিছে৷ আনকি পূব লাডাখৰ কেইবাটাও স্থানত চীনা সেনাৰে ভাৰতীয় বাহিনীৰ উত্তেজনা সঘনে বৃদ্ধি পাইছে৷ এই উত্তেজনা প্রশমিত কৰিবলৈ সীমান্তত সেনা বিষয়াসকলে কেইবালানিও আলোচনাত মিলিত হৈছে যদিও এই আলোচনাবোৰে কোনো সুফল দিয়া নাই৷ অৱশ্যে দুয়োখন প্রতিৱেশী দেশে সীমান্তৰ সুস্থিৰতা অক্ষত ৰখাৰ লগতে শান্তিপূর্ণ আলোচনাৰে সমস্যা সমাধানৰ পোষকতা কৰিছে৷ চীন–ভাৰতৰ মাজত চলি থকা সীমান্তৰ এই বিবাদৰ সময়তে নেপালে কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা নিজৰ ভূখণ্ডৰ অন্তর্ভুক্ত অঞ্চল বুলি ঘোষণা কৰাৰ লগে লগে আৰু এখন বৈৰী প্রতিৱেশী ৰাষ্ট্রৰ জন্ম হৈছে ভাৰতৰ৷ প্রতিৰক্ষা দিশৰ পৰা আৰু বছৰি ভাৰতৰ তীর্থযাত্রীসকলে কৈলাস মানস সৰোবৰলৈ যাত্রাৰ ক্ষেত্রত অতি গুৰুত্বপূর্ণ এই তিনিটা অঞ্চল৷ দীর্ঘদিন ধৰি এই তিনিটা অঞ্চলত নেপাল সীমান্তৰ পৰা আহি দেশখনৰ নাগৰিকসকলে বসবাস কৰি আছে যদিও ভাৰতে এই বিষয়টোত বিশেষ গুৰুত্ব প্রদান কৰা নাছিল৷ লক্ষণীয়ভাৱে ভাৰতে তীর্থযাত্রীসকলে যাতে তিব্বতৰ কৈলাস পর্বত আৰু মানস সৰোবৰলৈ যাত্রা কৰাৰ সুবিধা লাভ কৰে, তাৰ প্রতি লক্ষ্য কৰি নির্মাণ কৰিছে পথ৷ ভাৰতৰ এই পথ নির্মাণৰ বিষয়টোক লৈ মুঠেও সন্তুষ্ট নহয় প্রতিৱেশী নেপাল৷ ইফালে চীনৰ সৈতে আছে নেপালৰ এক ঘনিষ্ঠ সম্পর্ক৷ গতিকে লাডাখত চীনে চলাই থকা দখলদাৰী অভিযানৰ সমান্তৰালকৈ নেপালকো ভাৰতীয় ভূখণ্ড দখলৰ বাবে উৎসাহিত কৰা বুলি একাংশ বিশেষজ্ঞই সন্দেহ কৰিছে৷ নতুন দিল্লী প্রশাসনে ইয়াৰ বিৰোধ কৰা সত্ত্বেও নেপালৰ সংসদে বিতর্কিত মানচিত্রত সহমত পোষণ কৰাৰ লগে লগে ভাৰতৰে কাঠমাণ্ডুৰ সম্পর্কৰ অৱনতি ঘটাটো নিশ্চিত হৈ পৰিল৷
লক্ষণীয়ভাৱে ভাৰতে এই বিষয়টো সন্দর্ভত নেপাল চৰকাৰক আলোচনাৰ বাবে আহ্বান জনাইছিল যদিও ভাৰতৰ কোনো আহ্বানক গুৰুত্ব প্রদান নকৰিলে দেশখনে৷ দেশখনৰ তৰফৰ পৰা এই কথাহে ঘোষণা কৰা হ’ল যে জম্মু–কাশ্মীৰক লৈ ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰিছে৷ গতিকে নেপালে এতিয়া নিজৰ ভূখণ্ডৰ প্রকৃত মানচিত্র প্রস্তুত কৰাৰ ক্ষেত্রত কোনো দেশৰ অনুমতি গ্রহণ কৰাৰ প্রয়োজন নাই৷ দেশখনৰ প্রধানমন্ত্রী কে পি সিং অ’লিয়ে এই বিবদমান অঞ্চল নেপালৰ অন্তর্ভুক্ত বুলি ঘোষণা কৰি আহিছে৷ লক্ষণীয়ভাৱে কেইমাহমান পূর্বে দেশখনৰ বিৰোধী দলসমূহে কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা নতুন মানচিত্রৰ অন্তর্ভুক্ত কৰিব লাগে বুলি দাবী জনাই আহিছিল৷ এতিয়া প্রশ্ণটো হৈছে– তিনিওটা গুৰুত্বপূর্ণ অঞ্চল নেপালে নিজৰ অভ্যন্তৰত সামৰি লোৱাৰ পাছত ভাৰতে এই বিষয়টো সন্দর্ভত নিজৰ স্থিতি কি, সেয়া স্পষ্ট কৰিবনে নাই৷ নে প্রতিৱেশী দেশখনৰ এনে কার্যক প্রকাৰান্তৰে সমর্থন জনাব৷ তিনিখনকৈ প্রতিৱেশী ৰাষ্ট্রই এতিয়া সীমা সংকট লৈ ভাৰতৰ সন্মুখত সৃষ্টি কৰিছে প্রত্যাহ্বান৷ এফালে পাকিস্তান, আনফালে নেপাল আৰু চীন৷ এই তিনিওখন দেশৰ কাম–কাজৰ মোকাবিলা কৰিবলৈ সীমান্তত ভাৰতে কি ৰণকৌশল গ্রহণ কৰিব, সেয়া হ’ব লক্ষণীয়৷ নেপালে তিনিওটা অঞ্চল নিজৰ মানচিত্রত সামৰি লোৱাৰ পাছত ভাৰতীয় তীর্থযাত্রীসকলে এতিয়া কৈলাস মানস সৰোবৰলৈ যাত্রাৰ ক্ষেত্রত চীনৰ লগতে নেপালৰো অনুমতি গ্রহণ কৰিব লগা হ’ব৷ অর্থাৎ ভাৰতৰ সন্মুখত এই কার্যই সৃষ্টি কৰিব নতুন প্রত্যাহ্বান৷ ইয়াৰ লগে লগে সীমান্তৰ বাণিজ্যিক দিশটোলৈও নামি আহিব নতুন সংকট৷ গতিকে লাডাখেই নহয়, এতিয়া নেপাল সীমান্ততো বৃদ্ধি পালে ভাৰতৰ প্রতি প্রত্যাহ্বান৷

You might also like