গণতন্ত্রৰ বাবে শুভ লক্ষণ নহয়
ক’ভিডৰ সকলো নিষেধাজ্ঞা প্রত্যাহাৰৰ পিছত অসমত ক্রমে স্বাভাৱিক জীৱন–যাত্রা আৰম্ভ হ’বলৈ ধৰিছে৷ বিগত দুটা বছৰে ক’ভিড–১৯ৰ বিভীষিকাই সমগ্র বিশ্বৰ লগতে অসমকো বাৰুকৈয়ে ক্ষতি কৰিছে৷ অতিমাৰী ক’ভিডৰ সংক্রমণ হ্রাস হোৱাৰ লগে লগে অসমত আৰম্ভ হৈছে নির্বাচন আৰু উৎসৱৰ বতৰ৷ অহা ৬ মার্চত শিলচৰৰ বাহিৰে ৰাজ্যখনৰ ৮০খন পৌৰ নিকায়ৰ নির্বাচন অনুষ্ঠিত হ’ব৷ অহা ৭ মার্চত অনুষ্ঠিত হ’ব মাজুলী বিধানসভা সমষ্টিৰ উপ–নির্বাচন৷ ৰাজ্যসভাৰ কংগ্রেছ সাংসদ ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কার্যকাল শেষ হোৱাৰ পৰিপ্রেক্ষিতত অহা এপ্রিলত অনুষ্ঠিত হ’ব দুয়োখন আসনৰ নির্বাচন৷ সন্মুখত থকা তিনিওটা নির্বাচনক লৈ স্বাভাৱিকতে ৰাজ্যখন নির্বাচনমুখৰ হৈছে৷ ক’ভিড–১৯ প্রতিৰোধৰ নামত চলি থকা বাধ্যবাধকতাৰ পৰা মুক্ত হৈ ৰাইজেও এতিয়া মুকলিকৈ ওলাই আহিছে৷ সন্মুখত থকা নির্বাচনী ৰণ জিকাৰ বাবে শাসকীয় বিজেপি, অসম গণ পৰিষদ আৰু ইউ পি পি এল দলে সংঘবদ্ধ অভিযানত নামিছে৷ ২০২১ৰ বিধানসভা নির্বাচনত বিপুল ব্যৱধানত জয়লাভ কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ নেতৃত্বৰ মনোবল বহু পৰিমাণে বাঢ়িছে৷ বিধানসভা নির্বাচনত দ্বিতীয়বাৰৰ বাবে শোচনীয়ভাৱে পৰাজিত কংগ্রেছ দলৰ নেতা–কর্মীসকল মানসিকভাৱে ভাগি পৰিছে৷ ৰাজ্যখনত শেহতীয়াকৈ অনুষ্ঠিত গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, থাওৰা আৰু মৰিয়নি বিধানসভা সমষ্টিৰ উপ–নির্বাচনত শাসকীয় মিত্রজোঁটে আটাইকেইখন আসনত জয়লাভ কৰাৰ বিপৰীতে বিপর্যয়ৰ সন্মুখীন হৈছিল বিৰোধী প্রার্থীসকল৷ ধাৰাবাহিক নির্বাচনী ৰণৰ সাফল্যই যিদৰে এটি ৰাজনৈতিক দলৰ নেতা–কর্মীৰ মনোবল বৃদ্ধি কৰাৰ লেখিয়া বাৰে বাৰে নির্বাচনত পৰাজয়ে এটি ৰাজনৈতিক দলৰ বিপর্যয় নমাই আনে৷ ২০০১ৰ বিধানসভা নির্বাচনত অগপ নেতৃত্বাধীন চৰকাৰখনক ক্ষমতাচ্যুত কৰি কংগ্রেছ দল ক্ষমতালৈ অহাৰ পিছত সুদীর্ঘ তিনিটা কার্যকাল দিছপুৰৰ ৰাজপাটত অধিষ্ঠিত আছিল৷ এই ডেৰ দশকজোৰা সময়ছোৱাত ৰাজ্যখনৰ যিমানবোৰ নির্বাচন অনুষ্ঠিত হৈছিল আটাইবোৰতে দলীয় প্রার্থীক সহজে জয়ী কৰিবলৈ সক্ষম হৈছিল কংগ্রেছৰ নেতৃত্ব৷ কিন্তু ২০১৬ৰ বিধানসভা নির্বাচনৰ পিছত ৰাজ্যখনৰ ৰাজনীতি বহু পৰিমাণে সলনি হৈছে৷ ২০১৪ৰ লোকসভা নির্বাচনৰ জৰিয়তে দিল্লীৰ ৰাজপাটত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত বিজেপি ক্ষমতালৈ অহাৰ পিছতে ২০১৬ৰ অসম বিধানসভা নির্বাচনত বিজেপিয়ে অভূতপূর্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ বিগত ছয় বছৰে ৰাজ্যখনত সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ দলটো সফল হৈছে৷ ২০২১ৰ বিধানসভা নির্বাচনতো বিজেপিয়ে ৬০খন আসনত জয়লাভ কৰিছে৷ একেৰাহে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাটো বিজেপিৰ বাবেও সহজ নাছিল৷ ৰাইজৰ আস্থা আৰু বিশ্বাস অবিহনে কোনো ৰাজনৈতিক দলে একেৰাহে দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হ’ব নোৱাৰে৷ তাৰ বাবে লাগিব ৰাইজৰ আশা–আকাংক্ষা পূৰণ কৰিব পৰা পদক্ষেপ৷ বিগত পাঁচ বছৰৰ ভিতৰতে বিজেপিয়ে ৰাজ্যখনৰ গাঁৱে–চহৰে যিদৰে সাংগঠনিক ভেটি শক্তিশালী কৰি তুলিছে সেয়া দেশৰ স্বাধীনতাৰ পিছত এক বিৰল ঘটনা বুলিয়ে অভিহিত কৰিব পাৰি৷ দলটোৰ প্রায় ৪২ লাখ সদস্যই এতিয়া নির্বাচনী ৰণ জিকাৰ মূল চাবি–কাঠী হৈ উঠিছে৷
অসমৰ ৰাজনীতিত বিজেপিৰ লক্ষণীয় উত্থানৰ বিপৰীতে দিনক দিনে বিৰোধী শিবিৰ দুর্বল আৰু নিশকটীয়া হৈ উঠিছে৷ বিৰোধী পক্ষত অৱস্থান কৰা কংগ্রেছৰ বহুসংখ্যক নেতা–কর্মীয়ে বিজেপিত যোগদান কৰাৰ ধুম উঠিছে৷ পাঁচ বছৰৰ ভিতৰত কংগ্রেছৰ কেইবাজনো জ্যেষ্ঠ নেতা, সাংসদ, বিধায়ক আদিয়ে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যতৰ স্বার্থত বিজেপিত যোগদান কৰিছে৷ যদিহে কংগ্রেছৰ নেতাসকলে এইদৰে বিজেপিত যোগদান কৰি থাকে, তেন্তে শতিকাপুৰণি দলটোৱে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিবলৈ এদিন সমর্থ হ’ব বুলি আশা কৰিব নোৱাৰি৷ নিশ্চিতভাৱে বাৰে বাৰে নির্বাচনী বিপর্যয়ৰ সন্মুখীন হোৱা কংগ্রেছ দলৰ নেতৃত্ব বহু সময়ত দিশহাৰা হৈছে৷ বিশেষকৈ ৰাজ্যখনৰ জ্বলন্ত সমস্যাৰাজিৰ ক্ষেত্রত বিৰোধী দল হিচাপে কংগ্রেছ দলে বলিষ্ঠ ভূমিকা গ্রহণ কৰিব পৰা নাই৷ ফলত দলটোৰ তৃণমূল পর্যায়ত গণভিত্তি বহু পৰিমাণে খহনীয়া আৰম্ভ হৈছে৷ ধাৰাবাহিক নির্বাচনী বিপর্যয়ৰ কাৰকসমূহ নির্ধাৰণ কৰি ইয়াৰ সমাধানৰ পথ উলিওৱাটোৱে হ’ব শতিকাপুৰণি দলটোৰ উত্তম পথ৷ মাথোঁ ৫খন আসনৰ পৰা ২০১৬ৰ বিধানসভা নির্বাচনত বিজেপিয়ে ৬০খন আসনত কিদৰে জয়লাভ কৰিছিল তাৰ অন্তর্নিহিত কাৰকসমূহ কংগ্রেছ দলে প্রকৃতার্থত পর্যালোচনা কৰিছে বুলি মনে নধৰে৷ কংগ্রেছ দলৰ পৰা যিদৰে নেতা–কর্মী আঁতৰি গৈছে, একেদৰে দলটোলৈ নতুন নেতাৰ আগমন হোৱা নাই৷ বিশেষকৈ নতুন প্রজন্মৰ লোকসকলৰ মাজত দলটোৰ গ্রহণযোগ্যতা বৃদ্ধি হোৱাৰ জোখাৰে নেতাসকলে সাংগঠনিক ভেটি গঢ়ি তুলিব পৰা নাই৷ গণতন্ত্রক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিবলৈ হ’লে বিৰোধী ৰাজনৈতিক দলে বলিষ্ঠ ভূমিকা গ্রহণ কৰিবই লাগিব৷ অন্যথা শাসকীয় পক্ষৰ মাজত জন্ম হোৱা প্রতিদ্বন্দ্বীহীনতাই ৰাইজৰ স্বার্থও বিঘ্ণিত কৰাৰ আশংকা আছে৷ যোৱা বিধানসভা নির্বাচনত বিজেপিক ৰাজনৈতিকভাৱে বাধা দিয়াৰ বাবে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ স’তে মিত্রতা কৰি কংগ্রেছ দলে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰসমূ পৰা বহু আঁতৰি গৈছে৷ এই কথা দলটোৰ অধিকাংশ নেতায়ো উপলব্ধি কৰিছে৷ তৎসত্ত্বেও ৰাজ্যসভাৰ আগন্তুক নির্বাচনত কংগ্রেছ দলে আকৌ নির্বাচনী মিত্রতা গঢ়াৰ চেষ্টা চলাইছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ আৱেগ–নুভূতিক গুৰুত্বহীন কৰি মাথোঁ তোষামোদৰ ৰাজনীতিৰে কংগ্রেছে অসমত বিকল্প ৰাজনীতিৰ জন্ম দিব নোৱাৰে৷ এই কথা দলটোৱে উপলব্ধি নকৰিলে দলটোৱে পুনৰ ক্ষমতালৈ অহাৰ বাবে শক্তি আহৰণ কৰিবলৈ সমর্থ হওক দূৰৰ কথা, যোগ্য বিৰোধীৰ ভূমিকাও গ্রহণ কৰিব নোৱাৰে৷