পৰিকল্পিত নগৰ
অলপতে অসমৰ মুখ্যমন্ত্রীয়ে কোৱা হিচাপে সংবাদ পত্রত প্রকাশ পাইছে যে অসমৰ নগৰবোৰক নতুন ধৰণে সজাই তোলা হ’ব৷ মুখ্যমন্ত্রীৰ এই বক্তব্য অতি আশাব্যঞ্জক৷ অসমৰ বিভিন্ন নগৰৰ চেহেৰা প্রতিদিনে সলনি হৈ আহি আছে আৰু এই বৃদ্ধি পৰিকল্পিত আৰু কলাত্মক দিশত নোহোৱা বাবে নগৰবোৰক এতিয়া কিবা ভগ্ণ অথবা নির্মীয়মাণ ৰূপতহে দেখা যায়৷ বিশেষকৈ অসমৰ প্রায় প্রতিখন নগৰৰ মূল পথেৰে পাৰ হৈ গ’লে সকলোতে একেই দৃশ্য দেখা যায়৷ অসমৰ নগৰবোৰৰ বিকাশ সুন্দৰ আৰু পৰিকল্পিত হোৱাৰ আশাৰে অসম চৰকাৰে নগৰ পৰিকল্পনা নামেৰে এটা বিভাগেই খুলিছিল আৰু সেই বিভাগটো এতিয়াও আছে আৰু হয়তো বিভাগটোৱে নিজৰ কাম–কাজ কৰিয়েই আছে৷ কিন্তু কথা হ’ল– বিভাগটোৰ কাম–কাজে অসমৰ নগৰবোৰৰ বৃদ্ধি আৰু বিকাশক নাগৰিকৰ সর্বাংগীণ মংগলৰ বাবে কামত অহাকৈ কৰিব পৰা নাই৷ এই অসম্পূর্ণতাৰ বাবে এই কথাটোও হিচাপ কৰিব লাগিব যে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত থাকিবলগীয়া সমন্বয়ৰো অভাৱ নিশ্চয় আছে৷ নগৰ পৰিকল্পনা বিভাগে এসময়ত পৰামর্শ দিছিল যে ব্রহ্মপুত্র নদীৰ সৌন্দর্য সর্বসাধাৰণ নাগৰিকৰ বাবে মুকলি ৰখাৰ স্বার্থতেই ভৰলুৰ পৰা উজান বজাৰ জাহাজঘাটলৈকে নদীৰ পাৰছোৱাত কোনোধৰণৰ নতুন নির্মাণ হ’ব নালাগে৷ কিন্তু সেই পৰামর্শক অগ্রাহ্য কৰি তাত নির্মাণ কৰা হৈছিল হাইক’টৰ নতুন ভৱন৷ নতুন চৰকাৰখনে গুৱাহাটীক সুন্দৰ কৰি তোলাৰ বাবে লোৱা বিভিন্ন প্রজেক্টৰ পৰা এটা কথাকে অনুমান কৰিব পাৰি যে নগৰৰ শ্রীবৃদ্ধিৰ কথাটোক চৰকাৰে অলপ গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷ আশা কৰিব পাৰি যে একেই মনোভাব অসমৰ সমূহ চহৰৰ বাবেও প্রযোজ্য হ’ব৷ আধুনিক নগৰ পৰিকল্পনাৰ ক্ষেত্রত বিশেষকৈ মনোযোগ দিবলগীয়া বিষয় হ’ল– বায়ু প্রদূষণ হ্রাস কৰা, বায়ুৰ মান বৃদ্ধি কৰা, প্রাকৃতিক সম্পদ সুৰক্ষিত কৰা আৰু সেউজ অঞ্চল বৃদ্ধি কৰা৷ সমগ্র বিশ্বতে জলবায়ু পৰিৱর্তনৰ যিখন ছবি দিনকদিনে অধিক ভয়ংকৰ হৈ উঠিছে, তাৰ পৰিপ্রেক্ষিতত এই কামটো অপৰিহার্য হৈ পৰিছে৷
পৰিকল্পিত নগৰবোৰত সুৰক্ষিত আৰু সুলভ আৱাসৰ ব্যৱস্থা থাকিব লাগে, ৰাজহুৱা পৰিবহণ সহজ আৰু সুলভ হ’ব লাগে আৰু ৰাজহুৱা সেডজীয়া স্থানৰ পৰিমাণ বৃদ্ধি আৰু তাত নাগৰিকৰ প্রৱেশাধিকাৰ নিশ্চিত কৰিব লাগে৷ এই পৰিকল্পনাবোৰ মূলতঃ দীর্ঘম্যাদী আঁচনিৰ অন্তর্ভুক্ত হয় যদিও তাৰ কিছু হ্রস্বম্যাদী অংশৰ সংযোজন কৰি নাগৰিকক সকাহ দিয়াৰ ব্যৱস্থা থাকিব লাগে৷ অকল গুৱাহাটীতেই নহয়, অসমৰ আন সৰু–বৰ প্রতিখন চহৰতে পথচাৰী নাগৰিকৰ দুর্ভোগৰ পৰিমাণ বৃদ্ধি হৈ আহিছে৷ যান–বাহনৰ ক্রমবর্ধমান সংখ্যা আৰু প্রায় বিধ্বস্ত পদপথৰ ব্যৱস্থাই ইয়াৰ মূল কাৰণ৷ পদপথেৰে খোজকঢ়া নাগৰিকক দিব লগা সুবিধাৰ কথা কোনো চৰকাৰেই গুৰুত্বসহকাৰে ভবা নাই৷ নগৰ পৰিকল্পনাৰ সমস্যাৰ সমাধান হ’ব লাগে বহনক্ষম আদর্শৰে৷ সর্বসাধাৰণ নাগৰিকৰ স্বাস্থ্য আৰু জীৱনযাত্রা অধিক সুন্দৰ কৰাৰ স্বার্থতেই সেডজীয়া অঞ্চল সৃষ্টি আৰু বিকাশ, খোজ কাঢ়িবলৈ সেডজীয়া পথ আৰু মুকলি স্থান, ৰ’দ আৰু বতাহ পাব পৰা সুবিধাৰ কথা নগৰ পৰিকল্পনাৰ অংশ হ’বই লাগিব৷ নগৰ পৰিকল্পনাকাৰীসকল্ একোটা অঞ্চলক তাৰ বাসিন্দাসকলৰ বাবে অধিক বাসযোগ্য আৰু নতুন ব্যৱসায়ৰ বাবে অধিক আকর্ষণীয় কৰি তোলাত গুৰুত্বপূর্ণ দায়িত্ব পালন কৰে৷ যিহেতু চহৰ, ডপনগৰীয় এলেকা আৰু পৌৰসভাবোৰত জনগাঁথনিগত বৈশিষ্ট্যৰ বাবে পাৰিপার্শ্বিক অৱস্থাৰ সলনি হয়, সেয়ে নগৰ পৰিকল্পনা কৰা পেছাদাৰী লোকসকলে পুনৰুজ্জীৱিতকৰণ প্রকল্প সৃষ্টি কৰিব লাগিব আৰু জনসংখ্যা বৃদ্ধি, পাৰিপার্িশ্বক অৱক্ষয় আদিৰ দৰে কথাবোৰ পৰিকল্পনাৰ অংশ কৰি ল’ব লাগিব৷ নগৰৰ বিকাশৰ লগে লগে চহৰচিহ্ণবোৰ হেৰাই যায়৷ চৰকাৰখনে নগৰৰ বিকাশৰ পৰিকল্পনা কৰোঁতে চাব লাগিব যাতে চহৰচিহ্ণবোৰ আৰু নগৰৰ মাজৰ মুকলি ঠাই হেৰাই নাযায়৷ নগৰবোৰৰ উলম্বভাৱে বিকাশ কৰোৱাৰ কথা পাহৰি সমান্তৰালভাৱে বিকশিত হ’বলৈ দিলেহে অৱশিষ্ট নগৰচিহ্ণ আৰু নগৰৰ মুকলি ঠাইবোৰ ৰক্ষা পৰিব৷