নতুন ক্ষুধাতুৰ শ্রেণী
ভাৰত তথা এছিয়াৰ বিভিন্ন দেশত ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ অধিক দ্রুত হৈ পৰাৰ লগে লগে এই দেশসমূহত কেইবা নিযুতো লোক দৰিদ্রতাৰ কবলত পৰাৰ আশংকা ঘনীভূত হৈছে৷ শেহতীয়াকৈ বিশ্ববেংকৰ এক প্রতিবেদনত সতর্কবাণী কৰা হৈছে যে ক’ভিড–১৯ মহামাৰীৰ বাবে চলিত বর্ষটোৰ শেষলৈ পূব এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত নতুনকৈ ৩৮ নিযুত লোক দৰিদ্রতাৰ গ্রাসত পৰিব৷ অর্থাৎ ক’ৰোনা ভাইৰাছৰ বাবে এই নতুন ক্ষুধাতুৰ শ্রেণীৰ সৃষ্টি হ’ব এছিয়া তথা প্রশান্ত মহাসাগৰীয় দেশসমূহত৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ক প্রতিহত কৰাৰ বাবে এই দেশসমূহত পর্যাপ্ত ব্যৱস্থা গ্রহণ কৰা হোৱা নাই বুলি ঘোষণা কৰিছে বিশ্ববেংকে৷ ইয়াৰ উপৰি ক’ভিড সংকটে পূব এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলৰ উৎপাদন ক্ষেত্রত ভয়াৱহ প্রভাৱ পেলাইছে৷ উৎপাদন ব্যৱস্থাটো ক্রমান্বয়ে ধ্বংসমুখলৈ গতি কৰিছে বিভিন্ন দেশত৷ ১৯৬৭ চনৰ পাছত প্রথমবাৰলৈ আভ্যন্তৰীণ উৎপাদন বৃদ্ধিৰ হাৰ মাত্র ০.৯ শতাংশ হৈছে পূব এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত৷ গোলকীয় মহামন্দাৰ প্রতিকূল প্রভাৱৰ ফলত দুর্দশাগ্রস্ত দুখীয়া দেশসমূহত বৃদ্ধি পাব অকাল মৃত্যুৰ হাৰ৷ সমগ্র অঞ্চলটোত ২০ বছৰ পাছত দৰিদ্রতা কবলিত লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ বিশ্ববেংকৰ ‘ফ্রম কণ্টেইনমেইণ্ট টু ৰিক’ভাৰী’ শীর্ষক প্রতিবেদনত উল্লেখ কৰা অনুসৰি ক’ভিড–১৯ মহামাৰীয়ে বহু দেশৰ অর্থনৈতিক বুনিয়াদ বিধ্বস্ত কৰিছে৷ গতিকে এই দেশবোৰ অভূতপূর্ব প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ চৰকাৰৰ সন্মুখত সৃষ্টি হৈছে নতুন সংকট৷ পূব এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে বিশ্ববেংকৰ উপাধ্যক্ষৰ দায়িত্বত থকা ভিক্টোৰীয়া কাৱাকাৱাই উল্লেখ কৰা অনুসৰি ক’ভিড–১৯ প্রতিহত কৰাৰ ক্ষেত্রত বলিষ্ঠ পদক্ষেপ গ্রহণ নকৰিলে সমগ্র অঞ্চলটোৰ উৎপাদন বৃদ্ধিৰ হাৰ আগন্তুক এটা দশকত ১০ শতাংশ হ্রাস পাব৷ অর্থাৎ প্রতিবছৰে এক শতাংশকৈ বৃদ্ধিৰ হাৰ হ্রাস পাব সমগ্র পূব এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহত৷ ইফালে অঞ্চলটোৰ শিক্ষা প্রতিষ্ঠানসমূহো ভয়াৱহ ক্ষতিৰ সন্মুখীন হ’ব বুলি প্রতিবেদনত সতর্কবাণী কৰা হৈছে৷
ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ মহামাৰীয়ে সমগ্র বিশ্বৰ অর্থনীতিত সৃষ্টি কৰিছে অভাৱনীয় সংকট৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ক’ভিড–১৯ মহামাৰীয়ে পৃথিৱীৰ উৎপাদন ব্যৱস্থাত যি আঘাত হানিছে সেয়া নজিৰবিহীন৷ মাত্র ৬টা মাহৰ ভিতৰত ক’ভিড সংকটৰ বাবেই কেইবাকোটি লোকে জীৱিকা হেৰুৱাব লগা হৈছে৷ উদ্যোগ প্রতিষ্ঠানসমূহে কর্মচাৰীক চাটাই কৰাৰ বাবে ন ন কৌশল উদ্ভাৱন কৰিছে৷ চাকৰি খেদাৰ পূর্বৰ লে অফ, ভিআৰএছ, গ’ল্ডেন হেণ্ডচেক আদি নিয়মবোৰ নতুন ৰূপত প্রয়োগ কৰা হৈছে পৃথিৱীৰ বিভিন্ন দেশত৷ অর্থাৎ ক’ভিড–১৯এ পৃথিৱীজুৰি সৃষ্টি কৰিছে এক জীৱিকাহীন প্রজন্ম৷ এই লোকসকলক পুনৰ সংস্থাপিত কৰাৰ নীতি গ্রহণ কৰিব পৰা নাই চৰকাৰে৷ বিভিন্ন দেশত হিতাধিকাৰীৰ দৰে ক’ভিডকালত চাকৰি হেৰুওৱা লোকসকলক সামান্য খাদ্য–সামগ্রী বা জলপানি আগবঢ়াই পৰিস্থিতি মোকাবিলা কৰাৰ প্রচেষ্টা চলাইছে চৰকাৰে৷ ইয়াৰ ফলত সমাজত সৃষ্টি হৈছে তীব্র অসন্তুষ্টি আৰু বৈষম্য৷ ক’ভিডকালত বিশ্বৰ অতি ধনৱান এমুঠি ধন কুবেৰৰ সম্পত্তি ৰকেটৰ গতিত বৃদ্ধি পাইছে৷ নতুনকৈ বিশাল সম্পদ–সাম্রাজ্যৰ গৰাকী হৈ পৰিছে এই ধন কুবেৰসকল৷ কিন্তু কোটি কোটি মধ্যবিত্ত আৰু দুখীয়া লোকৰ সন্মুখত সৃষ্টি হৈছে অভাৱনীয় দুর্ভিক্ষ আৰু অনাহাৰ৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানিয়ে ক’ভিড–১৯ৰ লকডাউনত প্রতি ঘণ্টাত নব্বৈ কোটি টকাকৈ উপার্জন হৈছে৷ আম্বানিৰ সম্পত্তি এটা বছৰত বৃদ্ধি পাইছে ৭৩ শতাংশ৷ কিন্তু এশ ত্রিশ কোটি জনসংখ্যাৰ দেশ ভাৰতৰ কোটি কোটি লোকৰ অন্নমুঠি যোগাৰ কৰিব পৰাৰ ক্ষমতা এই ক’ভিডকালত নোহোৱা হৈছে৷ গতিকে মহামাৰীয়ে তেনে এক আর্থিক বৈষম্যৰ যে সৃষ্টি কৰিছে সেই কথা ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰি৷ বিশ্ববেংকৰ প্রতিবেদনে প্রকাশ কৰা চাঞ্চল্যকৰ তথ্যই এটা কথাৰেই প্রতিফলন ঘটাইছে যে ক’ভিড সংকট আঁতৰি গ’লেও পৃথিৱীজুৰি ইয়াৰ যি আঁচোৰ পৰিছে তাৰ পৰা পৰিত্রাণ পাবলৈ বহু বছৰ লাগিব৷ হয়তো এই ক’ভিডৰ প্রভাৱৰ বাবে বহু দেশৰ অর্থনীতিত এটা দশক পর্যন্ত অব্যাহত থাকিব অস্থিৰতা৷ পূব এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত ক’ভিডে আটাইতকৈ ক্ষতি কৰিছে বাণিজ্যিক ক্ষেত্রখনত৷ ইয়াৰ প্রভাৱ পৰিছে বেংকিং ব্যৱস্থাত৷ বেংকিং ব্যৱস্থাত সংকট হোৱাৰ লগে লগে অর্থনৈতিক ব্যৱস্থাটোৱেই মন্দাৰ দিশে গতি কৰিছে৷