নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক মিত্রতা

ৰাজ্যত পৌৰ নিগম–নিকায়সমূহৰ্ নির্বাচন ঘোষণা হোৱাৰ লগে লগে কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতা প্রসংগই পুনৰ বিতর্কৰ সৃষ্টি কৰিছে৷ বিগত বিধানসভা নির্বাচনত কংগ্রেছ আৰু বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে মহাজোঁট গঠন কৰি ৰাজনৈতিক মিত্রতা স্থাপন কৰিছিল যদিও নির্বাচনী ফলাফলত দুয়োটা দলেই মুখথেকেচা খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ বিশেষকৈ সংখ্যালঘু সাম্প্রদায়িক দলটোৰ সৈতে মিত্রতা স্থাপন কৰাৰ বাবে কংগ্রেছে উজনি অসমত প্রথমবাৰৰ বাবে অভূতপূর্ব বিফলতাৰ সন্মুখীন হ’বলগীয়া হয়৷ কার্যতঃ বদৰুদ্দিনৰ মিত্রতাই উজনি অসমত কংগ্রেছৰ ভেটি উছন কৰা পর্যায় পায়গৈ৷ ফলস্বৰূপে বিগত পাঁচটা বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ প্রাক্ক্ষণত আনুষ্ঠানিকভাৱে কংগ্রেছে এআইইউডিএফৰে মিত্রতা ছিন্ন কৰে৷ কিন্তু শেহতীয়া পৌৰ নিগম–নিকায়সমূহৰ্ নির্বাচনৰ সময়ত পুনৰ দুয়োটা দল গোপন মিত্রতাত মিলিত হোৱা বুলি স্বয়ং এআইইউডিএফৰ বিধায়ক এজনে ৰাজহুৱাভাৱে প্রকাশ কৰা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে৷ অসমৰ পৰিৱর্তিত ৰাজনৈতিক প্রেক্ষাপটত কংগ্রেছ এতিয়া সংখ্যালঘু স্বজন–তোষণৰ ৰাজনীতিৰ মাজতে সীমাবদ্ধ হৈ পৰিছে৷ মূলসুঁতিৰ অসমীয়া ভোটবেংকত কংগ্রেছৰ অস্তিত্ব বিপন্নপ্রায়৷ দলটো যিমানেই সংখ্যালঘুৰ কাষ চাপি গৈছে, সিমানেই অসমৰ মূলসুঁতিৰ ৰাজনীতিৰ পৰা আঁতৰি যোৱা পৰিলক্ষিত হৈছে৷ কংগ্রেছৰ এনে স্থিতিত অগপ–বিজেপি আৰু জনগোষ্ঠীয় ৰাজনৈতিক দলসমূহৰ মিত্রজোঁটে অসমীয়া মূলসুঁতিৰ ভোটবেংকত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ বিজেপিৰ ৰাষ্ট্রীয়তাবাদ আৰু অগপ তথা জনগোষ্ঠীয় ৰাজনৈতিক শক্তিসমূহৰ আঞ্চলিকতাবাদৰ মিত্রতাই অসমৰ ৰাজনীতিত নতুন ৰাজনৈতিক সমীকৰণৰ জন্ম দি এক ধাৰাৰ সৃষ্টি কৰিছে৷ স্বাভাৱিকতেই ৰাষ্ট্রবাদী ভোটাৰ আৰু আঞ্চলিকতাবাদী ভোটাৰ এই মিত্রতাৰ পক্ষত থিয় দিছে৷ এনে সমীকৰণে ৰাজ্যৰ আগন্তুক ৰাজনীতিৰ গতিবিধি নিয়ন্ত্রণ কৰাটো নিশ্চিত হৈ পৰিছে৷
এনে নতুন ৰাজনৈতিক ধাৰাৰ সন্মুখত কংগ্রেছৰ সংখ্যালঘু প্রীতিৰ ৰাজনীতিয়ে দলটোক মূলসুঁতিৰ ৰাজনীতিৰ পৰা আগন্তুক দিনবোৰত আৰু বেছি বিচ্ছিন্ন কৰি তুলিব বুলি অনুমান কৰা হৈছে৷ এনে দৃষ্টিকোণৰ পৰা আগন্তুক পৌৰ নিগম–নিকায়সমূহৰ্ নির্বাচনৰ ফলাফল যথেষ্ট গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ উজনি আৰু মধ্য অসমৰ নগৰ–চহৰসমূহৰ্ নিগম–নিকায়ৰ নির্বাচনত যদি কংগ্রেছৰ ফলাফল শোচনীয় হয়, তেনেহ’লে ৰাজ্যৰ চহৰাঞ্চলৰ ৰাজনীতিৰ পৰা কংগ্রেছ নিশ্চিহ্ণ হৈ যোৱাটো নিশ্চিত৷ অসমৰ ৰাজনীতিত চহৰৰ মধ্যবিত্তৰ ভূমিকা অনস্বীকার্য৷ কার্যতঃ মধ্যবিত্ত ভোটাৰে নির্ণয় কৰে ৰাজ্যখনৰ ৰাজনৈতিক গতিবিধি৷ এনে পৰিপ্রেক্ষিতত অসমীয়া মধ্যবিত্তৰ মাজৰ পৰা যদি কংগ্রেছৰ খোপনি হেৰাই যায়, তেন্তে দলটো চৰাঞ্চলৰ সংখ্যালঘু লোকৰ ত্রাণকর্তাৰ দল হিচাপে চিহ্ণিত হৈ ৰ’ব৷ শতক গৰকা দেশৰ সবাতোকৈ পুৰণি ৰাজনৈতিক দলটোৰ বাবে ইয়াতকৈ আৰু ৰাজনৈতিক ট্রেজেদী হয়তো আৰু একো নাথাকিবগৈ৷ সমাগত পৌৰ নিগম–নিকায় নির্বাচনত যদি কংগ্রেছে এআইইউডিএফৰ দৰে সংখ্যালঘু সাম্প্রদায়িক শক্তিৰ সৈতে পুনৰ গোপন মিত্রতা স্থাপন কৰে, তেন্তে তেনে মিত্রতা দলটোৰ বাবে হ’বগৈ আত্মহত্যা স্বৰূপ৷ নামনি অসমৰ কেইখনমান চহৰৰ নিগম–নিকায় দখলৰ বাবে কংগ্রেছে যদি এআইইউডিএফৰে গোপন বুজাবুজিত মিলিত হয়, তেন্তে কংগ্রেছৰ তেনে স্থিতিয়ে দলটোৰ ৰাজনৈতিক ভৱিষ্যৎ নির্ণয় কৰিব৷ অত্যধিক সংখ্যালঘু প্রীতিয়ে ইতিমধ্যে কংগ্রেছক অধিক ক্ষতি কৰিছে৷ তেনে সময়তে বিজেপি আৰু অসমৰ সৰু–বৰ আঞ্চলিক দলসমূহৰ নীতিৰ আধাৰত হোৱা ৰাজনৈতিক মিত্রতাই ইতিমধ্যে অসমীয়া মধ্যবিত্তৰ আকুণ্ঠ সমর্থন লাভ কৰিছে৷ বিগত বিধানসভা নির্বাচনৰ ফলাফলে সেয়া প্রমাণ কৰিছে৷ ইয়াৰ পিছতো যদি কংগ্রেছে বাস্তৱ ৰাজনৈতিক পৰিস্থিতিৰ আধাৰত শিক্ষা গ্রহণ নকৰে, তেন্তে বিজেপি মিত্রজোঁটক অসমত প্রত্যাহ্বান জনাব পৰা ৰাজনৈতিক শক্তি লাহে লাহে নাইকিয়া হৈ আহিব৷ গণতান্ত্রিক শাসন ব্যৱস্থাত এনে পৰিস্থিতি ইতিবাচক হিচাপে গণ্য কৰা নহয়৷ সুস্থ–সবল বিৰোধীয়েহে শক্তিশালী গণতান্ত্রিক ব্যৱস্থা গঢ়ি তুলিব পাৰে৷ ৰাজ্যৰ প্রধানবিৰোধী দল কংগ্রেছৰ দেউলীয়াপনা অৱস্থাই এতিয়া ৰাজ্যৰ গণতান্ত্রিক পৰিকাঠামোটোকে দুর্বল কৰি তুলিছে৷

You might also like