নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শান্তিকামী কিম জং–উন!

উত্তৰ কোৰিয়াই দীর্ঘদিনলৈ যুদ্ধৰ পথ গ্রহণ কৰিবলগীয়া নহ’ব৷ দেশখনৰ নিৰাপত্তা নিশ্চিত কৰিব পৰমাণু অস্ত্রই৷ পৰমাণু অস্ত্রৰ জৰিয়তে প্রভুত্ববাদী শক্তি বা শত্রুৰ আক্রমণৰ পৰা নিজক সুৰক্ষিত কৰিব দেশখনে৷ শেহতীয়াকৈ আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে কট্টৰ কমিউনিষ্ট দেশখনৰ শীর্ষনেতা কিম জং–উনে৷ ৰাষ্ট্রপতি কিমৰ ঘোষণাৰ পাছতে বিশ্বজুৰি বিষয়টোক লৈ চর্চা চলিছে৷ দেশখনৰ চৰকাৰী সংবাদ সংস্থা কে চি এন এৰ প্রতিবেদন অনুসৰি শীর্ষনেতা কিমে বিশ্বৰ কোনো দেশৰ বিৰুদ্ধে যুদ্ধ নিবিচাৰে বুলি ঘোষণা কৰিছে৷ যুদ্ধমুক্ত এখন পৃথিৱী উত্তৰ কোৰিয়াৰ কাম্য বুলিও কিমে উল্লেখ কৰিছে৷ দুই কোৰিয়াৰ মাজৰ যুদ্ধৰ ৬৭সংখ্যক বার্ষিকীত প্রাক্তন সেনা বিষয়াসকলৰ সমাৱেশত কিমে এই কথা ঘোষণা কৰাৰ পাছত বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে উত্তৰ কোৰিয়াৰ পৰমাণু অস্ত্র নির্মাণ কার্যসূচীয়ে পৰিপূর্ণতা লাভ কৰিছে৷ ৰাষ্ট্রপতি কিমে গণবিধ্বংসী পৰমাণু অস্ত্র নির্মাণ কার্যসূচীক অধিক ক্ষিপ্রগতি প্রদান কৰিছিল৷ আনকি আমেৰিকাৰ সৈতে ঐতিহাসিক আলোচনাৰ পথ মুকলি হোৱাৰ পাছতো অস্ত্র নির্মাণ কার্যসূচী অব্যাহত ৰাখিছিল৷ আমেৰিকা আৰু ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ কঠোৰ নিষেধাজ্ঞা সত্ত্বেও পৰমাণু অস্ত্র নির্মাণ কার্যসূচী পৰিহাৰ নকৰা উত্তৰ কোৰিয়া গোপনে যদি এক মহাশক্তিত পৰিণত হৈছে, তেন্তে বিশ্বৰ বাবে এয়া এক ভয়াৱহ খবৰ৷ বিশ্বৰ নিৰাপত্তা বিশেষজ্ঞসকলৰ মতে, উত্তৰ কোৰিয়াই পৰমাণু অস্ত্র নির্মাণ কার্যসূচী চলাই আছে যদিও এইক্ষেত্রত পূর্ণ সফলতা লাভ কৰা নাই৷ কিন্তু ৰাষ্ট্রপতি কিমৰ ঘোষণাই বিশেষজ্ঞসকলৰ ধাৰণালৈ কঢ়িয়াই আনিছে প্রত্যাহ্বান৷ উত্তৰ কোৰিয়াই নিজকে এক শান্তিকামী ৰাষ্ট্র বুলি ঘোষণা কৰি আহিছে যদিও বিশ্বৰ কোনো দেশেই এই কথা বিশ্বাস নকৰে৷ কোৰিয়া যুদ্ধৰ পাশৱিকতা আৰু ইয়াৰ পৰৱর্তী সময়ৰ হিংস্র আচৰণৰ বাবে গৰিষ্ঠসংখ্যক দেশৰ দৃষ্টিত উত্তৰ কোৰিয়া সন্দেহজনক ৰাষ্ট্র৷ আনকি কোৰিয়া যুদ্ধৰ ইতিহাস কিম জং–উনৰ পৰিয়ালে উত্তৰ কোৰিয়াবাসীক ভুলকৈ শিকাই আহিছে৷ বিশ্বৰ ইতিহাসবিদসকলৰ মতে, কিম জং–উনৰ ককাক কিম ইল ছাঙে কোৰিয়া উপদ্বীপৰ দক্ষিণ প্রান্ত দখলৰ বাবে আৰম্ভ কৰিছিল সামৰিক অভিযান৷ এয়াই আছিল বিশ্বৰ অন্যতম ভয়াৱহ ৰক্তক্ষয়ী যুদ্ধখনৰ আৰম্ভণি৷ কিন্তু উত্তৰ কোৰিয়াৰ নাগৰিকসকলক শিকোৱা হয় যে দক্ষিণ কোৰিয়া আৰু আমেৰিকান সেনাই দেশখনৰ ওপৰত প্রথমে আক্রমণ চলাইছিল৷ এই যুদ্ধত কিম ইল ছাঙৰ নেতৃত্বত উত্তৰৰ বিজয় নিশ্চিত হৈছিল বুলিও দেশখনৰ ইতিহাসত উল্লেখ কৰা হৈছে৷ পৰৱর্তী ছটা দশকতকৈ অধিক কাল ধৰি দেশখনৰ এটোৱেই অভিযোগ যে আমেৰিকা আৰু দক্ষিণ কোৰিয়াই যিকোনো মুহূর্ততে আক্রমণ চলাব পাৰে৷ ইয়াৰ দোহাই দিয়েই উত্তৰ কোৰিয়াই পৰমাণু অস্ত্র নির্মাণৰ কার্যসূচী গ্রহণ কৰি আহিছে৷ অৱশ্যে দেশখন সন্দর্ভত পাশ্চাত্যৰ সংবাদ মাধ্যমে বিভিন্ন সময়ত অপপ্রচাৰো চলাই আহিছে৷ গতিকে বিশ্বজুৰি উত্তৰ কোৰিয়াক অকলশৰীয়া কৰি ৰখাৰ প্রক্রিয়া এটা চলি থকা বুলি ক’লেও ভুল কৰা নহয়৷
প্রায় ২ কোটি ৬০ লাখ জনসংখ্যাৰ দেশ উত্তৰ কোৰিয়া৷ অতি কট্টৰ কমিউনিষ্ট শাসন দেশখনত চলি আছে যদিও ৰাষ্ট্রপতি কিমৰ পৰিয়ালৰ প্রতি আছে দেশবাসীৰ আনুগত্য৷ কেইবাটাও আন্তর্জাতিক সংস্থাৰ মতে, কিম পৰিয়ালৰ স্বৈৰাচাৰিতাৰ বাবে দেশখনৰ কেইবালাখো লোকে অর্ধাহাৰে কটাবলগীয়া হৈছে৷ দেশখনৰ চৰকাৰৰ বিৰুদ্ধে মতামত প্রকাশৰো অধিকাৰ দিয়া হোৱা নাই নাগৰিকসকলক৷ প্রয়োজনত দেশক ৰক্ষাৰ বাবে সকলোৱে সামৰিক সাজ পৰিধান কৰিব লাগিব বুলি কঠোৰ নির্দেশ প্রদান কৰি থোৱা হৈছে৷ গতিকে উত্তৰ কোৰিয়াৰ জনসাধাৰণে প্রকৃততে কি বিচাৰে সেই কথা জনাটো সহজ নহয়৷ ইয়াৰ উপৰি আন্তর্জাতিক সংবাদ মাধ্যমৰ দেশখনত প্রৱেশৰ ক্ষেত্রত আছে নিষেধাজ্ঞা৷ কিম জং–উনে দেশৰ অভ্যন্তৰৰ তথ্য ফাদিল হোৱাটো কেতিয়াও নিবিচাৰে৷ বিশ্বজুৰি ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংহাৰ অব্যাহত থকাৰ সময়তো উত্তৰ কোৰিয়াই মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা এজনো নাগৰিক আক্রান্ত হোৱা নাই বুলি উল্লেখ কৰিছে৷ শেহতীয়াকৈ দক্ষিণ কোৰিয়াৰ পৰা সন্দেহজনক ক’ৰোনা ৰোগী এজন দেশখনত প্রৱেশ কৰা বুলি সংবাদ মাধ্যমে ঘোষণা কৰিছে৷ বিশ্বৰ বহু দেশৰ মতে, উত্তৰ কোৰিয়াৰ সংবাদ মাধ্যমৰে বিশ্বাসযোগ্যতা নাই৷ গতিকে কিমৰ শেহতীয়া ঘোষণাক লৈও সৃষ্টি হৈছে সন্দেহ৷ অৱশ্যে সন্দেহ আৰু আশংকাৰ মাজতে একাংশ সমৰ বিশেষজ্ঞই ধাৰণা কৰিছে যে উত্তৰ কোৰিয়াই যিকোনো মুহূর্ততে পুনৰ পৰমাণু অস্ত্রৰ পৰীক্ষা চলাব৷ কিমৰ ঘোষণা যদি তাৰ আগজাননী, তেন্তে সেয়া সঁচাকৈয়ে আশংকাৰ বিষয়৷

You might also like