নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীত অসহায় মানুহ

প্রাণঘাতী ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯–এ পৃথিৱীত মানৱ জাতি কিমান অসহায় সেই কথাকেই প্রতিপন্ন কৰিছে৷ ক’ৰোনাৰ সংহাৰী ৰূপে বিশ্বৰ মহাপ্রতাপী শক্তিসমূহক বাধ্য কৰাইছে চকুলো টুকিবলৈ৷ বিশ্ব দখলৰ প্রতিযোগিতাত অৱতীর্ণ হোৱা সমৃদ্ধিশালী সাম্রাজ্যবাদী ৰাষ্ট্রসমূহক ক’ৰোনাই বধ্যভূমিত পৰিণত কৰাৰ লগে লগে সঁচাকৈয়ে পৃথিৱীত মানৱ জাতি শ্রেষ্ঠনে, তাক লৈ পুনৰ প্রশ্ণৰ অৱতাৰণা হৈছে৷ পৃথিৱীক শোষণ কৰিয়েই আৰম্ভ হৈছে মানুহৰ জয়যাত্রা৷ পৃথিৱীৰ বুকুতেই মানুহেই নিজৰ বিজয়ৰ ন ন কাহিনী লিপিবদ্ধ কৰিছে৷ বিজ্ঞান–প্রযুক্তিৰ পৰা আৰম্ভ কৰি অত্যাধুনিক উৎপাদন ক্ষেত্রলৈকে সকলোৰে বুনিয়াদী আধাৰ হৈছে এই পৃথিৱী৷ পৃথিৱীত মানুহে নিজৰ দক্ষতা আৰু মহাশক্তিৰ পৰিচয় দিবলৈ সক্ষম হৈছে যদিও বহু ক্ষেত্রতেই এই গ্রহৰ বহু কথা মানৱ জাতিৰ বাবে হৈ আছে অজানা৷ চীনৰ য়ুহানৰ পৰা বিশ্বজুৰি বিস্তাৰ ঘটা ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯–এ সেই কথাকেই প্রমাণিত কৰিছে৷ সামান্য এটা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আজি মানুহৰ শক্তি নাই৷ এটা মাত্র ভাইৰাছৰ তাণ্ডৱৰ ওচৰত মানুহ কিমান অসহায় হ’ব পাৰে ক’ত গ’ল মানুহৰ বিশ্ব দখলৰ যুঁজ? মহাকাশত চলাই থকা আগ্রাসনৰ প্রতিযোগিতা কি হ’ল? সঁচাকৈয়ে ক’ৰোনা ভাইৰাছৰ সংক্রমণক প্রতিৰোধ কৰাৰ ক্ষমতা বিশ্বৰ মানৱ জাতিৰ আছেনে? আজিৰ মুহূর্তত এই প্রশ্নই ধ্বনিত হৈছে প্রতিখন দেশত ৷ আনকি ৰাষ্ট্রসংঘৰ শাখা সংগঠন বিশ্ব স্বাস্থ্য সংস্থাই আশংকা প্রকাশ কৰিবলগীয়া হৈছে যে এই মাৰাত্মক ভাইৰাছৰ প্রতিষেধক টিকা উদ্ভাৱন কৰিবলৈ চিকিৎসা বিজ্ঞানীসকল কেতিয়াও সক্ষম নহ’ব পাৰে৷ এতিয়ালৈকে বহু সংক্রামক ৰোগত বিশ্বত অসংখ্য লোকে প্রাণ হেৰুৱাইছে৷ কিন্তু এই সংক্রামক ৰোগবোৰৰ সকলোৰে প্রতিষেধক টিকা উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই চিকিৎসা বিজ্ঞানে৷ যদি ক’ৰোনাও প্রতিষেধক টিকা উদ্ভাৱন অবিহনে মানুহৰ মাজত সংহাৰী ভাইৰাছ হিচাপে থাকি যায়, তেন্তে এই বিশ্বত সমগ্র মানৱ জাতিৰ সন্মুখত সৃষ্টি হ’ব মহা বিপর্যয় ৷

ক’ৰোনাৰ এই বিস্তাৰে এটা কথা স্পষ্ট কৰি দিছে যে বিশ্বজুৰি মানৱ জাতি আজি কেইবাটাও শ্রেণীত বিভক্ত হৈ পৰিলেও ঐক্যবদ্ধভাৱে ইয়াৰ সংক্রমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ কোনো বিকল্প নাই৷ বৈষম্য ভৰা পৃথিৱীত এমুঠি ধনকুবেৰৰ হাতত আজি কুক্ষিগত গৈছে বিশ্বৰ কোটি কোটি জনতাৰ সম্পদ৷ বিজ্ঞান– প্রযুক্তি এই ধনকুবেৰসকলৰ হাতৰ মুঠিত বন্দী৷ বিজ্ঞান–প্রযুক্তিৰ সকলো সুফল কেৱল ধনিক গোষ্ঠীয়ে লাভ কৰিবলৈ সক্ষম হৈছে৷ দাৰিদ্র্যপিষ্ট দুখীয়া জনসাধাৰণৰ বাবে বিজ্ঞান–প্রযুক্তিৰ সুফল আজি সুদূৰপৰাহত৷ আনকি চিকিৎসা বিজ্ঞানৰ বিভিন্ন সুফল আজি গৰিষ্ঠসংখ্যক দুখীয়া জনসাধাৰণে লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ গতিকে এই পৃথিৱীত মানুহ হৈ পৰিছে দুটা শ্রেণী৷ এটা শ্রেণীৰ হাতত আছে সমস্ত ঐশ্বর্য–বিভূতি আৰু আনটো চামৰ সন্মুখত আছে দাৰিদ্র্য তথা বুভুক্ষা৷ গতিকে সকলো ক্ষেত্রতে পৃথিৱীবাসী হৈ পৰিছে দুটা শ্রেণীৰ বাসিন্দা৷ মাৰাত্মক মহামাৰীৰ সময়তো যদি এই  বৈষম্যৰ প্রাচীৰৰ পৰা মানুহ মুক্ত হ’ব নোৱাৰে, তেন্তে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব সমগ্র মানৱ জাতিয়ে৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা বাৰে বাৰে ক’ৰোনাৰ প্রতিৰোধৰ বাবে ঐক্যবদ্ধ প্রচেষ্টাৰ প্রয়োজন বুলি ঘোষণা কৰি আহিছে যদিও সমৃদ্ধিশালী দেশসমূহৰ মাজত এইক্ষেত্রত সৃষ্টি হৈছে মতানৈক্য৷ এই মহামাৰীৰ সময়তো চীন–আমেৰিকাৰ মতানৈক্যই তীব্র ৰূপ ধাৰণ কৰিছে৷ ইউৰোপৰ সমৃদ্ধিশালী ৰাষ্ট্রসমূহ ক’ৰোনা প্রতিৰোধৰ ক্ষেত্রত ঐক্যবদ্ধ হোৱা নাই৷ বিশ্বজুৰি এক ভাইৰাছ প্রতিৰোধী একচন প্লেন প্রস্তুত কৰাৰ ক্ষেত্রত ব্যর্থ হৈছে ৰাষ্ট্রসংঘ৷ এই মহাদুর্যোগৰ সময়ত এনে মতানৈক্যই মানৱ জাতিৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিব অধিক দুর্যোগ তথা অন্ধকাৰ ৷

You might also like