নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলিষ্ঠ ভূমিকা লওক পৰেশ বৰুৱাই

আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ১৫ মে’ত তিনি মাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণাৰ এসপ্তাহতে মুক্তি দিছে অ’ এন জি চিৰ অপহূত কর্মচাৰী ৰিতুল শইকীয়াক৷ প্রায় ডেৰ মাহ ধৰি আলফাৰ জিম্মাত থকা ৰিতুল শইকীয়াক মুক্তি দিয়াৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছিল৷ মুখ্যমন্ত্রীগৰাকীৰ এনে আহ্বানৰ বাবেই তাৎক্ষণিকভাৱে ৰিতুল শইকীয়াক মুক্তি দিয়া বুলি আলফাৰ মুখ্য সেনাধ্যক্ষগৰাকীয়ে ঘোষণা কৰিছে৷ ৰিতুল শইকীয়াৰ মুক্তি নিশ্চিতভাৱে এক ইতিবাচক বার্তা৷ এই বার্তাই ৰাজ্যখনৰ আগন্তুক দিনত আলফাৰ সৈতে চৰকাৰৰ বহু প্রত্যাশিত আলোচনা প্রক্রিয়াৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে৷ ১৯৭৯ত শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত জন্মগ্রহণ কৰা আলফাই অসমত প্রথমবাৰৰ বাবে আৰম্ভ কৰিছিল সশস্ত্র সংগ্রামৰ নতুন ধাৰা৷ আলফাৰ জন্মৰ পিছতে ৰাজ্যখনত এটাৰ পিছত এটাকৈ প্রায় একুৰি সশস্ত্র সংগঠনৰ জন্ম হৈছিল বিগত তিনিটা দশকত৷ এই সশস্ত্র সংগঠনসমূহৰ হিংসা–হত্যাৰ বিভীষিকাৰ বাবে কেইবাটাও সামৰিক অভিযান চলোৱা হৈছিল৷ আনকি চুবুৰীয়া ভূটান আৰু বাংলাদেশতো চলোৱা হৈছিল অভিযান৷ নিৰাপত্তা বাহিনীৰ এনে অভিযানৰ বাবে ৰাজ্যখনৰ অধিকাংশ সশস্ত্র সংগঠনে আলোচনাৰ পথ লৈছে যদিও এইক্ষেত্রত ব্যতিক্রম আছিল আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা৷ বিগত তিনিটা দশকত আলফাৰ স’তে আলোচনা প্রক্রিয়া আৰম্ভ কৰিবলৈ বিভিন্ন সময়ত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে পদক্ষেপ লৈছিল৷ ১৯৯১ত প্রয়াত মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াই প্রথমবাৰৰ বাবে আলফাৰ স’তে আলোচনা আৰম্ভ কৰিবলৈ বিচাৰিছিল৷ ১৯৯২ত কেন্দ্রীয় চৰকাৰৰ স’তে আলফাৰ শীর্ষ নেতৃত্বক আলোচনাৰ মেজত বহুৱাবলৈ চলা পদক্ষেপ প্রাৰম্ভিক পর্যায়তে ব্যর্থ হৈছিল৷ নতুন দিল্লীত আলফাৰ তিনিজন শীর্ষ নেতা উপস্থিত হৈছিল যদিও আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নির্দেশতে সেই আলোচনা ব্যর্থ হৈছিল৷ ১৯৯৬ত প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চাৰিদলীয় মর্চাৰ চৰকাৰখনে আলফাৰ সৈতে আলোচনা প্রক্রিয়া আৰম্ভ কৰাৰ বাবে কোনো পদক্ষেপ গ্রহণ কৰা নাছিল৷ ইয়াৰ বিপৰীতে গুপ্তহত্যাকে ধৰি আলফাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি সংগঠনটোক নিঃশেষ কৰাৰ অভিযান চলিছিল৷ ২০০১ত প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত আলফাৰ স’তে নতুনকৈ আলোচনা প্রক্রিয়া আৰম্ভ কৰা হৈছিল৷ জ্ঞানপীঠ বিজয়ী মামণি ৰয়ছম গোস্বামীৰ নেতৃত্বত আৰম্ভ হোৱা আলোচনা প্রক্রিয়াৰ অগ্রগতিও হৈছিল৷ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ২০০৫ত গঠন কৰি দিয়া ৯জনীয়া পি চি জিয়ে এইক্ষেত্রত বিশেষ ভূমিকা লৈছিল৷ কিন্তু কেন্দ্রীয় চৰকাৰৰ ভূমিকাক লৈ পৰেশ বৰুৱাৰ সন্দেহ–শংকা ঘনীভূত হোৱাৰ বাবেই আলোচনা প্রক্রিয়া ফলপ্রসূ হৈ নুঠিল৷ ২০১০ত আলফাৰ বাংলাদেশৰ ঘাটি উৎখাতৰ পিছত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা প্রমুখ্যে সংগঠনটোৰ অধিকাংশ নেতাক হস্তান্তৰ কৰাৰ পিছত পৰেশ বৰুৱা অবিহনে আলোচনা প্রক্রিয়া আৰম্ভ কৰাৰ পদক্ষেপ লৈছিল তদানীন্তন কেন্দ্রীয় গৃহমন্ত্রী পি চিদাম্বৰমে৷ আলোচনা প্রক্রিয়াক লৈ আলফাক বিভাজিত কৰাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰ সফল হ’লেও আলফাৰ সমস্যাৰ সমাধানৰ পথ প্রশস্ত হোৱা নাই৷
চাৰি দশকজোৰা আলফা সমস্যাৰ স্থায়ী সমাধান হোৱাটো অসমবাসীয়ে ঐকান্তিকতাৰে কামনা কৰিছে৷ ফলপ্রসূ আলোচনা প্রক্রিয়া আৰম্ভ কৰিবলৈ হ’লে কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আলফাৰ নেতৃত্বই ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ি আহিব লাগিব৷ ৯০ দশকৰ পৰা দুই দশকৰো অধিক ৰাজ্যখনত চলি থকা হত্যা, অপহৰণ–লুণ্ঠন অসমবসীয়ে আকৌ প্রত্যক্ষ কৰিবলৈ বিচৰা নাই৷ আলফাকে ধৰি উগ্রপন্থী সংগঠনসমূহক দমনৰ নামত ৰাজ্যখনত চলা অঘোষিত যুঁজখনৰ সফল পৰিসমাপ্তিৰে অসমবাসীয়ে এখন উন্নয়নশীল ৰাজ্যৰ সপোন দেখিছে৷ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে ড০ হিমন্ত বিশ্ব শর্মাই আলফাৰ নেতৃত্বক শান্তি আলোচনাৰ বাবে জনোৱা আহ্বান নিশ্চিতভাৱে আদৰণীয়৷ বিগত চাৰিটা দশকত চাৰিগৰাকী মুখ্যমন্ত্রীয়ে আলফাৰ সৈতে ফলপ্রসূ আলোচনাত সফল হ’ব নোৱাৰিলে৷ ইয়াৰ বিপৰীতে সংগঠনটোক বিভাজিত কৰি সমস্যাটো জীয়াইহে ৰাখিছে৷ এই কথাও ঠিক যে দুই দশক পূর্বে আলফাৰ যি ভেটি আছিল সেয়া আজি নাই৷ কিন্তু আলফাৰ লেখীয়া সংগঠনৰ সৈতে ফলপ্রসূ আলোচনা আজিলৈ অনুষ্ঠিত নোহোৱাটো অসমবাসীৰ বাবে পৰিতাপৰ কথা৷ ৰাজ্যখনক দেশৰ এখন অগ্রণী ৰাজ্যত পৰিণত কৰিবলৈ হ’লে হিংসা, হত্যাৰ বিভীষিকাৰ অৱসান হ’বই লাগিব৷ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে ড০ শর্মাই জনোৱা আহ্বানৰ প্রতি পৰেশ বৰুৱাই দেখুওৱা সদিচ্ছাৰ পিছত আলফাৰ সৈতে আলোচনা প্রক্রিয়া শীঘ্রে আৰম্ভ হ’ব বুলি অসমবাসীয়ে আশা কৰিছে৷ এইক্ষেত্রত পৰেশ বৰুৱায়ো আলোচনা প্রক্রিয়াত নতুন গতিদান কৰা উচিত৷ ৰাজ্যখনৰ নিৰপেক্ষ নেতৃস্থানীয় ব্যক্তি, সত্রাধিকাৰ, শিক্ষাবিদ আদিক বিশ্বাসত লৈ আলোচনাৰ দুৱাৰ মুকলি কৰাৰ বাবেও পৰেশ বৰুৱা সদিচ্ছাৰে আগবাঢ়ি অহা উচিত৷ অসম চুক্তিত থাকি যোৱা আঁসোৱাহৰ যাতে পুনৰাবৃত্তি নহয়, ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহে সন্মুখীন হোৱা নিৰাপত্তাহীন পৰিস্থিতিৰ যাতে উপশম হয় তাৰ বাবে পৰেশ বৰুৱাই আলোচনাৰ মজিয়াত নির্ণায়ক ভূমিকা গ্রহণ কৰিব পাৰে৷

You might also like