নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিক্রন সংকট

জনস্বাস্থ্যৰ সমান্তৰালভাৱে মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছে কোঙা কৰা বিশ্ব অর্থনীতি বর্তমানেও ঠন ধৰি উঠা নাই৷ পৰিস্থিতি কিছু সুস্থিৰ হৈ অহাৰ লগে লগে অর্থনীতিয়ে গতি লাভ কৰাৰ সময়তে শেহতীয়াকৈ বিশ্ববাসীৰ বাবে উদ্বেগৰ কাৰক হৈ পৰিছে৷ ন’ভেল ক’ৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট ‘অমিক্রন’ (চিকিৎসা বিজ্ঞানৰ পৰিভাষাত বি. ১.১.৫২৯)৷ দক্ষিণ আফ্রিকাত অতি মাৰাত্মক এই ভেৰিয়েণ্টটো চিনাক্ত হোৱাৰ পাছতে ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই সতর্ক বার্তা জাৰি কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই ‘অমিক্রন’ক আখ্যা দিছে ‘ভেৰিয়েণ্ট অৱ কনচার্ন’ ৰূপে৷ চিকিৎসা বিজ্ঞানীসকলে মহামাৰীৰ তৃতীয় ঢ়ৌক লৈ আশংকা প্রকাশ কৰি অহাৰ সময়তে ৰোগীৰ শৰীৰত ‘অমিক্রন’ৰ উপস্থিতি চিহ্ণিত হোৱাটো যথেষ্ট উদ্বেগজনক বিষয় ৰূপে বিবেচিত হৈছে৷ আশংকা কৰা হৈছে– ই সমগ্র বিশ্বতে এক অভাৱনীয় সংকট সৃষ্টি কৰিব পাৰে৷ বিশেষকৈ বিশ্ব অর্থনীতিক আন এক প্রত্যাহ্বানৰ মাজলৈ ঠেলি দিব পাৰে ‘অমিক্রন’–এ৷ কিয়নো ভাৰতকে ধৰি বিভিন্ন দেশত মহামাৰীৰ দ্বিতীয় জোৱাৰৰ তাণ্ডৱৰ মূল কাৰণ আছিল ডেল্টা আৰু ডেল্টা প্লাছ ভেৰিয়েণ্ট৷ সেইদৰে মানৱ জীৱনলৈও ‘অমিক্রন’ সংকটৰ কাৰক হ’ব বুলি ইতিমধ্যে বিশ্বৰ চিকিৎসা বিজ্ঞানী মহলে আশংকা প্রকাশ কৰিছে৷ কোৱা হৈছে যে দক্ষিণ আফ্রিকাৰ যিসকল লোকৰ শৰীৰত ‘অমিক্রন’ৰ উপস্থিতি পোৱা গৈছে, তেওঁলোকৰ অধিকসংখ্যকৰেই টিকাকৰণ সম্পূর্ণ হৈছিল৷ যদিহে ভাৰতলৈ এই ভেৰিয়েণ্ট সংক্রমিত হয়, তেন্তে পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধৰাৰো আশংকা কৰা হৈছে৷ কিয়নো দেশত বর্তমান পর্যন্ত ১৮ বছৰ বয়সৰ অনূর্ধ্বৰ টিকাকৰণ প্রক্রিয়া আৰম্ভ হোৱা নাই৷ এনে অৱস্থাত ‘অমিক্রন’ৰ বিৰুদ্ধে যুদ্ধৰ প্রস্তুতি ভাৰতে আৰম্ভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথনে ক’ভিড বিধি মানি চলা, মাস্ক পিন্ধা আৰু জনসমাগম বন্ধ কৰা আদি বিষয়বোৰৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ ভাৰত চৰকাৰক পৰামর্শ দিছে৷ কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে ‘অমিক্রন’ক লৈ প্রতিখন ৰাজ্য চৰকাৰলৈ সতর্কবাণী জাৰি কৰিছে যদিও উক্ত পৰামর্শসমূহ কার্যকৰী কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ যথেষ্ট আৱশ্যকতা আছে৷ সমান্তৰালভাৱে জনসাধাৰণেও এইক্ষেত্রত নিজাববীয়াকৈ সতর্ক হোৱা উচিত৷ অন্যথা আমাৰ সন্মুখত ৰৈ থকা নিশ্চিত বিপদে যিকোনো মুহূর্ততে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে৷
সমগ্র বিশ্বৰ লগতে ভাৰতৰ অর্থনীতিও সম্প্রতি এক জটিল পৰিৱেশৰ মাজত আবদ্ধ হৈ আছে৷ ইয়াৰ মাজতে ন’ভেল ক’ৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট চিনাক্ত হোৱাৰ পাছতে দেশৰ অর্থনীতিলৈ নামি আহিছে অশনি সংকেত৷ ইতিমধ্যে দেশৰ অর্থনীতিয়ে সম্ভাব্য ভয়াৱহ পৰিস্থিতিৰ সাক্ষী হৈছে৷ মহামাৰীৰ নতুন ভেৰিয়েণ্টক লৈ বিশ্ব অর্থনীতি সংকটৰ মাজত থকাৰ সময়তে ভাৰতৰ শ্বেয়াৰ বজাৰত অভাৱনীয় পতন ঘটিল৷ বিগত কেইদিনমান ধৰি একেৰাহে ছেনছেক্স আৰু নিফটীৰ হাৰ ঊর্ধ্বমুখী আছিল যদিও যোৱা শুকুৰবাৰে সপ্তাহটোৰ অন্তত ছেনছেক্স প্রায় ১৭০০ পইণ্ট আৰু নিফটী প্রায় ৪০০ পইণ্টলৈ অৱনমন ঘটে৷ শুকুৰবাৰৰ দিনটোত বজাৰ আৰম্ভ হোৱাৰ সময়ৰে পৰা ছেনছেক্স আৰু নিফটীৰ সূচকৰ পতন অব্যাহত আছিল৷ বিশেষকৈ অটোম’বাইল, বেংক আৰু শক্তিখণ্ডৰ শ্বেয়াৰৰ আটাইতকৈ দৰ হ্রাস পাইছিল সপ্তাহৰ শেষৰ দিনটোত৷ এনেদৰে বিপুল হাৰত শ্বেয়াৰ বজাৰ পতনৰ ফলত একেটা দিনতে বিনিয়োগকাৰীয়ে প্রায় ৬৫০ লাখ কোটি টকা লোকচান ভৰিবলগীয়া হয়৷ শ্বেয়াৰ বজাৰ বিশেষজ্ঞসকলে ছেনছেক্স আৰু নিফটীৰ এই পতনৰ মূলতে ‘অমিক্রন’ বুলি মন্তব্য কৰিছে৷ ইফালে অর্থনৈতিক মূল্যায়নকাৰী সংস্থা ‘ফেডেলিটী নেচনেল ইনফৰমেচন ছার্ভিচ’ৰ শেহতীয়া প্রতিবেদন মতে চলিত বিত্তীয় বর্ষত ভাৰতৰ জি ডি পি বৃদ্ধিৰ হাৰ ৮.৭ শতাংশতে সীমাবদ্ধ থাকিব৷ যদিহে ভাৰতলৈও ‘অমিক্রন’ সম্প্রসাৰিত হয়, তেন্তে এই সম্ভাব্য হাৰ আৰু অধিক নিম্নগামী হ’ব বুলি মন্তব্য কৰিছে অর্থনৈতিক বিশ্লেষকসকলে৷ এনে অৱস্থাত ন’ভেল ক’ৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্টক গুৰুত্ব সহকাৰে লোৱাৰ বাদে গত্যন্তৰ নাই৷

You might also like