ক্ষমতাৰ ৰাজনীতি
সাম্প্রতিক ৰাজনীতিত ক্ষমতা দখলেই হ’ল মুখ্য লক্ষ্য৷ ৰাজনৈতিক দলসমূহে যিমানেই নীতি–আদর্শৰ বচন আওৰাই নাথাকক কিয়, ক্ষমতা দখলৰ প্রসংগ উত্থাপন হ’লেই সেইবোৰ গৌণ হৈ পৰে৷ ২০২১ৰ বিধানসভা নির্বাচনৰ ফলাফল ঘোষণাৰ তিনি মাহ নৌহওঁতেই এজন এজনকৈ কংগ্রেছৰ দুজন বিধায়কে পদত্যাগ কৰিছে৷ মৰিয়নিৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মী আৰু থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে পদত্যাগ কৰাৰ পিছত ভৱানীপুৰৰ এ আই ইউ ডি এফৰ বিধায়ক ফণীধৰ তালুকদাৰেও পদত্যাগ কৰিবলৈ সাজু হোৱাৰ বাতৰি ওলাইছে৷ মাজুলীৰ পৰা দ্বিতীয়বাৰৰ বাবে নির্বাচিত প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কেন্দ্রীয় মন্ত্রীসভাত স্থান লাভ কৰাৰ পাছত উক্ত সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হ’ব লাগিব৷ যদিহে এ আই ইউ ডি এফৰ বিধায়ক ফণীধৰ তালুকদাৰে পদত্যাগ কৰে তেন্তে ৰাজ্যখনৰ ছটা বিধানসভা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত কৰিব লাগিব নির্বাচন আয়োগে৷ কিয়নো গোসাঁইগাঁৱৰ বিপিএফৰ বিধায়ক মাজেন্দ্র নার্জাৰী আৰু তামুলপুৰৰ ইউপিপিএলৰ বিধায়ক লেহোৰাম বড়োৰ মৃত্যু হৈছে৷ নির্বাচনত বিজয়ী জনপ্রতিনিধিৰ আকস্মিক বিয়োগৰ ফলত উপ–নির্বাচন অনুষ্ঠিত হোৱাটো তেনেই স্বাভাৱিক৷ কিন্তু অসমত এইবাৰ উপ–নির্বাচনৰ যি দামামা বাজিছে সেয়া হ’ল ৰাজনৈতিক ক্ষমতাৰ এক অংশ৷ ইয়াত নীতি–আদর্শ তেনেই গৌণ৷ গণতন্ত্রত বিৰোধীৰ এক বিশেষ ভূমিকা আছে৷ শক্তিশালী বিৰোধী অবিহনে কোনো কাৰণতে গণতন্ত্র শক্তিশালী নহয়৷ ক্ষমতা থকা দলৰ চৰকাৰখনৰ ক্ষেত্রতো বিৰোধী দলে সঠিক বাট দেখুৱাব পাৰে৷ এইক্ষেত্রত বিৰোধী পক্ষই সঠিক ভূমিকা গ্রহণ কৰিলে পৰৱর্তী নির্বাচনৰ জৰিয়তে ক্ষমতা দখলৰ পথ প্রশস্ত কৰিব পাৰে৷ কিন্তু সাম্প্রতিক ৰাজনীতিত জনাদেশ লাভ কৰাৰ পিছতো বিৰোধীৰ আসনত বহিবলৈ ৰাজী নহয় একাংশ ৰাজনৈতিক দল তথা নেতা৷ জনাদেশৰ ভিত্তিত গঠিত চৰকাৰক ওফৰাবলৈ বিৰোধী পক্ষই কচৰৎ কৰাটো সাধাৰণ ঘটনা হৈছে৷ একেদৰে জনাদেশ তথা সুৰক্ষিত শক্তি থকা সত্ত্বেও শাসকীয় দলে বিৰোধী পক্ষক দুর্বল কৰাৰ অহৰহ চেষ্টা চলোৱা হৈছে৷ এয়া সুস্থ সবল গণতন্ত্রৰ বাবে শুভ লক্ষণ বুলি মানি ল’ব নোৱাৰি৷ মাথোঁ নেতাৰ ক্ষমতা দখলৰ ৰাজনীতিৰ বাবে উপ–নির্বাচন অনুষ্ঠিত কৰাৰ যি ব্যৱস্থা চলি আছে সেয়া জনহিতকৰ নহয়৷ কিয়নো কোনো এটা ৰাজনৈতিক দল অথবা নেতাৰ ৰাজনৈতিক ভৱিষ্যতৰ স্বার্থত উপ–নির্বাচন অনুষ্ঠিত হ’লেও ইয়াৰ ব্যয় বহন কৰিব লগা হয় ৰাজকোষৰ পৰাহে৷ ফলত উপ–নির্বাচনৰ নির্বাচনী ব্যয়ৰ বোজা প্রত্যক্ষভাৱে ৰাজকোষৰ ওপৰত পৰে৷ দল বাগৰা নেতাৰ বাবে উপ–নির্বাচন অনুষ্ঠিত হ’লে নির্বাচনী জনাদেশকো প্রত্যক্ষভাৱে অৱমাননা কৰা হয়৷ কিয়নো যোৱা বিধানসভা নির্বাচনত সমষ্টিভিত্তিত যিকেইজন জনপ্রতিনিধি নির্বাচিত হৈ আহিছে সেইসকলক সংশ্লিষ্ট সমষ্টিবাসীয়ে ৫ বছৰৰ বাবে বিধায়কৰূপে নির্বাচিত কৰিছে৷ এনে অশুভ পৰম্পৰা বন্ধ কৰাৰ ক্ষেত্রত নির্বাচন আয়োগেও প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰা উচিত৷
ৰাজ্যখনত ছটা সমষ্টিৰ উপ–নির্বাচনৰ সম্ভাৱনা স্পষ্ট হোৱাৰ লগে লগে ৰাজ্যখনত আকৌ নির্বাচনী বতাহ বলিবলৈ ধৰিছে৷ আকৌ প্রচাৰলৈ আহিছে মিত্রজোঁট আৰু মহাজোঁটৰ৷ যোৱা বিধানসভা নির্বাচনৰ জৰিয়তে দিছপুৰৰ ক্ষমতা দখলৰ অংকৰে কংগ্রেছৰ নেতৃত্বত গঠিত হৈছিল মহাজোঁট৷ এই মহাজোঁটত আছিল বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ, চিপিএম, চিপিআই আদি৷ কিন্তু এআইইউডিএফৰ সৈতে নির্বাচনী মিত্রতা কৰাৰ ফলত কংগ্রেছ দল দুর্যোগৰ সন্মুখীন হৈছিল৷ দলটোৱে মাথোঁ ২৯খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ বিপৰীতে কংগ্রেছৰ স’তে মিত্রতা কৰাৰ ফলত লাভৱান হৈছিল এআইইউডিএফ৷ দলটোৱে ১৬খন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল৷ চিপিএমে এখন আসনত জয়লাভ কৰিছিল৷ ফলত মহাজোঁটৰ জৰিয়তে কংগ্রেছৰ ক্ষমতা দখলৰ সপোন ছাৰখাৰ হৈছিল৷ একেৰাহে দ্বিতীয়বাৰৰ বাবে বিধানসভা নির্বাচনত পৰাজিত হোৱাটো কংগ্রেছৰ বাবে এক গভীৰ প্রত্যাহ্বান৷ সেয়া দলটোৰ দুজন বিধায়কৰ পদত্যাগৰ ঘটনাই পুনৰ প্রমাণ কৰিছে৷ ৰূপজ্যোতি কুর্মী আৰু সুশান্ত বৰগোহাঁইৰ পদত্যাগৰ ফলত কংগ্রেছ দলটোৱে ৰাজনৈতিকভাৱে আৰু অধিক ক্ষতিৰ সন্মুখীন হৈছে৷ এই ক্ষতি পূৰণ কৰি দলটোৱে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিবলৈ হ’লে আগন্তুক দিনবোৰত যথেষ্ট কষ্ট কৰিব লাগিব৷ কিয়নো অসমত কংগ্রেছৰ ক্ষমতা দখলৰ ৰাজনীতিত নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছিল উজনি অসমৰ ভোটদাতাই৷ কিন্তু শেহতীয়া বিধানসভা নির্বাচনত উজনি অসমৰ মাথোঁ চাৰিটা সমষ্টিতহে কংগ্রেছ প্রার্থী জয়ী হ’বলৈ সক্ষম হৈছিল৷ ইয়াৰে দুজন বিধায়কে দলত্যাগ কৰাৰ ফলত যিদৰে কংগ্রেছ অধিক ক্ষতিগ্রস্ত হৈছে একেদৰে শাসকীয় বিজেপিৰ ভেটি শক্তিশালী হ’ব৷ বিশেষকৈ বিগত প্রায় ৭–৮ বছৰত কংগ্রেছৰ চাহ জনগোষ্ঠীৰ ভোটবেংকত আঘাত হানিছে বিজেপিয়ে৷ এনে অৱস্থাত কংগ্রেছৰ চাহ জনগোষ্ঠীৰ একমাত্র বিধায়কজনে বিজেপিত যোগদান কৰাৰ ফলত কংগ্রেছ দলটো আৰু অধিক ক্ষতিগ্রস্ত হোৱাৰ আশংকা আছে৷ এইক্ষেত্রত প্রদেশ কংগ্রেছৰ নতুন সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বৰ বাবেও এক প্রত্যাহ্বান হ’ব ৰাজ্যৰ আগন্তুক উপ–নির্বাচন৷